অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা

প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা কি-

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় শাসিত চৰকাৰখন হৈছে জনসাধাৰণৰ আশা-আকাংক্ষা বাস্তৱায়িত পকৰা ৰাইজৰ চৰকাৰ। এই চৰকাৰখনে সকলোকে লগত লৈ সকলোৰে বিকাশৰ বাবে আৰম্ভণিৰ পৰাই চিন্তা-চৰ্চা কৰি কাম-কাজ কৰি আহিছে। এই চৰকাৰখনে সমাজৰ দৰিদ্ৰতমক ব্যক্তিগৰাকীকো উন্নয়নৰ সমভাগী হ’বলৈ অধিকাৰ প্ৰদান কৰিছে। দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ হকে কেন্দ্ৰীয় চৰকাৰখনে কেতবোৰ উল্লেখযোগ্য আঁচনি ৰূপায়ণ কৰিছে। তাৰ ভিতৰত এখন উল্লেখযোগ্য আঁচনি হ’ল প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা। প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ অন্তৰ্গত সমাজ কল্যাণৰ অভিলাষী আঁচনি। এই আঁচনিখন ২০১৬ চনৰ ১ মে’ত উত্তৰ প্ৰদেশৰ বালিয়াত উদ্বোধন কৰা হৈছিল। এই আঁচনিখনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াললৈ ৰন্ধন গেছৰ যোগান ধৰা হয়। এই আঁচনিখনৰ লক্ষ্য হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ গৃহত স্বাস্থ্যসন্মত এল পি জি সংযোগ স্থানপ কৰা। বিশেষকৈ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ বাবে বিশেষ জৰুৰী, কাৰণ গ্ৰামাঞ্চলত বসবাস কৰা বেছিসংখ্যক পৰিয়ালেই অস্বাস্থ্যসন্মতভাৱে ৰন্ধন ইন্ধন ব্যৱহাৰ কৰে। ই স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক।

এই আঁচনিৰ অধীনত সমগ্ৰ দেশত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৫ কোটি পৰিয়াললৈ এল পি জি সংযোগ প্ৰদান কৰাই চৰকাৰৰ লক্ষ্য। বিশেষকৈ মহিলাসকলেহে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব, যিসকল মহিলা দৰিদ্ৰ সীমাৰেখাৰ তলত অন্তৰ্ভুক্ত। মহিলাসকলৰ শক্তি আৰু স্বাস্থ্যৰ প্ৰতি যত্ন, মাৰাত্মক ইন্ধনৰ ব্যৱহাৰৰ পৰা সকাহ দিয়া, ৰন্ধনশৈলী উন্নত কৰাৰ লগতে স্বাস্থ্যসন্মত কৰা, যাৰ ফলত শিশুসকলক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰা, কাৰণ অস্বাস্থ্যকৰ মাৰাত্মক ইন্ধনৰ যোগেদি ৰন্ধন-প্ৰকৰণৰ ফলত বায়ু প্ৰদূষণ ঘটিব পাৰে, যি শিশুসকলৰ পক্ষে হানিকাৰক। এল পি জি ব্যৱহাৰৰ ফলত উপৰোক্ত সমস্যাসমূহ আঁতৰ হয়।

এই আঁচনিখনৰ সুবিধা কেনেকৈ গ্ৰহণ কৰিব-

 

এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰ্হতাসম্পন্ন মহিলা এগৰাকীয়ে(প্ৰতিটো পৰিয়ালৰ)আৱেদন কৰিব পাৰে উজ্জ্বলা যোজনাৰ আবেদন পত্ৰৰ যোগেদি। আৱেদনকাৰী মহিলাগৰাকীয়ে আৱেদন-পত্ৰৰ লগত যাৱতীয়, নথি-পত্ৰ জমা দিব লাগে। আৱেদন পত্ৰৰ লগত সাধাৰণতে মহিলাগৰাকীৰ নাম, ফোন নম্বৰ, জন ধন/বেংক একাউন্ট নম্বৰ, আধাৰ নম্বৰ পূৰণ কৰিব লাগে। মহিলাগৰাকীয়ে আৱেদন পত্ৰখনত কি চিলিণ্ডাৰ লাগিব সেই কথাটো ওলিখিত ৰূপত দিব্ লাগে। চিলিণ্ডাৰৰ পৰিসৰ সাধাৰণতে ১৪.২ কেজি আৰু ৫ কেজি হয়। আবেদন পত্ৰসমূহ ওচৰৰ এল পি জি ডিলাৰত উপলব্ধ হোৱাৰ লগতে অনলাইনৰ যোগেদিও ডাউনলোড কৰিব পাৰি। জমা দিওঁতে এল পি জি আউটলেটত দিব পাৰিব।

প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত অন্তৰ্ভুক্ত হ’বলৈ তলত দিয়া অৰ্হতাসমূহৰ প্ৰয়োজন হয়-

 

১)আৱেদনকাৰী মহিলাগৰাকী আৰ্থ-সামাজিক আৰু জাতি পিয়ল ২০১১ৰ প্ৰস্তুত কৰা তালিকাত অন্তৰ্ভুক্ত হ’ব লাগিব।

২)মহিলাগৰাকীৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।

৩)দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’ব লাগিব।

৪)আৱেদনকাৰী মহিলাগৰাকীৰ দেশৰ যিকোনো এটা বেংকত একাউন্ট থাকিব লাগিব।

৫)মহিলাগৰাকীৰ নামত বা তেখেতৰ পৰিয়ালৰ আন সদস্য কাৰোৰে নামত আগৰ এল পি জি সংযোগ থাকিব নালাগিব।

  • পঞ্চায়ত প্ৰধান/পৌৰসভাৰ সভাপতিৰ দ্বাৰা স্বাক্ষৰ সম্বলিত বি পি এল প্ৰমাণপত্ৰ।
  • বি পি এল ৰেচন কাৰ্ড।
  • এখন ফটো আই ডি(আধাৰ কাৰ্ড বা ভোটাৰ আই ডি কাৰ্ড)
  • এখন শেহতীয়া পাছপ’ৰ্ট আকাৰৰ ফটো(আৱেদনকাৰীৰ)

এই আঁচনিখনৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে তিনি বছৰৰ ভিতৰত (২০১৬-১৭ৰ পৰা ২০১৮-১৯) ৮০০০ কোটি টকা আবন্টন দিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ভিতৰত ১.৫ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক এল পি জি সংযোগ প্ৰদান কৰিছে।

আঁচনিখনৰ যোগেদি চৰকাৰে অৰ্হতাসম্পন্ন পৰিয়ালক প্ৰত্যেকটো এল পি জি সংযোগৰ কাৰণে ১৬০০ টকা বিত্তীয় সাহায্য প্ৰদান কৰে। চৰকাৰে গেছ ষ্টোভ আৰু ৰিফিলৰ বাবদ ই এম আইৰ সুবিধা প্ৰদান কৰে।

এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰো আহক। বিতংভাৱে জানিবলৈ প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনাৰ টল ফ্ৰী নম্বৰ ১৮০০২৬৬৬৬৯৬ যোগাযোগ কৰক।

 

উৎস:ৰাইজৰ বাতৰি, অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগ


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate