অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলা

    গোৱালপাৰা নামৰ উৎপত্তি -

  • প্ৰাচীন কালত গোৱালপাৰা জিলাৰ পৰিসৰ বৃহৎ আছিল। বাংলাদেশ আৰু পশ্চিমবংগৰ বহুখিনি অঞ্চল সামৰি বৰ্তমানৰ ৰংপুৰ, কোচবিহাৰ, জলপাইগুৰিকে ধৰি এক বৃহৎ অঞ্চল গোৱালপাৰা জিলাৰ অন্তৰ্গত আছিল। তেতিয়া এই বৃহৎ অঞ্চলৰ নাম আছিল ``ৰত্নপীঠ``।
  • প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল।
  • ১) পশ্চিমৰ কৰতোৱা নদী(বৰ্তমান বাংলাদেশত)ৰ পৰা পূৱে সোনকোষ নদীলৈকে ৰত্নপীঠ।
  • ২) সোনকোষ পৰা ৰূপহী নদলৈকে কামপীঠ।
  • ৩) ৰূপহীৰ পৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ।
  • ৪) ভৰলীৰ পৰা দিকৰাইলৈ সৌমৰপীঠ।
  • পশ্চিমৰ সেই ৰত্নপীঠে আজিৰ গোৱালপাৰা(অবিভক্ত) জিলা।প্ৰাচীন কালত অসম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে প্ৰসিদ্ধ আছিল। প্ৰাগজ্যোতিষপুৰৰ সীমা পশ্চিম কৰতোৱা নদী(বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপ সাগৰ লৈ বিস্তৃত আছিল। তেনেদৰে বৰ্তমান অসম, বাংলাদেশ আৰু ভূটান প্ৰাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল।
  • সেই প্ৰাচীন কালত ব্ৰহ্মপাল(আঃ ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পাল বংশৰ পাতনি মেলে। অৱশ্যে ব্ৰহ্মপালৰ আগতে বহুতো বংশৰ বহুত ৰজাই এই অঞ্চলবোৰ বা কামৰূপত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ পিছত ক্ৰমে ৰত্নপাল(আঃ ১০১০-১০৪০), ইন্দ্ৰপাল(১০৪০-১০৬৫), গোপাল(১০৬৫-১০৮০), হৰ্ষপাল(১০৮০-১০৯৫), আৰু ধৰ্মপাল(১০৯৫-১১২০) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ সময়ত ৰাজ্যৰ পশ্চিম অংশত ``গাল্লিটিপ্পক`` বিষয়ত মহামাণ্ডলিক আছিল ঈশ্বৰঘোষ আৰু ঈশ্বৰঘোষৰ তাম্ৰলিপিত ``গাল্লিটিপ্পক`` বিষয়ৰ উল্লেখ আছে। ধৰ্মপালে ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে আৰু তেতিয়াৰ কামৰূপ নগৰ হয়তো বৰ্তমানৰ উত্তৰ গুৱাহাটী। ধৰ্মপালে `কামৰূপ নগৰ` ৰাজধানীৰ পৰা শাসন কৰিছিল আৰু তেতিয়াৰ পৰাই সেই ঈশ্বৰঘোষৰ তাম্ৰলিপিত থকা `গাল্লিটিপ্পকেই` গৈ পিছলৈ গোৱালপাৰা হয়।
  • ইতিহাস -

  • চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাৰ আঁত ধৰি চাৰ এডোৱাৰ্ড গেইটে মন্তব্য কৰিছে যে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজধানী গোৱালপাৰা জিলাত নতুবা কোচবিহাৰত আছিল। ১৭৭৫ চনত গোৱালপাৰা জিলা বৃটিচসকলৰ অধীনলৈ আহে। বৃটিচসকলৰ হাতলৈ অহাৰ আগলৈকে গোৱালপাৰা কোচ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৯২৬ চনত ইয়াণ্ডাবু সন্ধি যোগে বৃটিচে অসম দখল কৰে। ১৮২৬ চনত গোৱালপাৰা জিলাক বৃটিচ অসমৰ সৈতে সংযুক্ত কৰা হয় আৰু জিলাখনৰ সদৰ কাৰ্যালয় ধুবৰীত স্থাপন কৰা হয়।
  • ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনৰ ৩ টা মহকুমা- গোৱালপাৰা, ধুবৰী আৰু কোকৰাঝাৰক জিলা পৰ্যায়লৈ উন্নিত কৰা হয়। নতুনকৈ গঠিত গোৱালপাৰা জিলাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। জিলাখনক ২ টা মহকুমাত বিভক্ত কৰা হয়- ১) গোৱালপাৰা মহকুমা আৰু ২)উত্তৰ শালমাৰা মহকুমা।[3]১৯৮৯ চনত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বিভাজন ঘটাই বঙাইগাঁও জিলা গঠন কৰা হয়। ফলস্বৰূপে উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত চামিল হয়। বৰ্তমান গোৱালপাৰা জিলাৰ মহকুমা মাত্ৰ এটা।[3]
  • ভৌগোলিক বিৱৰণ -

  • গোৱালপাৰা জিলাৰ অৱস্থানঃ
    ২৫.৫৩- ২৬.৩০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.০৭-৯১.০৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।[4]। মাটি কালি ১,৯১১ বৰ্গ কিলোমিটাৰ।[5] বেছি অংশ সমভূমি যদিও কিছু চাপৰ হাবিময় পাহাৰ অঞ্চলো আছে। জিলাখনৰ পাহাৰবোৰ হ'ল- পঞ্চৰত্ন, শ্ৰীসূৰ্য, তুক্ৰেশ্বৰী, নলঙা আৰু পাগলাৰটেক। এই পাহাৰবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ ৰ পৰা ৫০০ মিটাৰৰ ভিতৰত।
  • নদ-নদী আৰু বিল
    গোৱালপাৰা জিলাৰ উত্তৰ দিশেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। এই নদীখনে জিলাখনত বহুতো বাসপোযোগী চৰ-চাপৰিৰ সৃষ্টি কৰিছে। জিলাখনৰ আনকেইখন নদী হ'ল- দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আৰু জিনাৰী। দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে। জিলাখনৰ বিলসমূহ হ'ল- কুম্ ৰি বিল, ধামাৰ বিল, উৰপদ বিল।
  • জলবায়ু -


  • জুলাই-আগষ্ট মাহত জিলাখনৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩° চেলচিয়াচলৈকে উঠে আৰু জানুৱাৰী মাহত নিম্নতম ৭° চেলচিয়াচলৈ নামে। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত জিলাখনত ধাৰাষাৰ বৰষুণ হয়। ২০০২ চনত জিলাখনৰ বৃষ্টিপাতৰ পৰিমাণ আছিল ২৪২৪ মিঃমিঃ।
  • চাৰিসীমাঃ
  • উত্তৰে ব্ৰহ্মপুত্ৰ নদী
  • পূবে কামৰূপ
  • দক্ষিণে মেঘালয়ৰ পূব গাৰোপাহাৰ আৰু পশ্চিম গাৰোপাহাৰ জিলা
  • পশ্চিমে ধুবুৰী।
  • অৰ্থনীতি
  • ২০০৬ চনত ভাৰত চৰকাৰে ভাৰতৰ অতি পিছপৰা ২৫০ খন জিলাৰ ভিতৰত গোৱালপাৰাকো অন্তৰ্ভূক্ত কৰিছে। গোৱালপাৰা জিলা 'পিছপৰা অঞ্চল অনুদান পূঁজি' (Backward Regions Grant Fund Programme) লাভ কৰা অসমৰ ১১ খন জিলাৰ অন্যতম।
  • ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি -

  • বিধানসভা আৰু লোকসভা সমষ্টি
    জিলাখনত মুঠ ৪ টা বিধান সভাৰ সমষ্টি আছে- ৩৬ নং দুধনৈ সমষ্টি, ৩৭ নং গোৱালপাৰা পূব সমষ্টি, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টি। [9] দুধনৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি।[9] দুধনৈ সমষ্টি গুৱাহাটী লোকসভাৰ আৰু আন ৩ টা ধুবৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।[
  • ৰাজহ চক্ৰ ৫টা
  • লক্ষীপুৰ
  • বালিজানা
  • মাটিয়া
  • দুধনৈ
  • ৰংজুলি
  • উন্নয়ন খণ্ড ৮ টা
  • মাটিয়া
  • লক্ষীপুৰ
  • জলেশ্বৰ
  • বালিজানা
  • কৃষ্ণাই
  • কোচধোৱা
  • ৰংজুলি
  • খাৰমোজা
  • পৌৰ নগৰ ২ খন
  • গোৱালপাৰা
  • লক্ষীপুৰ
  • জিলাখনৰ গাঁও পঞ্চায়ত ৮১ খন আৰু ৰাজহ গাঁও ৮৩৪ খন।
  • জন-গাঁথনি -

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা জিলাৰ জনসংখ্যা ১,০০৮,৯৫৯ জন। জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত ৪৪৪ নং স্থান লাভ কৰিছে। ২০০১- ২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ২২.৭৪%। ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬২ জনী। সাক্ষৰতাৰ হাৰ ৬৮.৬৭%। জিলাখনত বাস কৰা প্ৰধান সম্প্ৰদায়বোৰ হ'ল- ৰাভা, গাৰো, হাজং, কলিতা, কোচ ৰাজবংশী, দেশী মুছলমান ‚অবিভাষী মুছলমান‚বড়ো ইত্যাদি।
  • উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ -

  • পূৰাতাত্বিক আৰু ঐতিহাসিক অঞ্চল
  • শ্ৰীসূৰ্য পাহাৰ
  • টুক্ৰেশ্বৰী পাহাৰ
  • কেপ্তেইন বেলিৰ সমাধি
  • প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক ক্ৰীড়া
  • কুমৰি বিল
  • ঢামাৰ বিল
  • উৰপদ বিল
  • ৰাক্ষসীনী পাহাৰ
  • হুলুকান্দা পাহাৰ
  • দুধখোৱা পাহাৰ
  • ধৰ্মীয় স্থান
  • পাগলাটেক মন্দিৰ
  • বুঢ়াবুঢ়ী থান
  • নৰসিংহ মন্দিৰ
  • জয়ভূম কামাখ্যা মন্দিৰ
  • নন্দেশ্বৰ দেৱালয়
  • শংকৰ মঠ
  • চৈতন্য গৌড়ীয় মঠ
  • গোৱালপাৰা নগৰৰ পীৰ মাজাৰ
  • জলেশ্বৰৰ পীৰ মাজাৰ
  • গোৱালপাৰা জিলাৰ সমূহ তথ্য নিম্নলিখিত উৎস -

    উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate