গুৱাহাটী মহানগৰী আগন্তুক দিনৰ বাবে প্ৰস্তুত:
গুৱাহাটী উন্নয়ন বিভাগৰ মুখ্য প্ৰকল্প/আঁচনি সমূহ:
*গুৱাহাটী স্মাৰ্ট চিটি হিচাপে চিহ্নিত হোৱাৰ পথত।
*এচিয়ান ডেভেলপমেন্ট বেঙ্কৰ সাহায্য পুঁজিৰে অসম নগৰ আন্তঃগাঠনি বিনিয়োগ আঁচনিৰ অধীনত পানী যোগান, বৃহৎ নৰ্দমা আৰু অন্যান্য চহৰৰ আন্তঃগাঠনি উন্নয়ন আঁচনি।
*পাণবজাৰ-উত্তৰ গুৱাহাটী আৰু পলাশবাৰী-শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দলং নিৰ্মাণ আঁচনি।
*২০১৯ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত যাত্ৰীবাহী ৰজ্জুপথ প্ৰকল্প সম্পূৰ্ণ কৰা আঁচনি।
*পাণবজাৰস্থিত এম. এম. চি. চিকিৎসালয়ৰ চৌহদত এন. এল. চি. পি. আৰ. ৰ অধীনত স্বয়ংক্ৰীয় বহুস্তৰীয় গাড়ী ৰখোৱা স্থান নিৰ্মাণ।
* “অম্ৰুত অভিযান”ৰ অধীনত নন-মটৰাইজড পৰিবহন ব্যৱস্থা।
*অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন কৰ্তৃপক্ষ গঠন।
*নুনমাটি বেচিনলৈ যোৱা নলাৰ ওপৰত পাম্প গৃহ নিৰ্মাণ আৰু চাৰিটা পাম্প স্থাপনৰ আঁচনি।
*বানপানী মুক্ত গুৱাহাটী অভিযানৰ সফল আৰম্ভনি।
* “আন্তঃৰাষ্ট্ৰীফ্য বিনিয়োগ সমাবেশ”ৰ সৌজন্যত মহানগৰ সৌন্দৰ্য্য বৰ্দ্ধন আঁচনি।
*হেঙেৰাবাৰী, আদাবাৰী আৰু ফাঁচী বজাৰ অঞ্চলত তিনিখন নতুন উদ্যান নিৰ্মাণ আঁচনি।
*স্মাৰ্ট চিটিৰ অধীগ্নত স্বয়ং চালিত পেয়জন আঁচনি আৰু জৈৱিক শৌচালয় নিৰ্মাণ।
*৯০০ শ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সৌন্দৰ্য্য বৰ্দ্ধন আঁচনি।
*২০১৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাৰ আঁচনি।
* “প্ৰধান মন্ত্ৰী আৱাস যোজনা(চহৰ)”ৰ অধীনত ২০২২ চনৰ ভিতৰত সকলোৰে বাবে আৱাস গৃহ আঁচনি।
* “স্বচ্ছ ভাৰত অভিযান(চহৰ)”ৰ অধীনত ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত গুৱাহাটী চহৰ “মুকলি স্থানত মলত্যাগ মুক্ত” কৰাৰ আঁচনি।
*অম্ৰুত অভিযানৰ অধীনত যোৰপুখুৰী পুনঃ নিৰ্মাণ।
*নলিনীবালা উদ্যান আৰু ফটাশিল আমবাৰী উদ্যানৰ পুনঃ নিৰ্মাণ।
গুৱাহাটী উন্নয়ন বিভাগে সফলতাৰে সম্পন্ন কৰা আঁচনিসমূহ:
*পুৰনি উপায়ুক্তৰ বঙলা ঐতিহ্য সংগ্ৰাহলয়লৈ পৰিবৰ্তন।
*নুনমাটি বেচিন নলাটো বামুনীমৈদামৰ এ. এছ. আই. ডি. চি.ৰ পৰা নুনমাটী শোধনাগাৰ এলেকালৈ সম্প্ৰসাৰণ।
*অনিল নগৰৰ মুখ্য পথৰ সংযোগ স্থলত চাম্প আৰু ৰেইজড প্লেটফৰ্ম নিৰ্মাণ।
*ভঙাগড়ৰ ১৯ নং ওৱাৰ্ডৰ জি. এম. চি. এইছ. পথত আৱৰ্জনা স্থানান্তৰ আস্থান নিৰ্মাণ।
*পৌৰনিগমৰ দ্বাৰা মহানগৰৰ পথ সমূহত থকা গৰাকী বিভিন্ন পথৰ কুকুৰ বোৰক পঞ্জীয়ন আৰু বীজাণুমুক্তকৰণ।
*খানাপাৰাৰ লগতে অন্যান্য স্থানত শীত-তাপ নিয়ন্ত্ৰিত বাছ যাত্ৰী আশ্ৰয় স্থাপন।
*বিভিন্ন স্থানত পৰিশোধৰ বিনিময়ত ব্যৱহৃত শৌচাগাৰ নিৰ্মাণ।
*ফাঁচী বজাৰৰ মহাবীৰ উদ্যানত মুকলি স্থানত শৰীৰ চৰ্চাৰ ব্যৱস্থা।
*বেটাৰী চালিত প্ৰদূষণ মুক্ত বাহনৰ জৰিয়তে জাৱৰ নিষ্কাষণ।
*গান্ধী মণ্ডপৰ পুনৰ উন্নয়ন।
উৎস: গুৱাহাটী উন্নয়ন বিভাগ, অসম চৰকাৰ(নিয়মীয়া বাৰ্তা)