অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী :

গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী :

 

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰামাঞ্চলৰ সাৰ্বজনীন বিকাশৰ লগতে গ্ৰামাঞ্চলৰ পুৰুষ-মহিলা উভয়ৰে কল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এখন কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনি হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী। উক্ত আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰে আৱাস যোজনা(গ্ৰামীণ)ৰ বাবে প্ৰয়োজনীয় ৰাজমিস্ত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে ১৬ হাজাৰ লোকক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। নতুনকৈ ৰাজমিস্ত্ৰী হ’বলৈ যিসকল ইচ্ছুক তেওঁলোকক ৪৫ দিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আনহাতে ৰাজমিস্ত্ৰী হিচাপে অভিজ্ঞসকলক ২১ দিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষকে উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত ২৯৫ ৰাজমিস্ত্ৰীক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ’ব। ইতিমধ্যে এই গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী ৪ খন জিলা আৰু ১৫ টা ব্লকত আৰম্ভ কৰা হৈছে। অনাগত দিনত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। উক্ত ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ’ব। পুৰুষ-মহিলা উভয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ কাৰ্যসূচীৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰশিক্ষণপ্ৰাপ্ত ৰাজমিস্ত্ৰীসকলক হিতাধিকাৰীয়ে গৃহ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিব। আঁচনিখনৰ বিষয়ে বিতংকৈ জানিবলৈ হ’লে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসম চৰকাৰৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate