অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এডভানটেজ অসম -

 

খাদ্য সংসাধন উদ্যোগ; সপোনৰ ফেহুজালিত এচমকা ৰ’দ -

সাম্প্ৰতিক সময়ত বিশ্বত ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰৰ প্ৰসাৰতাৰ বৃদ্ধি এক লক্ষণীয় বিষয়। এই ক্ষেত্ৰত খাদ্য সংসাধন উদ্যোগে (Food Processing Industry) এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত আটাইতকৈ অধিক দুগ্ধ তথা দুগ্ধজাত সামগ্ৰীৰ উৎপাদনশীল দেশ। মাহজাতীয় শস্য, ফল, আৰু শাক-পাচলিৰ উৎপাদনত ভাৰত দ্বিতীয়, মৎস্য উৎপাদনত আৰু খাদ্য সামগ্ৰী উৎপাদনত দ্বিতীয় স্থান আছে। বিশ্বত ক্ৰেতা দেশ সমুহৰ শাৰীত ভাৰত দ্বিতীয় স্থানত আছে। এই সমীক্ষাই ভাৰতৰ উৎপাদন আৰু ব্যৱসায়ীক ক্ষেত্ৰখনৰ প্ৰচুৰ সম্ভাৱনাক উনুকিয়াই দিয়ে। আনহাতে ইয়াৰ যদি ঠিক বিপৰীত দিশটো চোৱা হয়, আমাৰ দেশত প্ৰায় ৯২,০০০ কোটি মুল্যৰ খাদ্য সামগ্ৰী প্ৰতি বছৰে নষ্ট হয়। ভাৰতবৰ্ষৰ প্ৰায় ৭০ শতাংশ লোক ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। ৫০০ গ্ৰাম চাউলৰ লোকচান মানে ২০০০ লিটাৰ পানীৰ লোকচান। ৩,০০০ শিশুৰ প্ৰতিদিন অনাহাৰে ভোকত মৃত্যু হয়। জি নিউজৰ এখ খবৰ মতে, ১৯ কোটি লোকে ভোকত থাকে, দেশত ১৫.২% জনসংখ্যা পুষ্টিহীনতাত ভুগিছে। বিশ্বৰ ১১৮ ভোকত থকা দেশ সমুহৰ ভিতৰত ভাৰতৰ স্থান ৯৭, অকল ইমানেই নহয়, কৃষকৰ উৎপাদিত সামগ্ৰীত ৰাজপথত পেলাই কৃষকে খালী মোনা লৈ ঘৰলৈ ঘুৰি অহাঁও দেখা যায়।

কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধি তথা খাদ্য সামগ্ৰী তথা উত্‌পাদিত শস্যৰ অপচয় ৰোধ, কৰ্মসংস্থাপনৰ পৰিসৰ বৃদ্ধি তথা ত্বৰান্বিত অৰ্থনৈতিক উন্নয়ন, কম পুজি নিবেশ তথা অধিক কৰ্মচাৰীৰ নিয়োগ এই সকলোবোৰৰ সামঞ্জস্যৰ বাবে উত্তৰ মাথো খাদ্য সংসাধন উদ্যোগ (Food Processing Industry) হে হ’ব পাৰে। বিশ্বৰ মানচিত্ৰত ভাৰতৰ এক সুকীয়া স্থান দখলৰ এক নতুন পথৰ উন্মেষ কৰিছে এই সম্ভাৱনাপুৰ্ণ উদ্যোগে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া, ৱলড ফুড ইণ্ডিয়াই উন্নয়নৰ দিশত এক নতুন পথ প্ৰশস্ত কৰিব বুলি আশা কৰিব পাৰি। এক সমীক্ষা মতে বৰ্তমান আমাৰ দেশত এই খাদ্য সংসাধন উদ্যোগত মাথো ১০% নষ্ট হ’ব পৰা খাদ্য সামগ্ৰী (Perishable Food Product), ৩৫% দুগ্ধজাত সামগ্ৰী, ২১% মাংসজাত সামগ্ৰী, ২% ফল-মুল তথা শাক-পাচলি হে কেচা সামগ্ৰী হিচাপে ব্যৱহৃত হৈ আছে। এই উদ্যোগৰ অন্যতম আকৰ্ষণীয় দিশটো হৈ ছে যে শিক্ষিত যুৱক-যুৱতী সকলে পথাৰৰ পৰা শস্য উৎপাদনৰ পিছত সেই সামগ্ৰীৰ গুণ সংবৰ্দ্ধন (Value Addition) ৰ পৰা আৰম্ভ কৰি বজাৰ তথা গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ শৃংখলাত বিভিন্ন উপায়েৰে নিয়োজিত হ’ব পাৰে। গুণসংৱৰ্দ্ধনৰ দ্বাৰা খাদ্য সংসাধন প্ৰক্ৰিয়াৰ মাধ্যমেৰে যুৱকসকলে নিজ গাওঁ, নিজ জিলাতে অৰ্থ উপাৰ্জনৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ ই এক অনন্য উপায়। এই খাদ্য সংসাধন উদ্যোগৰ জৰিয়তে মধ্যভোগী দালাল, বজাৰ সমস্যা, উচিত মুল্যৰ বাবে কৃষকৰ হাহাকাৰ, গ্ৰাহকে উপযুক্ত মুল্যতে খাদ্য সামগ্ৰী লাভ নকৰা আদি হেজাৰটা সমস্যা সমাধান হ’ব পাৰে। দৈনন্দিন ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি হ্ৰাস কৰাত এই খাদ্য সংসাধন প্ৰযুক্তিৰ (Food Processing Technology) বিকল্প নাই। ভাৰতবৰ্ষত মুঠ ঘৰুৱা উৎপাদনত (GDP) এই উদ্যোগে ১১% আগবঢ়াইছে। বৰ্তমানৰ অৰ্থনৈতিক উন্নয়নত কৃষি আৰু অন্যান্য নিৰ্মাণ কাৰ্য্যৰ দ্বাৰা যি অংশদ্বাৰিত্ব হৈ আছে তাৰ তুলনাত খাদ্য উদ্যোগে ৭.২% অধিক উন্নয়নৰ গতি () বঢ়াইছে। ২০১২-১৩ চনৰ তথ্য অনুসাৰে ভাৰতত ১৬২১৮৭ হেজাৰ টন শাক-পাচলি কেচা সামগ্ৰী হিচাপে দেশৰ সকলো খাদ্য সংসাধন উদ্যোগত ব্যৱহৃত হৈছিল, যি ২০০৮-০৯ তকৈ ২৬% বৃদ্ধি হৈছিল। এই ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰী, মাছ, মাংস, কণী, আদি সকলোৰে পৰিবৰ্ত্তিত সামগ্ৰী (Processed Product) ৰ চাহিদা প্ৰতি দিন বৃদ্ধি পাই আছে। ২০১১-১২ ৰ সমীক্ষা অনুসাৰে খাদ্য সংসাধন উদ্যোগৰ সংখ্যা অন্ধ্ৰপ্ৰদেশ দেশৰ ভিতৰতে সৰ্বোচ্চ (৯,৩৫৯) আছিল আৰু অসমত সৰ্বনিম্ন (১২১২) আছিল। ভাৰতবৰ্ষৰ মাননীয় প্ৰধান মন্ত্ৰীৰ যি সপোন ২০২২ ত কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰা, এই ক্ষেত্ৰত এই খাদ্য সংসাধন উদ্যোগে যে এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব, সেইটো নিশ্চিত।

উন্নয়নৰ ধাৰাত, সময়ৰ গতিৰ লগত খোজ 8মিহলাই চলিব পৰাকৈ অসমৰ গ্ৰাম্য জীৱনৰ কিছু আনুসংগিক সমস্যাৰ অতি ক্ষীপ্ৰতাৰে বৈজ্ঞানিক তথা দুৰদৰ্শী দৃষ্টিভ্ংগীৰে নিদান কৰাটো আজিৰ সময়ৰ আহ্বান। এই ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট মহ’লে আগভাগ ল’ব লাগিব। অসমৰ প্ৰচুৰ সম্ভাৱনীয়তাক আকোৱালী লৈ সমৃদ্ধিশালী অসম গঢ়িবৰ বাবে আজিৰ প্ৰজন্মই সততা, নিষ্ঠা আৰু স্বদেশপ্ৰেমৰ ভেটিত ব্যৱসায়িক মনোবৃত্তিৰে আগুৱাই আহিব লাগিব। অন্যথা এডভাণ্টেজ অসম (Advantage Assam) ৰ দৰে যুগানুকুল পদক্ষেপো অবুজ সাথৰ হিচাপে পৰিগণিত হ’ব। প্ৰাকৃতিক ভাৰসাম্য আৰু সেউজীয়াক যুগমীয়া কৰি ধৰি ৰাখিবলৈ হ’লে অসমত কৃষি, কৃষিজাত সামগ্ৰী তথা খাদ্য সংসাধন উদ্যোগৰ বিকল্প দেখা নাযায়। বৰা চাউল, কোমল চাউল, ৰঙা চাউলকে আদি কৰি বিভিন্নজাতৰ নেমু, অনন্য প্ৰকৃতিয়ে আমাক দিয়া বিভিন্ন ধৰণৰ ফল-মুল ঔষধি গছ বিশ্বৰ আন ঠাইত বিৰল। গুণ সংৱদ্ধন (Value Addition)কৰি ভিমকলৰ পৰা বনোৱা ভিমভিটা( ইন্দুকল্প ভৰালী, মাজুলী) আদিৰ দৰে প্ৰচেষ্টাইহে অসমক বৈভৱশালী কৰি তুলিব। মাটিৰ মুল্যাংকন কৰি উচিত ব্যৱহাৰ, বিজ্ঞানসন্মত খেতি আদিৰ সজাগতাৰ লগতে কৃষক সকলক আৰ্থিক উপাৰ্জনৰ নিশ্চয়তা প্ৰদান কৰিব পৰাকৈ চৰকাৰ তথা সংশ্লিষ্ট মহল সাজু হ’ব লাগিব। শস্য সংৰক্ষণ, শস্য বীমা, হিমঘৰ (Cold Storage) আদিৰ সুবিধা সকলো স্থানতে প্ৰাথমিক পৰ্য্যায়ত ব্যৱস্থা কৰিব লাগিব। চৰকাৰ, উদ্যোগী আৰু  কৃষকৰ মাজত সু সম্পৰ্ক তথা সময়োপযোগী পদক্ষেপেহে Advantage Assam ক বাস্তৱক্ষেত্ৰত সফল ৰুপায়ণ কৰিব। খাদ্য সংসাধন উদ্যোগ আৰু বজাৰৰ মাজৰ নিয়ন্ত্ৰিত অৰ্থব্যৱস্থাইহে কৃষকক উপকৃত কৰিব। আদা, ভোটজলকীয়া, আদিৰ পৰিৱৰ্ত্তীত সামগ্ৰী (Processed Product) য়ে ইতিমধ্যে বিশ্বৰ বজাৰ দখল কৰিছে। অসমৰ ঔৰুষ, মহিলা, যুৱক আদি সকলোৰে নিয়োজন তথা অৰ্থ উপাৰ্জনৰ এক সোণালী পথ হ’ব পাৰে এই খাদ্যৰ সংসাধন উদ্যোগ। এডভানটেজ অসম (Advantage Assam) ৰ এক উল্লেখনীয় সংযোজন হ’ব এই খাদ্য সংসাধন উদ্যোগ (Food Processing Indestry) আৰু কৃষি উদ্যোগ। এই অনুষ্ঠানে বিশ্বৰ বহুত উদ্যোগপতিৰ দৃষ্টি অসমৰ ব্যৱসায়ৰ বাবে আকৃষ্ট কৰিব। বৃহৎ খাদ্য সংসাধন উদ্যোগ হ’লে প্ৰচুৰ কৃষিজাত কেঁচা সামগ্ৰীৰ প্ৰয়োজন হ’ব ,যিয়ে অসমৰ কৃষি ক্ষেত্ৰৰ এক নতুন গতি প্ৰদান কৰিব।

অসমৰ মহিলাৰ হাতৰ পৰশত প্ৰাণ পোৱা তিল পিঠা, ঘিলা পিঠা, মাহ-কৰাই, চুঙা পিঠা, জলপান আদিৰ কথা কৈ শেস কৰিব নোৱাৰি। মাথো এই প্ৰতিভাক পৰিৱৰ্তীত সময়ৰ লগত খাপ খোৱাই কিছু গুণ সংবৰ্দ্ধন (Value Addition) আৰু সংৰক্ষণ(Preservation) কৰি বিশ্বৰ বজাৰলৈ উলিয়াই দিব লাগিব। যদি বিশ্বৰ অন্যান্য দেশৰ পিজ্জা, বাৰ্গাৰ আদিয়ে গুৱাহাটীত বজাৰ দখল কৰিব পাৰে, তেন্তে আমিও আমাৰ ঘিলা পিঠা, তিল পিঠা, খৰিছা, বাঁহৰ গাজ, কলপচলা আদি বিশ্বত বেচিব পাৰিম। লাগে মাথো আত্মবিশ্বাস, নিষ্ঠা, সততা আৰু উদ্যম লগতে ব্যৱসায়িক মনোবৃত্তি। গোৱালপাৰা, নগাওঁ, বৰপেটা আদিত কৃষকে উচিত মুল্য নাপাই হেজাৰ-হেজাৰ কুইণ্টল বিলাহী, আলু বজাৰতে পেলাই থৈ আহে সেইটো সৰ্বজনবিদিত। যদি এই বিলাহীৰ চচ, আলুৰ চিপচ বনাব পাৰো তেন্তে আমি গোটেই বছৰ খোৱাই নহয় সেই সামগ্ৰী অসমৰ বাহিৰৰ বজাৰলৈও পঠাব পাৰিম। প্ৰাকৃতিক দুৰ্যোগ, বানপানীৰ সময়ত হেজাৰজন ভোকাতুৰ ভয়াবহ ছবি আমাৰ সকলোৰে চকুত জল-জল পট পটকৈ ধৰা দিয়ে, সেই সময়ত এই পৰিৱৰ্ত্তীত সামগ্ৰী (Processed Product)ৰ দ্বাৰা সেই অভাৱ আমি পুৰণ কৰিব পাৰো।  FPO , সমবায় , আত্মসহায়ক গোট (SHG), ক্লাষ্টাৰ (Cluster) আদিৰ মাধ্যমত আমি এই উদ্যোগৰ হাতত ধৰি নতুন দিগন্তৰ ফালে ধাৱমান হ’ব লাগিব। এই ক্ষেত্ৰত নাবাৰ্ড (NABARD), বিভিন্ন চৰকাৰী আঁচনি আদিৰ আমি সহায় ল’ব পাৰো। দৰ্ং জিলাৰ মঙলদৈত থকা ৰিপ’জ (Repose), পুৰৱী গাখীৰ, সীতাজখালা দুগ্ধ উৎপাদক সমবায় আদিৰ বৰ্দ্ধিত চাহিদাই অসমত এই খাদ্য সংসাধন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ ইংগিত বহন কৰে। আন নালাগে অসমৰ বহু মানুহৰ ঘৰত পাকঁঘৰলৈ চকু দিলেই দেখা যায়-হালধী, আদা-নহৰুৰ পেষ্ট অন্যান্য জাতীয় মছলা জাতীয় সামগ্ৰী বৃহৎ কোম্পানীৰ পৰা ক্ৰয় কৰিব লাগে। সেয়ে এই খাদ্য সংসাধন উদ্যোগে অসমৰ গ্ৰাম্যঅৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব বুলি ভবাৰ থল আছে। অসমৰ ঠলুৱা জাতৰ পকা আম থকাৰ বাবে আমি খাব নোৱাৰো, কিন্তু কেঁচা কলি আমৰ আচাৰ বনাই বিশ্বৰ বজাৰ দখল কৰিব পাৰো কাৰণ ই টেঙা আৰু সু-স্বাদু।

অসমৰ লোক সাহিত্যটো এই খাদ্য সংসাধন উদ্যোগৰ চানেকি দেখা যায়-

তোমাৰ বাৰীৰ বাঁহগজ

তাৰে কৰিলো খৰিচা

তোমাকে বেচি ধান দোণ ল’লে

কথাটো মন কৰিছা….?

এডভানটেজ অসম (Advantage Assam)নিশ্চিতভাৱে চৰকাৰৰ সময়োপযোগী পদক্ষেপ। ইতিহাসে কয় কৃষকে সভ্যতাৰ সুচাংক নিৰুপণ কৰে, মাথো এতিয়া কৃষি আৰু উদ্যোগ একেলগে আগবাঢ়িব লাগিব। তেতিয়াহে বিকশিত অসমৰ স্বপ্ন আৰু এডভানটেজ অসম( Advantage Assam) সঁচা অৰ্থত আমাৰ চাক্ষুস হ’ব। কবি ৰাম গগৈৰ ভাষাত-

কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ

তুমি প্ৰাণময় মোহময় জীৱন-মালিকা।

পথাৰ তোমাৰো স্বীকৃতি আছে তুমি কোনোবা

আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস।

আৰু সভ্যতাৰ স্তৰে-স্তৰে একোটা নিৰ্ণয় সুত্ৰ।

লেখক: শ্ৰী কৃষ্ণকান্ত বৰা

শেহতীয়া উন্নীতকৰণ: : 10/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate