অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য সুৰক্ষা আঁচনি

খাদ্য সুৰক্ষা বিধেয়ক

শাসনাধিষ্ঠিত কংগ্ৰেছ নেতৃত্বাধীন ইউ.পি.এ চৰকাৰে অলপতে গ্ৰহণ কৰা খাদ্য সুৰক্ষা আঁচনিখনে সম্প্ৰতি সমগ্ৰ দেশতে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ মুঠ জনসংখ্যাৰ ৬৭ শতাংশকে অৰ্থাৎ ৮৫ কোটি লোককে সামৰি ল’ব লগা এই আঁচনিৰ জৰিয়তে খাদ্যৰ নিৰাপত্তা সুনিশ্চিত কৰিব খোজা হৈছে। আঁচনিখনৰ বাবে প্ৰয়োজন হোৱা খাদ্য শস্যৰ বাবদ প্ৰতি বছৰে বহু হাজাৰ কোটি টকা চৰকাৰী ৰাজকোষৰ পৰা ওলাই যাব। এই আঁচনিয়ে ভাৰতক বিশ্বৰ কেইখনমান দেশৰ সৈতে এটা শ্ৰেণীলৈ লৈ যাব। যিবোৰ দেশত অধিকাংশ নাগৰিকৰ বাবে খাদ্যৰ নিশ্চয়তা প্ৰদান কৰিছে। এই আঁচনিয়ে একোজন ব্যক্তিৰ বাবে প্ৰতিমাহে ৫ কিলোগ্ৰাম চাউল, আটা আৰু দানাজাতীয় খাদ্য ক্ৰমে ৩ টকা, ২ টকা আৰু ১ টকাত যোগান ধৰিব। প্ৰতি বছৰে এই আঁচনিৰ অধীনত ৬২ নিযুত টন চাউল, ঘেহু আৰু দানাজাতীয় শস্য যোগান ধৰাৰ নামত ১,২৫,০০০ কোটি টকা ব্যয় হ’ব। লোকসভাত গৃহীত হোৱা খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে দেশৰ ১২০ কোটি নাগৰিকৰ দুই তৃতীয়াংশ ৰাজ সাহাৰ্য্যযুক্ত খাদ্যত আইনী অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বিশ্বৰ এক তৃতীয়াংশ দৰিদ্ৰ লোকৰ বাসস্থান ভাৰতৰ বাবে এই প্ৰভাৱ অভিলাষী। কিয়নো ভাৰতত ৭০ শতাংশৰো অধিক শিশু অপুষ্টিত ভোগে আৰু প্ৰতিবছৰে দেশখনত ১০ নিযুতৰো অধিক লোক ক্ষুধাজনিত ৰোগত মৃত্যুমুখত পৰে। এই বিধেয়কৰ জৰিয়তে দেশৰ ৬৫ শতাংশ লোকক চাউল, আটা আৰু দানাজাতীয় শস্য প্ৰতি কিলোগ্ৰামত ক্ৰমে ২ টকা, ৩ টকা আৰু ১ টকা মূল্যত যোগান ধৰিব বিচৰা হৈছে। এই হিতাধিকাৰীসকলৰ ৭৫ শতাংশ গাও আৰু ৫০ শতাংশ চহৰ অঞ্চলৰ বাসিন্দা। তদুপৰি আন কিছুমান বিশেষ শ্ৰেণীৰ লোকক যেনে, গৃহহীনসকলক দিনটোত কমেও এসাঁজ আহাৰ যোগান ধৰাতো নিশ্চিত কৰিব বিচৰা হৈছে।

খাদ্য সুৰক্ষা অধ্যাদেশৰ বিষয়ে কিছু জানিবলগীয়া কথা

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে জাৰি কৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধ্যাদেশৰ জৰিয়তে দেশৰ ১২০ কোটি জনতাৰ ৬৭ শতাংশ লোকক খাদ্যৰ অধিকাৰ প্ৰদানৰ লক্ষ্য বান্ধিছে। দেশৰ দৰিদ্ৰৰ পৰা দৰিদ্ৰতম, মহিলা আৰু শিশুৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত হোৱা এই আঁচনিৰ অধীনত অধিকাৰ খৰ্ব হ’লে অভিযোগ আৰু শাস্তিৰ ব্যৱস্থাও আছে। ইয়াৰ দ্বাৰা মূলতঃ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সাম্ভাব্য দুৰ্নীতি ৰোধৰ চেষ্টা চলোৱা হৈছে।

এই অধ্যাদেশৰ মূল বৈশিষ্ট্যসমূহ হৈছে নিম্নোক্ত ধৰণৰ::

১) গ্ৰামাঞ্চলৰ ৭৫ শতাংশ আৰু চহৰাঞ্চলৰ ৫০ শতাংশ পৰ্যন্ত লোকক প্ৰতিমাহে ৫ কিলোগ্ৰাম খাদ্য শস্য প্ৰদান কৰা হ’ব। প্ৰতি কিলোগ্ৰামত উচ্চ ৰাজসাহাৰ্য্য যুক্ত দৰত চাউল (৩ টকা), আটা (২ টকা) যোগান ধৰা হ’ব। অতি দৰিদ্ৰ পৰিয়ালসমূহে অন্ত্যোদয়া আঁচনিৰ অধীনত প্ৰতিমাহে ৩৫ কিলোগ্ৰাম খাদ্যশস্য লাভ কৰি থাকিব।

২) হিতাধিকাৰী নিৰ্বাচনৰ দ্বায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ। তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি বা আৰ্থ-সামাজিক আৰু জাতিভিত্তিক পিয়লৰ তথ্যৰ ভিত্তিত এই আঁচনি বলৱৎ কৰিব পাৰে।

৩) মহিলা আৰু শিশুৰ পুষ্টিজনিত দিশত যথেষ্ট গুৰুত্ব দিয়া হৈছে। গৰ্ভৱতী মহিলাই নিৰ্ধাৰিত পুষ্টিসন্মত আহাৰৰ লগতে ছমাহৰ বাবে কমেও ৬,০০০ টকাকৈ মাহিলী সাহাৰ্য্য লাভ কৰিব। ৬ মাহৰ পৰা ১৪ বছৰ পৰ্যন্ত শিশুৱে গৰম ৰন্ধা খাদ্য বা ৰেচম লাভ কৰিব।

৪) খাদ্য শস্য যোগানত অসুবিধা হ’লে কেন্দ্ৰই পুজি যোগান ধৰিব।

৫) যদি হিতাধিকাৰীয়ে খাদ্য শস্য নাপায়, তেন্তে সংশ্লিষ্ট চৰকাৰে কেন্দ্ৰৰ বিধি অনুসৰি খাদ্য সুৰক্ষা ভাট্টা প্ৰদান কৰিব।

৬) ৰাজ্যৰ মাজত সামগ্ৰী পৰিবহণ, চোৱা-চিতা আৰু সুলভ মূল্যৰ দোকানৰ লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহযোগ আগবঢ়াব।

৭) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংশোধন ঘটোৱাৰ ব্যৱস্থা আছে য’ত খাদ্য শস্য যোগান ধৰা, কম্পিউটাৰকৰণসহ তথ্য আৰু যোগাযোগৰ আবেদন আদিৰ যোগেদি অধ্যাদেশৰ কাৰ্য্যকৰীকৰণৰ ব্যৱস্থা কৰা হ’ব।

৮) ৰেচন কাৰ্ডৰ ক্ষেত্ৰত ঘৰৰ সবাতোকৈ বয়োজ্যেষ্ঠ মহিলা (১৮ বছৰৰ উৰ্দ্ধৰ)গৰাকী ঘৰৰ মুৰব্বীৰূপে বিবেচিত হ’ব। যদি তেনে সদস্য নাথাকে তেন্তে বয়োজ্যেষ্ঠ পুৰুষগৰাকী ঘৰৰ মুৰব্বীৰূপে বিবেচিত হ’ব।

৯) অভিযোগ নিষ্পত্তিৰ বাবে ৰাজ্যিক আৰি জিলা পৰ্য্যায়ৰ ব্যৱস্থা থাকিব। ৰাজ্যসমূহক তেওঁলোকে বিচাৰিলে ৰাজ্যিক খাদ্য আয়োগৰ জিলা অভিযোগ নিষ্পত্তিকৰণ বিষয়াৰ বাবে চলিত ব্যৱস্থা ব্যৱহাৰৰ অনুমতি দিয়া হ’ব। ইয়াৰ উদ্দেশ্য হৈছে নতুন ব্যৱস্থা গঢ় দিয়াৰ বাবে হ’ব লগা ব্যয়ৰ পৰা হাত সৰা। এনে ব্যৱস্থাক কল চেন্টাৰ, হেল্পলাইন আদিও থাকিব পাৰে।

১০) সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ-নিকা কৰি ৰাখিবলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থা, ছ’চিয়েল অডিটৰ তথ্য সদৰি কৰাৰ ব্যৱস্থা আছে। লগতে ভিজিলেন্স কমিটি গঠনৰো ব্যৱস্থা আছে।

১১) জিলা অভিযোগ নিষ্পত্তি বিষয়াৰ পৰামৰ্শ অনুসৰি কাম কৰাত ব্যৰ্থ বিষয়া কৰ্মচাৰীৰ শাস্তিৰ ব্যৱস্থাও ইয়াত আছে।

খাদ্য সুৰক্ষা অভিযান, অসম

উৎস: খাদ্য সুৰক্ষা অভিযান, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate