অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পেন্সনাৰসকলৰ বাবে লোৱা উল্লেখনীয় পদক্ষেপ

পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পেন্সনাৰসকলৰ বাবে লোৱা উল্লেখনীয় পদক্ষেপ

(১) ২০১৪-২০১৫ বৰ্ষত ৬৭২৭ জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীলৈ কমুটেশ্যনৰ ২০৪,৩৩ কোটি(দুশ চাৰি কোটি তেত্ৰিশ লাখ)টকা মঞ্জুৰ কৰা হয়।২০১৫-২০১৬ বৰ্ষতো ২৭৩০ জন আৱেদনকাৰীৰ বিপৰীতে বৰ্তমানলৈ প্ৰায় ১৮৩৭ জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীলৈ প্ৰায় ৫৬,৬০ কোটি টকা মঞ্জুৰ কৰা হয়।বৰ্তমানলৈকে বিভাগত বাকী থকা admissibility Report ৰ ৮৯৩ জন আবেদনকাৰীৰ মঞ্জুৰী আগন্তক দুমাহ মানৰ ভিতৰত সম্পূৰ্ন কৰা হব।

(২)অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলক অৱসৰৰ লগে লগে পেন্সন আৰু আনুসাংগীক সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে অৱসৰ পাবলগীয়া বিষয়া-কৰ্মচাৰীসকলৰ(বিভাগ অনুযায়ী)আগন্তক ৫ বছৰৰ তালিকা প্ৰস্ততকৰন,যত উচ্চ পৰ্য্যায়ৰ বিষয়াৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে সাঙোৰ হয়।এই প্ৰ্ক্ৰিয়া অব্যাহত থাকিব যাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলে সময়মতে তেওঁলোকৰ পেন্সনৰ যাৱতীয় কাগজ পত্ৰ দাখিল কৰি অৱসৰ পোৱাৰ লগে লগে পেন্সন পাবলৈ সক্ষম হয়।এই ব্যৱস্থাৰ ফলত খালি পদবিলাকো পূৰন কৰাৰ বাবে সহায়ক হব।

(৩)পেন্সনৰ প্ৰ্স্তাৱ সময়মতে প্ৰস্তত কৰি পেন্সন মঞ্জুৰ কৰা কৰ্তৃপক্ষলৈ পঠোৱাৰ উদ্দেশ্যৰে প্ৰ্ত্যোকটো বিভাগ তথা কাৰ্য্যলয়ত Nodal Officer নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে।Nodal Officer জন সময়মতে পেন্সনৰ প্ৰস্তাৱ প্ৰস্তত আৰু কৰ্ত্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰীলৈ দাখিল কৰাৰ বাবে দায়বদ্ধ থাকিব।

(৪)প্ৰাদেশীকৃত বিদ্যালয় আৰু পঞ্চায়তৰ প্ৰাদেশীকৃত কৰ্মচাৰীৰ নিষ্পতি হোৱা পেন্সন প্ৰাপক নিৰ্দ্দেশনা(PPO)খৰকতীয়া আৰু সময়মতে পোৱাৰ উদ্দেশ্যৰে স্ংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ জৰিয়তে বিতৰন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে।

(৫)পেন্সন প্ৰ্স্তাবসমূহ খৰকতীয়া নিষ্পতিৰ বাবে জিলাই জিলাই পেন্সন আদালত অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰ্ক্ৰিয়া অব্যাহত থাকিব।

(৬)অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেখেতসকলৰ ব্যক্তিগত পৰিচয়ৰ অসুবিধাৰ প্ৰ্তি লক্ষ্য ৰাখি উচ্চ পৰ্য্যায়ৰ বিষয়াৰ পৰা নিম্ন পৰ্য্যায়ৰ বিষয়া-কৰ্মচাৰী সকলোকে সামৰি পৰিচয় পত্ৰ প্ৰ্দান কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হয়।

(৭)সকলো বিষয়া-কৰ্মচাৰীলৈ সময়মতে তেওঁলোকৰ GPF Statement,e-mode ৰ জৰিয়তে দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে যাতে সকলো বিষয়া-কৰ্মচাৰীয়ে তেওঁলোকৰ বৰঙনিৰ প্ৰ-বিৱৰন সময়মতে পাব পাৰে।

(৮)পেন্সনাৰ সকলক কোষাগাৰৰ উপৰিও তলত উল্লেখিত ৯ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ জৰিয়তে পেন্সন পৰিশোধ কৰাৰ কাৰনে বেংক সমূহক কৰ্ত্তৃত্ব প্ৰদান কৰা হৈছে।

(১)ষ্টেট বেংক অফ ইণ্ডিয়া,

(২)ইউকো বেংক,

(৩)ইউনাইটেড বেংক অফ ইণ্ডিয়া,

(৪)পঞ্জাব নেচলেন বেংক,

(৫)চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া,

(৬)এলালবাদ বেংক,

(৭)ইউনিয়ন বেংক অফ ইণ্ডিয়া,

(৮)বেংক অফ বৰোডা,

(৯)কানাড়া বেংক

(৯)অসম চৰকাৰৰ দ্বাৰা অনুমোদিত বিশেষ পৰিয়াল পেন্সন অসম ষষ্ঠ দৰমহা আয়োগৰ পূৰ্ন:স্ংশোধনৰ আওতাত নুসুমোৱা বাবে উগ্ৰপন্থী,দুস্কৃতিকাৰীৰ দ্বাৰা নিহত হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গই পূৰনা বেতনৰ ভিত্তিত বিশেষ পৰিয়াল পেন্সন পাই থাকিব লগীয়া হৈছে।এই ক্ষেত্ৰত পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগে বিভিন্ন সময়ত বিভিন্ন দল,স্ংগঠন,ব্যক্তি আদিৰ পৰআ আবেদন পাই থকা হেতুকে এই বিভাগে উক্ত পৰিয়াল পেন্সনৰ পুন:স্ংশোধনৰ বাবে এটি প্ৰ্স্তাব কেবিনেটত উত্থাপন কৰে আৰি কেবিনেটৰ অনুমোদন সাপেক্ষে বিশেষ পৰিয়াল পেন্সন অনুৰুপ বেতনৰ(Corresponding Scale)ভিত্তিত পূন:স্ংশোধনৰ ব্যৱস্থা গ্ৰহন কৰে।

(১০)অসম সেৱা(পেন্সন)বিধি,১৯৬৯ চলিত পৰিয়াল পেন্সনৰ নিয়ম অনুসৰি অসম চৰকাৰৰ কৰ্মচাৰী এজনৰ পত্নী(যদি কৰ্মচাৰীজন পুৰুষ হয়),পতি(যদি কৰ্মচাৰীজন মহিলা হয়),পুত্ৰ আৰু পুত্ৰীহে পৰিয়াল পেন্সনৰ বাবে যোগ্য হয়।এই ক্ষেত্ৰত কৰ্মচাৰীজনৰ মা,দেউতা,ভাই-ভনীক(অবিবাহীত)যোগ্য বিবেচিত কৰা নহয়।বিভিন্ন সময়ত এই বিভাগে অন্য বিভাগ সমূহৰ পৰা অবিবাহিত কৰ্মচাৰী যাৰ চাকৰিৰ কাৰ্যকালত মৃত্যু হৈছে বা হয় এনে কৰ্মচাৰীৰ পৰিয়ালৰ পৰা পেন্সনৰ প্ৰস্তাৱ পাই আহিছে।এনেকুৱা প্ৰস্তাব সমূহৰ ক্ষেত্ৰত এটা সু-ব্যৱস্থা আনিবৰ বাবে পেন্সন আৰু ৰাজহুবা অভিযোগ বিভাগে উল্লেখিত পৰিয়াল পেন্সনৰ নিয়মৰ কিছু স্ংশোধন ঘটাই বিধিখনত মা-দেউতা,ভাই(১৮ বছৰ বয়সলৈকে)ভনীকো(২১ বছৰ বা বিবাহৰ আগ মূহুৰ্তলৈকে যিটোবে আগতীয়াকৈ হয়)অন্তৰ্ভক্তি কৰিবৰ বাবে এটা প্ৰস্তাব কেবিনেটত উত্থাপন কৰে আৰু উক্ত প্ৰ্স্তাৱটিত কেবিনেটৰ অনুমোদন লাভ কৰে।এই ক্ষেত্ৰত অনুমোদিত প্ৰস্তাৱটিৰ কাৰ্য্যকৰিকৰনৰ স্ংশ্লিষ্ট ব্যৱস্থা এই বিভাগে হাতত লৈছে।

(১১)মহাগাননিক কাৰ্য্যলয় আৰু পেন্সন সঞ্চালকালয় কাৰ্য্যালয়ৰ দ্বাৰা চুড়ান্তভাৱে নিষ্প্তত্তি কৰা পেন্সনাৰ সকলক অৱগত কৰাৰ উদ্দেশ্যৰে দৈনিক বাতৰি কাকতৰ যোগেদি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে।

(১২)GPFৰ Final Withdrawal ৰ কৰ্তৃত্ব পেন্সনাৰ সকলক অৱগত কৰাৰ উদ্দেশ্যৰে বাতৰি কাকতৰ যোগেদি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে।

উৎস: পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate