দেশৰ শিপিনীসকলৰ আৰ্থিক উন্নতিকে ধৰি সামগ্ৰিক কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এনে আঁচনিসমূহৰ জৰিয়তে বোৱা-কটা শিল্পত জড়িত শিপিনীসকল লক্ষণীয়ভাৱে উপকৃত হৈছে। শিপিনীসকলৰ কল্যাণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা তেনে এখন আঁচনি হৈছে ‘মহাত্মা গান্ধী বুনকৰ বীমা যোজনা’। আহকচোন এই আঁচনিৰ বিষয়ে কিছু কথা অৱগত হওঁ।
এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ শিপিনীসকলৰ বাবে বিশেষ বীমাৰ ব্যৱস্থা কৰা। কোনো শিপিনীৰ স্বাভাৱিক মৃত্যু অথবা দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত বীমাৰ ব্যৱস্থা কৰা। একেদৰে দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণ অথবা আংশিকভাৱে অক্ষম হোৱা শিপিনীৰ বাবেও বীমাৰ সুবিধা প্ৰদান কৰা।
এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱা কোনো শিপিনীৰ স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ৬০ হাজাৰ টকা বীমাৰ ব্যৱস্থা কৰা হয়। আনহাতে, দুৰ্ঘটনাজনিত মৃত্যুৰ বিপৰীতে ১.৫০ লাখ টকা বীমাৰ ব্যৱস্থা কৰা হয়। দুৰ্ঘটনাজনিত কাৰণত সম্পূৰ্ণৰূপে অক্ষম হৈ পৰা শিপিনীৰ বাবে ১.৫০ লাখ টকা বীমাৰ বিপৰীতে দুৰ্ঘটনাৰ ফলত আংশিকভাৱে অক্ষম হৈ পৰা শিপিনীৰ বাবে ৭৫ হাজাৰ টকাৰ বীমা কৰাৰ সুবিধা আগবঢ়োৱা হৈছে এই আঁচনিৰ মাধ্যমেৰে।
এই আঁচনিৰ অন্তৰ্ভুক্ত শিপিনীৰ সন্তানৰ শিক্ষাৰ বাবেও আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা আছে এই আঁচনিৰ অধীনত। এই যোজনাই সামৰি লোৱা প্ৰতিগৰাকী শিপিনীৰ প্ৰতিটো সন্তানৰ বাবে নৱম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰি থকা সময়ছোৱাত প্ৰতি ছমাহত ৬০০ টকাকৈ বৃত্তি প্ৰদান কৰা হয়। মন কৰিবলগীয়া যে এগৰাকী শিপিনীৰ সৰ্বাধিক দুটা সন্তানকহে এই শিক্ষা বৃত্তি প্ৰদান কৰা হয়।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে ৰূপায়ণ কৰা এই বীমা আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে শিপিনীৰ ক্ষেত্ৰত কেতবোৰ যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই যোগ্যতাসমূহ হ’ল-
আগ্ৰহী শিপিনীসকলে স্থানীয় হস্ততাঁত বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলে এই আঁচনিৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ লগতে এই আঁচনিত অন্তৰ্ভুক্ত হৈ বীমাৰ সুবিধা লাভ কৰিবলৈ নিশ্চয় সক্ষম হ’ব।
উৎস: ৰাইজৰ বাতৰি