অটল পেঞ্চন যোজনা দুখীয়া কামকৰা লোকৰ বৃদ্ধ অৱস্থাৰ আয়ৰ নিৰাপত্তা দিয়ে আৰু অসংগঠিত খণ্ডত কামকৰা সকলৰ মাজত দীঘলীয়া দায়িত্ব| ই অসংগঠিত খণ্ডৰ কৰ্মীসকলক সিহঁতৰ অৱসৰৰ বাবে বাধ্যতামুলক সঞ্চয়ৰ বাবে উৎসাহিত কৰে| চৰকাৰে ২০১৫ চনৰ ১ জুনৰ পৰা এই আঁচনি খনৰ আৰম্ভ কৰিছিল| এই আঁচনিখনে স্বাৱলম্বন যোজনা/জাতীয় পেঞ্চন আঁচনিৰ স্থান লৈছে|
১/ ১৮ ৰ পৰা ৪০ বছৰ বয়সত অন্তৰ্ভুক্ত হোৱা বিনিয়োগকাৰীৰ বাবে স্থায়ী পেঞ্চন ১০০০ টকাৰ পৰা ৫০০০ টকাৰ ভিতৰত| বিনিয়োগৰ সীমা পৰিৱৰ্তন হব পাৰে, যদি বিনিয়োগকাৰীয়ে সোনকালে অন্তৰ্ভুক্ত হয় ই কম হব আৰু যদি পলমকৈ অন্তৰ্ভুক্ত হয় ই বৃদ্ধি হ’ব|
২/ বিনিয়োগকাৰীৰ মৃত্যু হ’লে গিৰিয়েক বা ঘৈণীয়েকে একে পেঞ্চন পাব|
৩/ গিৰিয়েক বা ঘৈণীয়েকৰ মৃত্যুত উত্তৰাধিকাৰীয়ে উল্লেখ কৰা ধৰণে পেঞ্চন সম্পদ ৰিটাৰ্ন পাব|
৪/ অটল পেঞ্চন যোজনা বৰঙণিত জাতীয় পেঞ্চন আঁচনিৰ নিচিনা একে কৰৰ সুবিধা আছে| চেকচ্ন ৮০ চি চি ডি (১) ৰ অধীনত কৰৰ সুবিধা ৫০,০০০ টকা অতিৰিক্ত ৰেহাই পাব|
অটল পেঞ্চন যোজনা সকলো ধৰণৰ বেংকত একাউণ্ট থকা লোকৰ বাবে খোলা যিসকল স্বতন্ত্ৰ সামাজিক নিৰাপত্তা আঁচনিৰ সদস্য নহয়
অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্ত হোৱাৰ বাবে নিম্নতম বয়স ১৮ বছৰ আৰু উৰ্দ্ধতম বয়স ৪০ বছৰ| গতিকে গ্ৰাহকৰ দ্বাৰা বিনিয়োগৰ নিম্নতম সময় হ’ব ২০ বছৰ বা তাতকৈ বেছি|
প্ৰধানকৈ লক্ষ্য হৈছে আনুষ্ঠানিক খণ্ডত কাম কৰা লোক|
উপযুক্ত খণ্ডৰ অধীনৰ সকলো বেংক একাউণ্ট থকা লোকে এই যোজনাত যোগদান কৰিব পাৰে, একাউণ্টত স্বতঃস্ফূৰ্ত্ত ডেবিটৰ সুবিধা আছে, বৰঙণি সংগ্ৰহৰ চাৰ্জ ৰেহাই হয়|
স্বাৱলম্বন আঁচনিৰ অধীনৰ সকলে সেৱা আঁচনিভুক্ত জাতীয় পেঞ্চন আঁচনিৰ জৰিয়তে কৰা হয়|
এইটো ভাৰত চৰকাৰৰ আঁচনি, যিটো পেঞ্চন ধন নিয়মীয়াকৰণ আৰু উন্নীতকাৰী কতৃপক্ষৰ দ্বাৰা চলাই নিয়া হয়|
চৰকাৰে আগবঢ়াব
. বিনিয়োগকাৰীৰ বাবে স্থায়ী পেঞ্চনৰ নিশ্চয়তা|
. প্ৰতিজন যোগ্য গ্ৰাহকৰ বাবে বছৰি ১০০০ টকালৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকৰ বৰঙণিৰ ৫০% সহ-বৰঙণি আগবঢ়ায় এই আঁচনিৰ অধীনত ৫ বছৰ পৰ্যন্ত, সেয়া হৈছে ২০১৫-১৬ৰ পৰা ২০১৯-২০ লৈ যিয়ে ২০১৬ ৰ ৩১ মাৰ্চৰ আগতে এই যোজনাত যোগদান কৰিছে আৰু যিয়ে আন সামাজিক নিৰাপত্তা আঁচনিৰ হিতাধিকাৰী নহয় আৰু ইনকাম টেক্স দিওতা নহয়|
. চৰকাৰেও আগবাঢ়ি যোৱা আৰু উন্নতিমূলক কামত পৰিশোধ কৰিব বৰঙণি সংগ্ৰহ কৰা এজেঞ্চিক অনুপ্ৰেৰণা দিয়াকে ধৰি এই যোজনাত যোগদান কৰিবৰ বাবে যাতে মানুহক উৎসাহিত কৰে|
বৰঙণিৰ সীমাৰ টেবুল, গ্ৰাহক আৰু তেওঁৰ গিৰিয়েক/ঘৈণীয়েকৰ মাহিলি পেঞ্চন আৰু উত্তৰাধিকাৰীক মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বিনিয়োগৰ সময়সীমা তলত দিয়া হৈছে| উদাহৰণ হিচাপে এজন গ্ৰাহকে যদি ১৮ বছৰ বয়সত যোগদান কৰে তেওঁ মাহিলি ১০০০ টকাৰ পৰা ৫০০০ টকাৰ ভিতৰত স্থায়ী পেঞ্চন পাব লাগিলে সেই গ্ৰাহক জনে মাহেকীয়া ভিত্তিত ৪২.০০ টকাৰ পৰা ২১০.০০ টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব| অন্যহাৰত একে স্থায়ী পেঞ্চনৰ বাবে ৪০ বছৰ বয়সত যোগদান কৰা গ্ৰাহক জনে মাহিলি ২৯১.০০ টকাৰ পৰা ১,৪৫৪.০০ টকাকৈ বিনিয়োগ কৰিব লাগিব|
বিনিয়োগৰ সীমাৰ টেবুল, স্থায়ী মাহিলি পেঞ্চন প্ৰতিমাহে ১০০০ টকাকৈ গ্ৰাহক আৰু তেওঁৰ ঘৈণীয়েক/গিৰিয়েক আৰু গ্ৰাহকৰ উত্তৰাধিকাৰীলৈ মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বৰঙণিৰ সময় এই অটল পেঞ্চন যোজনাৰ অধীনত-
|
---|
বিনিয়োগৰ সীমাৰ টেবুল, স্থায়ী মাহিলী পেঞ্চন প্ৰতিমাহে ২০০০ টকাকৈ গ্ৰাহক আৰু তেওঁৰ ঘৈণীয়েক/গিৰিয়েক আৰু গ্ৰাহকৰ উত্তৰাধিকাৰীলৈ মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বৰঙণিৰ সময় এই অটল পেঞ্চন যোজনাৰ অধীনত-
|
---|
বিনিয়োগৰ সীমাৰ টেবুল, স্থায়ী মাহিলী পেঞ্চন প্ৰতিমাহে ৩০০০ টকাকৈ গ্ৰাহক আৰু তেওঁৰ ঘৈণীয়েক/গিৰিয়েক আৰু গ্ৰাহকৰ উত্তৰাধিকাৰীলৈ মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বৰঙণিৰ সময় এই অটল পেঞ্চন যোজনাৰ অধীনত-
|
---|
বিনিয়োগৰ সীমাৰ টেবুল, স্থায়ী মাহিলী পেঞ্চন প্ৰতিমাহে ৪০০০ টকাকৈ গ্ৰাহক আৰু তেওঁৰ ঘৈণীয়েক/গিৰিয়েক আৰু গ্ৰাহকৰ উত্তৰাধিকাৰীলৈ মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বৰঙণিৰ সময় এই অটল পেঞ্চন যোজনাৰ অধীনত-
|
---|
বিনিয়োগৰ সীমাৰ টেবুল, স্থায়ী মাহিলী পেঞ্চন প্ৰতিমাহে ৫০০০ টকাকৈ গ্ৰাহক আৰু তেওঁৰ ঘৈণীয়েক/গিৰিয়েক আৰু গ্ৰাহকৰ উত্তৰাধিকাৰীলৈ মুঠ সংগ্ৰহৰ পৰিশোধ আৰু বৰঙণিৰ সময় এই অটল পেঞ্চন যোজনাৰ অধীনত-
|
---|
অধিক জানিবলৈ , এ.পি.ৱাই ইনফৰমেচন ডেস্কত ফোন কৰক | নম্বৰ: ১৮০০ ১১০ ০৬৯
উৎস: নেচনেল পেন্সন চিষ্টেম ট্ৰাস্ত