অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰমিক ক্ষতিপূৰণ আইন ১৯২৩

শ্ৰমিক ক্ষতিপূৰণ আইন ১৯২৩

শ্ৰমিক ক্ষতিপূৰণ আইন অনুসৰি কৰ্মৰত অৱস্থাত শ্ৰমিকে আঘাট পালে নাইবা মৃত্যু হ’লে সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগে। এই আইন মতে কৰ্মৰত অৱস্থাত শ্ৰমিক দুৰ্ঘটনাত পৰিলে নাইবা মৃত্যু মুখত পৰিলে মালিকে সম্পূৰ্ন খৰছ বহন কৰিব লাগে।

এই আইন কেইটামান বিশেষ নিযুক্তিৰ ক্ষেত্ৰত বলবৎ হয়-

১) ট্ৰেক্টৰ, যান্ত্ৰিক বা বৈদ্যুতিক শক্তি চালিত ইঞ্জিন চলাওতা।

২) টিউবেল পতা, ভালকৰা ইত্যাদি কাম কৰা।

৩) চাহ-কফি, লং, ইলাচি, ডালচেনি ৰাবাৰ আদি ফেক্টৰীত কাম কৰা শ্ৰমিকে এই আইনৰ সুবিধা ভোগ কৰিব পাৰিব।

ক্ষতিপূৰণৰ পৰিমাণ

১) যেতিয়া দুৰ্ঘটনাৰ দ্বাৰা শ্ৰমিকৰ মৃত্যু হ্য, তেতিয়া আশী হাজাৰ টকা বা তেওঁলোকৰ এমাহৰ দৰমহাৰ ৫০% দুৰ্ঘটনাৰ সময়ত হোৱা তেওঁৰ বয়সেৰে পূৰণ কৰিলে যিটোৱেই বেছি হয় তাক লাভ কৰিব।

২) যেতিয়া দুৰ্ঘটনাৰ দ্বাৰা শ্ৰমিক সম্পূৰ্ণৰুপে অক্ষম হয়, তেতিয়া নব্বৈ হাজাৰ টকা বা দৰমহাৰ ৬০ % যিটোৱেই বেছি হয়।

৩) যেতিয়া শ্ৰমিকে অস্থায়ীভাৱে আঘাটপ্ৰাপ্ত হয়, তেতিয়া আধা দৰমহা বা ২৫ % যিটোৱেই বেছি হয়।

৪) যেতিয়া শ্ৰমিকে আংশিকভাৱে আঘাটপ্ৰাপ্ত হয়, তেতিয়া উপাৰ্জন কৰিব নোৱাৰা হোৱা সামানুপাতিক হিচাপত অনুদান পাব।

সময়সীমা

নিযুক্তি কৰ্তাই এজন শ্ৰমিকক বা তেওঁৰ দায়িত্বত থকা সকলক আঘাট পোৱা বা দুৰ্ঘটনা হোৱাৰ এমাহৰ পিছতো নিয়োগকৰ্তাই ক্ষতিপূৰণ আদায় দিব নোৱাৰে, তেতিয়া মূলধনৰ ১২% সুদ প্ৰতি মাহে আৰু ৫০% পৰ্যন্ত জৰিমনা আদায় দিব লাগে।

উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate