অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঞ্চলিক পঞ্চায়তৰ স্থাপন আৰু গঠন

৩১। (১) প্ৰতিটো উন্নয়ন খণ্ডৰ বাবে একোখনকৈ অঞ্চলিক পঞ্চায়ত থাকিব। এই আইওনৰ উপবন্ধ অন্যথা নহ’লে সমগ্ৰ উন্নয়ন খণ্ডটোৰ প্ৰশাসনিক এলেকাটোৱেই এনে এখন আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক এলেকা হ’ব। উন্নয়ন খণ্ডটোৰ কোনো অংশ এটা যদি নগৰ সমিতি, পৌৰসভা/ নাইবা পৌৰ নিগমৰ কৰ্তৃত্বৰ তলতীয়া হয়, ছেনিটাৰি বো’ৰ্ড নাইবা কেন্টন্মেন্ট এলেকা বা সাময়িকভাৱে কাৰ্যকৰী/বাহাল থকা কোনো আইনৰ অধীনত সৃষ্টি কৰা এটা জাননীকৃত এলেকাৰ ভিতৰুৱা হয়, তেনেহ’লে তেনে অংশ আঞ্চলিক পঞ্চায়ত প্ৰশাসনিক এলেকাৰ পৰা বাদ পৰিব।

উপবন্ধ দিয়া আছে যে এটা খণ্ড এনে কিছুমান গাঁৱৰদ্বাৰা গঠিত, যিবোৰ গাঁও ওচৰা-উচৰিকৈ অৱস্থিত নতুব যিবোৰ গাঁওৰ কোনো উমৈহতীয়া সীমা নাই আৰু যিবোৰ গাঁও এনে এটা ভু-খণ্ডৰ (অঞ্চলৰ)দ্বাৰা পথকীকৃত যিটো ভূখণ্ড এই আইনৰ পৰিসৰৰ বাহিৰত নাইবা য’ত আইনৰ অৱশিষ্ট ধাৰাসমূহ প্ৰযোগ্য হোৱা নাই।

(২) প্ৰতিখন আঞ্চলিক পঞ্চায়ত, সেই আঞ্চলিক ওপঞ্চায়তখনৰ নাম অনুসৰি এটা নিগম নিকায় হ’ব। প্ৰতিখন আঞ্চলিকৰে নিৰৱচ্ছিন্ন ধাৰাবাহিকতা আৰু এটা উমৈহতীয়া মোহৰ থাকিব। এই আইন বা আন কোনো আইনৰ অধীনত বা এই আইন বা আন কোনো আইনৰ দ্বাৰা আৰোপ কৰা সীমাবদ্ধতাসমূহ সাপেক্ষে এখন আঞ্চলিক পঞ্চায়ত নিগম নিকায়টোৰ নামত মকৰ্দমা ৰুজু কৰাৰ ক্ষমতা থাকিব নাইবা আনে ইয়াৰ নিগমটোৰ নামত সম্পত্তি আহৰণ কৰিব পাৰিব, নিজৰ আয়ত্বত ৰাখিব পাৰিব আৰু হস্তান্তৰ কৰিব পাৰিব। তেনে সম্পত্তি আঞ্চলিক পঞ্চায়তখনৰ কৰ্তৃত্ব থকা পৰিসীমাৰ ভিতৰত থকাও হ’ব পাৰে নতুবা তাৰ বাহিৰত থকাও হ’ব পাৰে। প্ৰতিখন আঞ্চলিক পঞ্চায়তে আনৰ সৈতে চুক্তিপত্ৰ কৰিব পাৰে। এই আইনখন যি উদ্দেশ্যৰে প্ৰণয়ন কৰা হৈছে, সেই উদ্দেশ্য পূৰণৰ বাবে আৱশ্যকীয়, সঠিক আৰু জৰুৰী বুলি ভৱা সকলোধৰণৰ কাৰ্য্য এখন আঞ্চলিক পঞ্চায়তে সম্পাদন কৰাৰ ক্ষমতা থাকিব।

আঞ্চলিক পঞ্চায়তৰ গঠন:

৩২। (১) প্ৰতিখন আঞ্চলিক পঞ্চায়ত তলত উল্লেখ কৰা সদস্য সকলৰদ্বাৰা গঠিত হ’ব।

(ক) আঞ্চলিক পঞ্চায়ত একোখনৰ প্ৰশাসনিক এলেকাৰ ভিতৰুৱা গাঁও পঞ্চায়তসমূহৰ বাবে থকা আঞ্চলিক সমষ্টিসমূহৰপৰা একোজনকৈ প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা সদস্য।

(খ) আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা গাঁও পঞ্চায়তসমূহৰ সভাপতিসকল।

(গ) স্ংসদ আৰু বিধানসভাৰ সদস্য, এনেক্ষেত্ৰত আঞ্চলিক পঞ্চায়তখন, আংশিকভাৱে নতুবা সম্পূৰ্ণভাৱে, স্ংশ্লিষ্ট স্ংসদ বা বিধানসভাৰ সদস্যজনে প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ ভিতৰুৱা হ’ব লাগিব।

(২) প্ৰত্যক্ষ নিৰ্বাচনৰদ্বাৰা স্ংশ্লিষ্ট পঞ্চায়তখনৰ বাবে নিৰ্বাচন কৰাই হওক বা নহওক, প্ৰতিজন সদস্যৰে আঞ্চলিক পঞ্চায়তৰ বৈঠকত ভোট দিয়াৰ অধিকাৰ থাকিব।

সদস্য নিৰ্বাচন:

৩৩। (১) এটা গাঁও পঞ্চায়ত এলেকাই আঞ্চলিক পঞ্চায়তলৈ প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰি পঠিওৱা একোজন সদস্য সমষ্টি হ’ব।

(২) প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা সদস্যসকলৰ বাবে, উপধাৰা ১ ৰ অধীনত আসনৰ আবণ্টন ৰাজ্যখনৰ সকলোতে একে ধৰণৰ হ’ব।

আসন স্ংৰক্ষণ

৩৪।(১) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আঞ্চলিক পঞ্চায়তসমূহত আসন স্ংৰক্ষণ কৰা হ’ব। তেনেদৰে স্ংৰক্ষিত আসনৰ স্ংখ্যাই প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰি পূৰ্ণ কৰা মুঠ আসনৰ স্ংখ্যাৰ সৈতে, যথা সম্ভৱ যি অনুপাতৰ সৃষ্টি কৰিব, সেই অনুপাত সেই আঞ্চলিক পঞ্চায়ত এলেকাৰ ভিতৰত থকা অনুসূচিত জাতি অৰু অনুসূচিত জনজাতিৰ মুঠ জনস্ংখ্যাই ৰাজ্যখনৰ মুঠ জনস্ংখ্যাৰ লগত যি অনুপাতৰ সৃষ্টি কৰিব, তাৰ সমানুপাতিক হ’ব। এনেদৰে স্ংৰক্ষণ কৰা আসনসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰে যি ধৰণে নিৰ্দেশ দিয়া হয়। তেনে পদ্ধতিৰে বেলেগ বেলেগ সমষ্টিসমূহলৈ আবণ্টন কৰা হ’ব।

(২) দফা ১ ৰ অধীনত স্ংৰক্ষণ কৰা মুঠ আসনৰ স্ংখ্যাৰ ১/৩ অংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ, (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) অন্তৰ্ভুক্ত মহিলাৰ বাবে স্ংৰক্ষণ কৰা হ’ব। তেনেদৰে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব।

(৩) প্ৰতিখন আঞ্চলিক পঞ্চায়ততে নিৰ্বাচনৰদ্বাৰা প্ৰত্যক্ষভাৱে পূৰ কৰিবলগীয়া মুঠ আসনৰ (অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত মহিলাসকলৰ বাবে স্ংৰক্ষণ কৰা আসনো ইয়াৰ অন্তৰ্ভুক্ত হ’ব) স্ংখ্যাৰ ১/৩ অংশ আসন মহিলাৰ বাবে স্ংৰক্ষণ কৰা হ’ব। তেনেদৰে স্ংৰক্ষণ কৰা আসনসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰে, যি ধৰণে নিৰ্দেশ দিয়া থাকে সেই পদ্ধতিৰে, আঞ্চলিক পঞ্চায়ত এখনৰ বেলেগ বেলেগ আঞ্চলিক সমষ্টিলৈ আবণ্টন দিয়া হ’ব। তেনেদৰে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা সেই আঞ্চলিক পঞ্চায়তৰ মুঠ আসনৰ স্ংখ্যাৰ ১/৩ অংশতকৈ কম হ’ব নোৱৰিব।

আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল আৰু নিৰ্বাচন পদ্ধতি:

৩৫। এই আইনত সনিৱিষ্ট উপবন্ধ অনুসৰি প্ৰতিখন আঞ্চলিক পঞ্চায়তে ইয়াৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱা তাৰিখটোৰ পৰা ৫ বছৰ কাৰ্যকালৰ বাবে কাৰ্যক্ষম হৈ থাকিব।

৩৬। (১) এখন আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগিব-

(ক) ৩৫ ন্ং ধাৰাত নিৰ্দিষ্ট কৰি দিয়ামতে ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ আগতে।

(খ) ভ্ংগ কৰি দিয়া হ’লে, ভ্ংগ হোৱা তাৰিখটোৰ পৰা ৬ মাহ সময় উকলি যোৱাৰ আগেয়ে।

এই আইনত উপবন্ধ ৰখা হৈছে যে যি ক্ষেত্ৰত ভ্ংগ হোৱা আঞ্চলিক পঞ্চা্যতৰ বাকী থকা কাৰ্যকাল, যিখিনি কাৰ্যকালৰ বাবে আঞ্চলিক পঞ্চায়তখন কাৰ্যক্ষম হৈ থাকিলেহেতেন, যদি ৬ মাহৰ কম হয়, তেনে ক্ষেত্ৰত সেই সময়খিনিৰ বাবে এখন আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো আৱশ্যকতা নাই।

(২) ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ আগেয়ে ভ্ংগ কৰি দিয়াৰ পাছত, এখন আঞ্চলিক পঞ্চায়ত পুনৰ গঠন হ’লে ধাৰা ৩৫ অনুসৰি ভ্ংগ হোৱা আঞ্চলিক পঞ্চায়তখন যিমানখিনি কাৰ্যকাললৈ কাৰ্যক্ষম হৈ থাকিলেহেতেন পুনৰ গঠিত আঞ্চলিক পঞ্চায়তখনে সিমান দিনলৈহে কাৰ্যনিৰ্বাহ কৰিব।

আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতিৰ নিৰ্বাচন

৩৭। (১) আঞ্চলিক পঞ্চায়তৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্যসকলে তেওঁলোকৰ মাজৰপৰা দুজন সদস্যক সভাপতি আৰু উপসভাপতি হিচাবে নিৰ্বাচিত কৰিব। সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ নিৰ্দেশিত পদ্ধতি অনুসৰি জিলা উপায়ুক্তই আঞ্চলিক পঞ্চায়তৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্যসকলৰ এখন বৈঠক আহ্বান কৰিব(এই বৈঠকখনকে আঞ্চলিক পঞ্চায়তৰ প্ৰথমখন বৈঠক বুলি কোৱা হ’ব);তেওঁ এই বৈঠকখনত সভাপতিত্ব কৰিব। জিলা উপায়ুক্তই তেনে বৈঠকত সভাপতিত্ব কৰিবলৈ কোনোবা এজন বিষয়াক ক্ষমতা প্ৰদান কৰিব পাৰে। তেনে এজন বিষয়া প্ৰথম শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়াৰ তলৰ পৰ্যায়ৰ বিষয়া হ’ব নোৱাৰিব।

(২) যদিহে সভাপতি নাইবা উপসভাপতিৰ পদটো সাময়িকভাৱে খলি হৈ পৰে, তেনেহ’লে সদস্যসকলৰ নিৰ্দেশিত পদ্ধতিৰে ইয়াৰ পাছত সন্নিৱিষ্ট কৰা উপবন্ধ অনুসৰি তেওঁলোকৰ মাজৰ পৰা এজনক সভাপতি নাইবা উপসভাপতি হিচাবে নিৰ্বাচি কৰিব। যদিহে পদটো এমাহতকৈ কম সময়ৰ কাৰণে খালি হয় তেনেহ’লে কোনো নিৰ্বাচন অনুষ্ঠিত কৰা নহ’ব।

আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি পদৰ স্ংৰক্ষণ:

৩৮। (১) নিৰ্দেশিত পদ্ধতিৰে চৰকাৰে তলত দিয়া ধৰণে সভাপতি আৰু উপসভাপতিৰ পদ স্ংৰক্ষণ কৰিব-

(ক) জিলাখনৰ আঞ্চলিক পঞ্চায়তসমূহৰ সভাপতিৰ পদৱী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তিৰ বাবে স্ংৰক্ষণ কৰা হ’ব। তেনেদৰে স্ংৰক্ষিত কৰা পদৱীৰ স্ংখ্যাই জিলাখনৰ মুঠ পদৱীৰ স্ংখ্যাৰ লগত যি অনুপাতৰ সৃষ্টি কৰিব সেই অনুপাতে জিলাখনত বাস কৰা অনুসূচিত জাতিৰ জনস্ংখ্যাই ৰাজ্যখনৰ মুঠ জনস্ংখ্যা সৈতে যি অনুপাতৰ সৃষ্টি কৰিব, তাৰ সমানুপাতিক হ’ব।

(খ) জিলাখনৰ আঞ্চলিক পঞ্চায়তসমূহৰ সভাপতি আৰু উপসভাপতিৰ মুঠ পদবীৰ স্ংখ্যাৰ ১/৩ অংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত ব্যক্তিৰ বাবে স্ংৰক্ষণ কৰা হ’ব। যিবোৰ আসন মহিলাৰ বাবে স্ংৰক্ষণ কৰা হৈছে তেনেবোৰ আসনো ইয়াৰ অন্তৰ্ভুক্ত হ’ব। এনেদৰে স্ংৰক্ষিত আসনৰ স্ংখ্যা মুঠ আসনৰ ১/৩ অংশৰ কম হ’ব নোৱাৰিব।

এই উপধাৰাৰ অধীনত স্ংৰক্ষণ কৰা পদৱীসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰে বেলেগ বেলেগ আঞ্চলিক পঞ্চায়তলৈ আবণ্টন দিয়া হ’ব বুলি এই আইনত উপবন্ধ সন্নিৱিষ্ট কৰা হৈছে।

এই উপধাৰাৰ অধীনত পদৱীৰ স্ংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা আবণ্টন প্ৰক্ৰিয়াৰ নীতি, এই আইনখন কাৰ্যকৰী হোৱাৰ পাছত অনুষ্ঠিত হোৱা প্ৰথম নিৰ্বাচনটোৰ পৰাই কাৰ্যকৰী হ’ব।

(২) এই আইনত সন্নিৱিষ্ট কৰা উপবন্ধৰ অন্যথা নহ’লে, আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিয়ে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ কাৰ্যকালৰ সমপৰিমাণৰ কাৰ্যকালৰ বাবে নিজৰ পদৱীত অধিষ্ঠিত থাকিব।

আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপসভাপতি আৰু আন সদস্য সকলৰ ভাট্টা:

৩৯। (১) আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলৰ ভাট্টা যি ধৰণে নিৰ্দেশ দিয়া হয়, তেনে ধৰণৰ হ’ব।

(২) নিৰ্দেশ দিয়া ধৰণেৰে সভাপতি আৰু উপসভাপতিৰ বাহিৰে আঞ্চলিক পঞ্চায়তৰ প্ৰতিজন সদস্যই বৈঠকী ভাট্টা পাব।

আঞ্চলিক পঞ্চায়তৰ ক্ষমতা, ন্যস্ত কৰা কাৰ্যাৱলী আৰু কৰ্তব্য:

৪০। সভাপতিয়ে-

(ক) আঞ্চলিক পঞ্চায়তৰ বৈঠক আহ্বান কৰিব, বৈঠকত সভাপতিত্ব কৰিব আৰু বৈঠকখন পৰিচালনা কৰিব।

(খ) এই আইন আৰু এই আইনৰ অধীনত ৰচনা কৰা বিধি অনুসাৰে তেওঁৰ ওপৰত আৰোপ কৰা কৰ্তব্যসমূহ পালন কৰিব, ক্ষমতাসমূহ প্ৰয়োগ কৰিব।

(গ) আঞ্চলিক পঞ্চায়ত বা স্থায়ী সমিতিসমূহে গ্ৰহন কৰা সিদ্ধান্তসমূহ এই আইনৰ উপবন্ধ নাইবা এই আইনৰ অধীনত জাৰি কৰা কোনো সাধাৰণ বা বিশেষ নিৰ্দেশনাৰ সৈতে বিস্ংগতিপূৰ্ণ হ’ব নালাগিব।

(গ) আঞ্চলিক পঞ্চায়তৰ বিত্তীয় আৰু কাৰ্যবাহী প্ৰশাসনৰ ওপৰত সামগ্ৰিকভাৱে তদাৰকী কৰাৰ ক্ষমতা থকিব আৰু ইয়াৰ সৈতে জৰিত সকলোবোৰ প্ৰশ্ন, (যিবোৰৰ বাবে তেওঁ আঞ্চলিক পঞ্চায়তৰ আদেশৰ প্ৰয়োজন বুলি ভাৱে) আঞ্চলিক পঞ্চায়তৰ ওচৰত উত্থাপন কৰিব। তেনে উদ্দেশ্যৰ বাবে আঞ্চলিক পঞ্চায়তৰপৰা নথি পত্ৰও বিচাৰিব পাৰে।

আঞ্চলিক পঞ্চায়তৰ উপসভাপতিৰ ক্ষমতা, কাৰ্যাৱলী আৰু কৰ্তব্য:

৪১। আঞ্চলিক পঞ্চায়তৰ উপসভাপতিয়ে-

(ক) সভাপতিৰ অনুপস্থিতিত আঞ্চলিক পঞ্চায়তৰ বৈঠকত সভাপতিত্ব কৰিব।

(খ) আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ তেনে ক্ষমতা প্ৰয়োগ কৰিব, তেনে কৰ্তব্য পালন কৰিব যিবোৰ ক্ষমতা আৰু কৰ্তব্য এই স্ংক্ৰান্তত চৰকাৰে বান্ধি দিয়া বিধিৰ চৰ্ত সাপেক্ষে সময়ে সময়ে লিখিত নিৰ্দেশেৰে সভাপতিয়ে তেওঁক প্ৰদান কৰিব পাৰে।

(গ) সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থাকিলে নাইবা সভাপতিজন পঞ্চায়ত এলেকাৰ বাহিৰত থকা সময়ছোৱাত নাইবা ৩০ দিনতকৈ বেছি সময়ৰ বাবে ছুটি লৈ থাকিলে, সভাপতিৰ ক্ষমতাসমূহ উক্ত সময়ছোৱাত প্ৰয়োগ কৰিব, কৰ্তব্যসমূহ পালন কৰিব।

৪২। (১) আঞ্চলিক পঞ্চায়তৰ সভাপতি পদত অধিস্থিত এজন সদস্যই, স্ংশ্লিষ্ট জিলাখনৰ জিলা উপায়ুক্তজনৰ নামত নিজৰ হাতৰ আখৰেৰে লিখিতভাৱে জনাই যিকোনো সময়তে সভাপতিৰ পদৱী ত্যাগ কৰিব পাৰে। তেনেদৰে উপসভাপতিয়ে সভাপতিৰ নামত, তেওঁৰ অনুপস্থিতিত স্ংশ্লিষ্ট জিলাখনৰ জিলা উপায়ুক্তৰ নামত নিজৰ হাতৰ আখৰেৰে লিখিতভাৱে জনাই নিজৰ পদৱী ত্যাগ কৰিব পাৰে।

(২) যদিহে তেওঁৰ আঞ্চলিক পঞ্চায়তৰ সদস্যপদ বাহাল নাথাকে, তেনেহ’লে আঞ্চলিক পঞ্চায়তৰ প্ৰতিজন সভাপতি আৰু উপসভাপতিয়ে তেওঁৰ পদৱী খালি কৰিব দিব লাগিব।

আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ আৰু উপসভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ:

৪৩। (১) আঞ্চলিক পঞ্চায়তৰ প্ৰতিজন সভাপতি আৰু প্ৰতিজন উপসভাপতিয়ে তেওঁৰ পদৱী তত্‌মুহূৰ্তেই খালি কৰি দিয়া বুলি বিবেচনা কৰা হ’ব, যদিহে তেওঁৰ ওপৰত অনাস্থা প্ৰকাশ কৰি প্ৰস্তাৱ এটা আঞ্চলিক পঞ্চায়তৰ মুঠ সদস্য স্ংখ্যাৰ ২/৩ অংশৰ সমৰ্থনত গৃহীত হয়। আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ অনুমোদন ক্ৰমে তেনে এখন বৈঠক বিশেষভাৱে আহ্বান কৰা হ’ব। তেনেকুৱা এখন বৈঠকত সভাপতিয়ে সভাপতিত্ব কৰিব, যদিহে প্ৰস্তাৱটো উপসভাপতিৰ বিৰুদ্ধে উত্থাপিত হয়।জাননী পোৱা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত যদিহে তেনে বৈঠক এখন আঞ্চলিক পঞ্চায়তত আহ্বান কৰা নহয়, তেনেহ’লে আঞ্চলিক পঞ্চায়তৰ সম্পাদক/সচিবে জিলা উপায়ুক্তক জ্ঞাত কৰি বিষয়টো জিলা পৰিষদৰ সভাপতিলৈ প্ৰেৰণ কৰিব।তেতিয়া জিলা পৰিষদৰ সভাপতিয়ে বিজ্ঞপ্তিখন পোৱা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত বৈঠকখন আহ্বান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

(২) যদিহে জিলা পৰিষদে বৈঠকখন ১৫ দিনৰ ভিতৰত আহ্বান নকৰে আৰু তেনেদৰে বিষয়টো সমাধান নকৰে, স্ংশ্লিষ্ট জিলা উপায়ুক্ত গৰাকীয়ে বিষয়টো চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰে; চৰকাৰে তেনে ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা হাতত ল’ব।

(৩) তেনে বিশেষ বৈঠকৰ অধিগ্ৰহন পত্ৰত আঞ্চলিক পঞ্চায়তৰ মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশ সদস্যই চহী কৰিব লাগিব। অধিগ্ৰহণ পত্ৰ জিলা উপায়ুক্তক জনাব লাগিব। অধিগ্ৰহণ পত্ৰখন পোৱা তাৰিখটোৰ পৰা ৭ দিনৰ ভিতৰত জিলা পৰিষদৰ সভাপতিয়ে আঞ্চলিক পঞ্চায়তৰ বিশেষ বৈঠক এখন আহ্বান কৰিব। বৈঠকখনৰ বাবে জাৰি কৰা জাননী প্ৰচাৰ কৰা দিনটোৰপৰা ১৫ দিনৰ ভিতৰত এটা তাৰিখত বৈঠকখন অনুষ্ঠিত কৰিব লাগিব।

(৪) আঞ্চলিক পঞ্চায়তৰ সভাপতি বা উপসভাপতি অপসাৰিত হোৱাৰ পাছত, আঞ্চলিক পঞ্চায়তে সদস্যসকলৰ মাজৰপৰা ধাৰা-৩৭ ৰ উপধাৰা ২ ৰ অধীনত একে পদ্ধতিৰে এজন সভাপতি নাইবা উপসভাপতি, (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়)নিৰ্বাচিত কৰিব।

আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে বাকী থকা কাৰ্যকালৰ বাবে তেওঁ সভাপতি নাইবা উপসভাপতি হিচাবে পুনৰ নিৰ্বাচিত হ’ব নোৱাৰিব বুলি এই আইনত উপবন্ধ ৰখা হৈছে।

(৫) যদিহে তেওঁ তেওঁৰ পদৱী প্ৰসূত কৰ্তব্য পালনত ভুল কৰে, বাৰে বাৰে তেনে কৰ্তব্য পালনত গাফিলতি দেখুৱাই তেন্তে জিলা পৰিষদে আঞ্চলিক পঞ্চায়তৰ কোনো সভাপতি নাইবা উপসভাপতিক তেওঁৰ পদৱীৰ পৰা অপসাৰিত কৰিব পাৰে। তেনেদৰে অপসাৰিত এজন সভাপতি নাইবা উপসভাপতিৰ সদস্য পদ বাহাল থাকিব।

(৬) উপধাৰা ৫ ৰ অধীনত তেওঁৰ পদৱীৰ পৰা অপসাৰিত হোৱা এজন সভাপতি বা উপসভাপতিক আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ পৰাও চৰকাৰে অপসাৰিত কৰিব পাৰে।

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত্যাগ

৪৪। আঞ্চলিক পঞ্চায়তৰ সভাপতিক সম্বোধন কৰি নিজ হাতেৰ আখৰেৰে লিখিতভাৱে আঞ্চলিক পঞ্চায়তৰ সদস্য এজনে তেওঁৰ সদস্যপদ ত্যাগ কৰিব পাৰে। তেনে কৰিলে তেওঁৰ আসনখন ততমুহূৰ্তেই খালি হ’ব।

আঞ্চলিক পঞ্চায়তৰ বৈঠক

৪৫। (১) দুই মাহৰ ভিতৰত কমপক্ষেও এবাৰ আঞ্চলিক পঞ্চায়তৰ বৈঠক অনুষ্ঠিত হ’ব লাগিব। ইয়াৰ পাছত এনে এখন বৈঠকক সাধাৰণ বৈঠক বুলি অভিহিত কৰা হ’ব। এই আইনৰ উপবন্ধসমূহ অথবা এই আইনৰ অধীনত প্ৰণয়ন কৰা কোনো বিধিৰ সৈতে বিস্ংগতিপূৰ্ণ নোহোৱাকৈ আঞ্চলিক পঞ্চায়তে ইয়াৰ বৈঠক এখনৰ তাৰিখ আৰু স্থগিতকৰণ সম্পৰ্কে আৰু বৈঠকখনৰ জৰিয়তে সাধাৰণভাৱে সম্পাদন কৰিবলগীয়া কাৰ্যৰ সম্পৰ্কে আইন প্ৰণয়ন কৰিব পাৰে।

(২) আঞ্চলিক পঞ্চায়তৰ প্ৰতিখন বৈঠক ইয়াৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব।

(৩) গঠিত নাইবা পুনৰ গঠিত হোৱাৰ পাছত আঞ্চলিক পঞ্চায়তৰ প্ৰত্থমখন বৈঠকৰ তাৰিখ জিলাৰ উপায়ুক্তই নিৰ্ণয় কৰিব। প্ৰথমখন বৈঠকৰ পাছত প্ৰতিখন বৈঠকৰ তাৰিখ পূৰ্বে অনুষ্ঠিত বৈঠকখনত নিৰ্ণয় কৰা হ’ব। কিন্তু সভাপতিয়ে উপযুক্ত কাৰণ দৰ্শাই বৈঠকৰ তাৰিখ পাছৰ কোনো দিন এটালৈ পৰিৱৰ্তন কৰাব পাৰে। তেওঁ যেতিয়া উচিত বুলি ভাবে, সভাপতিয়ে মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশৰ লিখিত অনুৰোধমৰ্মে (সদস্য স্ংখ্যা ১/৩ অংশৰ কম হ’ব নোৱাৰিব) আৰু তেনে অনুৰোধ প্ৰাপ্তিৰ তাৰিখটোৰ পৰা ১৫ দিনৰ ভিতৰত এখন বিশেষ বৈঠক আহ্বান কৰিব পাৰে। বিশেষ বৈঠক খন যি উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হ’ব, সেই উদ্দেশ্যৰ বিষয়ে লিখিত অনুৰোধটোত নিৰ্দিষ্ট কৰি দিব লাগিব। যদিহে সভাপতিয়ে বিশেষ বৈঠকখন আহ্বান কাৰত ব্যৰ্থ হয়, তেনেহ’লে উপ-সভাপতি বা মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশ সদস্যই তেনে অনুৰোধ উত্থাপন কৰাৰ ১৫ দিনৰ ভিতৰত কোনো এটা দিনত বিশেষ বৈঠকখন আহ্বান কৰিব পাৰে। এই স্ংক্ৰান্তত উপসভাপতি নাইবা স্ংশ্লিষ্ট সদস্যসকলে কাৰ্যবাহী বিষয়াজনক সদস্যসকললৈ জাননী জাৰি কৰিবলৈ নাইবা বৈঠকখন আহ্বান কৰিবলৈ যি যি ব্যৱস্থাৰ আৱশ্যক হ’ব পাৰে তেনে ব্যৱস্থা ল’বলৈ ক’ব পাৰে।

(৪) সাধাৰণ বৈঠকৰ বাবে সম্পূৰ্ণ ১০ দিনৰ আৰু বিশেষ বৈঠকৰ বাবে সম্পূৰ্ণ ৭ দিনৰ জাননী সদস্য সকললৈ প্ৰেৰণ কৰিব লাগিব। তেনে জাননীত বৈঠকখনত আলোচিত হ’বলগীয়া বিষয়টোৰ বিষয়ে নিৰ্দিষ্টকৈ উল্লেখ থাকিব লাগিব। তেনে জাননী এখন কাৰ্যালয়ৰ জাননী ফলকত আঁৰি দিব লাগিব। তেনে এখন বিশেষ বৈঠকত উপস্থাপন কৰিবলৈ প্ৰস্তুত কৰা কোনো প্ৰস্তাৱৰ বিষয়ে জাননীখনত উল্লেখ থাকিব লাগিব।

আঞ্চলিক পঞ্চায়তৰ বৈঠকৰ বাবে থুল

৪৬। (১) মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশ সদস্য উপস্থিত থাকিলে আঞ্চলিক পঞ্চায়াৰ বৈঠক এখনত থুলৰ সৃষ্টি হ’ব। বৈঠক এখনৰ বাবে নিৰ্দ্ধাৰিত সময়টোত থুলৰ অভাৱ হ’লে, সভাপতিত্ব কৰা ব্যক্তিজনে ৩০ মিনিট সময় অপেক্ষা কৰিব; যদিহে সেই সময়খিনিৰ ভিতৰত থুঅলৰ সৃষ্টি হয়, তেতিয়া তেওঁ বৈঠকখনৰ কাৰ্যসূচী আগুৱাই নিব। যদিহে উক্ত সময়খিনিৰ ভিতৰত থুলৰ সৃষ্টি নহয়, তেনেহ’লে তেওঁ নিৰ্দ্ধাৰিত কৰি দিয়া কোনো এদিনৰ কোনো এটা সময় পৰ্যন্ত্য বৈঠকখন স্থগিত ৰাখিব। একেধৰণে বৈঠকখন আৰম্ভ হোৱাৰ পাছতো যদিহে কোনোবা সদস্যই বৈঠকখনত থুলৰ অভাৱ ঘটা বুলি তেওঁৰ মনোযোগ আকৰ্ষণ কৰে, তেনে ক্ষেত্ৰতো তেখেতে বৈঠকখন স্থগিত ৰাখিব। স্থগিত বৈঠকখন পুনৰ অনুষ্ঠিত হ’লে, তাত থুলৰ প্ৰয়োজন নাই আৰু উক্ত বৈঠকখনত মুল বৈঠকখনত আলোচনা কৰিবলৈ বিচৰা বিষয়বোৰ সম্পাদন কৰা হ’ব।

(২) প্ৰতিখন বৈঠকত আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে আৰু সভাপতিৰ অনুপস্থিতিত উপসভাপতিয়ে সভাপতিত্ব কৰিব। যদিহে সভাপতি আৰু উপসভাপতিৰ দুয়োজনেই অনুপস্থিত থাকে নতুবা সভাপতি অনুপস্থিত থাকে আৰু পঞ্চায়তখনৰ উপসভাপতি নায়েই, তেনে ক্ষেত্ৰত সদস্যসকলে তেওঁলোকৰ মাজৰপৰা এজনক বৈঠকখনৰ বাবে সভাপতি হিচাবে নিৰ্বাচন কৰিব।

(৩) যদি অন্য ধৰণেৰে বিশেষ উপবন্ধ দিয়ানহয়, তেনেহ’লে উপস্থিত থকা সদস্যসকলৰ গৰিষ্ঠ স্ংখ্যকৰ সমৰ্থনৰদ্বাৰা সকলোবোৰ প্ৰশ্নৰ সিদ্ধান্ত লোৱা হ’ব। সভাপতিত্ব কৰা সদস্যজনে, যদিহে ভোট দিয়াৰপৰা বিৰত থাকে, কোনো এটা প্ৰশ্নৰ সপেক্ষে আৰু বিপক্ষে কিমন স্ংখ্যক ভোট পৰিছে, সেই বিষয়ে ঘোষোণা কৰাৰ আগতে নিজৰ ভোটতো সাব্যস্ত কৰিব। সমান স্ংখ্যক ভোট পৰিলে, সভাপতিত্ব কৰা সদস্যজনে নিৰ্ণায়ক ভোট দিব পাৰিব।

(৪) আঞ্চলিক পঞ্চায়তৰ সদস্য এজনে কোনো এখন বৈঠকত নতুবা কোনো এখন সমিতিৰ বৈঠকত উত্থাপিত হোৱা ভোটত কোনো এজন সদস্যই অংশ ল’ব নোৱাৰে যদিহে, মূলগতভাৱে ৰাজহুৱা স্বাৰ্থৰ সৈতে সদস্যজন জৰিত হৈ থাকে।

(৫) যদিহে বৈঠকত উপস্থিত থকা কোনো এজন সদস্যই আলোচনাৰ বাবে হাতত লোৱা বিষয়টোৰ স্ংক্ৰান্তত সভাপতিত্ব কৰা ব্যক্তিজনৰ কোনো বিত্তীয় স্বাৰ্থ জৰিত থকা প্ৰস্তাৱ উত্থাপন কৰে, তেন্তে তেওঁ উক্ত বৈঠকখনত সভাপতিত্ব নকৰিব নাইবা বিষয়টোৰ ওপৰত হোৱা ভোট গ্ৰহনত অংশ নল’ব। আঞ্চলিক পঞ্চায়তৰ কোনো এজন সদস্যক তেনে আলোচনা চলি থকা সময়ছোৱাত বৈঠকখনত সভাপতিত্ব কৰিবলৈ বাছি ল’ব পৰা যাব।

(৬) তেনে বৈঠক এখন আহ্বান কৰাৰ জাননীত যদিহে প্ৰস্তাৱটো অন্তৰ্ভুক্ত কৰা হোৱা নাই, তেনেহ’লে তেনে প্ৰস্তাৱৰ বিষয়ে যি কোনো এখন সাধাৰণ বৈঠকত অলোচনা কৰা নহ’ব। বিশেষ বৈঠকৰ ক্ষেত্ৰত তেনে প্ৰস্তাৱ লিখিত অনুৰোধটোত উল্লেখ থাকিব লাগিব। কাৰ্যসূচীৰ অন্তৰ্গত কোনো বিষয়ৰ সৈতে জৰিত বা তেনে বিষয়ৰ আনুষাংগিক কোনো প্ৰস্তাৱ, কোনো এজন সদস্যই উত্থাপন কৰিব পাৰে। কাৰ্যসূচীৰ অন্তৰ্ভুক্ত নাথাকিলেও কাৰ্যসূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰকৃতিৰ বিষয়ৰ সৈতে মিল থকা আন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সভাপতিয়ে প্ৰস্তাৱ আনিব পাৰে, যদিহে সদস্যসকলে ইয়াৰ বিৰোধিতা নকৰে। প্ৰস্তাৱ এটা গ্ৰহন কৰাৰ পাছত তিনিমাহ সময় অতিবাহিত হৈ নোযোৱা পৰ্যন্ত্য প্ৰস্তাৱটোৰ পৰিৱৰ্তন বা প্ৰত্যাখান কৰিবলৈ বিচৰা কোনো প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুমতি দিয়া নহ’ব। তেনে প্ৰস্তাৱ এটা পৰিৱৰ্তন বা প্ৰত্যাখান কৰিবলৈ বিচাৰিলে উপধাৰা ৮ অনুসৰি ব্যৱস্থা ল’ব লাগিব। তেনে এখন বৈঠকত কোনো বিষয় বা প্ৰস্তাৱ আনিবলৈ বিচৰা আদেশৰ বিষয়ে সভাপতিত্ব কৰা ব্যক্তিজনে সিদ্ধান্ত ল’ব, আৰু যদি কোনো সদস্যই কোনো এটা বিশেষ প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰে, সভাপতিজনে সেই প্ৰস্তাৱটো উত্থাপন কৰিব। সপক্ষে আৰু বিপক্ষে পৰা ভোটৰ সংখ্যা গণনা কৰি, সংখ্যাগৰিষ্ঠ ভোটৰদ্বাৰা প্ৰস্তাৱটো গ্ৰহণ বা প্ৰত্যাখান কৰা হ’ব।

(৭) কোনো এখন সাধাৰণ বৈঠক, উপস্থিত থকা সদস্যসকলৰ গৰিষ্ঠ সংখ্যকৰ সন্মতি সাপেক্ষে আন এটা তাৰিখলৈ স্থগিত ৰাখিব পাৰিব। কিন্তু স্থগিত বৈঠক পুনৰ অনুষ্ঠিত হ’লে, তাত স্ংশ্লিষ্ট বৈঠকখনত আধৰুৱা হৈ থকা বিষয়ৰ ওপৰতহে আলোচনা কৰিব।

(৮) আঞ্চলিক পঞ্চায়তে কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, উক্ত সিদ্ধান্তটো গ্ৰহণ কৰা তৰিখটোৰ পৰা ছয় মাহৰ ভিতৰত সেই সিদ্ধান্তটো সলনি বা প্ৰত্যাখান কৰিব পৰা নাযায়। সলনি বা প্ৰত্যাখান কৰিবলগীয়া হ’লে কোনো এখন সাধাৰণ বা বিশেষ সভাত মুঠ সদস্য স্ংখ্যাৰ আধা স্ংখ্যকে সিদ্ধান্তটো তেনে কৰাৰ সপেক্ষে প্ৰস্তাৱ এটা গ্ৰহণ কৰিব লাগিব। উপধাৰা ৪ ত লিপিবদ্ধ কৰা আৱশ্যকীয়তাসমূহ পৰিপূৰ্ণ কৰি তত্ সম্পৰ্কীয় জাননীখনত সিদ্ধান্তটো সলনি বা প্ৰত্যাখান কৰিবলৈ বিচৰা প্ৰস্তাৱটোও উল্লেখ থাকিব লাগিব।

আঞ্চলিক পঞ্চায়তৰ কাৰ্যবিৱৰণি আৰু কাৰ্যবিৱৰণি বহী:

৪৭। প্ৰতিখন বৈঠকত হাতত লোৱা বিষয়সমূহৰ ওপৰত আলোচনা শেষ হোৱাৰ লগে লগেই, তাৰ বিৱৰণি কাৰ্যবিৱৰণি বহীত লিপিবদ্ধ কৰিব লাগিব। তেনে বিৱৰণি সভাপতিত্ব কৰা কৰ্তৃপক্ষই বৈঠকত পাঠ কৰি শুনোৱাৰ পাছত তাত হস্তাক্ষৰ কৰিব। আঞ্চলিক পঞ্চায়তৰ সিদ্ধান্তৰ ওপৰত লোৱা ব্যৱস্থাৱলীৰ বিষয়ে পৰৱৰ্তী বৈঠকত লিখিতভাৱে জনোৱা হ’ব। যিকোনো পৰিস্থিতিতেই আঞ্চলিক পঞ্চায়তৰ কাৰ্যবিৱৰণি বহী ইয়াৰ কাৰ্যালয়ৰ বাহিৰলৈ অনা নহ’ব। কাৰ্যবিৱৰণি বহীখন কাৰ্যবাহী বিষয়াজনৰ জিন্মাত থাকিব।

আঞ্চলিক পঞ্চায়তৰ বৈঠকত চৰকাৰী বিষয়াৰ উপস্থিতি:

৪৮। আঞ্চলিক পঞ্চায়তে ইয়াৰ বৈঠকত চৰকাৰী বিষয়াৰ উপস্থিতি বিচাৰিব পাৰে। যদি আঞ্চলিক পঞ্চায়তৰ কোনো বৈঠকত কোনো এজন চৰকাৰী বিষয়াত্ৰ উপস্থিতি প্ৰয়োজন বুলি ভৱা হয়,(যিজনৰ প্ৰশাসনিক এলেকা এখন জিলা বা তাতকৈ কম পৰিসৰলৈ বিস্তৃত আৰু যিজনে আঞ্চলিক পঞ্চায়তৰ তলত কাম কৰা নাই), তেনেহ’লে কাৰ্যবাহী বিষয়াজনে উল্লেখিত বৈঠকখন অনুষ্ঠিত হোৱা ১৫ দিন  আগতে তেখেতক বৈঠকখনত উপস্থিত থাকিবলৈ অনুৰোধ কৰিব। যদিহে যুক্তিসিদ্ধ কাৰণ প্ৰদৰ্শন কৰিব নোৱাৰে, তেনেহ’লে উক্ত বিষয়াজন বৈঠকত উপস্থিত থাকিব।

তেনে এখন চিঠি পোৱাৰ পাছত যদিহে ওপৰত উল্লেখিত কাৰণসমূহ কোনো এটাৰ বাবে তেওঁ নিজে বৈঠকখনত উপস্থিত থাকিব নোৱাৰে, তেনেহ’লে তেওঁ উপবিষয়াজনক বা আন কোনো উপযুক্ত তলতীয়া বিষয়াক বৈঠকখনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিব পাৰে বুলি উপবন্ধ দিয়া আছে।

আঞ্চলিক পঞ্চায়তে সম্পাদন কৰিবলগীয়া বিষয়সমূহ:

৪৯। (১) আঞ্চলিক পঞ্চায়তে তলত উল্লেখ কৰা সাধাৰণ কাৰ্যসমূহ সম্পাদন কৰিব।

(ক) এই আইন অনুসৰি আৰু চৰকাৰে বা জিলা পৰিষদে ন্যস্ত কৰা আঁচনিসমূহ সাপেক্ষে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিব আৰু নিৰ্দেশিত সময়ৰ ভিতৰত জিলা পৰিষদৰ পৰিকল্পনাৰ সৈতে একীকৃত কৰিবলৈ সেইখন জিলা পৰিষদৰ ওচৰত দাখিল কৰিব।

(খ) ইয়াৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ বাৰ্ষিক পৰিকল্পনাসমূহ আলোচনা আৰু একীকৃত কৰা। তেনেদৰে একীকৃত কৰা পৰিকল্পনাসমূহ জিলা পৰিষদৰ ওচৰত দাখিল কৰা।

(গ) বাৰ্ষিক বাজেট প্ৰস্তুত কৰা আৰু নিৰ্দেশিত সময়ৰ ভিতৰত তাৰ অনুমোদনৰ বাবে জিলা পৰিষদৰ ওচৰত দাখিল কৰা।

(ঘ) চৰকাৰ বা জিলা পৰিষদে ন্যস্ত কৰিব পৰা কাৰ্যসমূহ সম্পাদন কৰা।

(ঙ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য দিয়াত চৰকাৰক সহায় কৰা।

(২) কৃষিৰ লগতে কৃষি সম্প্ৰসাৰণ:

(ক) আঞ্চলিক পঞ্চায়ত এলেকাৰ ভিতৰত কৃষি উন্নয়নৰ হকে আঁচনি চিনাক্ত কৰা আৰু তাক ৰুপায়ণ কৰা। তেনে আঁচনিৰ বাবে প্ৰয়োজনীয় ধনৰ পৰিমাণ ৫০,০০০/- টকাকৈ কম আৰু ২০০০০০/- টকাতকৈ বেছি হ’ব নালাগিব। তেনে আঁচনিৰ চিনাক্তকৰণ আৰু ৰুপায়ণৰ ক্ষেত্ৰত কৃষি বিভাগ, সমবায় আৰু জলসিঞ্চন বিভাগ আদিৰ পৰা সহায় ল’ব, লগতে তেওঁলোকে তেনে কামৰ তদাৰকো কৰিব।

(খ) কৃষি বীজপাম আৰু উদ্যান শস্যপামৰ ৰক্ষণাবেক্ষণ কৰা।

(গ) কীটনাশক ঔষধৰ যোগান আৰু ফুলৰ উন্নয়ন কৰা।

(ঘ) উন্নত পদ্ধতিৰ কৃষি ব্যৱস্থাৰ বিষয়ে প্ৰচাৰ কৰা।

(ঙ) কৃষি আৰু শাক-পাচলি, ফলমূল আৰু ফুলৰ উন্নয়ন কৰা।

(চ) কৃষকৰ প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ কাৰ্যাৱলী।

(৩) কৃষিভূমি উন্নয়ন আৰু ভূমি স্ংৰক্ষণ: কৃষি ভূমি উন্নয়ন আৰু ভূমি স্ংৰক্ষণমূলক আঁচনিসমূহ ৰুপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা পৰিষদৰ সহায় কৰা।

(৪) ক্ষুদ্ৰ জলসিঞ্চন, পানীৰ ব্যৱস্থাপনা, পানী বিভাজিকা উন্নয়ন:

(ক) ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰাত চৰকাৰ আৰু জিলা পৰিষদক সহায় কৰা।

(খ) নিজাববিয়াকৈ জলসিঞ্চন আঁচনি ৰুপায়ণ কৰা।

(গ) ভূতল জলসম্পদ আৰু পানী বিভাজিকা উন্নয়ন আঁচনিসমূহ ৰুপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা পৰিষদক সহায় কৰা।

(৫) দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনি:

(ক) দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিসমূহ পৰিকল্পনা কৰা আৰু সেইবোৰৰ ৰুপায়ণৰ তদাৰকী কৰা আৰু তাৰবাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়া।

(৬) পশুপালন, দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম:

(ক) পশু চিকিতসা আৰু পশুপালন সেৱাসমূহৰ চোৱাচিতা কৰা।

(খ) গৰু-গাই, হাঁহ-কুকুৰা আৰু অন্যান্য পশুধনৰ সঁচৰ উন্নয়ন কৰা।

(গ) স্ংক্ৰামক আৰু মহামাৰী ৰোগৰ বিৰুদ্ধে প্ৰতিষেধক ব্যৱস্থা লোৱা।

(৭) মীন পালন:

(ক) মীন পালন বিস্তাৰ কৰা।

(৮)  খাদী, গ্ৰাম্য আৰু কুটিৰ শিল্প:

(ক) গ্ৰাম্য আৰু কুটিৰ শিল্পৰ উন্নয়ন।

(খ) উন্নয়নৰ ওপৰত আলোচনা চক্ৰ, চেমিনাৰ, প্ৰশিক্ষণ ক্কাৰ্যসূচীৰ আয়োজন কৰা; কৃষি আৰু ঔদ্যোগীক প্ৰদৰ্শনী অনুষ্ঠিত কৰা।

(৯) গ্ৰাম্য আৱাস গৃহ নিৰ্মাণ:

(ক) গ্ৰাম্য আৱাস গৃহ নিৰ্মাণ আঁচনিৰ ৰুপায়ণ আৰু আৱাসিক স্থানৰ বিতৰণ।

(১০) খোৱা পানী:

(ক) গ্ৰাম্য খোৱা পানী যোগান আঁচনিৰ ৰ্নিৰ্মাণ, মেৰামতি আৰু ৰক্ষণাবেক্ষণ।

(খ) পানী প্ৰদূষণ প্ৰতিৰোধ।

(গ) গ্ৰাম্য অনাময় আঁচনিৰ ৰুপায়ণ।

(১১) সামাজিক আৰু পাম বনানীকৰণ, ক্ষুদ্ৰ বনজ উত্পাদন, প্ৰজ্বালক আৰু ঘাহ:

(ক) পথৰ দাঁতিত আৰু ইয়াৰ নিয়ন্ত্ৰণত থকা ৰাজহুৱা মাটিত বৃক্ষৰোপণ আৰু তাৰ ৰক্ষণাবেক্ষণ।

(খ) প্ৰজ্বালকৰ কাৰণে বৃক্ষৰোপণ আৰু ঘাঁহনিৰ উন্নয়ন।

(গ) পাম বনানীকৰণৰ বিস্তাৰ।

(১২) পথ, ঘৰ, দলং,ফেৰী, জলপথ আৰু অন্যান্য যোগাযোগ ব্যৱস্থা:

(ক) চৰকাৰৰ অইন কোনো স্থানীয় কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত নথকা পথ, নলা-নৰ্দমা, কালভাৰ্ট আৰু অইন যোগাযোগৰ ব্যৱস্থাৰ নিৰ্মাণ আৰু ৰশণাবেক্ষণ।

(খ) আঞ্চলিক পঞ্চায়তৰ দায়িত্বত ন্যস্ত কৰা ঘৰৰ ৰক্ষণাবেক্ষণ।

(গ) চৰকাৰ বা অইন কোনো স্থানীয় নিকায়ৰ অধীনত নথকা নাও, ফেৰী আৰু জলপথৰ ৰক্ষণাবেক্ষণ।

(১৩) অপৰম্পৰাগত শক্তিৰ উত্স:

(ক) অপৰম্পৰাগত শক্তিৰ উতসৰ উন্নয়ন আৰু বিস্তাৰ।

(১৪) মাধ্যমিক আৰু প্ৰাথমিককে ধৰি শিক্ষা:

(ক) প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বিস্তাৰ।

(খ) প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ, মেৰামতি আৰু ৰক্ষণাবেক্ষণ কৰা।

(গ) যুৱক স্ংঘ আৰু মহিলা সমিতি সমূহৰ জৰিয়তে সামাজিক শিক্ষাৰ প্ৰসাৰণ ঘটোৱা।

(১৫) কাৰিকৰী প্ৰশিক্ষণ আৰু বৃত্তিমূলক শিক্ষা:

(ক) গ্ৰাম্যশিল্প আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰণ ঘটোৱা।

(১৬) বয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা:

(ক) বয়স্কৰ বাবে সাক্ষৰতাৰ কাৰ্য্যসূচী ৰুপায়ণ।

(১৭) সাংস্কৃতিক ক্ৰিয়া-কলাপ:

(ক) সামাজিক আৰু সাংস্কৃতিক ক্ৰিয়া-কলাপৰ বিস্তাৰ।

(১৮) বজাৰ আৰু মেলা:

(ক) বজাৰ, মেলা আৰু উতসৱ-পাৰ্ৱণৰ নিয়ন্ত্ৰণ।

(১৯) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ:

(ক) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কাৰ্যসূচীসমূহৰ প্ৰসাৰণ ঘটোৱা।

(খ) প্ৰতিষেধক আৰু চিটা দিয়া কাৰ্যসূচীৰ বিস্তাৰ সাধন।

(গ) মেলা আৰু উতসৱৰ স্থলীত স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ যোগান ধৰা।

(২০) মাতৃ আৰু শিশুৰ উন্নয়ন:

(ক) মাতৃ আৰু শিশুৰ উন্নয়নমূলক কাৰ্যসূচীৰ বিস্তাৰ ঘটোৱা।

(খ) বিদ্যালয়ত স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য যোগান কাৰ্যসূচীৰ বিস্তাৰ।

(গ) মাতৃ আৰু শিশুৰ উন্নয়নমূলক কাৰ্যসূচীসমূহত স্বেচ্ছাসেৱী স্ংগঠনসমূহৰ অংশগ্ৰহণ ব্যৱস্থা কৰা।

২১। শাৰীৰিক ভাৱে অক্ষম আৰু মানসিকভাৱে বধাগ্ৰস্ত সকলৰ কল্যাণকে ধৰি সামাজিক কল্যাণ:

(ক) নি:কিন মানসিকভাৱে বাধাগ্ৰস্ত আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলৰ কল্যাণকে ধৰি সামাজিক কল্যাণ কাৰ্যসূচীৰ অন্তৰ্গত খাদ্যসামগ্ৰীৰ স্ংগ্ৰহ আৰু বিতৰণ ব্যৱস্থাৰ তদাৰক কৰা।

(খ) বৃদ্ধ, বিধৱা আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে পেঞ্চন ব্যৱস্থাৰ সমাকৰণ।

(২২) সামাজিকভাৱে দুৰ্বল শ্ৰেণীসমূহৰ কল্যাণ বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ কল্যাণ।

(ক) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কল্যাণ বৃদ্ধি কৰা।

(খ) সামাজিক অন্যায় আৰু শোষণৰ পৰা তেনে জাতি আৰু শ্ৰেণীসমূহক সুৰক্ষা প্ৰদান কৰা।

(২৩) ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণ:

(ক) ইয়াৰ ওপৰত ন্যস্ত কৰা বা চৰকাৰ আৰু কোনো স্থানীয় কৰ্তৃপক্ষই ইয়ালৈ হস্তান্তৰ কৰা সকলোবোৰ ৰাজহূৱা সম্পদৰ ৰক্ষণাবেক্ষণ।

(খ) অইন ৰাজহুৱা সম্পদৰ স্ংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ।

(২৪) ৰাজহুৱা বিতৰণ ব্যৱস্থা:

(ক) গাঁওসমূহত সুলভ মূল্যৰ দোকানৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ ব্যৱস্থাৰ বিস্তাৰ ঘটোৱা। অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ন্যায়সন্মত আৰু সমবিতৰণৰ ওপৰত পঞ্চায়তে চোকা নজৰ ৰাখিব। পঞ্চায়তে গ্ৰাহকৰ অধিকাৰৰ বিষয়ে ৰাইজক শিক্ষিত কৰি তুলিব। গ্ৰাহকৰ ওজৰ-আপত্তিৰ নিস্পত্তি সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰাত পঞ্চায়তে সহায় কৰিব।

(২৫) গ্ৰাম্য বৈদ্যুতিকৰণ:

(ক) গ্ৰাম্য বৈদ্যুতিকৰণৰ প্ৰসাৰ ঘটোৱা।

(২৬) সমবায়:

(ক) সমবায় ভিত্তিক কাৰ্যকলাপৰ প্ৰসাৰ ঘটোৱা।

(২৭) পুথিভঁৰাল:

(ক) পুথিভঁৰালৰ প্ৰসাৰ ঘটোৱা।

আঞ্চলিক পঞ্চায়তৰ সাধাৰণ ক্ষমতা:

৫০। ইয়াৰ ওপৰত অৰ্পণ কৰা কাৰ্যাৱলী সম্পাদন কৰাৰ ক্ষেত্ৰত আনুসাংগিক আৰু আৱশ্যকীয় বুলি ভৱা সকলো কামকাজ কৰাৰ ক্ষমতা আঞ্চলিক পঞ্চায়তৰ থাকিব- আৰু আগতে উল্লেখ কৰা ক্ষমতাসমূহৰ পৰিপন্থী নোহোৱাকৈ এই আইনত নিৰ্দিষ্ট কৰি দিয়া ক্ষমতাসমূহ আঞ্চলিক পঞ্চায়তে প্ৰয়োগ কৰিব।
ক্ষমতাৰ হস্তান্তৰকৰণ:

৫১। এই আইনৰ অধীনত বা এই আইনৰদ্বাৰা অৰ্পণ কৰা ক্ষমতাসমূহ জাননীৰ যোগেৰে পঞ্চায়তে কাৰ্যবাহী বিষয়াজনক নাইবা আন কোনো বিষয়ালৈ হস্তান্তৰ কৰিব পাৰে।

আঞ্চলিক পঞ্চায়তৰ স্থায়ী সমিতি গঠন:

৫২। (১) আঞ্চলিক পঞ্চায়তে তলত উল্লেখ কৰা স্থায়ী সমিতিসমূহ গঠন কৰিব পাৰিব-

(ক) সাধাৰণ স্থায়ী সমিতি।

(খ) বিত্ত, হিচাব আৰু পৰিকল্পনা স্থায়ী সমিতি।

(গ) সামাজিক ন্যায় সমিতি।

(২) আঞ্চলিক পঞ্চায়তে নিৰ্দিষ্ট কৰি দিব পৰা ধৰণে প্ৰতিখন স্থায়ী সমিতিত সভাপতিকে ধৰি ৬ জনতকৈ বেছি সদস্য থাকিব নোৱাৰিব। এই সদস্য কেইজনক আঞ্চলিক পঞ্চায়তে ইয়াৰ সদস্যসকলৰ মাজৰ পৰা বাছি ল’ব।

(৩) আঞ্চলিক পঞ্চায়তৰ কোনো সদস্যই এক্খনতকৈ অধিক সমিতিৰ সদস্য হ’ব নোৱাৰিব আৰু এজন সদস্য এবাৰত এবছৰীয়া কাৰ্যকালৰ বাবেহে নিৰ্বাচিত হ’ব।

(৪) আঞ্চলিক পঞ্চায়তৰ সভাপতিজন সাধাৰণ স্থায়ী সমিতি আৰু বিত্ত, হিচাব আৰু পৰিকল্পনা সমিতিৰ সভাপতি হ’ব। আঞ্চলিক পঞ্চায়তৰ উপসভাপতিজন সামাজিক ন্যায় সমিতিৰ সভাপতি হ’ব।

(৫) আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়াজন প্ৰতিখন স্থায়ী সমিতিৰ পদেন সচিব হ’ব।

স্থায়ী সমিতি সমূহৰ কাৰ্যাৱলী:

৫৩। (১) সাধাৰণ স্থায়ী সমিতিয়ে কাৰ্যকাল সম্পৰ্কীয় বিষয়, যোগাযোগ, ঘৰ, গ্ৰাম্য গৃহনিৰ্মাণ, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহাৰ্য দিয়া, পানী যোগান অৰু বিভিন্ন ধৰণৰ অৱশিষ্ট বিষয় সংক্ৰান্তীয় কাৰ্যাৱলী সম্পাদন কৰিব।

(২) বিত্ত, হিচাব আৰু পৰিকল্পনা সমিতিয়ে আঞ্চলিক পঞ্চায়তৰ বিত্ত বিষয়ক কাৰ্যাৱলী, প্ৰশিক্ষণ, বাজেট, ৰাজহ বৃদ্ধিৰ বাবে উত্থাপন কৰা প্ৰস্তাৱ পৰীক্ষা কৰা, আয় আৰু ব্যয়ৰ তদাৰক কৰা, পৰিকল্পনা প্ৰস্তুতি আৰু তাৰ স্ংহতকৰণ, সমবায়, ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰু আঞ্চলিক পঞ্চায়ত এলেকাৰ উন্নয়নৰ সৈতে জৰিত আন সকলো কাৰ্য সম্পাদন কৰিব।

(৩) সামাজিক ন্যায় সমিতিয়ে তলত দিয়া কাৰ্যাৱলী সম্পাদন কৰিব-

(ক) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়সমূহৰ শিক্ষা, অৰ্থনীতি, সমাজ, স্ংস্কৃতি আৰু অন্য স্বাৰ্থসমূহৰ উন্নয়ন সাধন কৰা।

(খ) সামাজিক অন্যায় আৰু আন সকলো প্ৰকাৰৰ শোষণৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰা।

(গ) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়সমূহৰ উন্নয়ন সাধন।

(ঘ) অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা আৰু আন পিছপৰা সম্প্ৰদায়ৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা।

(৪) আঞ্চলিক পঞ্চায়তে স্থায়ী সমিতিসমূহক যিমান পৰিসৰলৈ ক্ষমতা দিয়ে সিটো পৰিসৰলৈ ওপৰত উল্লেঅখ কৰা কাৰ্যসমূহ সম্পন্ন কৰিব।

আইন প্ৰস্তুত আৰু ক্ষমতা:

৫৪। (১) আঞ্চলিক পঞ্চায়তে সমিতিসমূহৰ সদস্য নিৰ্বাচন, সমিতিসমূহৰ কাম-কাজৰ পৰিচালনা আৰু সেইবোৰৰ সৈতে জৰিত অইন সকলোবোৰ বিষয়ৰ স্ংক্ৰান্তত আইন প্ৰস্তুত কৰিব পাৰে।

(২) প্ৰতিখন সমিতিৰ সভাপতিয়ে সমিতিখনে হাতত লোৱা কোনো কাৰ্য সম্পৰ্কে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকালৰ পৰা যিকোনো তথ্য, হিচাব নাইবা প্ৰতিবেদন বিচাৰিব পাৰে, আঞ্চলিক পঞ্চায়তৰ কোনো স্থাৱৰ সম্পত্তিৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। তাক পৰিদৰ্শন কৰিব পাৰে নাইবা সমিতিখনে হাতত লোৱা কোনো কাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব পাৰে।

(৩) সমিতি এখনে হাতত লোৱা কোনো এটা কাৰ্যৰ সৈতে জৰিত আঞ্চলিক পঞ্চায়তৰ কোনো বিষয়া, সমিতিখনে ইয়াৰ বৈঠকসমূহত উপস্থিত থকাটো প্ৰয়োজনীয় বুলি ভাৱিব পাৰে। সমিতিখনৰ নিৰ্দেশমৰ্মে পদেন সচিব গৰাকীয়ে (ধাৰা-৫২ অন্তৰ্গত উপধাৰা-৫ ত উল্লেখ কৰা) বিষয়াজনলৈ জাৰি কৰিব আৰু তেওঁৰ উপস্থিতি নিশ্চিত কৰিব।

সম্পত্তি আহৰণ, আয়ত্বত ৰখাৰ আৰু বেচা কিনা কৰাৰ ক্ষমতা:

৫৫। (১) এখন আঞ্চলিক পঞ্চায়তৰ সম্পত্তি আহৰণ কৰাৰ, নিজৰ অধীনত ৰখাৰ আৰু তাক বেচাকিনা কৰাৰ ক্ষমতা থাকিব। আঞ্চলিক পঞ্চায়তে আনৰ সৈতে চুক্তিবদ্ধও হ’ব পাৰে।

স্থাৱৰ সম্পত্তি আহৰণ কৰা নাইবা বেচাকিনা কৰা সকলোবোৰ বিষয়ৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়ত এখনে জিলা পৰিষদৰ যোগেৰে চৰকাৰ পৰা আগতীয়া অনুমোদন ল’ব লাগিব বুলি উপবন্ধ ৰখা হৈছে।

(২) আঞ্চলিক পঞ্চায়তে নিজ পূঁজিৰদ্বাৰা নিৰ্মাণ কৰা সকলোবোৰ পথ, ঘৰ আৰু অইন কাৰ্যৰ গৰাকী হ’ব।

(৩) ৰাজ্য চৰকাৰে আঞ্চলিক পঞ্চায়তলৈ তাৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা যিকোনো ৰাজহুৱা সম্পত্তি আবণ্টন দিব পাৰে, আৰু তেনে ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তখন সেই সম্পত্তিৰ গৰাকী হ’ব।

(৪) এই আইনৰ যিকোনো উদ্দেশ্য এটা সম্পন্ন কৰিবলৈ বিচাৰি যদি আঞ্চলিক পঞ্চায়তে কোনো এটুকুৰা মাটি প্ৰয়োজন বুলি ভাৱে, তেনেহ’লে নিকায়টোৱে সেই মাটিৰ সৈতে সম্পৰ্কিত ব্যক্তিস্কলৰ সৈতে তাৰ সম্পৰ্কত আলোচনা চলাব পাৰে। যদিহে কোনো চুক্তিত উপনীত হ’ব নোৱাৰে তেনেহ’লে মাটিখিনি কোনো এটা ৰাঝূৱা কামৰ বাবে প্ৰয়োজন হোৱা বুলি জিলা উপায়ুক্তলৈ আবেদন কৰিব। যদি জিলা উপায়ুক্তজন পতিয়ন যায়, তেনেহ’লে প্ৰাস্ংগিক ভূমি অধিগ্ৰহণ কৰাৰ পাছত তেনে মাটিৰ গৰাকী আঞ্চলিক পঞ্চায়ত হ’ব।

আঞ্চলিক পঞ্চায়তৰ পুঁজি:

৫৬। (১) প্ৰতিখন আঞ্চলিক পঞ্চায়তৰ বাবে, স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তখনৰ নামেৰে একোট পুঁজি গঠন কৰা হ’ব। আঞ্চলিক পঞ্চায়তৰ জমা শিতানত তলত দিয়া ধনসসূহ জমা থাকিব।

(ক) বৰঙণি আৰু অনুদান, যদিহে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে তেনে বৰঙণি আৰু অনুদান দিয়ে। ৰাজি চৰকাৰে আদায় কৰা ভূমি ৰাজহৰ অংশ এটাও, যিটো ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিব, ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

(খ) বৰঙণি আৰু অনুদান, যদিহে জিলা পৰিষদ বা আন কোনো স্থানীয় কৰ্তৃপক্ষই তেনে ব্যৱস্থা কৰে।

(গ) কোনো ঋণ, যদিহে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে অনুমোদন জনায় নতুবা আঞ্চলিক পঞ্চায়তে নিজৰ সম্পত্তি আমানত হিচাবে দি নিজে ঋণ ল’ব পাৰে।

(ঘ) আঞ্চলিক পঞ্চায়তে আৰোপ কৰা পথকৰ, স্থানীয় হাৰ আৰু মাচুল স্ংক্ৰান্তত লাভ কৰা সকলোবোৰ প্ৰাপ্তি।

(ঙ) আঞ্চলিক পঞ্চায়তে নিৰ্মাণ কৰা, ইয়াৰ ওপৰত ন্যস্ত কৰা আৰু ইয়াৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ তলতীয়া কৰা বিদ্যালয়, চিকিত্সালয়, স্বাস্থ্য কেন্দ্ৰ, ঘৰ, সামাজিক অনুষ্ঠান নাইবা কাৰ্যাৱলীৰ সম্পৰ্কত লাভ কৰা সকলোবোৰ প্ৰাপ্তি।

(চ) দান নাইবা বৰঙণি হিচাবে পোৱা সকলোবোৰ ধন, আঞ্চলিক পঞ্চায়তৰ বাবে গঠন কৰি দিয়া কোনো ন্যাস বা নিধিৰ পৰা লাভ কৰা সকলো আয়।

(ছ) এই আইনৰ উপবন্ধ অনুসৰি আৰোপ কৰা বা আদায় কৰা জৰিমনা আৰু দণ্ডৰ, আঞ্চলিক পঞ্চায়তে লাভ কৰা আন কোনো ধন।

(২) নিজ প্ৰশাসনৰ বাবদ যি পৰিমাণৰ ধনৰ প্ৰয়োজন হয়, সিমান পৰিমাণৰ ধন আঞ্চলিক পঞ্চায়তে আছুতিয়াকৈ ৰাখিব আৰু বছৰি তেনে পৰিমাণৰ ধন খটুৱাব। দৰমহা, ভাট্টা, ভৱিষনিধি বিষয়া আৰু কৰ্মচাৰীসকলক আৰু গ্ৰেচুইটি দিয়া উক্ত খৰচৰ অনুমোদন নোহোৱাকৈ মুঠ আনুষ্ঠানিক ব্যয় আঞ্চলিক পঞ্চায়তৰ মুঠ ব্যয়ৰ এক তৃতীয়াংশৰ বেছি হ’ব নালাগিব।

(৩) প্ৰতিখন পঞ্চায়তৰ এই আইনৰ উদ্দেশ্য পৰিপূৰণ কৰিবলৈ প্ৰয়োজনীয় বুলি ভবা পৰিমাণৰ ধন খৰচ কৰিবলৈ ক্ষমতা থাকিব।

(৪) আঞ্চলিক পঞ্চায়তৰ পুঁজি আঞ্চলিক পঞ্চায়তৰ ওপৰত ন্যস্ত থাকিব।

(৫) আঞ্চলিক পঞ্চায়তে সময়ে সময়ে আৰোপ কৰিব পৰা ধৰণৰ নিয়ন্ত্ৰণ সাপেক্ষে ইয়াৰ পুঁজিৰ পৰা দিয়া দেনাৰ আদেশ আৰু চেকত কাৰ্যবাহী বিষয়াজনে চহী কৰিব।

কৰসমূহ:

৫৭। (১) চৰকাৰে নিৰ্দেশ দিয়া ধৰণে তেনে উচ্চতম হাৰ সাপেক্ষে আঞ্চলিক পঞ্চায়তে তলত দিয়া কৰসমূহ আৰোপ কৰিব পাৰে-

(ক) মানুহ, যান-বাহন নাইবা জীৱ-জন্তু নাইবা সেইবোৰৰ যিকোনো শ্ৰেণীৰ ওপৰত কেঁচা ৰাস্তাৰ বাহিৰে আন ৰাস্তাত স্থাপন কৰা পথকৰ চকীৰ জৰিয়তে আৰোপ কৰিব। তেনে পথকৰ চকী আঞ্চলিক পঞ্চায়তখনৰ ওপৰত ন্যস্ত কৰা ন্তুবা ইয়াৰ পৰিচালনাৰ অধীন কৰা কোনো দলঙতো বহুৱাব পাৰে।

(খ) আঞ্চলিক পঞ্চায়তে মুকলি কৰা বা পৰিচালনা কৰা ফেৰীৰ ওপৰত কৰ বহুৱাব পাৰে।

(গ) প্ৰতি টকাত ০.০২ (দুই পইচা) হাৰত ভূমি ৰাজহৰ ওপৰত এটা ওপৰঞ্চি কৰ আৰোপ কৰিব পাৰে।

(ঘ) আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক এলেকাৰ ভিতৰত নিৰ্মাণ কৰা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ বাবদ হোৱা ব্যয় পৰিশোধনৰ বাবে পানীকৰ বা চেছ বহুৱাব পাৰে। তেনেদৰে অহৰণ কৰা কৰ ক্ষুদ্ৰ জলসিঞ্চন আঁচনিটো মেৰামতি কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবদ ব্যৱহাৰ কৰিব।

(ঙ) পানীযোগান আৰু পোহৰ যোগানৰ ববে কৰ।

(চ) সামায়িকভাৱে প্ৰচলন থকা কোনো আইন নতুবা এই আইনৰ কোনো উপবন্ধ অনুসৰি কৰ আৰোপ কৰা বিষয় কেইটাৰ বাহিৰে অইন বৃত্তি, ব্যৱসায়, জীৱিকা নিৰ্মাণ কাৰখানা আৰু উত্পাদিত সামগ্ৰীৰ ওপৰত কৰা বহুৱাব পাৰিব।

(ছ) চিনেমাঘৰ, ইটা ভাটা, কাঠ ফলা মিল, কাঠৰ ডিপো, ধান বনা কল, হোলাৰ মিল, মিঠাই প্ৰস্তুত কৰা কাৰখানা, বিস্কুত ভাটি, ব্যক্তিগত মীন পালন পুখুৰী নাইবা ব্যৱসায়িক ভিত্তিত খেতি কৰা শাক পাচলিৰ বাগিচাৰ ওপৰত মাচুল বহুৱাব পাৰিব।

(২) নিৰ্দেশ দিয়া মতে তেনে সময় আৰু তেনে পদ্ধতিৰে কৰসমূহ আৰোপ কৰা হ’ব।

(৩) কোনো এজন ব্যক্তিয়ে কোনো নিৰিখ আৰোপ কৰা কৰ বা মাচুলৰ স্ংক্ৰান্তত অসন্তুষ্টি প্ৰকাশ কৰিলে জিলা পৰিষদৰ ওচৰত পুনৰ বিবেচনাৰ বাবে আবেদন জনাব পাৰে।

(৪) ৰাজ্য চৰকাৰে আৰোপিত কোনো কৰ বা মাচুল স্থগিত ৰাখিব পাৰে। প্ৰাকৃতিক দুৰ্যোগৰ স্ময়ত যিকোনো মুহুৰ্ততে স্ংশ্লিষ্ট পঞ্চায়তখনৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে তেনে কৰ বা মাচুল আৰোপ কৰাটো বাতিল কৰিব পাৰে।

(৫) পথকৰ, মাচুল নাইবা হাৰৰ পৰিমাণ আৰু সেইবোৰ আৰোপ কৰাৰ চৰ্তসমূহ কেনে ধৰণৰ হ’ব, তাক উপবিধিত দিয়া হ’ব।

তেনে উপবিধিয়ে কোনো শ্ৰেণীৰ ক্ষেত্ৰত বা কোনো বিশেষ ব্যক্তিৰ ক্ষেত্ৰত সকলো নাইবা যিকোনো এটা পথকৰ, মাচুল বা স্থানীয় হাৰ পৰিশোধ কৰাৰ পৰা ৰেহাই দিব পাৰে।

(৬) এই ক্ষেত্ৰত প্ৰস্তুত কৰা আইনৰ সাপেক্ষে আঞ্চলিক পঞ্চায়তে বিশেষ ব্যৱসায় বা বাণিজ্যৰ ওপৰত জিলা পৰিষদৰ অনুমোদন ক্ৰমে কৰ বহুৱাব পাৰে। তেনে ধৰণে স্ংগ্ৰহ কৰা কৰ সেই বিশেষ ব্যৱসায় বা বাণিজ্যৰ উন্নয়ণৰ বাবে প্ৰয়োজনীয় সুবিধা সৃষ্টি কৰাত ব্যৱহাৰ কৰিব।

ঋণ আৰু ঋণ পৰিশোধ:

৫৯। (১) স্থানীয় কৰ্তৃপক্ষসমূহে ঋণ আহৰণ কৰাৰ ক্ষেত্ৰত সাময়িভাৱে বলবত থকা আইনৰ উপবন্ধ সাপেক্ষে, আঞ্চলিক পঞ্চায়তে এই আইনৰ উদ্দেশ্যে পৰিপূৰণৰ বাবে চৰকাৰৰ অনুমোদনক্ৰমে সময়ে সময়ে ঋণ আহৰণ কৰিব পাৰে। ঋণ পৰিশোধৰ বাবে এটি আছুতীয়া পুঁজি সৃষ্টি কৰিব পাৰে।

(২) এখন আঞ্চলিক পঞ্চায়তে চৰকাৰৰ পৰা পোৱা নাইবা চৰকাৰৰ আগতীয়া অনুমোদন ক্ৰমে বেংকৰ পৰা নাইবা অন্য বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ ল’ব পাৰে। আঞ্চলিক পঞ্চায়তে ইয়াৰ লক্ষ্যসমূহত উপনীত হ’বলৈ প্ৰস্তুত কৰা নিৰ্দিষ্ট আঁচনিৰ ভিত্তিতহে তেনে ঋণ ল’ব পাৰিব।

আঞ্চলিক পঞ্চায়তৰ বাজেট:

৫৯। (১) নিৰ্দেশ দিয়া অনুসৰি তেনে সময়ত বা তেনে পদ্ধতিৰে প্ৰতি বছৰে আঞ্চলিক পঞ্চায়ত এখনে পৰৱৰ্তী বছৰৰ বাবে আনুমানিক প্ৰাপ্তি আৰু খৰচৰ এখন বাজেট প্ৰস্তুত কৰিব আৰু বাজেটখন জিলা পৰিষদৰ ওচৰত দাখিল কৰিব।

(২) যি ধৰণেৰে নিৰ্দেশ দিয়া হয়, ঠিক তেনে ধৰণে নিৰ্দিষ্ট সময়ৰ ভিতৰত জিলা পৰিষদে হয় বাজেটখন অনুমোদন কৰিব পাৰে নহ’লে প্ৰয়োজনীয় স্ংশোধনীৰ বাবে ওভতাই পঠাব পাৰে। তেনে স্ংশোধনী কৰি দিয়াৰ পাছত নিৰ্দেশ দিয়া ধৰণে সেই সময়খিনিৰ ভিতৰত বাজেটখন দাখিল কৰিব লাগিব। যদিহে বছৰটোৰ আগেয়ে আঞ্চলিক পঞ্চায়তে জিলা পৰিষদে অনুমোদন লাভ নকৰে, বাজেটখন জিলা পৰিষদে গ্ৰহন কৰা বুলি ধৰি লোৱা হ’ব।

(৩) জিলা পৰিষদে অনুমোদন নজনালে কোনো খৰচ ল’ব পৰা নাযাব।

(৪) বাজেটখনৰ সালসলনি কৰিব বিচাৰি আঞ্চলিক পঞ্চায়তে প্ৰতি বছৰে এটা পৰিপূৰক মঞ্জুৰীৰ আনুমানিক হিচাব প্ৰস্তুত কৰিব পাৰে। নিৰ্দেশিত সময়ৰ ভিতৰত আৰু পদ্ধতিৰে তেনে পৰিপূৰক মঞ্জুৰীৰ আনুমানিক হিচাব জিলা পৰিষদৰ ওচৰত দাখিল কৰিব।

আঞ্চলিক পঞ্চায়তৰ হিচাব:

৬০। (১) যেনেদৰে নিৰ্দেশ দিয়া হয়, তেনে ৰুপত আৰু তেনে হিচাবসমূহ আঞ্চলিক পঞ্চায়তে ৰখাৰ ব্যৱস্থা কৰিব।

হিচাব পৰীক্ষা:

৬১। (১) চৰকাৰে নিৰ্দেশ দিয়া ধৰণে আঞ্চলিক পঞ্চায়তৰ হিচাব স্ংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা কৰিব। হিচব পৰীক্ষাৰ একোটাকৈ খতিয়ান আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন সঞ্চালকালয়লৈ পঠিয়াব লাগিব।

(২)  উপধাৰা ১ ত উল্লেখ কৰা হিচাব পৰীক্ষাৰ খতিয়ান পোৱাৰ পাছত, আঞ্চলিক পঞ্চায়তে হয় তাত আঙুলিয়াই দিয়া ভুল ভ্ৰান্তিবোৰ নাইবা অনিয়মিতাবোৰ শুধৰাব আৰু সেখন জিলা পৰিষদ আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন সঞ্চালকালয়, অসমলৈ তিনিমাহৰ ভিতৰত পঠিওৱা নতুবা তেনে কৰা বুলি জনাব, নহয় উক্ত সময়ৰ ভিতৰত উল্লেখিত কৰ্তৃপক্ষসমূহলৈ তেনে ভুলভ্ৰান্তি আৰু অনিয়মিতা বিলাকৰ বিষয়ে আৰু অধিক বাখ্যা পঠিয়াব।

আঞ্চলিক পঞ্চায়তৰ কৰ্মচাৰী:

৬২। (১) এটা উন্নয়ন খণ্ডৰ পৰিসীমাৰ সৈতে একে হোৱা এখন আঞ্চলিক পঞ্চায়তৰ বাবে চৰকাৰে এজন কাৰ্যবাহী বিষয়া নিযুক্তি দিব। কাৰ্যবাহী বিষয়াজন আঞ্চলিক পঞ্চায়তখনৰ পদেন সচিব হ’ব।

খণ্ড উন্নয়ন বিষয়াজন নতুবা চৰকাৰে নিযুক্তি দিব পৰা তেনে আন বিষয়াই আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়া আৰু সচিব হ’ব।

(২) এই আইনখনৰ ভিত্তিত ১৪০ নং ধাৰা অনুসৰি আঞ্চলিক পঞ্চায়তৰ বাবে অন্য কৰ্মচাৰী নিযুক্তি দিয়া হ’ব। আঞ্চলিক পঞ্চায়তৰ অধীনত কাম কৰি থকা প্ৰাদেশীকৃত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সঞ্চালক, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন সঞ্চলকালয় নিযুক্তিকাৰী কৰ্তৃপক্ষ হ’ব।

(৩) প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কৰ্মচাৰী সকলৰ উপৰিও যদি প্ৰয়োজনীয় বুলি ভৱা হয় চৰকাৰে সময়ে সময়ে আঞ্চলিক পঞ্চায়তৰ কাম-কাজ কৰিবলৈ আন কৰ্মচাৰী নিযুক্তি বা মনোনীত কৰিব পাৰে।

(৪) এই আইনত থকা বা সাময়িক ভাৱে বলবত থকা যিকোনো আইনৰ যিকোনো উপবন্ধ চৰ্তেও চৰকাৰে নতুবা আঞ্চলিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন অসমে,(যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) জিলা স্ংশ্লিষ্ট পৰিষদৰ সৈতে আলোচনা কৰি স্ংশ্লিষ্ট বিষয়া বা প্ৰাদেশীকৃত কৰ্মচাৰীক বদলি কৰাৰ ক্ষমতা থাকিব।

আঞ্চলিক পঞ্চায়তৰ কাৰ্যাবাহী বিষয়াজনৰ ক্ষমতা আৰু কাৰ্যাৱলী:

৬৩।(১) এই আইনৰ দ্বাৰা বা এই আইনৰ কৰ্মচাৰীক বদলি কৰাৰ ক্ষমতা থাকিব। অন্যথা নহ’লে কাৰ্যবাহী বিষয়াজনে তলত দিয়া ক্ষমতাসমূহ পাব আৰু কাৰ্যাৱলী সম্পন্ন কৰিব।

(ক) এই আইনৰ দ্বাৰা বা এই আইনৰ অধীনত নতুবা সাময়িকভাৱে বলবত থকা আন কোনো আইনৰ অধীনত বিশেষভাৱে আৰোপ কৰা বা প্ৰদান কৰা ক্ষমতাসমূহ প্ৰয়োগ কৰিব।

(খ) চৰকাৰে প্ৰস্তুত কৰা আইন অনুসৰি আঞ্চলিক পঞ্চায়তৰ অধীনৰ বিষয়া বা কৰ্মচাৰীৰ দায়িত্ব ভগাই দিয়া বা তেনে দায়িত্ব পালন কৰিছেনে নাই তাক তদাৰক কৰা।

(গ) আঞ্চলিক পঞ্চায়তৰ সকলো কামকাজৰ তদাৰক তথা নিয়ন্ত্ৰণ কৰা।

(ঘ) আঞ্চলিক পঞ্চায়তৰ সকলো কামকাজৰ আৰু উন্নয়ন আঁচনিসমূহৰ দ্ৰুত ৰুপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

(ঙ) আঞ্চলিক পঞ্চায়তৰ বৈঠকসমূহৰ কাৰ্যবিৱৰণিৰ সৈতে জৰিত সকলো কাগজপত্ৰ আৰু নথিপত্ৰ নিজৰ দায়িত্বত/জিন্মাত ৰখা।

(চ) আঞ্চলিক পঞ্চায়তৰ পুঁজিৰপৰা পইচা উলিওৱা আৰু তাক খৰচ কৰাৰ ক্ষমতা।

(ছ) যেনে ধৰণে নিৰ্দেশ দিয়া হ’ব পাৰে তেনে অন্য ক্ষমতা প্ৰয়োগ কৰা আৰু তেনে অন্য কাৰ্যাৱলী সম্পাদন কৰাৰ ক্ষমতা।

(২) আঞ্চলিক পঞ্চায়তৰ প্ৰতিখন বৈঠকতে কাৰ্যবাহী বিষয়াজন উপস্থিত থাকিব। ইয়াৰ আন আন সমিতিসমূহৰ বৈঠকতো উপস্থিত থকাৰ অধিকাৰ থাকিব। তেওঁ বৈঠকসমূহত হোৱা আলোচনাত ভাগ ল’ব পাৰিব, কিন্তু আলোচিত বিষয়টোৰ ওপৰত কোনো প্ৰস্তাৱ উত্থাপন কৰিব নোৱাৰিব নাইবা তাৰ ওপৰত হোৱা নিৰ্বাচনত ভোট দিব নোৱাৰিব। যদি কাৰ্যবাহী বিষয়াজনৰ মতে আঞ্চলিক পঞ্চায়তে হাতত লোৱা কোনো প্ৰস্তাৱ এই আইনৰ অধীনত প্ৰস্তুত কৰাৰ সৈতে বিধি বা আদেশৰ সৈতে বিস্ংগতিপূৰ্ণ বা তাক ভংগ কৰা ধৰণৰ হয়, তেনেহ’লে কাৰ্যবাহী বিষয়াজনে বিষয়টো আঞ্চলিক পঞ্চায়তৰ দৃষ্টিগোচৰ কৰিব।

অসম পঞ্চায়ত আইন (পিডিএফ)

উৎস: অসম পঞ্চায়ত আইন

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate