অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুকলি কৰা হ’ল ‘মিছন ইন্দ্ৰধনুষ’

মুকলি কৰা হ’ল ‘মিছন ইন্দ্ৰধনুষ’

টিকাকৰণৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ পৰা দেশৰ এটি শিশুও যাতে আক্ৰান্ত হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ জন্মস্থান গুজৰাটৰ ৱাডনগৰত শুভাৰম্ভ কৰে ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ’। দেশৰ ১৬ খন ৰাজ্যৰ ১০৮ খন জিলাৰ শিশুক সামৰি ল’ব এই টিকাকৰণ অভিযানে। দেশৰ ১০৮ নিৰ্বাচিত জিলাৰ ভিতৰত অসমৰ সাতখন জিলাৰ সৰ্বাত্মক ইন্দ্ৰধনুষ অভিযানে সামৰি ল’ব।

উল্লেখযোগ্য যে এক সমীক্ষাৰ জৰিয়তে শিশুৰ টিকাকৰণৰ ক্ষেত্ৰত ভিন্ন কাৰণত পিচপৰি ৰোৱা ১৬ খনৰ ৰাজ্যৰ ১০৮ খন জিলাক দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে বাছি উলিয়াইছিল। সেয়ে কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট ১০৮ খন জিলাৰ বাবে সম্প্ৰতি সুকীয়াকৈ এই আঁচনি গ্ৰহণ কৰিছে। ‘ইন্দ্ৰধনুষ’ নামৰ মূল আঁচনিখন ২০১৪ চনতে এনডিএ চৰকাৰে আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ বাবে আঁচনিৰ শুভাৰম্ভ কৰাৰ সমান্তৰলাকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হস্পিতাল(এমএমচিএইচ)ৰ পৰা ৰাজ্যৰ সাত জিলাৰ বাবে সৰ্বাত্মক ইন্দ্ৰধনুষ মিছনৰ উদঘাটন কৰে। এই অভিযান নগাঁও, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দৰং আৰু কাৰ্বিআংলং জিলাৰ বাবে প্ৰযোজ্য হ’ব। এমএমচিএইচত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পাঁচটি শিশুক পলিঅ’ প্ৰতিষেধক খুৱাই আঁচনিখনৰ শুভাৰম্ভ কৰে। সৰ্বাত্মক ইন্দ্ৰধনুষ অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অভিযান বিশেষতঃ উত্তৰ-পূৰ্বাঞ্চলক উপলক্ষ কৰি আৰম্ভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৫২ খন জিলাক অভিযানত সামৰি লোৱা হৈছে। অসমৰ যি সাতখন জিলা অন্তৰ্ভুক্ত কৰা হৈছে, সেইসমূহ জিলাৰ পাহাৰীয়া এলেকা, চৰ অঞ্চল আদিত ১০০ শতাংশ টিকাকৰণ পূৰ্বতে সম্ভৱ হোৱা নাছিল। সম্প্ৰতি সৰ্বাত্মক ইন্দ্ৰধনুষ মিছনে তেনে স্থানসমূহৰ শিশুৰ টিকাকৰণৰ বাবে কাম, কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে টিকাকৰণে ডিপথেৰিয়া, হুপিং কফ, বসন্ত, পলিঅ’, হিম’ফিলিয়া ভাইৰাছ, ডায়েৰিয়া আদি ৰোগৰ পৰা শিশুক প্ৰতিৰোধ কৰে।

টিকাকৰণে শিশুৰ সুৰক্ষা কৱচৰ কাম কৰিব। অসমত চাৰিটা পৰ্যায়ত ইন্দ্ৰধনুষ অভিযান চলিব। প্ৰথম ৰাউণ্ড ৭ নৱেম্বৰত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বৰ্তমানৰ অৱস্থাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়- ‘ৰাজ্যত ৪০০০ উপ-স্বাস্থ্যকেন্দ্ৰ আছে। ৩.২০ কোটি মানুহৰ বাবে ৪০০০ উপ-স্বাস্থ্যকেন্দ্ৰ হয়তো পৰ্যাপ্ত নাছিল’।

আন এক প্ৰসংগত তেওঁ কয়- ‘২০০৬ চনত ৰাজ্যত প্ৰতি হেজাৰ শিশুৰ ভিতৰত ৬৪টা শিশুৰ মৃত্যু হৈছিল, সম্প্ৰতি এই হাৰ ৪৪ শতাংশলৈ হ্ৰাস পাইছে। দেশৰ শিশুৰ মৃত্যুৰ হাৰ ৩৪ শতাংশৰ বিপৰীতে ৰাজ্যৰ ৪৪ শতাংশ বুলি মন্তব্য কৰি অহা সময়ত এই হাৰ কমাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অসমত অত্যধিক। এই সন্দৰ্ভত অনুষ্ঠানৰ শেষত মন্ত্ৰীগৰাকীক সাংবাদিকে সোধাত স্বভাৱসুলভভাৱে কয়- ‘শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত পূৰ্বতে সৰ্বাধিক আছিল যদিও সম্প্ৰতি আমাৰ ৰাজ্যতকৈ মধ্যপ্ৰদেশৰ হাৰ অধিক’। ৰাজ্যৰ সৰ্বাধিক সময়ৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যতেই স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ছবিখন স্পষ্ট হৈ পৰিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate