অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘পূণ্যধাম যাত্ৰা’ ২০১৭-১৮

 

অসম চৰকাৰৰ পৰ্যটন বিভাগে “পূণ্যধাম যাত্ৰা’ৰ অধীনত বয়োজ্যেষ্ঠ তীৰ্থযাত্ৰীক সম্পূৰ্ণ চৰকাৰী খৰচত ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰাবলৈ এখন আঁচনি হাতত লৈছে। এই আঁচনিৰ জৰিয়তে ২০১৭-১৮ বৰ্ষত প্ৰথম পৰ্যায়ৰ বাবে প্ৰায় ৩০০০ জন তীৰ্থযাত্ৰীলৈ সুবিধা আগবঢ়োৱা হব। ইচ্ছুক ব্যক্তিক তলত দিয়াৰ দৰে প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে ৫ আগষ্টৰ পৰা ৩১ আগষ্ট তাৰিখৰ ভিতৰত ডাকযোগে অথবা নিজ হাতে তলৰ ঠিকনাত জমা দিবলৈ অনুৰোধ কৰা হ’ল। অন্যথা ত উপলব্ধ প্ৰ-পত্ৰ অনলাইন যোগে ৮ আগষ্ট ২০১৭ তাৰিখৰ পৰা জমা দিব পাৰিব।

আবেদনকাৰীৰ অৰ্হতাসমূহ আৰু কৰণীয়সমূহ:

 

  • দীঘলীয়া যাত্ৰাৰ বাবে আবেদনকাৰী ব্যক্তিজন শাৰিৰীকভাৱে সক্ষম হব লাগিব আৰু চৰকাৰী চিকিৎসকৰ পৰা শাৰিৰীক সক্ষমতাৰ প্ৰমাণ পত্ৰ আবেদন প্ৰ-পত্ৰৰ লগত দিব লাগিব। যাত্ৰাৰ আৰম্ভণিতে বিভাগৰ ফালৰ পৰা প্ৰতিজন তীৰ্থযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হব।
  • আবেদনকাৰী পুৰুষৰ ক্ষেত্ৰত ৬০ৰ পৰা ৭৫ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ৫৫ৰ পৰা ৭০ বছৰ নিৰ্ধাৰণ কৰা হৈছে আৰু বয়সৰ প্ৰমাণপত্ৰ আবেদন প্ৰ-পত্ৰৰ লগত দিব লাগিব।
  • আবেদনকাৰী অসমৰ স্থায়ী নিবাসী হ’ব লাগিব আৰু প্ৰমাণ হিচাপে ভোটাৰ পৰিচয় পত্ৰ অথবা চৰকাৰী স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আবেদন প্ৰ-পত্ৰৰ লগত দিব লাগিব।
  • এটি পৰিয়ালত সৰ্বাধিক ২ জন ব্যক্তিয়েহে আবেদন কৰিব পাৰিব আৰু আবেদনকাৰীয়ে ইয়াৰ পূৰ্বে এনেধৰণৰ কোনো চৰকাৰী আঁচনিৰ অধীনত তীৰ্থযাত্ৰাৰ সুবিধা গ্ৰহণ কৰা হ’ব নালাগিব।
  • আবেদনকাৰীৰ ব্যক্তিগত বছৰেকীয়া আয় ২.৫ লাখ টকাৰ তলৰ হ’ব লাগিব আৰু প্ৰমাণ পত্ৰ আবেদন প্ৰ-পত্ৰৰ লগত দিব লাগিব।
  • বাচনিকৃত যাত্ৰীজনে যাত্ৰাৰ নিৰ্দিষ্ট দিনত তলৰ ঠিকনাত উপস্থিত হ’ব লাগিব আৰু গুৱাহাটীলৈ নিজগৃহৰ পৰা অহা যোৱাৰ খৰচ নিজে বহন কৰিব লাগিব।

সেৱাসমূহ:

 

  • পৰ্যটন বিভাগে ২০১৭-১৮ বৰ্ষৰ বাবে তীৰ্থস্থানসমূহক চাৰিটা আৱৰ্ত্তত ভাগ কৰিছে। আবেদনকাৰীয়ে ইয়াৰ যিকোনো এটা আবৰ্ত্ত বাচনি কৰিব পাৰিব।

১)গুৱাহাটী-জগন্নাথ-পুৰী,

২)গুৱাহাটী-মথুৰা-বৃন্দাবন,

৩)গুৱাহাটী-আজমেৰ,

৪)গুৱাহাটী-জম্মু-বৈষ্ণোদেৱী।

  • গুৱাহাটীৰ পৰা আৰম্ভ হোৱা এই তীৰ্থযাত্ৰাৰ যাত্ৰাৰ বাবে ৰেলসেৱা(বাতানুকুল ৩ টায়াৰ), বাছসেৱা আৰু মানসম্পন্ন থকাৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ সম্পূৰ্ণ খৰচ অসম চৰকাৰে বহন কৰিব।
  • খোৱাৰ বাবে প্ৰতিজন তীৰ্থযাত্ৰীক প্ৰতিদিনে ১৫০(ডেৰশ টকা)কৈ অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব।

 

প্ৰ-পত্ৰ-

 

 

পূণ্যধাম যাত্ৰা’ ১৭-১৮

১)অনলাইন

 

২)ডাক

 

৩)নিজে

 

 

 

৬)পাচপৰ্ট গ্ৰাফ ফটো

 

৪)ক্ৰমিক নং

 

 

 

৫)তাৰিখ

//

 

প্ৰ-পত্ৰ

 

৭)তীৰ্থযাত্ৰীৰ নাম

৮)পুৰুষ

 

৯)মহিলা

 

 

১০)বয়স

 

বছৰ

১১)সংলগ্ন প্ৰমাণপত্ৰ

 

১২)ঘৰ/বিলডিং

 

১৩)ৰাষ্টা

 

১৪)ৱাৰ্ড নং

 

 

১৫)গাঁও/টাউন

 

১৬)পোঃঅঃ

 

১৭)পুঃথানা

 

 

১৮)বিধান সভাৰ সমষ্টি নং

 

১৯)জিলা

 

২০)পিন

 

 

২১)ফোন/মঃ

 

২২)ইমেইল

 

 

২৩)অসমৰ বাসিন্দা

হয়/নহয়

২৪)সংলগ্ন প্ৰমাণপত্ৰ

 

 

২৫)অভিভাৱকৰ নাম

 

২৬)সম্বন্ধ

 

 

২৭)ঘৰ/বিলডিং

 

২৮)ৰাষ্টা

 

২৯)ৱাৰ্ড নং

 

 

৩০)গাঁও/টাউন

 

৩১)পোঃঅঃ

 

৩২)পুঃথানা

 

৩৩)বিধান সভাৰ সমষ্টি নং

 

৩৪)জিলা

 

৩৫)পিন

 

৩৬)ফোন/মঃ

 

৩৭)ইমেইল

 

৩৮)শাৰীৰিকভাৱে সক্ষম

হয়

 

নহয়

 

৩৯)সংলগ্ন প্ৰমাণপত্ৰ

 

৪০)অন্য শাৰীৰিক অসুবিধা/বিকলাঙ্গতা

 

৪১)আবেদনেকাৰীৰ বাৰ্ষিক আয়

টকা

৪২)সংলগ্ন প্ৰমাণপত্ৰ

 

৪৩)ধৰ্ম

 

৪৪)আবৰ্ত বাচনি

৪৫)১

 

৪৬)২

 

৪৭)৩

 

৪৮)৪

 

৪৯)লগত যোৱা পৰিয়ালৰ অন্যব্যক্তিজনৰ নাম

 

৫০)লগত যোৱা পৰিয়ালৰ ব্যক্তিজনৰ সমন্ধ

 

৫১)বয়স

 

বছৰ

৫২)স্বঘোষিত টোকা:-মই শ্ৰী/শ্ৰীমতী-------------------------------ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে, উপৰোক্ত সকলোবোৰ তথ্য-পাতি আৰু সমলসমূহ সত্যপিত। যদি কোনো অসত্য প্ৰমাণ পোৱা যায়, তেন্তে পৰিচালন কমিটিয়ে মোৰ আবেদন বৰখাস্ত কৰিব পাৰে।

৫৩)স্থান

 

৫৫)স্বাক্ষৰ/টিপ চহী

 

৫৪)তাৰিখ

 

























 

পূণ্যধামা যাত্ৰা’ ১৭-১৮ বৰ্ষৰ প্ৰ-পত্ৰ পুৰণৰ সহায়িকা:

 

১, ২, ৩ যি মাধ্যমেৰে প্ৰ-পত্ৰ পূৰ কৰি পঠিওৱা হৈছে, তাৰ ঠাইত শুদ্ধ চিন দি বাচনি কৰিব।

৪ ক্ৰমিক নং কাৰ্য্যালয়ত পূৰ কৰা হয়।

৫ প্ৰ-পত্ৰ পূৰ কৰি জমা কৰা তাৰিখ লিখিব।

৬ পাচপৰ্ট আকাৰৰ ফটোগ্ৰাফ লগাব লাগিব (৩.৫ ছেঃমিঃ*৪.৫ ছেঃমিঃ)।

৭ আবেদনকাৰীৰ নাম লিখিব।

৮,৯ পুৰুষ মহিলাৰ যিকোনো এঠাইত শুদ্ধ চিন দিব।

১০ বয়স লিখিব।

১১ নিৰ্ধাৰিত বয়সৰ যিকোনো চৰকাৰী প্ৰমাণ পত্ৰ অথবা জন্মৰ তাৰিখ থকা প্ৰমাণ পত্ৰ গাঁঠি দিব আৰু প্ৰমাণ পত্ৰখনৰ নাম লিখিব।

১২, ১৩, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২ আবেদনকাৰীৰ ঠিকনা, যোগাযোগৰ বিতং তথ্য লিখিব।

২৩ আবেদনকাৰী অসমৰ বাসিন্দা হয়/নহয় শুদ্ধ চিনেৰে বাচনি কৰিব।

২৪ অসমৰ বাসিন্দা হোৱাৰ যিকোনো চৰকাৰী প্ৰমাণ পত্ৰ গাঁঠি দিব আৰু প্ৰমাণ পত্ৰখনৰ নাম লিখিব।

২৫ আবেদনকাৰীৰ অভিভাৱকৰ নাম লিখিব।

২৬ আবেদনকাৰীৰ লগত তেখেতৰ সম্বন্ধ লিখিব।

২৭, ২৮, ২৯, ৩০, ৩১, ৩২, ৩৩, ৩৪, ৩৫, ৩৬, ৩৭ অভিভাৱকৰ ঠিকনা, যোগাযোগৰ বিতং তথ্য লিখিব।

৩৮ আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম হয়/নহয় শুদ্ধ চিনেৰে বাচনি কৰিব।

৩৯ চিকিৎসকে তেখেতৰ শাৰীৰিক অৱস্থা দীঘলীয়া যাত্ৰাৰ বাবে অনুকুল তাৰ প্ৰমাণ পত্ৰ গাঁঠি দিব।

৪০ শাৰীৰিক অসুবিধা অথবা বিকালঙ্গতা আছে তেন্তে উল্লেখ কৰিব।

৪১ আবেদনকাৰীৰ বাৰ্ষিক আয় লিখিব।

৪২ সংলগ্ন প্ৰমাণ পত্ৰ নাম লিখিব।

৪৩ আবেদনকাৰীৰ ধৰ্মীয় পন্থাৰ নাম উল্লেখ কৰিব।

৪৪ পৰ্যটন বিভাগে ২০১৭-১৮ বৰ্ষৰ বাবে তীৰ্থস্থানসমূহক চাৰিটা আৱৰ্ত্তন ভাগ কৰিছে। আবেদনকাৰীয়ে ইয়াৰে যিকোনো এটা আৱৰ্ত্ত বাচনি কৰিব পাৰিব। ৪৫, ৪৬, ৪৭, ৪৮ ১)গুৱাহাটী-জগন্নাথ-পুৰী, ২)গুৱাহাটী-মথুৰা-বৃন্দাবন, ৩)গুৱাহাটী-আজমেৰ, ৪)গুৱাহাটী-জম্মু-বৈষ্ণোদেৱী।

৪৯, ৫০, ৫১ এটা পৰিয়ালত অত্যাধিক দুজন ব্যক্তিয়ে আবেদন কৰিব পাৰে, যদি আবেদনকাৰীৰ পৰিয়ালৰ কোনোবাই আবেদন কৰিছে তেওঁৰ নাম, বয়স আৰু সমন্ধ লিখিব।

৫২, ৫৩, ৫৪, ৫৫ আবেদনকাৰীয়ে স্বঘোষিত টোকাত নিজৰ নামেৰে পূৰ কৰিব, আৰু স্থান, তাৰিখৰ সৈতে স্বাক্ষৰ/টিপচহী কৰিব।

(টোকা: কাষত দিয়া প্ৰ-পত্ৰখন কাটি ফটোকপি কৰি ব্যৱহাৰ কৰিব অথবা প্ৰ-পত্ৰ প্ৰেৰণৰ ক্ষিপ্ৰতাৰ বাবে www.assamtourismonline.com ৱেবচাইটত ইংৰাজী ভাষাত থকা অনলাইন প্ৰ-পত্ৰ ইং ৮ আগষ্ট ২০১৭ তাৰিখৰ পৰা জমা কৰিব পাৰিব আৰু অনলাইন স্বীকৃতি নম্বৰ নিজৰ লগত ৰাখিব। এই স্বীকৃতি নম্বৰ যাত্ৰাৰ সময় আৰু যাত্ৰী গোটৰ বিতং তথ্যৰ সৈতে সময়ে সময়ে বাতৰিকাকত কাকত প্ৰকাশিত হ’ব।)

উৎস:পৰ্যটন বিভাগ(অসম চৰকাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate