অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰী প্ৰচেষ্টা/আঁচনি

বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ জনবহুল দেশ ভাৰতবৰ্ষ৷ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা ১২১ কোটিৰো অধিক৷ এখন উন্নয়নশীল দেশত ইমান বৃহৎ পৰিমাণৰ লোকক নিয়োগৰ সুবিধা আগবঢ়োৱাটো সম্ভৱ নহয়৷ তথাপি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক চৰকাৰে দেশত নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু তাৰে প্ৰতিফলন হ'ল তলৰ আঁচনিবোৰ৷

১৷ সংহত গ্ৰাম্য উন্নয়ণ যোজনা

এই আঁচনিখন ১৯৭৮ চনত প্ৰৱৰ্তন কৰা হৈছিল৷ মূলত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ আয় বৃদ্ধিৰ বাবে আত্মনিয়োজনক গুৰুত্ব দিয়াই এই আঁচনিখনৰ উদ্দেশ্য আছিল৷ বিগত দিনবোৰত এই আঁচনিখনে গ্ৰাম্য অঞ্চলত নিয়োগৰ সৃষ্টিত যি অৱদান আগবঢ়াইছে, তাৰ ফালৰ পৰা চাবলৈ গ'লে যোজনাখন যথেষ্ট সফল হৈছে বুলিয়ে ক'ব লাগিব৷

২৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

২০০৫ চনৰ ২৫ আগষ্টত প্ৰৱৰ্তন কৰা এই আঁচনিখন দেশত নিয়োগৰ সৃষ্টিত অন্যতম সফল আঁচনি৷ গাওঁ অঞ্চলৰ প্ৰাপ্তবয়ষ্ক লোকক প্ৰতি বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিয়োগৰ সুবিধা কৰি দিয়াৰ নিশ্চিতকৰণক মূল উদ্দেশ্য হিচাপে লৈ আগবঢ়োৱা এই আঁচনিখন তুলনামূলকভাৱে যথেষ্ট সফল বুলিয়ে ক'ব লাগিব৷ ২০১০-১১ বিত্তীয় বৰ্ষত এই আঁচনিখনৰ বাবে ৪০,০০০ কোটি টকা খৰচ কৰা হৈছিল৷ নিয়োগ সৃষ্টিৰ উপৰিও গাওঁ অঞ্চলৰ সামগ্ৰিক বিকাশতো এই আঁচনিখনৰ অৱদান অতিকে লেখত ল'বলগীয়া৷

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

৩৷ সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা

এই যোজনাখন ২০০১ চনৰ ২৫ চেপ্তেম্বৰত প্ৰৱৰ্তন কৰা হৈছিল৷ সুবিধাজনক মজুৰিৰে নিয়োগ সৃষ্টি আৰু তাৰ দ্বাৰা খাদ্য সুৰক্ষা আগবঢ়োৱাটো এই যোজনাখনৰ মূ্ল লক্ষ্য৷ তাৰোপৰি গাওঁ অঞ্চলত স্থায়ী সম্পত্তি যেনে দলং, বাট -পথ আদি নিৰ্মাণ কৰি নিয়োগৰ সমান্তৰালভাৱে গাওঁ অঞ্চলৰ সামগ্ৰীক বিকাশৰ বাট মুকলি কৰাটোও এই আঁচনিখনৰ অন্যতম উদ্দেশ্য৷

সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা

৪৷ স্বৰ্ণজয়ন্তী গ্ৰাম স্ব-ৰোজগাৰ যোজনা

১৯৯৯ চনৰ ১ এপ্ৰিল তাৰিখে এই যোজনাখন আগবঢ়োৱা হয়৷ এই যোজনাখনৰ জৰিয়তে দৰিদ্ৰ সীমাৰ তলত বাস কৰা লোকসকলক "আত্মসহায়ক গোট (SELF HELP GROUP) ৰ" দ্বাৰা সংগঠিত কৰি সামাজিক গতিশীলতা, প্ৰশিক্ষণ আৰু বেংক- ক্ৰেডিট তথা চৰকাৰী অণুদান আগবঢ়াই এক উন্নততৰ আৰ্থিক প্ৰস্থিতি দিয়াৰ প্ৰয়াস কৰা হয়৷

স্বৰ্ণজয়ন্তী গ্ৰাম স্ব-ৰোজগাৰ যোজনা

৫৷ নতুন উদ্যোগৰ সৃষ্টি

দেশৰ উন্নতিৰ বাবে চৰকাৰীভাৱে বহুতো উদ্যোগ গঢ়ি তোলা হৈছে যি উন্নয়নৰ লগতে নিয়োগৰ বাটো মুকলি কৰিছে৷ এখন ঠাইত এটা উদ্যোগ স্থাপন হ'লে সেই উদ্যোগটোত কৰ্মসংস্থাপিত লোকসকলৰ উপৰিও গোটেই অঞ্চলটোতে কিছুমান আনুসংগিক প্ৰতিষ্ঠান (যেনে, দোকান-পোহাৰ ৰেষ্টুৰেন্ট আদি) গঢ়ি উঠে যিবোৰত বহুতো লোকে সংস্থাপন পাই৷ উদাহৰণ স্বৰূপে লেপেটকটাত স্থাপিত BCPL ৰ কথাকে ক'ব পাৰি৷ উদ্যোগটোত কেইবাহাজাৰ লোকে প্ৰতক্ষ্যভাৱে নিয়োগ পোৱাৰ লগতে আন কেইবাহাজাৰ লোকে আনুসংগিকভাৱে গঢ় লৈ উঠা প্ৰতিষ্ঠানবোৰত নিয়োজিত হ'ব পাৰিছে৷

৬৷ শিক্ষিত নিবনুৱালৈ স্ব-নিয়োজন আঁচনি

শিক্ষিত নিবনুৱা যুৱকসকলৰ বাবে স্ব-নিয়োজন ১৯৮৩ চনত ঘোষণা কৰা এই আঁচনিখনৰ জৰিয়তে প্ৰতিবছৰে ২.৫ লাখ শিক্ষিত নিবনুৱা যুৱকক লাভৱান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰদ্বাৰা গাওঁ-পঞ্চায়তৰ যোগেদি শিক্ষিত নিবনুৱা যুৱকসকলে চৰকাৰী সুবিধাৰ বাবে আৱেদন কৰিব পাৰে৷ প্ৰযুক্তিগত জ্ঞান থকা আৰু ITI ত প্ৰশিক্ষিত যুৱক-যুৱতীসকলক অধিক অগ্ৰাধিকাৰ দিয়া হয়৷ বয়সৰ সময়সীমা ১৯ বছৰৰ পৰা ৩৫ বছৰ৷

প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি আঁচনি এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনি,ক্ৰমে "প্ৰধান মন্ত্ৰীৰ ৰোজগাৰ যোজনা (PMRY)" আৰু গ্ৰাম্য নিয়োগ সৃষ্টি যোজনা "REGP" লগ লগাই সৃষ্টি কৰা হৈছে৷ এই আঁচনিখন ২০০৮ চনত প্ৰৱৰ্তন কৰা হয়৷ আঁচনিখনৰ মূল লক্ষ্য হ'ল স্বনিয়োজনক চৰকাৰীভাৱে উৎসাহিত কৰি গাওঁ আৰু চহৰ দুই অঞ্চলতে নিবনুৱাসকলক সকাহ প্ৰদান কৰা৷

আলোচনাৰ পৰা স্পষ্ট হৈছে যে চহৰ আৰু গাওঁ --এই দুই অঞ্চলতে নিয়োগৰ সা-সুবিধা বৃদ্ধিৰ বাবে চৰকাৰে যথেষ্ট পদক্ষেপ হাতত লৈছে৷ কিন্তু এইবোৰৰ সফল ৰূপায়ণ নিৰ্ভৰ কৰে জনসাধাৰণৰ সচেতনতাৰ ওপৰত৷ জনসাধাৰণ সচেতন হ'লে আৰু তাৰ দ্বাৰা নিৱনুৱা সমস্যাৰ সমাধান সূত্ৰ ওলালে ভাৰতবৰ্ষ অচিৰেই বিশ্বত এখন জাকত জিলিকা দেশ হৈ পৰিব৷

উৎস: ভাৰত চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate