অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান:

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান:

 

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ অনুষ্ঠান, যি সমিতি পঞ্জীয়ন আইন ১৮৬০ অনুসৰি পঞ্জীকৃত। এই আঁচনিখনৰ মূখ্য উদ্দেশ্য হ’ল অসমৰ গ্ৰামাঞ্চলৰ জনসাধাৰণ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়ন ঘটোৱা আৰু দৰিদ্ৰতা নিৰ্মূল কৰা। গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ আত্মসহায়ক গোট সঠন আৰু পুৰণি আত্মসহায়ক গোটৰ সবলীকৰণ কৰা। আত্মসহায়ক গোটসমূহক সংগঠিত কৰি একো একোটা গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন আৰু খণ্ড পৰ্যায়ৰ সংগঠন গঠন কৰাত সহায় কৰা। উৎপাদনমুখী গোট গঠন কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিপণনত সহায় কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মুখ্য উদ্দেশ্য। উক্ত আঁচনিখনৰ যোগেদি অসমৰ জনসাধাৰণলৈ আগবঢ়োৱা হৈছে যথেষ্ট সা-সুবিধা।

  • আত্মসহায়ক গোট আৰু গ্ৰাম্য সংগঠনৰ সদস্যসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
  • সমূহীয়া সমল ব্যক্তি, বেংক মিত্ৰ আদিক উক্ত আঁচনিৰ যোগেদি মাননি প্ৰ্দান কৰা হয়।
  • বিনামূলীয়া প্ৰশিক্ষণমূলক ভ্ৰমণৰ সুবিধা।
  • আত্মসহায়ক গোটসমূহৰ পঞ্জীয়ন বিনামূলীয়াকৈ কৰা হয়।
  • আত্মসহায়ক গোটসমূহৰ যোগ্যতা অনুসৰি ১০-১৫ হাজাৰ টকাৰ ঘূৰ্ণীয়মান পুঁজি প্ৰ্দান কৰা হয়।
  • সামাজিক বিনিয়োগ পুঁজিৰ অধীনত গ্ৰাম্য সংগঠনসমূহক পাঁচ লাখ টকালৈকে সাহায্য প্ৰদানৰ ব্যৱস্থা।
  • জৰুৰীকালীন আৰু দূৰৱস্থা নিৰ্মূলৰ বাবে গ্ৰাম্য সংগঠনক এক লাখ টকাৰ সাহায্য প্ৰদান কৰা হয়।
  • আত্মসহায়ক গোটসমূহক বেংকৰ পৰা ঋণ আহৰণত সহায় আৰু সময়মতে গোটসমূহে ঋণ পৰিশোধ কৰিলে সুতত ৰেহাইৰ ব্যৱস্থা কৰা হয়।
  • গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া যুৱক-যুৱতীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • মহিলা কৃষক সবলীকৰণ প্ৰকল্পৰ জৰিয়তে কৃষি কাৰ্যত মহিলাৰ উৎপাদনমুখী কাম-কাজ বৃদ্ধি কৰা।

উক্ত অভিযানৰ অধীনত শেহতীয়াকৈ আত্মসহায়ক গোটৰ সংখ্যা ৮৭,০২৮টা লৈ(তথ্য অনুসৰি) বৃদ্ধি পাইছে। উক্তু আঁচনিৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ অধীনত ১৩,০৬৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদানৰ লগতে ৯,৬২৫ জন প্ৰাৰ্থীক চাকৰি প্ৰদান আৰু ৩,২০০ জন প্ৰাৰ্থীৰ ৩ মাহতকৈও অধিক কাৰ্যকাল সমাপ্ত কৰিছে।

উক্ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক-

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পাঞ্জাবাৰী, গুৱাহাটী-৩৭।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate