এই আইন বলবৎ হোৱাৰ কাৰণ হ’ল মহিলা বা পুৰুষক বলপূৰ্বকভাবে কাম কৰিবলৈ লোগোৱাটো বাধা দিয়া। এই আইনে শ্ৰমিকক বাধ্যতামূলক ভাৱে শোষণ কৰাত ৰক্ষা কৰে। কোনো মানুহে বলপূৰ্বক শ্ৰমিক নিয়োজিত কৰিব নোৱাৰে।
বলপূৰ্বক টকা ধাৰলৈ লোৱা বাবে কোনো মানুহৰ ওপৰত প্ৰচিডিং লিখিব নোৱাৰে। যদি কিবা অস্থাৱৰ সম্পত্তি বলপূৰ্বকভাৱে কাঢ়ি লৈ যায় নাইবা কৰ্টৰ জিন্মাত থাকে, তেতিয়া যাৰ পৰা লোৱা হয় তেওঁক ঘুৰাই দিয়া উচিত নাইবা উদ্ধাৰ কৰা উচিত।
যিকোনো স্থাৱৰ বা অস্থাৱৰ সম্পত্তি, ধন ধাৰে দিওঁতা জনে বলপূৰ্বক কাঢ়ি ল’ব নোৱাৰে। বাধ্যতামূলক ভাবে কাম কৰা কোনো শ্ৰমিকক মহিলাই হওঁক বা পুৰুষেই হওঁক মালিকে তেওঁৰ ঘৰ বা আবাসিক এলেকাৰ পৰা ধাৰ পৰিশোধ নকৰাৰ বাবে উঠাই পঠিয়াব নোৱাৰিব।
কোনো মাটিৰ মালিকে যদি বলপূৰ্বক শ্ৰমিক বিশেষকৈ মহিলা শ্ৰমিকৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে, তেন্তে তেওঁক কঠোৰ শাস্তি বিহাৰ এই আইনে ব্যৱস্থা কৰে। এই আইনে মালিকসকলক তিনি বছৰলৈকে শাস্তি বিহে আৰু শ্ৰমিকক বল প্ৰয়োগৰ কাৰণে জৰিমনা দিয়া হয়। বলপূৰ্বক শ্ৰমিকক বেয়া কামত লিপ্ত কৰোৱাটো এই আইন মতে দণ্ডনীয়।
উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।