মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয় বিভাগৰ বিশেষ আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয় বিভাগৰ বিশেষ আঁচনি

চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয় বিভাগৰ বিশেষ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিটজোঁটৰ চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে। চৰকাৰখনে বিভিন্ন আঁচনি ৰূপায়ণৰ যোগেদি জাতি-জনগোষ্ঠীসমূহৰ সামগ্ৰিক বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰি আহিছে। শেহতীয়াকৈ অসম চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা অসমত বসবাস কৰা চাহ জনজাতিসকলৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰিছে। উক্ত আঁচনিৰ অধীনত বৃদ্ধ/বৃদ্ধা লোকসকলৰ বাবে ৬,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। ইয়াৰ বাবে আৱেদনকাৰীসকলে-

*আৱেদনকাৰীৰ নাম,

*আৱেদনকাৰীৰ পিতৃ/মাতৃ/স্বামীৰ নাম,

*আৱেদনকাৰীৰ বৰ্তমানৰ ঠিকনা, গাওঁ/চহৰ, আৰক্ষী থানা, মহকুমা, জিলা আৰু যোগাযোগ নম্বৰ, জাতিৰ প্ৰমাণপত্ৰ,

*১/১/২০১৮ তাৰিখত আৱেদনকাৰীৰ বয়স,

*বাৰ্ষিক আয়,

*যোৱা ৩ বছৰত কিবা যদি চৰকাৰী সাহায্য পাইছে তাৰ বিৱৰণ,

*বেংকৰ একাউন্ট নম্বৰ/বেংকৰ নাম/স্থান আৰু আই এফ এছ কোড আদি তথ্যসমূহ দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে আৱেদনকাৰীৰ বয়স ৬০ বছৰৰ তলৰ হ’ব লাগিব। আৱেদনকাৰীসকলে আৱেদনপত্ৰ পূৰণ কৰি নিজ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত ২২ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। আৱেদনপত্ৰসমূহ www.ttwd.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব।

আনহাতে ৰাজ্যত বসবাস কৰা চাহ জনজাতিৰ বিধৱা আৰু অকলশৰীয়া মহিলাৰ বাবেও ২০১৮-১৯ বৰ্ষত এককালীন বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্য আগত ৰাখি বিভাগটোৱে এক আঁচনি ৰূপায়ণ কৰিছে। ‘বিধৱা আৰু একক মহিলালৈ আৰ্থিক সাহায্য প্ৰদান’ শীৰ্ষক আঁচনিৰ অধীনত বিধৱা আৰু অকলশৰীয়া মহিলালৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। হিতাধিকাৰীসকল- বিধৱা মহিলাৰ বাবে বয়স ১/১/২০১৮ বৰ্ষত ১৮-৪৫ বছৰৰ ভিতৰত হ’ব লাগিব আনহাতে একক মহিলাৰ বাবে বয়স ৩৫-৫৯ বছৰৰ ভিতৰত হ’ব লাগিব। আৱেদনকাৰীসকলে নিজৰ পাছপোৰ্ট আকাৰৰ এখন ফটো, বাসিন্দাৰ প্ৰমাণপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, বিধৱাৰ বাবে স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ, অবিবাহিতা/অকলশৰীয়া মহিলাৰ বাবে চক্ৰ বিষয়া/গাওঁ পঞ্চায়তৰ সচিব/চৰকাৰী গাওঁবুঢ়া, অন্যথা স্থানীয় চাহ বাগিচাৰ পৰিচালকৰ প্ৰমাণপত্ৰসহ আৱেদনপত্ৰসমূহ ২২ অক্টোবৰৰ ভিতৰত মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত জমা দিব লাগিব। যিসকল মহিলাই বৰ্তমান চৰকাৰী অথবা চৰকাৰী নিকায়-নিগমত কাম কৰি আছে আৰু যোৱা তিনি বছৰৰ ভিতৰত কোনো চৰকাৰী সাহায্য পাইছে তেনে লোক আঁচনিৰ অন্তৰ্ভুক্ত নহ’ব। আৱেদন পত্ৰৰ বাবে www.ttwd.assam.gov.in ৰ পৰা ডাউনলোড কৰক।

আঁচনি দুখনৰ বিষয়ে বিতংভাৱে জানিবলৈ ৰূপনগৰস্থিত চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top