অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা:

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা:

 

এখন দেশ বা ৰাজ্য উন্নতিৰ দিশত অগ্ৰসৰ হ’বলৈ হ’লে গ্ৰামাঞ্চলৰ উন্নতি সাধন কৰিব লাগিব। গাঁৱৰ উন্নয়ন হ’বলৈ হ’লে বাট-পথৰ উন্নয়ন হ’ব লাগিব। গাঁৱৰ পৰাই চহৰৰ সৃষ্টি হয়, গতিকে গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ লগতে যাতায়ত ব্যৱস্থা শক্তিশালী হ’লেহে ৰাজ্যৰ লগতে দেশৰ সামগ্ৰিক উন্নতি পৰিলক্ষিত হ’ব। জাতিৰ পিতা মহাত্যমা গান্ধীয়ে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী কৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গাওঁ অঞ্চলৰ উন্নয়নৰ বাবে বহু সংখ্যক আঁচনি গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এখন কল্যাণকামী আঁচনি আছিল প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা, চমুকৈ পি এম জি এছ ৱাই। মুঠৰ ওপৰত গ্ৰামাঞ্চলৰ লগত যাতায়ত সংযোগ উন্নীত কৰাৰ প্ৰধান লক্ষ্য আগত লৈ এই আঁচনিখন ২০০০ চনৰ ২৫ ডিচেম্বৰত তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰিছিল। বিগত ১৭ বছৰ ধৰি এই কল্যাণকামী আঁচনিখন ৰূপায়িত হৈ আছে। ইয়াৰ যোগেদি গ্ৰাম্য পৰ্যটনৰ বিকাশৰ লগতে যাতায়ত ব্যৱস্থা যথেষ্ট উন্নত হৈছে। উন্নত পথ যোগাযোগ ব্যৱস্থাই হ’ল এক উল্লেখযোগ্য মাধ্যম, যাৰ জৰিয়তে গ্ৰামাঞ্চলৰ সৰ্বাংগীণ বিকাশ হোৱাৰ লগতে ৰাজ্য তথা দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পৰা যায়। এই আঁচনিৰ অধীনত গাঁৱৰ বাট-পথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা পুঁজিৰ যোগান ধৰাৰ বিপৰীতে ৪০ শতাংশ পুঁজিৰ আবন্টন দিয়ে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে এই আঁচনিৰ অধীনত ২০১৬ চনৰ মাজ ভাগলৈকে প্ৰতিদিনে গড়ে ১৩৯ কিঃমিঃ পথ নিৰ্মাণ কৰা হৈছে। এই কল্যাণকামী আঁচনিখনৰ অধীনত বৰ্তমান দেশৰ সকলো গ্ৰামাঞ্চলৰ বাট-পথ নিৰ্মাণ কৰি যাতায়ত সংযোগ উন্নত কৰা হৈছে। জনগোষ্ঠীপ্ৰধান আৰু মৰুভূমি অঞ্চলৰ লগতে পাহাৰীয়া অঞ্চলতো প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ অধীনত বাট-পথ নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা সূচল কৰা হৈছে।

অসমত বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পৰাই ৰাজ্যখনৰ আওঁহতীয়া গাঁওসমূহক প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পি এম জি এছ ৱাই আঁচনিৰ পথসমূহৰ কাম খৰতকীয়াভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

শেহতীয়াকৈ উক্ত আঁচনিৰ অধীনত ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ৭,৯১৩ কিলোমিটাৰ পথৰ নিৰ্মাণ কৰাৰ বাবে শীঘ্ৰে নিবিদাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে গড়কাপ্টানী বিভাগক নিৰ্দেশ দিছে। এই যোজনাৰ অধীনত ৩,৯১২ খন দলং নিৰ্মাণ কৰা হ’ব। অসমৰ বাবে আন এক উল্লেখযোগ্য বতৰা হ’ল প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ কামত সন্তুষ্ট হৈ কেন্দ্ৰীয় চৰকাৰে এই পি এম জি এছ ৱাইৰ অধীনৰ নিৰ্মীয়মাণ পথৰ মেৰামতিকৰণৰ বাবে পুঁজিৰ যোগান ধৰিছে। ই নিঃসন্দেহে এক আশাৰ বতৰা। এই আঁচনিখনে অনাগত দিনত গ্ৰামাঞ্চলৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ যে পেলাব তাত কোনো সন্দেহ নাই। আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ হ’লে গড়কাপ্টানী(পথ) বিভাগৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰক। বিতংভাৱে জানিবলৈ-

Commissioner & SPL Secretary, PWD

Assam Sachivalaya, Dispur, Ghy-6

Phone(O)- 0361-2261678

(Fax)- 0361-2261678

যোগাযোগ কৰি এই আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত অধিক তথ্য জানিব পাৰিব।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate