অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰপেটা জিলাৰ শিল্প আৰু সংস্কৃতি

মহান সাংস্কৃতিক ৰাষ্ট্ৰদূত শ্ৰীমন্ত শংকৰদেৱে বৰপেটাক বিভিন্ন সাংস্কৃতিক দিশত চহকী কৰি থৈ গৈছে যিটো সমগ্ৰ ৰাজ্যৰে অবিচ্ছেদ্য অংগ।

বৰগীত

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ধৰ্মীয় সংগীত “বৰগীত”অঞ্চলটোত এতিয়াও জনপ্ৰিয়।

অঙ্কীয়া গীত

অংকীয়া নাট আৰু নৃত্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া গীত ৰচনা কৰিছিল। এই গীত দৌল উৎসৱ, মহাপুৰুষ দুজনাৰ তিথি আৰু বিশেষ অনুষ্ঠান কিছুমানত পৰিৱেশন কৰা হয়।

হোলীগীত

হোলীগীত বৰপেটা সত্ৰত সৃষ্ট এক অনন্য সমবেত সংগীত, যি সমগ্ৰ ৰাজ্যজুৰি বিস্তৃত। এই হোলিগীতসমূহ দৌল উৎসৱত পৰিৱেশন কৰা হয়।

লোক গীত

অবিভক্ত কামৰূপত স্থানীয় লোকৰ চিন্তা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা জনপ্ৰিয় কামৰূপী লোকগীত বৰপেটাত জনপ্ৰিয়। ইয়াৰোপৰি দৈনন্দিন কাম-কাজৰ লগত জড়িত বিয়াগীত, নাও খেলৰ গীত, ম’হ খেদা গীত, ল’ৰা-ধেমালিৰ গীত, বৰশীবোৱা গীত, নিচুকনি গীত, বিভিন্ন ধৰণৰ বিহুগীত আদিও এই অঞ্চলত জনপ্ৰিয়।

নৃত্য

মধ্যযুগত দেওধানী নৃত্য এই অঞ্চলত জনপ্ৰিয় আছিল। শ্ৰীমন্ত শংকৰদেৱে সৰ্বসাধাৰণৰ মাজত সত্ৰীয়া নৃত্য জনপ্ৰিয় কৰি তুলিছিল। ইয়াৰ বাহিৰেও কৃষ্ণ নৃত্য, কালিয় দমন নৃত্য, দশাৱতাৰ নৃত্য, ঝুমুৰা নৃত্য, চালি নৃত্য, সূত্ৰধাৰী নৃত্য, গোপী নৃত্য, ৰাজা নৃত্য, ৰাণী নৃত্য আদি নৃত্য শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা এই অঞ্চলত প্ৰচলিত নৃত্য। এই নৃত্যসমূহ সত্ৰসমূহত পৰিৱেশন কৰা হয়। ওজাপালি নৃত্য এই অঞ্চলত প্ৰচলিত আন এক জনপ্ৰিয় নৃত্য।

পলিগীত

পলিগীত প্ৰকৃততে পূৰ্ব বঙ্গৰ লোক সংগীত যিয়ে বৰপেটাত থলুৱা লোকগীতৰ সংমিশ্ৰণত গোৱা হয়। ই গোৱালপৰীয়া লোকগীতৰ পৰা সম্পূৰ্ণ বেলেগ। মঈতনবাৰী, বাঘবৰ, কয়াকুছি, খংগ্ৰা, কুকাৰপাৰ, কলগছিয়া, কামুলিপাৰা আদি বৰপেটাৰ দাঁতি কাষৰীয়া অঞ্চলত পলিগীত শুনিবলৈ পোৱা যায়।

নাটক আৰু থিয়েটাৰ

শংকৰদেৱে জনপ্ৰিয় কৰি থৈ যোৱা পৌৰাণিক নাট্য ভাওনা অঞ্চলটোৰ এক আকৰ্ষণৰ কেন্দ্ৰ। ভাওনাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ৰঙ-বিৰঙৰ পোছাক পৰিধান কৰে। নাটকৰ জনপ্ৰিয়তাৰ লগে লগে আধুনিক নৃত্যয়ো জনপ্ৰিয়তা লাভ কৰি আহিছে। এই নাটসমূহে ব্যৱসায়িক ভ্ৰাম্যমান নাট্যদলৰো জন্ম দিছে।

যাত্ৰা নাট

ই থিয়েটাৰ আৰু নাটকৰ পুৰণি ৰূপ। বৰপেটাৰ লগতে সমগ্ৰ জিলাখনতেই প্ৰধানতঃ গ্ৰামাঞ্চলসমূহত এই নাট পৰিৱেশন কৰা হয়। সাংস্কৃতিক মূল্যবোধৰ ফালৰ পৰা এই নৃত্য সম্ভ্ৰান্ত।

পৰম্পৰাগত শিল্প


হস্তশিল্প

বাঁহ-বেতেৰে সজোৱা দৈনন্দিন ব্যৱহাৰ্য আহিলাসমূহৰ উপৰিও সৌন্দৰ্যবৰ্দ্ধক আহিলা, ফাৰ্ণিচাৰ, উপহাৰ সামগ্ৰী আদি গ্ৰামাঞ্চলৰ শিল্পীসকলে প্ৰস্তুত কৰে।

কাঁহ-পিতলৰ শিল্প

বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰী কাঁহ-পিতলৰ শিল্পৰ বাবে বিখ্যাৎ । দৈনন্দিন ব্যৱহাৰ্য আহিলা-পাতিৰ উপৰিও শিল্পীসকলে প্ৰস্তুত কৰা চৌখিন আহিলাসমূহো প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে বিদ্যমান। ইয়াত প্ৰস্তুত কৰা বেচ জনপ্ৰিয় আহিলাসমূহৰ ভিতৰত নামঘৰত শৰাই আগবঢ়াবলৈ ব্যৱহাৰ কৰা শৰাই আৰু আলহীক পাণ-তামোল যাঁচিবলৈ ব্যৱহাৰ কৰা বঁটা প্ৰধান।

মৃৎ শিল্প

মৃৎ শিল্প সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় শিল্প। এই শিল্প হীৰা সম্প্ৰদায়ৰ লোকসকলৰ পেচা। দৈনন্দিন ব্যৱহাৰ্য ঐতিহ্যপূৰ্ণ আচবাব সমূহ কুমাৰসকলে তৈয়াৰ কৰে। মহান গানিতজ্ঞ বৰাহমিহিৰ এখন কুমাৰ গাঁৱ লেহি ডংগ্ৰা (এতিয়া ব্ৰহ্মপুত্ৰত জাহ গৈছে) ত আহি থিতাপি লৈছিল বুলি কথিত আছে।

কাঠৰ শিল্প

সত্ৰত সংগৃহীত সামগ্ৰী সমূহৰ ভিতৰত কাঠেৰে নিৰ্মিত বিভিন্ন সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহে কাঠৰ শিল্পীসকলৰ কৌশলী শিল্পকলাক প্ৰতিফলিত কৰে। শিল্পীসকলে গুৰু আসন বা গুৰু স্তম্ভমূল, বিভিন্ন পৌৰাণিক চৰাই আৰু জীৱজন্তুসমূহৰ নক্সা কাঠত খাজ কাটি এই সামগ্ৰীসমূহ তৈয়াৰ কৰিছিল।

মুখা শিল্প

জনজাতীয় কলা আৰু লোক উপাদানেৰে সজোৱা মুখা শ্ৰীমন্ত শংকৰদেৱে ভাওনা বা নাটসমূহত অন্তৰ্ভুক্ত কৰিছিল। মুখাসমূহ পোৰামাটি, মজ্জা, ধাতু, বাঁহ, কাঠ ইত্যাদিৰে সজোৱা হৈছিল।

অলংকাৰ

থলুৱা আৰ্হিত সোণৰ অসমীয়া গহনা গঢ়াৰ বাবে বৰপেটা বিখ্যাত। মহিলাসকলৰ মাজত মধ্যযুগৰেপৰা এই গহনাসমূহ জনপ্ৰিয় হৈ আহিছে।

চিত্ৰাংকন

চিত্ৰ কৰ্মসমূহে মধ্যযুগৰ কাম কাজক প্ৰতিফলিত কৰে। সত্ৰত থকা চিত্ৰসমূহে চিত্ৰশিল্পী সমূহৰ কৌশলী কৰ্মৰ পৰিচয় দাঙি ধৰে।

হাতীদাঁতৰ শিল্প

শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰাই হাতীদাঁতৰ বিভিন্ন গহনা, পুতলা, দেৱ-দেৱীৰ মূৰ্ত্তি, জীৱ-জন্তুৰ মূৰ্ত্তি, ফণী আদি সামগ্ৰী অভিজ্ঞ শিল্পীসকলে তৈয়াৰ কৰি আহিছে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate