অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেটি বচাওঁ, বেটি পঢ়াওঁ

বেটি বচাওঁ, বেটি পঢ়াওঁ

পশ্চাদপট

যোৱা ১৯৬১ চনৰ পৰাই ভাৰতবৰ্ষত শিশু ল’ৰা-ছোৱালীৰ অনুপাতৰ পাৰ্থক্য বৃদ্ধি পাবলৈ লৈছে। শূণ্যৰ পৰা ৬ বছৰ বয়সৰ ১০০০ গৰাকী ল’ৰা শিশুৰ তুলনাত কন্যা শিশুৰ সংখ্যা অতিপাত কমি গৈছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাতো সম্ভৱ হৈ উঠা নাছিল। ১৯৫১ চনত ১০০০ জন ল’ৰা শিশুৰ বিপৰীতে কন্যা শিশুৰ পৰিমাণ আছিল মাত্ৰ ৯৪৫। ২০০১ চনত এই পৰিমাণ কমি গৈ ৯২৭ হয়গৈ। ইয়াৰ ১০ বছৰ পিছত অৰ্থাৎ ২০১১ চনত এই পৰিমাণ হয়গৈ ৯১৮। শিশু লিংগৰ অনুপাত নিম্নগামী হোৱাটোৱেই কন্যাসকলৰ দক্ষতা বৃদ্ধিৰ বিষয়টোতো পিছ পৰি থকাটো বুজিব পৰা যায়। এই নিম্নগামীতাই জন্মৰ আগতেই ভ্ৰূণৰ লিংগ নিৰ্ণয় কৰি সন্তান জন্ম দিয়া আৰু জন্মৰ পিছতেই কন্যা শিশুসকলৰ প্ৰতি বৈষম্যতাৰ কথাই প্ৰতিফলিত কৰে। এফালে সামাজিকভাৱে কন্যা সন্তানৰ প্ৰতি বৈষম্য আচৰণ আৰু আনফালে লিংগ নিৰ্ণয় ব্যৱস্থাই অপব্যৱহাৰ কৰি জন্মৰ আগতেই কন্যা ভ্ৰূণ হত্যাৰ ফলতেই এই অনুপাতত পাৰ্থক্য বৃদ্ধি পাবলৈ ধৰিছে।

এই ব্যৱস্থা উন্নত কৰিবলৈ হ’লে এটা সন্মিলিত আৰু সু-সংহত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেই বাবেই ভাৰত চৰকাৰে “বেটি বচাওঁ, বেটি পঢ়াওঁ” ৰ দৰে প্ৰকল্প গ্ৰহণ কৰিছে। কন্যা শিশুৰ অনুপাত কমি যোৱাতো লক্ষ্য কৰিয়েই ২০১৪ চনৰ অক্টোৱৰ মাহত কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ কথা ঘোষণা কৰে। ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মাজৰ পৰা ১০০ খন জিলা নিৰ্বাচন কৰি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী গ্ৰহণৰ যোগেৰে এই প্ৰকল্প ৰূপায়নৰ কাম আৰম্ভ কৰা হৈছে। ভাৰত চৰকাৰৰ নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই প্ৰকল্প একেলগে ৰূপায়ন কৰিব।

সামগ্ৰিক লক্ষ্য

এই প্ৰকল্পৰ মূল লক্ষ্য হ’ল কন্যা শিশুৰ জন্ম ধুমধামেৰে উদযাপন কৰা আৰু কন্যা শিশুক উপযুক্তভাৱে শিক্ষাৰ ব্যৱস্থা কৰা।

নিৰ্বাচিত জিলাসমূহ

২০১১ চনৰ সাধাৰণ জনগণনাৰ তথ্যৰ পৰা শিশু লিংগ অনুপাতৰ ভিত্তিত ভাৰতৰ ১০ খন জিলা এই প্ৰকল্পভাৱে নিৰ্বাচন কৰি লোৱা হৈছে। প্ৰতিখন ৰাজ্যৰ কমেও এখন জিলাক প্ৰকল্প ৰূপায়নৰ বাবে বাচনি কৰা হৈছে। এনে বাচনিৰ ক্ষেত্ৰত মূলত তলত দিয়া তিনিটা বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে-

  • যিসমূহ জিলাৰ শিশু লিংগ অনুপাত ৰাষ্ট্ৰীয় অনুপাততকৈ কম (২৩ খন ৰাজ্যৰ ৮৭ খন জিলা)।
  • যিসমূহ জিলাৰ শিশু লিংগ অনুপাত ৰাষ্ট্ৰীয় অনুপাততকৈ অধিক কিন্তু নিম্নগামী হোৱাৰ প্ৰৱণতা দেখা দিছে (৮ খন ৰাজ্যৰ ৮ খন জিলা)।
  • যিসমূহ জিলাৰ শিশু লিংগ অনুপাত ৰাষ্ট্ৰীয় অনুপাততকৈ অধিক আৰু বৃদ্ধি পোৱাৰ প্ৰৱণতা দেখা গৈছে (৫ খন ৰাজ্যৰ ৫ খন জিলা। এই জিলাসমূহ এই কাৰণেই বাচনি কৰা হৈছে যাতে এই অনুপাত অব্যাহত ৰাখিব পাৰি আৰু এই জিলাসমূহৰ পৰা অভিজ্ঞতা আহৰণ কৰিব পাৰি)।

উদ্দেশ্য

  • বৈষম্যমূলক ভ্ৰূণৰ লিংগ নিৰ্ণায়ক পদ্ধতি।
  • কন্যা সন্তান জীয়াই থকা আৰু সুৰক্ষা প্ৰদান সুনিশ্চিত কৰা।
  • কন্যা সন্তানৰ শিক্ষা সুনিশ্চিত কৰা।

কৌশলসমূহ

  • কন্যাসন্তানৰ প্ৰতি সমান দৃষ্টিভংগী আৰু শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ এক ধাৰণশীল সামাজিক সচেতনতা আৰু যোগাযোগ অভিযান সৃষ্টি কৰা।
  • শিশু লিংগ অনুপাতৰ নিম্নগামীতাৰ বিষয়টো জনসাধাৰণৰ আগত দাঙি ধৰাৰ লগতে এই অনুপাতৰ উন্নতিয়ে যে এক সু-প্ৰশাসনৰ মাপকাঠী সেয়া দাঙি ধৰে।
  • এই অনুপাত নিম্নগামী হোৱা জিলাসমূহত অহৰ্নিষে আৰু সু-সংহতভাৱে লিংগ বৈষম্যৰ দিশসমূহৰ প্ৰতি দৃষ্টি ৰখা।
  • বিভিন্ন পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ, নগৰ অঞ্চলৰ স্থানীয় সমিতিসমূহ, তৃণমূল পৰ্য্যায়ৰ ৰাজহুৱা কৰ্মীসকলক এক গোট কৰি এই বিষয়ক প্ৰশিক্ষণ প্ৰদানৰ যোগেৰে তেওঁলোকৰ জৰিয়তে স্থানীয় সম্প্ৰদায়, মহিলা সমিতি, যুৱ গোটসমূহক এই বিষয়ত সামাজিক পৰিৱৰ্তনৰ দিশলৈ আগবঢ়াই নিয়া।
  • লিংগভিত্তিক তথা শিশু অধিকাৰৰ লগত জড়িত থকা বিভিন্ন আন্ত:গাঁঠনি আৰু কাৰ্য্যসূচীসমূহ যাতে ভালদৰে ৰূপায়ন হয় সেয়া নিশ্চিত কৰা।
  • জিলা, খণ্ড, তৃণমূল স্তৰৰ বিভিন্ন আন্ত:বিভাগীয় আৰু আন্ত:প্ৰতিষ্ঠানিক যোগাযোগসমূহ সুনিশ্চিত কৰা।

উপাদানসমূহ

“বেটি বচাওঁ, বেটি পঢ়াওঁ” ৰ প্ৰকল্পৰ বিষয়ে জনসংযোগ অভিযান।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত “বেটি বচাওঁ, বেটি পঢ়াওঁ” অভিযানটো যিটো তাৰিখৰ পৰা গ্ৰহণ কৰা হৈছে সেই দিনৰ পৰাই সমগ্ৰ দেশজুৰি কন্যা সন্তানৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা আৰু কন্যা সন্তান জন্মৰ উৎসৱ উদযাপনৰ বাবে দেশজুৰি সচেতনতা গঢ়ি তোলাৰ লক্ষ্য হাতত লোৱা হৈছে। কন্যা শিশুসকলেও যাতে সম অধিকাৰ হৈ উপযুক্ত নাগৰিক হৈ গঢ়ি উঠিব পাৰে। তাৰ বাবেই কন্যা শিশুৰ জন্ম, প্ৰতিপালন আৰু বৈষম্যহীন শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান চলাই থকা হৈছে। এই প্ৰকল্পৰ দ্ৰুত ফল লাভৰ লক্ষ্য আগত ৰাখি সংশ্লিষ্ট সকলো পক্ষত এক গোট কৰি এই অভিযানৰ বাবে চিহ্নিত ১০০ খন জিলাৰ জিলা পৰ্য্যায়ৰ কাৰ্য্যসূচীসমূহৰ লগত ৰাষ্ট্ৰীয়, ৰাজ্যিক জিলা পৰ্য্যায়ৰ কাৰ্য্যসূচীসমূহ সংযোগ স্থাপন কৰা হ’ব।

১০০ খন নিৰ্বাচিত জিলাত লিংগ ভিত্তিক বহুমুখী হস্তক্ষেপ

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি এই জিলাসমূহত বহুমুখী ক্ষেত্ৰ বিশিষ্ট বহুমুখী হস্তক্ষেপৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব।

পৰিমাপ যোগ্য ফলাফল আৰু সূচাংক তথ্যসমূহ সকলো ক্ষেত্ৰ, ৰাজ্য, জিলা আদিত একে ঠাইলৈ গোটোৱাৰ চেষ্টা কৰা হ’ব যাতে সুংসহত বহুমুখী ক্ষেত্ৰবিশিষ্ট কাৰ্য্যসূচীসমূহ দ্ৰুতভাৱে গ্ৰহণ কৰিব পৰা যায়। ইয়াৰ উদ্দেশ্যই হ’ল শিশু লিংগ অনুপাত উন্নত কৰি তোলা। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ কৰ্মদলৰ জৰিয়তে বহু ক্ষেত্ৰবিশিষ্ট কাৰ্য্যসূচীসমূহৰ একোটা নমনীয় গাঁঠনি গ্ৰহণ কৰিব। যাতে ৰাজ্য আৰু জিলা পৰ্য্যায়ত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পৰা কাৰ্য্যসূচী  প্ৰস্তুতি ৰূপায়ন আৰু ভালদৰে চোৱা-চিতা কৰিব পৰা যায়।

প্ৰকল্প ৰূপায়ন

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিত্তীয় নিয়ন্ত্ৰণ আৰু প্ৰশাসনিক দায়বদ্ধতা থাকিব মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ। ৰাজ্যিক পৰ্য্যায়ত এই আঁচনি ৰূপায়নৰ সামগ্ৰিক নিৰ্দেশনা আৰু কাৰ্য্যকৰীকৰণৰ বাবে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব গৰাকী দায়বদ্ধ হ’ব। এই আঁচনি ৰূপায়নৰ গাঁঠনি দিয়া ধৰণৰ হ’ব পাৰে:

কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ত

সংশ্লিষ্ট মন্ত্ৰালয়সমুহ যেনে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মানৱ সম্পদ উন্নয়ন, ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃত্ব, আন ধৰণে সক্ষম পৰিক্ৰমা বিভাগ, তথ্য আৰু প্ৰচাৰ, লিংগ বিশেষজ্ঞ আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ পৰা সদস্যসহ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ সচিব গৰাকীক মুৰব্বী হিচাপে লৈ কেন্দ্ৰীয় পৰ্য্যায়ত এখন বিশেষ কৰ্মদল গঠন কৰা হৈছে। এই বিশেষ কৰ্মদলে নিৰ্দেশনাৱলী আৰু সহায়; প্ৰশিক্ষণৰ উপাদানসমূহ নিৰ্ধাৰণ; ৰাজ্যৰ পৰিকল্পনাসমূহ পৰ্য্যালোচনা কৰা আৰু দক্ষ কাৰ্য্যকৰীকৰণৰ প্ৰতি চোৱা-চিতা কৰিব।

ৰাজ্য চৰকাৰ পৰ্য্যায়ত

ৰাজ্যৰ বিভিন্ন বিভাগ যেনে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, পঞ্চায়তী ৰাজ, গ্ৰাম্য উন্নয়ন আদিৰ লগতে ৰাজ্যিক পৰ্য্যায়ৰ সেৱা কৰ্তৃত্বসমূহ আৰু আন ধৰণে সক্ষম বিভাগৰ পৰা প্ৰতিনিধি লৈ এখন ৰাজ্যিক কৰ্মদল গঠন কৰিব লাগিব। এই কৰ্মদলে এই প্ৰকল্পটো ৰূপায়ন আৰু সমন্বয়ৰ ক্ষেত্ৰত কাম কৰিব। এই কৰ্মদল আৰু বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয়ৰ ব্যৱস্থা উপযুক্ত আৰু কাৰ্য্যকৰীভাৱে কৰিবলৈ এই কৰ্মদলৰ মুৰব্বীৰ দায়িত্বত থাকিব ৰাজ্যৰ মুখ্য সচিব। কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত ইয়াৰ দায়িত্ব ল’ব মুখ্য প্ৰশাসকে। কিছুমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাৰী সৱলীকৰণ, লিংগ আৰু শিশু সম্পৰ্কীয় বিষয়সমূহৰ লগত জড়িত তেওঁলোকৰ নিজা কৌশল ব্যৱস্থা আছে আৰু এইসমূহক কৰ্মদলে অধিক শক্তিশালী কৰি তুলিব। এই সমূহত মহিলা আৰু শিশু কল্যাণ তথা সমাজ কল্যাণ বিভাগৰ সচিব গৰাকী আহবায়ক হিচাপে থাকিব। ৰাজ্যিক পৰ্য্যায়ৰ পৰিকল্পনা আৰু কাৰ্য্যসূচীসমূহ সংহত শিশু কল্যাণ আঁচনি সঞ্চালকালয়ৰ জৰিয়তে কাৰ্য্যকৰীকৰণ আৰু সমন্বয় ৰক্ষাৰ বাবে ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ দায়বদ্ধ থাকিব।

জিলা পৰ্য্যায়ত

জিলা পৰ্য্যায়ৰ জিলা কৰ্মদলৰ মুৰব্বী হিচাপে থাকিব জিলা উপাযুক্তজন। এই কৰ্মদলত বিভিন্ন বিভাগসমূহৰ পৰা যেনে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সংশ্লিষ্ট কৰ্তৃত্বসমূহ, শিক্ষা, পঞ্চায়তী ৰাজ, গ্ৰাম্য উন্নয়ন, আৰক্ষী আদিৰ প্ৰতিনিধি থকাৰ উপৰিও জিলা আইন সাহাৰ্য্য কৰ্তৃত্বৰ প্ৰতিনিধিও থাকিব। জিলা কৰ্ম পৰিকল্পনা উপযুক্তভাৱে কাৰ্য্যকৰীকৰণ, পৰ্য্যবেক্ষণ আদিৰ বাবে এই কৰ্মদল দায়বদ্ধ থাকিব। উন্নয়ন খণ্ডৰ কাৰ্য্যকৰী পৰিকল্পনাসমূহ একত্ৰিত কৰি জিলা পৰ্য্যায়ৰ পৰিকল্পনা কাৰ্য্যকৰীকৰণ কৰিবলৈ জিলা সংহত শিশু উন্নয়ন আঁচনিৰ জিলা কাৰ্য্যসূচী বিষয়াই কাৰিকৰী সহায়ৰ লগতে নিৰ্দেশনা আগবঢ়াব।

নিৰ্বাচিত ১০০ খন জিলা

আন্দামান-নিকোবৰ, ওয়াইএসআৰ(অন্ধ্ৰপ্ৰদেশ), অৰুণাচল, কামৰূপ মেট্ৰোপলিটন (অসম), বৈশালী (বিহাৰ), চণ্ডীগড় (চণ্ডীগড়), দদৰা আৰু নগৰ হাভেলি (দদৰা আৰু নগৰ হাভেলি), দমন (দমন আৰু দিউ), নৰ্থ গোৱা (গোৱা), চুৰাট, মহচেনা, আহমেদাবাদ, গান্ধীনগৰ, ৰাজকোট (গুজৰাট), মহেন্দ্ৰগড়, ঝঝৰ, ৰেৱাৰী, শোনিপট, আম্বালা, কুৰুক্ষেত্ৰ, ৰোহটক, কৰ্ণাল, যমুনানগৰ, কৈথল, ভিৱানী, পানীপট (হাৰিয়ানা), উনা (হিমাচল প্ৰদেশ), জন্মু, পুলৱামা, কাথোৱা, বদগম, অনন্তনাগ (জন্মু আৰু কাশ্মীৰ), ধানবাদ (ঝাৰখণ্ড), বীজাপুৰ (কৰ্ণাটক), ত্ৰিচুৰ (কেৰালা), লক্ষদ্বীপ (লাক্ষদ্বীপ), মুৰেনা, গুৱালিয়াৰ, ভিন্দ, দাতিয়া (মধ্যপ্ৰদেশ), বীড়, জলগাঁও, আহমেদনগৰ, বুলদানা, ঔৰাঙ্গাবাদ, ওৱাচিন, কোলাহপুৰ, ওচমানাবাদ, চাংলি, জালনা (মহাৰাষ্ট্ৰ), সেনাপতি (মণিপুৰ), ৰিভই (মেঘালয়), ছইহা (মিজোৰাম), লংলে, নাগালেণ্ড, চাউথ ৱেষ্ট, নৰ্থ ৱেষ্ট, ইষ্ট, ৱেষ্ট, নৰ্থ (দিল্লী), নয়াগড় (উৰিষ্যা), য়ানাম (পণ্ডিচেৰী), তৰনতাৰন, গুৰদাসপুৰ, অমৃতসৰ, মুক্তচৰ, মানচা, পাতিয়ালা, চাংৰু, চাহেবজাদা অজিত সিং নগৰ, ফাতেহগড় চাহেব, বাৰ্ণালা, ফিৰোজপুৰ, (পাঞ্জাৱ), ঝুনঝুনুন, চিকাৰ, কোৰৌলি, গংগানগৰ, ঢোলপুৰ, জয়পুৰ, দোচা, আলোৱাৰ, ভৰতপুৰ, চোৱাইমাধুপুৰ (ৰাজস্থান), নৰ্থ দিষ্ট্ৰিক (চিকিম), কুদ্দালোৰ, তামিলনাডু, হায়দৰাবাদ, (তেলেঙ্গানা), চাউথ ত্ৰিপুৰা (ত্ৰিপুৰা), বাগপট, গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, মিৰাট, বুলন্দ চহৰ, আগ্ৰা, মুজফৰনগৰ, মহাময়া নগৰ, ঝান্সি, মথুৰা (উত্তৰ প্ৰদেশ), পিথুৱাগড়, চম্পাৱত (উত্তৰাখণ্ড), কোলকাতা (পশ্চিমবংগ)

উৎস: বেটি বচাওঁ, বেটি পঢ়াওঁ

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate