সঞ্চয় জমা হিচাপ:
সঞ্চয় জমা হিচাপ হৈছে এক বহুমুখী আৰু জনপ্ৰিয় বেংকিং সেৱা,যাৰ জৰিয়তে টকা-পইচা জমা কৰা,উঠোৱা,অন্য ব্যক্তি/স্থানলৈ টকা-পইছা পথোৱা কাৰ্য্য আদি কৰিব পাৰি।এই শিতানৰ মুখ্য সুবিধাসমূহ হ’ল-
- একক/যুটীয়া ভাবে লেন-দেন
- নাবালকৰ বাবে হিচাপ খোলাৰ সুবিধা
- অনুষ্ঠান/সমবায়ৰ হিচাপ
- নিম্নতম জমা 500 টকা(চেক বুক নোহোৱাকৈ)আৰু 1000 টকা(চেক বুকৰ সৈতে)
- 40টা চেক পাত বিনামুলীয়া(এক বিত্তীয় বৰ্ষত)
- বেংকৰ যি কোনো শাখাৰ পৰা লেন-দেনৰ সুবিধা
- আকৰ্ষণীয় সুদৰ হাৰ(শতকৰা 4 টকা)
- বেংক ড্ৰাফট আদি ক্ৰয় কৰাত কমিছন ৰেহাইৰ ব্যৱস্থা
- RTGS/NEFTৰ সুবিধা
- নমিনেচনৰ সুবিধা(জমাধনৰ উত্তৰাধীকাৰী মনোনীতকৰণৰ সুবিধা)
- ATM সেৱা ইত্যাদি।
ন’ফ্ৰিল সঞ্চয় হিচাপ:
ন’ফ্ৰিল সঞ্চয় হিচাপ হৈছে কম উপাৰ্জন কৰা পৰিয়াল সকললৈ বেংকিং সেৱা আগবঢ়োৱাবলৈ এক বিশেষ ব্যৱস্থা।এই শিতানত মুখ্য সুবিধাসমূহ হ’ল-
- নিম্নতম শূণ্য জমাত হিচাপ খোলা
- সহজ নথি-পত্ৰৰে হিচাপ খুলিব পাৰি
- নমিনেচনৰ সুবিধা(জমাধনৰ উত্তৰাধীকাৰী মনোনীতকৰণৰ সুবিধা)
ম্যাদি জমা শিতান(Fixed Deposit):
এই শিতানত কোনো ব্যক্তি,সমবায়,আত্ম সহায়ক গোট,অনুষ্ঠান আদিয়ে উপযুক্ত নথি-পত্ৰ দাখিল কৰি এক নিৰ্দিষ্ট সময়ৰ বাবে টকা জমা থব পাৰে।
সুবিধা সমূহ-
- আকৰ্ষনীয় সুদৰ হাৰ
- 15 দিনৰ পৰা 10 বছৰ কালৰ সময়সীমা
- জমা হোৱা সুদ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত উঠাব বা নিজৰ সঞ্চয় হিচাপলৈ নিব পাৰিব
- জমা টকাৰ 80 শতাংশলৈ ঋণ প্ৰদান
- নমিনেচনৰ সুবিধা(জমাধনৰ উত্তৰাধীকাৰী মনোনীতকৰণৰ সুবিধা)
- প্ৰয়োজন সাপেক্ষে পৰিপক্কতাৰ আগেয়ে উঠাব পাৰিব
- জ্যেষ্ঠ নাগৰিকৰ বাবে অতিৰিক্ত সুদৰ হাৰ
- জমা ৰখা টকাৰ উচ্চতম সীমা নাই
পুনৰ বিনিয়োগ ম্যাদি জমা(RIPD):
এই শিতানত কোনো ব্যক্তি,সমবায়,আত্ম সহায়ক গোট,অনুষ্ঠান আদিয়ে উপযুক্ত নথি-পত্ৰ দাখিল কৰি এক নিৰ্দিষ্ট সময়ৰ বাবে টকা জমা থব পাৰে।
সুবিধা সমূহ-
- আকৰ্ষণীয় সুদৰ হাৰ
- 1 বছৰৰ পৰা 10 বছৰ কালৰ সময়সীমা
- জমা টকাৰ 75 শতাংশলৈ ঋণ প্ৰদান
- নমিনেচনৰ সুবিধা(জমাধনৰ উত্তৰাধীকাৰী মনোনীতকৰণৰ সুবিধা)
- প্ৰয়োজন সাপেক্ষে পৰিপক্কতাৰ আগেয়ে উঠাব পাৰিব
- জ্যেষ্ঠ নাগৰিকৰ বাবে অতিৰিক্ত সুদৰ হাৰ
- নিম্নতম জমা 1000.00 আৰু জমা ৰখা টকাৰ উচ্চতম সীমা নাই
- সুদ চক্ৰবৃদ্ধি হাৰত প্ৰদান কৰা হয়।
পুনৰ আৱৰ্তক জমা আঁচনি(Recurring Deposit)
এই শিতানত কোনো ব্যক্তি,সমবায়,আত্ম সহায়ক গোট,অনুষ্ঠান আদিয়ে উপযুক্ত নথি-পত্ৰ দাখিল কৰি মাহিলি কিষ্টি হিচাপত এক নিৰ্দিষ্ট সময়ৰ বাবে টকা জমা থব পাৰে।
সুবিধা সমূহ-
- আকৰ্ষণীয় সুদৰ হাৰ
- জমা থোৱাৰ সময়সীমা 12 মাহৰ পৰা 120 মাহলৈ]
- জমা টকাৰ ওপৰত 80 শতাংশলৈ হ্ৰস্বকালীন ঋণ প্ৰ্দান
- নমিনেচনৰ সুবিধা(জমাধনৰ উত্তৰাধীকাৰী মনোনীতকৰণৰ সুবিধা)
- প্ৰয়োজন সাপেক্ষে পৰিপক্কতাৰ আগেয়ে উঠাব পাৰিব
- জ্যেষ্ঠ নাগৰিকৰ বাবে অতিৰিক্ত সুদৰ হাৰ
- মাহিলি কিষ্টিৰ উচ্চতম সীমা নাই।
উৎস:এপেক্স বেংক