অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশেষভাৱে সক্ষম লোকৰ কল্যাণৰ উদ্দেশ্যে “সঁহাৰি’ আঁচনি

বিশেষভাৱে সক্ষম লোকৰ কল্যাণৰ উদ্দেশ্যে “সঁহাৰি’ আঁচনি

 

ৰাইজৰ আস্থা আৰু বিশ্বাসেৰে শাসনলৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰম্ভণিৰে পৰা জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্য উন্নয়ন কাৰ্যসুচী অনুষ্ঠিত কৰাৰ লগতে আঁচনি ৰুপায়ন কৰি আহিছে।উক্ত আঁচনিসমুহৰ সফল ৰুপায়ণৰ যোগেদি তেওঁলোক অৰ্থনৈতিক দিশত সবল হোৱাৰ লগতে বাকী আনুষ্ঠানিক দিশসমুহতো আগবাঢ়ি যাব পাৰিছে।শেহতীয়াকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে বিশেষভাৱে সক্ষম (প্ৰতিবন্ধী ব্যক্তি)লোকৰ কল্যাণৰ উদ্দেশ্যে ভালেমান সংস্কাৰমুলক পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ ভিতৰত “সঁহাৰি’আঁচনি অন্যতম।সমাজ কল্যাণ বিভাগৰ লগতে স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ বিভাগৰ সহযোগত অসম ৰাজ্যিক ন্যায়িক সেৱা প্ৰাধিকৰনৰ যুটীয়া পদক্ষেপত ‘সঁহাৰি “শীৰ্ষক কাৰ্যসুচীখন মাৰ্চ মাহৰ ৪-১২ তাৰিখলৈ অনুষ্ঠিত কৰা হয়।এই ‘সঁহাৰি আঁচনিৰ অধীনত নগাঁও,মৰিগাঁও ,দৰ্ং গোৱালপাৰা ,কামৰুপ (মহানগৰ)আৰু কামৰুপ (গ্ৰাম্য)জিলাৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত বিভিন্ন ধৰণৰ সহায়ক সঁজুলি বিতৰণ কৰা হয়।

ইয়াৰ ভিতৰত কৃত্ৰিম ভৰি-১২৬ জনক ।

পলিঅ’আক্ৰান্তলৈ কৃত্ৰিম ভৰি-২১৮ জনক।

পেং-৭৬ জনক।

কৃত্ৰিম হাত-৮৮ জনক।

তিনিচকীয়া চাইকেল-প্ৰাপ্তবয়স্ক ৯৩ আৰু কম বয়সীয়া ৫৭ জনক।

হুইল চেয়াৰ-প্ৰাপ্তবয়ষ্ক -১০২ আৰু কম বয়সীয়া-৬১ জনক।

শ্ৰৱণ সহায়ক যন্ত্ৰ-৫৩৬ জনক।

দৃষ্টিহীন ব্যক্তিক লাখুটি-৪৯ জনক।

ৱাকিং ষ্টিক -৬৭ জনক।

বিশেষধৰণৰ পেং -৩৭ যোৰা।

বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায়ক সঁজুলি বিতৰণ কৰা ‘সঁহাৰি’আঁচনিখনৰ অধীনত পৰৱৰ্তী পৰ্যায়ত অসমৰ অন্যান্য জিলাসমুহকো সামৰি লোৱা হয়।ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন জিলাত থকা প্ৰতিবন্ধীসকলৰ যাৱতীয় তথ্য আহৰণ কৰি জিলাভিত্তিক তালিকা প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।তথ্য সংগ্ৰহ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিবলৈ প্ৰতিখন জিলাক নিৰ্দেশ দিয়া হৈছে যাতে ‘সঁহাৰি’আঁচনিখন শীঘ্ৰে অসমত জনপ্ৰিয় কৰি তোলাৰ লগতে আঁচনিখনৰ অন্তৰ্গত সুবিধা অৰ্জন কৰি প্ৰতিবন্ধী ব্যক্তিসকলৰ মুখত অলপ আশাৰ ৰেঙনি আনিব পাৰে।সঁহাৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰক।

যোগাযোগৰ ঠিকনা

সমাজ কল্যাণ সঞ্চালকালয়

উজান বজাৰ গুৱাহাটী ৭৮১০০১

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate