অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম আৰোগ্য নিধি আঁচনি

 

অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কাৰণে কেইবাখনো কল্যাণকামী আঁচনি ৰুপায়ণ কৰি আহিছে।অসম আৰোগ্য নিধি আঁচনি তাৰ ভিতৰত অন্যতম।ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰুপায়ণ কৰা এই অসম আৰোগ্য নিধি আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ যিসকলৰ মাহিলি আয় ১০ হাজাৰ টকাতকৈ অধিক নহয় তেনে পৰিয়াললৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন বলৱৎ কৰা হৈছে।উক্ত আঁচনিৰ অধীনত এই লোকসকলক উন্নত মানৰ চিকিৎসাৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।অসম আৰোগ্য নিধিৰ অধীনত কৰ্কট ৰোগ,বৃক্কৰোগ অস্থিৰোগ,হৃদৰোগ এইডছ ,ব’ন মেৰো সলনা-সলনি,মানসিক ৰোগ,শল্য চিকিৎসা,থেলাচেমিয়া আৰু দুৰ্ঘটনাত আঘাতজনিত ,বোমা বিস্ফোৰণত আক্ৰান্তসকলৰ চিকিৎসা সামৰি লোৱা হৈছে।ইয়াৰ উপৰি এই আঁ চনিৰ অধীনত ৰোগ নিৰুপণ সেৱা আৰু ঔষধ-পাতিৰ সেৱাও সামৰি লোৱা হৈছে।উক্ত আঁচনিখনৰ যোগেদি দৰিদ্ৰ শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হয়।

উক্ত আঁচনিৰ অধীনত বিত্তীয় সাহায্য পাবলৈ অৰ্হতাসমুহ-

 

*দৰিদ্ৰ শ্ৰেণীৰ তলৰ পৰিয়াল যাৰ মাহিলি আয় ১০ হাজাৰৰ তল।

*পৰিয়ালটো অসমত বসবাস কৰা হ’ব লাগিব।

উক্ত আঁচনিৰ সুবিধা অৰ্জনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰসমুহ-

*বি পি এল ৰেচন কাৰ্ড।

*দুখন পাছপ’ৰ্ট আকাৰৰ ফটো।

*পৰিয়ালটোৰ বাৰ্ষিক আয় ১ লাখ টকাতকৈ বেছি হ’ব নালাগিব।

*স্বাস্থ্য পৰীক্ষা/ৰিপ’ৰ্ট আৰু চিকিৎসকজনৰ স্বাক্ষৰিত নথি-পত্ৰ (খৰচ-পাতি সম্পৰ্কীয়)

*চিকিৎসকজনৰ স্বাক্ষৰ থকা ৰোগীজনৰ দুকপি ফটো।

*আধাৰ কাৰ্ড

*পৰিচয় পত্ৰ (ভোটাৰ আই ডি পেনকাৰ্ড)

অসম আৰোগ্য নিধিৰ আৱেদনপত্ৰসমুহ তলৰ ঠিকনাত যোগাযোগ কৰিলে পাব-

ক)যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়

এম জি ৰোড,উজান বজাৰ,গুৱাহাটেএ-০৩

ফোন-০৩৬১-২৭৩৫৫৪৭

খ)যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়

হাজো ৰোড-আমিনগাওঁ,গুৱাহাটী-৩৯

গ)ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জিলা অনুষ্ঠান পৰিচালনা গোট

উল্লেখযোগ্য যে ২০১৬-১৭ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত চিকিৎসাৰ বাবে মুঠ ২১২৪ গৰাকী ৰোগীলৈ অৰ্থসাহায্য আগবঢ়োৱা হৈছে।ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত বৰ্ষৰ ২ অক্টোবৰত হিতাধিকাৰীৰ মাজত অসম আৰোগ্য নিধিৰ চেক বিতৰণ কৰে।

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate