অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলাৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনি

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলাৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনি

১. নিৰাশ্ৰয়া মহিলাৰ বাবে আবাস

  • নিৰাশ্ৰয়া মহিলা আৰু অসহায় বিধৱা সকলৰ বাবে ৰাজ্যখনৰ ৫ টা আবাসৰ যোগেদি আশ্ৰয়ৰ ব্যৱস্থা আছে।  উক্ত আবাস গৃহ গুৱাহাটীৰ জালুকবাৰীত ২ টা তথা নগাঁও, বকো আৰু ধুবুৰীত ১ টাকৈ কাৰ্য্যক্ষম হৈ আছে। জালুকবাৰী আৰু নগাঁওত অৱস্থিত আবাস গৃহ দুটাত একোটাকৈ প্ৰশিক্ষণ আৰু উত্পাদন কেন্দ্ৰও আছে।

২. উজ্জ্বলা গৃহ আঁচনি

  • মহিলা আৰু শিশু সৰবৰাহ আৰু যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে এই আঁচনি প্ৰনয়ণ কৰা হৈছে। বৰ্তমান অসমৰ বিভিন্ন জিলাত এই আঁচনিৰ অধীনত ২১টা “উজ্জ্বলা গৃহ” কাৰ্য্যক্ষম হৈ আছে।
  • ব্যৱসায়িক ভিত্তিত যৌন নিৰ্যাতনত লিপ্ত হোৱা মহিলাসকলক উদ্ধাৰ কৰি এই গৃহত নিৰাপদে ৰখাৰ ব্যৱস্থা কৰা হয়। এই আবাসত বসবাস কৰাৰ সকলো সা-সুবিধা থকাৰ উপৰিও ভুক্তভোগী মহিলাসকলৰ বাবে চিকিত্সা, পৰামৰ্শ প্ৰদান তথা আইনী সাহায্যৰো ব্যৱস্থা আছে। ইয়াৰ উপৰিও তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশেষধৰণৰ কাৰিকৰী তথা বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা হয়।

৩. “স্বধাৰ গৃহ” আঁচনি

  • ঘৰুৱা হিংসা তথা অন্যান্য সামাজিক বিপৰ্য্যয়ৰ সন্মুখীন হোৱা মহিলাক আশ্ৰয় আৰু সংস্থাপনৰ জৰিয়তে সমাজৰ মূল সুঁতিলৈ ঘুৰাই নিয়াৰ ব্যৱস্থা এই আঁচনিৰ মূল লক্ষ্য।
  • এই গৃহসমূহতো নিৰপদে থকা খোৱা ব্যৱস্থাৰ উপৰিও চিকিত্সা, পৰামৰ্শ প্ৰদান তথা আইনী সাহায্যৰো ব্যৱস্থা আছে। ইয়াৰ উপৰিও তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশেষধৰণৰ কাৰিকৰী তথা বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা হয়।
  • অসমত বৰ্তমান ১৭টা স্বধাৰ গৃহ কাৰ্য্যক্ষম হৈ আছে।

৪. “ওৱান ষ্টপ চেন্টাৰ”

  • নিৰ্যাতিতা মহিলাক সহায় কৰাই “ওৱান ষ্টপ চেণ্টাৰ” আঁচনি খনৰ মূল উদ্দেশ্য।
  • ঘৰুৱা বা ৰাজহুৱা স্থানত, পৰিয়ালৰ ভিতৰত, সমজুৱা ভাবে অথবা কৰ্মস্থানত বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে নিৰ্যাতিতা, যিকোনো হিংসা, যৌন নিৰ্যাতন, ঘৰুৱা নিৰ্যাতন, সৰবৰাহ আদি সমস্যাৰ সন্মুখীন হোৱা মহিলাক এই আঁচনিয়ে সহায় কৰে।
  • এই আঁচনিৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা মহিলা সকলক জৰুৰীকালীনভাৱে উদ্ধাৰ কৰি আশ্ৰয় গৃহত ৰখা হয় আৰু চিকিত্সা সেৱা আগবঢ়োৱাৰ লগতে পৰামৰ্শ প্ৰদান আৰু আইনী সুবিধাও প্ৰদান কৰা হয়।
  • “ওমেন হেল্প লাইন -১৮১” নম্বৰৰ যোগেদি “ওৱান ষ্টপ চেণ্টাৰ”ৰ লগত যোগাযোগ কৰিব পৰা যায়|
  • বৰ্তমান অসমত ৩৩খন জিলা সদৰতে থকা ওৱান ষ্টপ চেণ্টাৰৰ যোগেদি সেৱা আগবঢ়াই থকা হৈছে।

৫. “ওমেন হেল্পলাইন - ১৮১” আঁচনি

  • মহিলা সম্পৰ্কীয় যিকোনো অভিযোগ “ওমেন হেল্পলাইন ১৮১” যোগে যিকোনে লোকে   দিব পাৰে।
  • ওৱান ষ্টপ চেন্টাৰৰ যোগেৰেও “ওমেন হেল্পলাইন ১৮১”ৰ সেৱা সমূহ পাবলৈ যোগাযোগ কৰিব পাৰে।
  • এই সেৱা অসমত ইতিমধ্যে আৰম্ভ হৈছে।

 

৬. কৰ্মৰত মহিলাৰ আবাস (Working Women Hostel)

যিসকল কৰ্মৰত মহিলাই কৰ্মসূত্ৰে নিজৰ পৰিয়াল তথা বাসস্হানৰ পৰা আঁতৰত থাকিব লগা হয়, তেওঁলোকৰ সুবিধা আৰু সুৰক্ষাৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংস্হাক অনুদান তথা সহায়ৰ জৰিয়তে কৰ্মৰত মহিলা আবাস স্হাপন কৰা হয়|

৭. কাৰিকৰী প্ৰশিক্ষণ তথা পুণৰ সংস্থাপন কেন্দ্ৰ (Vocational Training & Rehabilitation Centre)

  • এই আঁচনিৰ দ্বাৰা মহিলা সকলক বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল আৰু আত্মসংস্থাপনৰ বাবে উপযোগী কৰি তোলা হয়।
  • বৰ্তমান ৰাজ্যখনত ৪ টা কাৰিকৰী প্ৰশিক্ষণ তথা পুণৰ সংস্থাপন কেন্দ্ৰ ক্ৰমে গুৱাহাটী, মৰিগাঁও, বৰমা আৰু কচুকটাত কাৰ্য্যক্ষম হৈ আছে।

 

৮. মহিলাৰ ৰাজ্যিক সমল কেন্দ্ৰ (State Resource Centre for Women)

  • মহিলাৰ ৰাজ্যিক সমল কেন্দ্ৰৰ জৰিয়তে মহিলা সংক্ৰন্তীয় সকলো আচঁনি ৰূপায়ণ, পৰ্য্যবেক্ষণ আৰু সজাগতামূলক কাৰ্য্যৰ ব্যৱস্থা লোৱা হয় ।
  • ইয়াৰ উপৰিও মহিলাৰ ৰাজ্যিক সমল কেন্দ্ৰৰ ওপৰত  "মহিলা শক্তি কেন্দ্ৰ" আঁচনি ৰূপায়ণৰ  পূৰ্ণ দায়িত্ব  অৰ্পণ কৰা হৈছে।

৯. মহিলা শক্তি কেন্দ্ৰ

  • এই আঁচনিৰ জৰিয়তে উন্নয়ন খণ্ড পৰ্য্যায়ত (Block Level) মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী ছাত্ৰ-ছাত্ৰী, NCC, NSS সদস্যৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সৱলীকৰণ তথা উন্নয়নৰ বাবে দক্ষতা বিকাশ, সংস্থাপন, অঙ্কীয় শিক্ষা (Digital Literacy),স্বাস্থ্য আৰু পুষ্টি বিকাশ সাধন তথা সজাগতা, প্ৰশিক্ষণ আৰু যোগ্যতা বিকাশৰ বাবে বিভিন্ন সজাগতা মূলক কাৰ্য্যক্ৰম/অনুষ্ঠানৰ  ব্যৱস্থা কৰা হয়।
  • মহিলা সংক্ৰান্তীয় সকলো আঁচনিৰ কেন্দ্ৰ বিন্দু হব এই মহিলা শক্তি কেন্দ্ৰ সমূহ।
  • অসমত বৰ্তমান ৮ খন জিলাত এই আঁচনি প্ৰবৰ্তন কৰা হৈছে। জিলা সমূহ হল – ধুবুৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, দৰং, ওডালগুৰি, হাইলাকান্দি আৰু কামৰূপ (মহানগৰ)। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে ১৯ খন জিলালৈ এই আঁচনি সম্প্ৰসাৰিত কৰিবলৈ ধন আৱন্টন কৰিছে।

 

Link of Assam Social Welfare Department for further details: https://socialwelfare.assam.gov.in/

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate