অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাগিছা শ্ৰম আইন ১৯৫১

বাগিছা শ্ৰম আইন ১৯৫১

এই আইনে শ্ৰমিকৰ কল্যাণ আৰু বাগানত কাম কৰাৰ চুক্তিসমূহ নিয়ন্ত্ৰণ কৰে। এই আইন মতে পোন্ধৰ বা তাতকৈ অধিক শ্ৰমিক নিযুক্তি দিয়া আৰু বাৰ মাহৰ যি কোনো এটা দিনত চাহ, কফি, ৰবৰ আদি বাগানত পাঁচ হেক্টৰ বা তাতকৈ অধিক মাটি থকাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।

বাগিছা শ্ৰম আইনমতে শ্ৰমিকৰ কাৰণে ন্যায়সংগত সা-সুবিধাৰে খোৱা-পানী, সুস্থ চিকিত্সা আৰু পুৰুষৰ পৃথক কৈ থকা আৰু গৃহ নিৰ্মাণৰ ব্যৱস্থা থকা।

নিযুক্তি সময় আৰু সীমা ধাৰ্যকৰণ

সাপ্তাহিক

এজন প্ৰাপ্ত বয়স্ক শ্ৰমিকে কোনো বাগানত ৪৮ ঘণ্টাৰ বেচি কাম কৰিব নাইবা শিশু বা যুৱকে ২৭ ঘণ্টাৰ বেছি কাম কৰিব নালাগে। যেতিয়া এজন শ্ৰমিকে তেওঁৰ সাধাৰণ কামৰ উপৰিও অতিৰিক্ত কাম কৰিব লাগে বা ৪৮ ঘণ্টাতকৈ বেছি কাম কৰিব লাগে, তেতিয়া তেওঁক অতিৰিক্ত কামৰ বাবদ দৰমহা দিব লাগে।

সাপ্তাহিক বন্ধ

বন্ধৰ সময়ত বা জিৰণি সময়ত কাম কৰা এজন শ্ৰমিকে সাধাৰণ মজুৰিতকৈ দুগুণ মজুৰি পায়। ৰাজ্য চৰকাৰে সপ্তাহটোৰ এদিন, ছুটিৰ দিন হিচাপে নিৰুপণ কৰে।

দৈনিক জিৰণিৰ বাবে বিৰতি

প্ৰতি দিনৰ বাবে জিৰণি সময়টো এনেদৰে নিৰ্দ্ধাৰণ কৰা হয় যাতে কোনো শ্ৰমিকে বিৰতি নোলোৱাকৈ পাঁছ ঘণ্টাৰ বেছি সময় একে লেঠাৰিয়ে কাম কৰিব নালাগে। শ্ৰমিকসকলে আধাঘণ্টা হ’লেও জিৰণি লোৱা উচিত।

মহিলা আৰু শিশুৰ বাবে ৰাতিৰ কাম

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে কোনো মহিলা আৰু শিশু বনুৱাই ৰাতিপুৱা ৬ বজাৰ আগতে আৰু গধুলি ৭ বজাৰ পিছত কাম কৰিব নালাগে।

মজুৰী সহ বছৰেকীয়া ছুটী

প্ৰতিজন শ্ৰমিকে প্ৰতি বিশ দিনৰ মূৰত এদিন (বয়সস্থ সকলে) আৰু ডেকা সকলে প্ৰতি পোন্ধৰ দিনৰ মূৰত এদিন ছুটি লাভ কৰিব।

বেমাৰ আৰু প্ৰসৱকালীন সুবিধা

এই আইনমতে শ্ৰমিকসকলে নিয়োগ কৰ্তাৰ পৰা পাব পৰা সুবিধা সমূহ-

  • বেমাৰ হ’লে কোনো অভিজ্ঞ চিকিত্সাৰ প্ৰমাণ পত্ৰ চাই চিকিত্সা ভাট্টা দিয়াৰ ব্যৱস্থা।
  • প্ৰসূতি মাতৃৰ কাৰণে ভাট্টাৰ সুবিধা

উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate