অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিক দুৰ্যোগ ‘ভূমিকম্প’

প্ৰাকৃতিক দুৰ্যোগ ‘ভূমিকম্প’

ধুমুহা, বানপানী, ভূমিকম্প, খৰাং, অতিবৃষ্টি আদি প্রাকৃতিক দুর্যোগ। এই দুর্যোগসমূহৰ ভিতৰত ভূমিকম্প অতি চিন্তনীয় আৰু ভয়াবহ। চকুৰ পচাৰতে অতি কষ্টেৰে বহু বছৰ ধৰি উপাৰ্জিত ধনেৰে সজা ঘৰ-দুৱাৰ আচবাব, জীৱ-জন্তু আনকি অতি মূল্যবান জীৱনো ধ্বংস হৈ যায়।

ভাৰতীয়সকলৰ কেবাটাও প্রবাদত বিশ্বাসী-

১)পৃথিৱীখন এটা কাছৰ পিঠিতস্থিতি গ্ৰহণ কৰি আছে।

২)পৃথিৱীখনৰ চাৰিও দিশত চাৰিটা হাতীয়ে পিঠিত লৈ আছে।

৩) নাগ ৰজা বাসুকীয়ে পৃথিৱীখন ফনাত লৈ আছে ইত্যাদি। মংগোলীয়সকলৰ বিশ্বাস পৃথিৱীখন এটা ভেকুলীৰ পিঠিত আছে। দক্ষিণ আমেৰিকানসকলৰ বিশ্বাস পৃথিৱীখন এটা তিমি মাছৰ ওপৰত আছে। জাপানীসকলৰ বিশ্বাস পৃথিৱীখন কেট মাছ নামৰ এবিধ মাছৰ ওপৰত আছে।

কেতিয়াবা এই জীৱ-জন্তু বোৰে লৰচৰ কৰিলে বা গা ঘহিলে পৃথিৱীত ভূমিকম্পৰ সৃষ্টি হয়।

এগৰাকী ৰোমান পণ্ডিতৰ মতে ভূমিকম্প হ’ল পৃথিৱীৰ প্রতিবাদ। পৃথিৱীত বাস কৰা লোকসকলে পৃথিৱীৰ বুকুৰপৰা সোণ, ৰূপ, লোৰ আকৰ, মাণিক আদি আহৰণ কৰা বাবে ভূমিকম্পৰ দ্বাৰা পৃথিৱীয়ে প্রতিবাদ সাব্যস্ত কৰে। এৰিষ্টটলে ১৪ শতিকাতে মত প্ৰকাশ কৰিছিল যে ভূ-গৰ্ভত যেতিয়া সজোৰে বায়ু সোমাই তেতিয়া সৰু সুৰা ভূমিকম্পৰ সৃষ্টি হয়। পৃথিৱীৰ ভূগৰ্ভত থকা বায়ু বাহিৰলৈ ওলাই আহিলে ডাঙৰ ভূমিকম্পৰ সৃষ্টি হয়।

বর্তমান আধুনিক বিশ্বত বিজ্ঞানৰ অগ্ৰগতিয়ে ভূমিকম্পৰ কাৰণসমুহ বিতংভাৱে চিন্তা চৰ্চা কৰি নতুন নতুন তত্ব আৱিষ্কাৰ কৰিছে। ইয়াৰ ভিতৰত মূল তত্বটো হ’ল ‘ফলক বিৱৰ্তন’। এই তত্ব মতে পৃথিৱীৰ উপৰিভাগ ছখন বৃহৎ ফলক বা প্লেটেৰে বিভক্ত। সেইবোৰ হ’ল-প্রশান্ত, আমেৰিকান, ইউৰেচিয়, ইণ্ডো-অষ্ট্ৰেলিয়ান, আফ্ৰিকা আৰু এন্টার্কটিকা। সৰু সৰু বিশখনতকৈ অধিক প্লেট আছে। এই প্লেটসমূহ গতিশীল। পৃথিৱীৰ ভু-গৰ্ভত ঘটা সংবহন সোঁতৰ ফলত ভূ-গৰ্ভৰপৰা ‘মেগমা মধ্য সাগৰীয় ফাটেৰে ওলাই আহে। এই গলিত পদাৰ্থবোৰে ফলকবোৰৰ ওপৰত হেঁচা দিয়াৰ ফলত মহাসাগৰীয় ফাটবোৰৰপৰা আঁতৰি যায়। এইদৰে সাগৰ তলিৰ সম্প্ৰসাৰণৰ ফলত ফলকবোৰ গতিশীল হয়। কেতিয়াবা এই গতিশীল ফলকসমূহৰ একোখন ফলকৰ দাঁতি আন এখন ফলকৰ তললৈ সোমাই যায়। কেতিয়াবা প্লেটে প্লেটে ঘহনি খায়। এই দুয়োটা কাৰকৰ ফলত বৃহৎ শক্তি সঞ্চয় হয়। এই সঞ্চিত শক্তি তৰংগৰূপে কেউফালে বিয়পি পৰে আৰু পৃথিৱীত জোকাৰণিৰ সৃষ্টি কৰে। ইয়াকে আমি ভূমিকম্প বুলি কওঁ।

তদুপৰি কেতিয়াবা কেতিয়াবা মানৱ সৃষ্ট কৃত্রিম ভূমিকম্পও হোৱা দেখা যায়। আণৱিক বিস্ফোৰণ, বৃহৎ জলবিদ্যুৎ প্ৰকল্পত আবদ্ধ জলৰাশিৰ চাপৰ ফলত ভূমিকম্প হয়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পপ্রবণ অঞ্চল হিচাপে চিহ্নিত হৈছে। ১৮৯৭ চনৰ ১২ জুনত অসমত ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল। ১৯৫০ চনৰ ১৫ আগষ্ট তাৰিখে ৮.৭ ৰিখটাৰ স্কেলৰ আন এটা ভূমিকম্পই উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ক্ষতি সাধন কৰিছিল।

বৰ্তমান ভাৰত চৰকাৰে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। বিভিন্ন প্ৰচাৰ মাধ্যম যেনে-দূৰদৰ্শন, অনাতাঁৰ, বাতৰি কাকত, জনসংযোগ, বাটৰ নাট, সভা-সমিতিৰ জৰিয়তে ভূমিকম্পত ল’ব লগা সাবধানতাৰ বিষয়ে সকলোকে সজাগ কৰা দেখা গৈছে।

ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাসমুহ

১) ভীতিগ্রস্থ হ’ব নালাগে। অনাহকত হাল্লা-হুলস্থূল কৰিব নালাগে।

২) ঘৰৰ ভিতৰত থাকিলে দৌৰা-দৌৰি কৰি বাহিৰলৈ অহাৰ চেষ্টা নকৰি, ঘৰৰ ভিতৰতে মজবুত মেজ, বিচনা বা ডেক্সবেঞ্চৰ তলত আশ্ৰয় ল'ব লাগে।

৩) ঘৰৰ বাহিৰত থাকিলে গছ-গছনি নথকা মুকলি ঠাইত থাকিব পাৰিলে ভাল।

৪) বিজুলী খুঁটা, গছ-গছনি থকা ঠাইৰপৰা আঁতৰত থাকিব লাগে।

৫) দৌৰা-দৌৰি কৰিব নালাগে।

৬) যিকোনো ধৰণৰ জুই, বিজুলী সৰবৰাহ, ৰন্ধন গেছ আদি ব্যৱহাৰ কৰিব নালাগে।

বিজুলী সৰবৰাহ ৰন্ধন গেছ আদি বন্ধ কৰি দিব লাগে। (সহায় লৈ)

লিখক: কৌশিক দাস।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate