অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল:

প্ৰধান মন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল হৈছে এখন ক্ৰান্তিকাৰী আঁচনি। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২৫ জুনত উক্ত আঁচনিখন মুকলি কৰিছিল। ২০২২ চন পৰ্যন্ত দেশৰ চহৰাঞ্চলত বসবাস কৰা দুখীয়া পৰিয়ালৰ বাবে ২ কোটি সহজসাধ্য বাসগৃহ নিৰ্মাণ কৰাই উক্ত আঁচনিৰ মূল লক্ষ্য। অসমতো উক্ত আঁচনিখনৰ অধীনত চাৰিখনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে।

আঁচনি নং(ক):

 

বস্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ।

  • এই আঁচনিখনৰ দ্বাৰা নগৰৰ বস্তি অঞ্চলৰ বাসিন্দাসকল লাভৱান হ’ব।
  • এই আঁচনিৰ দ্বাৰা নগৰৰ বস্তি অঞ্চলসমূহৰ পুনৰ উন্নয়নৰ বাবে ব্যক্তিগত অংশীদাৰিত্ব অত্যাৱশ্যকীয় সা-সুবিধা যেনে- খোৱাপানী, শৌচাগাৰ আদিৰ ব্যৱস্থা কৰা হ’ব।
  • এই আঁচনিৰ আৱাস নিৰ্মাণ সংস্থায়ে নিৰ্মাণৰ সময়ছোৱাত বস্তি অঞ্চলৰ হিতাধিকাৰীসকলৰ বাবে অস্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব।

উক্ত আঁচনিৰ সুবিধা ভোগ কৰা বস্তি অঞ্চলৰ পৰিয়ালৰ মাহিলি গড় আয় ২৫০০০ টকাতকৈ কম হ’ব লাগিব।

উক্ত আঁচনিৰ সুবিধা ভোগ কৰা বস্তি অঞ্চলৰ পৰিয়ালৰ মাহিলি গড় আয় ২৫০০০ টকাতকৈ কম হ’ব লাগিব।

আঁচনি নং(খ):]

 

ঋণ সংযুক্ত ৰাজসাহাজ্যৰ দ্বাৰা গৃহ নিৰ্মাণ।

অধিকতম ৰাজসাহায্য ২,৬৭,২৮০ টকা পৰ্যন্ত। বিতংভাৱে জানিবলৈ তলৰ টোল ফ্ৰি নম্বৰত যোগাযোগ কৰক। এন এইচ বি ১৮০০-১১-৩৩৭৭, ৩৩৮৮ হাডক’ ১৮০০-১১-৬১৬৩। এই আঁচনিৰ এখন তালিকা তলত উল্লেখ কৰা হ’ল।

আঁচনি নং(গ):

 

অংশীদাৰিত্বৰ ভিত্তিত গৃহ ক্ৰয়। এই আঁচনিৰ অধীনত আবন্টিত গৃহ লাভ কৰিবলৈ পৰিয়ালৰ মাহিলি গড় আয় ২৫,০০০ টকাতকৈ কম হোৱাটো বাধ্যতামূলক।

  • নগৰ অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু যিসমূহ পৰিয়ালৰ নিজা মাটি অথবা নিজা ঘৰ নাই, তেনে পৰিয়ালসমূহৰ বাবে গৃহ ক্ৰয় কৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদান।
  • এই আঁচনিৰ দ্বাৰা প্ৰতিটো গৃহ ক্ৰয় কৰাৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১,৫০,০০০ টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০,০০০ টকা সাহায্য প্ৰদান কৰা হ’ব। বাকী খৰচ হিতাধিকাৰীয়ে নিজে বহন কৰিব লাগিব।
  • গৃহৰ মালিকীস্বত্ব পৰিয়ালৰ যিকোনো মহিলা সদস্যৰ নামত হোৱাটো আৱশ্যক।

আঁচনি নং(ঘ)-১:

নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান-

 

  • যি পৰিয়ালৰ মাহিলি গড় আয় ২৫,০০০ টকাতকৈ কম।
  • এই আঁচনিৰ অধীনত নিজা মাটিত নতুনকৈ গৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদান কৰা হ’ব।
  • নৱনিৰ্মিত গৃহৰ কালি ৩০ বৰ্গমিটাৰ হ’ব লাগিব।
  • প্ৰত্যেক পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১,৫০,০০০ টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০,০০০ টকাৰ ৰাজ্যসাহায্য প্ৰদান কৰা হ’ব।

২: বাসগৃহ সম্প্ৰসাৰণৰ বাবে অনুদান(চৰ্তাৱলী প্ৰযোজ্য)

  • পৰিয়ালটোৰ মাহিলি গড় আয় ২৫,০০০ টকাতকৈ কম হ’ব লাগিব।
  • পুৰণি বাসগৃহৰ লগতে নৱনিৰ্মিত গৃহ মুঠ কালি ৩০ বৰ্গ মিটাৰৰ ভিতৰত হ’ব লাগিব।
  • কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১,৫০,০০০ লাখ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০,০০০ টকাৰ সাহায্য।

আঁচনি অনুসৰি জমা দিবলগীয়া যাৱতীয় নথি-পত্ৰসমূহ-

ক)বস্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ-

যাৱতীয় নথি-পত্ৰ-

 

  • ঘৰৰ মূৰব্বীৰ ফটো
  • সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ।

খ)ঋণ সংযুক্ত ৰাজ সাহায্যৰ দ্বাৰা গৃহ নিৰ্মাণ-

যাৱতীয় নথ-পত্ৰ-

  • ঘৰৰ মূৰব্বীৰ ফটো
  • সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ।
  • পৰিয়ালৰ মূৰব্বীজনৰ বেংকৰ পাছবুক।

গ)অংশীদাৰিত্বৰ ভিত্তিত গৃহ ক্ৰয়-

যাৱতীয় নথি-পত্ৰ-

  • ঘৰৰ মূৰব্বীৰ ফটো
  • সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ।
  • পৰিয়ালৰ মূৰব্বীজনৰ বেংকৰ পাছবুক।

ঘ)-১: নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান-

যাৱতীয় নথি-পত্ৰ-

  • ঘৰৰ মূৰব্বীৰ ফটো
  • সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ।
  • পৰিয়ালৰ মূৰব্বীজনৰ বেংকৰ পাছবুক।
  • মাটিৰ জমাবন্দী/মাটি থকা প্ৰমাণপত্ৰ/মাটিৰ পট্টা/পাৰ্টিচন ডীড/গীফট ডীড/চেল ডিড।

২: বাসগৃহ সম্প্ৰসাৰণৰ বাবে অনুদান-

যাৱতীয় নথি-পত্ৰ-

  • ঘৰৰ মূৰব্বীৰ ফটো
  • সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ।
  • পৰিয়ালৰ মূৰব্বীজনৰ বেংকৰ পাছবুক।
  • মাটিৰ জমাবন্দী/মাটি থকা প্ৰমাণপত্ৰ/মাটিৰ পট্টা/পাৰ্টিচন ডীড/গীফট ডীড/চেল ডিড।

উক্ত আঁচনিসমূহৰ আৱেদন পত্ৰসমূহ পৌৰসভা, পৌৰ নিগম, নগৰ সমিতি অথবা প্ৰ-পত্ৰ বিতৰণৰ বাবে খোলা অস্থায়ী শিবিৰসমূহত উপলব্ধ হ’ব।

বিতংভাৱে জানিবলৈ পি এম এ ৱাই ৱেবছাইট www.pmayuassam.in ত চাব পাৰে। ইয়াৰ উপৰি অভিযান সঞ্চালকালয় প্ৰধান মন্ত্ৰী আৱাস যোজনা, সকলোৰে বাবে আৱাস গৃহ(নগৰাঞ্চল) অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী-৬, টোল ফ্ৰী নম্বৰ- ১৮০০-২১২-২৩৬৬।

আঁচনিৰ নাম

টি এল এছ এছ ই ডি ডব্লিউ এছ আৰ এল আই জি

আয়ৰ শ্ৰেণী

ই ডব্লিউ এছ

এল আই জি

আয়ৰ সীমা বছৰি

৩ লাখ পৰ্যন্ত

৩.১-৬ লাখ পৰ্যন্ত

আয়ৰ সীমা মাহিলি

২৫,০০০ টকা পৰ্যন্ত

২৫,০০১-৫০,০০০ পৰ্যন্ত

কাৰ্পেট এলেকা

৩০ বৰ্গ মিটাৰ

৬০ বৰ্গমিটাৰ

সৰ্বাধিক ঋণ

৬ লাখ পৰ্যন্ত

ৰাজসাহায্যৰ সুদৰ পৰিমাণ

৬.৫০ শতাংশ

ঋণৰ ম্যাদ

২০ বছৰ

ভৌগোলিক পৰিসীমা

স্থানীয় পৌৰ নিকায়+পৰিকল্পনা এলেকা

ৰাজ্য চৰকাৰৰ অনুদান

প্ৰয়োজনীয়

প্ৰয়োজনীয় নহয়

আঁচনিৰ নাম

চি এল এছ এছ

এম আই জি

আয়ৰ শ্ৰেণী

এম আই জি-১

এম আই জি-২

আয়ৰ সীমা বছৰি

৬.১-১২ লাখ টকা পৰ্যন্ত

১২.১-১৮ লাখ পৰ্যন্ত

আয়ৰ সীমা মাহিলী

৫০,০০১-১ লাখ পৰ্যন্ত

১,০০,০০১-১,৫০,০০০ লাখ টকা পৰ্যন্ত

কাৰ্পেট এলেকা

৯০ বৰ্গ মিটাৰ

১১০ বৰ্গ মিটাৰ

সৰ্বাধিক ঋণ

৯ লাখ টকা

১২ লাখ টকা

ৰাজ সাহায্যৰ সুদৰ পৰিমাণ

৪ শতাংশ

৩ শতাংশ

ঋণৰ ম্যাদ

২০ বছৰ

ভৌগলিক পৰিসীমা

পৰিকল্পনা এলেকা

ৰাজ্য চৰকাৰৰ অনুমোদন

প্ৰয়োজনীয় নহয়

 

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate