অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু আইন হাতপুথি

শিশু আইন হাতপুথি

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২১০১২ ৰ উদ্দেশ্য হ’ল ১৮ বছৰৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। এই আইনখনৰ জৰিয়তে অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে আৰু অপৰাধ কিমান গুৰুতৰ তাৰ ওপৰত ভিত্তি কৰি শাস্তিৰ পৰিমাণ নিৰ্ণয় হয়। শাস্তিসমূহৰ ভিতৰত ভিতৰত ম্যাদৰ সাধাৰণৰ পৰা কঠোৰ সশ্ৰম কাৰাদণ্ড ব্যৱস্থা কৰা হৈছে। আইনখনে অপৰাধীক জৰিমনা বিহাৰো বিধান দিছে আৰু এই ক্ষেত্ৰত আদালতে সিদ্ধান্ত লয়।

যদি শিশুৰ বাবে বিশ্বাসযোগ্য অথবা শিশুৰ কৰ্তৃত্ব ল’ব পৰা ব্যক্তিয়ে অপৰাধ সংঘটিত কৰে, তেন্তে সেই অপৰাধক ‘গুৰুত্বৰ’ হিচাপে গণ্য কৰা হয়। এনে লোকসকলৰ ভিতৰত আছে নিৰাপত্তাৰক্ষী বাহিনীসমূহৰ সদস্য, আৰক্ষী বিষয়া, জনসেৱক আদি। আইনখনে নিৰ্ধাৰণ কৰা শাস্তিৰ ব্যৱস্থাসমূহ হ’ল:

  • বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণ (৩ নং দফা)-কমেও সাত বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৪ নং দফা)
  • গুৰুত্বৰ বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণ (৫ নং দফা)-কমেও দহ বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৬ নং দফা)
  • যৌন আক্ৰমণ (৭ নং দফা)-কমেও তিনি বছৰৰ কাৰাদণ্ড, যি পাঁচ বছৰলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৮ নং দফা)
  • গুৰুতৰ যৌন আক্ৰমণ (৯ নং দফা)-কমেও পাঁচ বছৰৰ কাৰাদণ্ড, যি সাত বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা (১০ নং দফা)
  • শিশুক পৰ্ন’গ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ (১৩ নং দফা)- পাঁচ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা তথা পুনৰ দোষী সাব্যস্ত হ’লে সাত বছৰৰ কাৰাদণ্ড আৰু জৰিমনা (১৪ (১) নং দফা)
  • আইনখনৰ আওতালৈ অহা অপৰাধসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। অপৰাধসমূহৰ বাতৰি পৰিৱেশন, সাক্ষ্য গ্ৰহণ, তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত আইনখনে শিশুৰ সহায়ক প্ৰক্ৰিয়া অনুসৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাসমূহৰ ভিতৰত আছে:
  • শিশুটোৰ বাসগৃহতেই অথবা তাৰ পছন্দৰ আন যিকোনো স্থানত তাৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা, যি কামৰ বাবে অগ্ৰাধিকাৰ পাব কমেও ছাব-ইন্সপেক্টৰ পদবীধাৰী এগৰাকী মহিলা আৰক্ষী বিষয়াই।
  • কোনো শিশুকেই কোনো কাৰণতে নিশাৰ ভাগত আৰক্ষী থানাত আটক কৰি ৰাখিব পৰা নাযাব।
  • শিশুটোৰ সাক্ষ্য গ্ৰহণৰ সময়ত আৰক্ষী বিষয়াই ইউনিফৰ্ম পৰিধান কৰা অৱস্থাত নাথাকিব।
  • শিশুটোৱে যিদৰে কয় সেইদৰেই তাৰ সাক্ষ্য লিপিবদ্ধ কৰা হ’ব।
  • শিশুটোৰ আৱশ্যকীয়তা অনুসৰি এজন দোভাষী, অনুবাদক বা বিশেষজ্ঞৰ সাহায্য গ্ৰহণ।
  • যদি শিশুটো প্ৰতিবন্ধী হয়, তেন্তে এজন বিশেষ প্ৰশিক্ষক বা শিশুটোৰ বাৰ্তালাপৰ ধৰণৰ বিষয়ে জ্ঞাত যিকোনো ব্যক্তিৰ সাহায্য গ্ৰহণ।
  • শিশুটোৰ পিতৃ-মাতৃ বা শিশুটোৱে বিশ্বাস কৰা আন যিকোনো লোকৰ উপস্থিতিতহে শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰিব পৰা যায়।
  • যদি নিৰ্যাতনৰ বলি কন্যা শিশু হয়, তেন্তে মহিলা চিকিৎসকেহে শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব।
  • বিচাৰৰ কালছোৱাত শিশুটোৱে সঘনে জিৰণি ল’ব পৰাৰ ব্যৱস্থা।
  • সাক্ষ্য গ্ৰহণৰ সময়ত শিশুটোক বাৰে বাৰে সাক্ষ্য দিবৰ বাবে আদালতলৈ মাতিব নোৱাৰিব।
  • শিশুটোক কোনো আগ্ৰাসী মনোভাৱ সম্পন্ন প্ৰশ্ন কৰিব নোৱাৰিব তথা চৰিত্ৰ হনন কৰিব নোৱাৰিব।
  • গোচৰৰ ৰুদ্ধদ্বাৰ বিচাৰ কৰা হ’ব।
  • সংবাদ মাধ্যম, ষ্টুডিঅ’ আৰু অন্যান্য বাতৰিসমূহত যাতে শিশুৰ যৌন নিৰ্যাতন প্ৰকাশ নহয় তাৰ প্ৰতি চকু দিব লাগে।

আইনখনৰ বলবৎকৰণৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহ হ’ল ৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আৰু ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগসমূহ।

শিশুৰ অধিকাৰ সুৰক্ষা আইন, ২০০৫

শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ আৰু ৰাজ্যিক আয়োগ গঠন তথা শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ অথবা শিশুৰ অধিকাৰ উলংঘা আৰু এই সম্পৰ্কীয় বিষয় অথবা ঘটনাৰ খৰতকীয়া বিচাৰ প্ৰক্ৰিয়া সম্পাদনৰ বাবে শিশুৰ আদালত স্থাপন কৰিবলৈ এখন আইন।

১) শিক্ষা

২) শিশুৰ স্বাস্থ্য, যত্ন, কল্যাণ অথবা শিশু উন্নয়ন।

৩) শিশু ন্যায় অথবা উপেক্ষিত, প্ৰতিবন্ধী শিশুসকলৰ যত্ন।

৪) শিশু শ্ৰম নিবাৰণ।

৫) শিশু মনস্তত্ত্ব বা সমাজতত্ত্ব আৰু

৬) শিশু সম্পৰ্কীয় আইন।

অয়োগৰ ক্ষমতা আৰু কাৰ্য্যাৱলী

ক) শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ অৰ্থে প্ৰচলিত আইনৰ অধীনত বা দ্বাৰা প্ৰদান কৰা হোৱা ব্যৱস্থা পৰীক্ষণ বা পুনৰীক্ষণ কৰা আৰু সেইসমূহ কাৰ্য্যকৰী হোৱালৈ ব্যৱস্থাৱলী গ্ৰহণৰ নিৰ্দেশ জাৰি কৰা।

খ) সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসাত্মক কাৰ্য, বিদ্ৰোহ, প্ৰাকৃতিক দুৰ্যোগ, এইচ আই ভি/এইডছ, মানৱ সৰবৰাহ, উৎপীড়ন, শোষণ, পৰ্ণগ্ৰাফী, বেশ্যাবৃত্তি আদিৰ দৰে যিবোৰে শিশুৰ অধিকাৰ বাধাগ্ৰস্ত কৰা সকলো কাৰণ তথা উপাদানসমূহ পৰীক্ষা কৰা আৰু যথাৰ্থ নিৰাময়ক ব্যৱস্থাৱলীৰ নিৰ্দেশ কৰা।

গ) শিশুৰ নৈৰাস্যবোধ, পিছপৰা অথবা অনগ্ৰসৰ শিশু, শিশু অপৰাধেৰে সংঘাত গ্ৰস্ত শিশু, পৰিয়ালবিহীন শিশু, সংশ্লিষ্ট বিষয়বোৰ পৰীক্ষা কৰা আৰু উচিত নিৰাময়ৰ ব্যৱস্থাৱলীৰ নিৰ্দেশ দিয়ে।

ঘ) চুক্তি আৰু আন্তৰ্জাতিক সমলসমূহ অধ্যয়ন কৰা, শিশুৰ অধিকাৰ বিষয়ক প্ৰচলিত নীতি-আঁচনি আৰু অন্যান্য কাৰ্য্যাৱলী সময়ে সময়ে পুনৰীক্ষণ কৰি সেইসমূহৰ শিশুৰ আগ্ৰহ তথা মনোযোগ সাপেক্ষে কাৰ্য্যকৰী প্ৰয়োগৰ নিৰ্দেশনা জাৰি কৰা।

ঙ) শিশুৰ অধিকাৰৰ ক্ষেত্ৰত গৱেষণা চলোৱা আৰু উন্নীতকৰণ কৰা।

চ) শিশুৰ অধিকাৰ কাৰ্য্যকৰী জ্ঞান সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। সংবাদ মাধ্যম, আলোচনাচক্ৰ, সজাগতামূলক কাৰ্যসূচী  আৰু অন্যান্য মাধ্যমৰ যোগেদি এই অধিকাৰসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।

ছ) অভিযোগ সন্দৰ্ভত অনুসন্ধান কৰা আৰু নিজাববীয়া জাননী জাৰি কৰা।

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯

৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰত প্ৰতিগৰাকী শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ বাবে এখন আইন।

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ

৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ প্ৰতিগৰাকী শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা কোনোধৰণৰ মাছুল সংগ্ৰহ কৰিব নোৱাৰিব।

নামভৰ্ত্তিৰ বাবে বয়সৰ প্ৰমাণ পত্ৰ

ক) জন্ম, মৃত্যু আৰু বিবাহ পঞ্জীয়ন আইন, ১৮৮৬ ৰ অধীনত বয়সৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

খ) বয়সৰ প্ৰমাণ পত্ৰ নথকাৰ অজুহাতত নামভৰ্ত্তি কৰিবলৈ কোনো শিক্ষা প্ৰতিষ্ঠানে অস্বীকাৰ কৰিব নোৱাৰিব।

সংখ্যাগুৰু আইন, ১৮৭৫

বয়সৰ সংখ্যাগুৰু সাপেক্ষে আইনৰ সংশোধনী আইন।

অভিভাৱক আৰু ৱাৰ্ড আইন, ১৮৯০

অভিভাৱক আৰু ৱাৰ্ড বিষয়ক আইন বিচাৰ আৰু সংশোধনৰ বাবে আইন।

অভিভাৱকৰ সন্দৰ্ভত ৰায়দান কৰিবলৈ আদালতৰ ক্ষমতা

নাবালক কল্যাণৰ স্বাৰ্থত অভিভাৱকত্ত্ব সন্দৰ্ভত ৰায়দান কৰিবলৈ আদালতক ক্ষমতা প্ৰদান কৰা হৈছে,

ক) নাবালক অথবা তেওঁৰ সম্পত্তি অথবা উভয়ৰে বাবে অভিভাৱকত্ত্ব প্ৰদান।

খ) এজন ব্যক্তিৰ অভিভাৱকৰূপে ঘোষণা।

বাল্য বিবাহ নিয়ন্ত্ৰণ আইন, ১৯২৯

বাল্য বিবাহ ৰোধ কৰাৰ বাবে এখন আইন।

  • শিশুক বিয়া পতা একৈশ বয়সতকৈ অনুৰ্দ্ধৰ পুৰুষৰ বাবে শাস্তি: ওঠৰ বছৰতকৈ ডাঙৰ আৰু একৈশ বছৰতকৈ সৰু পুৰুষ, যিয়ে শিশুৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে, তেওঁৰ পোন্ধৰ দিন পৰ্য্যন্ত কাৰাদণ্ড, অথবা এহেজাৰ টকাৰ জৰিমনা বা দুয়োটাই হ’ব পাৰে।
  • শিশুক বিয়া পতা ২১ বছৰ বয়সৰ পুৰুষৰ শাস্তি: একৈশ বছৰ বয়সতকৈ ডাঙৰ পুৰুষ, যিয়ে শিশুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, তেওঁৰ তিনি মাহ পৰ্য্যন্ত কাৰাদণ্ড, অথবা জৰিমনা হ’ব পাৰে।
  • বাল্য বিবাহৰ বাবে উদ্‌গনি যোগোৱাৰ শাস্তি: বাল্য বিবাহ অনুষ্ঠিত কৰা বা উদ্‌গনি যোগোৱাটোও এটা শাস্তিযোগ্য অপৰাধ, ইয়াৰ বাবে তিনি মাহ পৰ্য্যন্ত কাৰাদণ্ড নাইবা জৰিমনা হ’ব পাৰে।
  • বাল্য বিবাহৰ সৈতে জড়িত পিতৃ-মাতৃ আৰু অভিভাৱকৰ শাস্তি: কোনো শিশুৱে বাল্য বিবাহত বহিলে, শিশুটিৰ দায়িত্বত থকা যিকোনো ব্যক্তি, পিতৃ-মাতৃ-অভিভাৱক বা আন কোনো ব্যক্তি, যিয়ে বিয়াখন অনুষ্ঠিত কৰে বা উদ্‌গনি যোগায় বা বাল্যবিবাহ ৰোধ কৰাত অপাৰগ হয়, তেওঁ শাস্তি পোৱাৰ যোগ্য আৰু ইয়াৰ বাবে তিনিমাহ পৰ্য্যন্ত কাৰাদণ্ড অথবা জৰিমনা হ’ব পাৰে।
  • এই আইনৰ অধীনত বিচাৰ প্ৰক্ৰিয়া: মেট্ৰ’ পলিটান দণ্ডাধীশ অথবা প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত এই আইনৰ অধীনত যিকোনো গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলে।
  • অপৰাধৰ বিষয়ে প্ৰাথমিক অনুসন্ধান: কোনো অভিযোগ লাভ কৰাৰ পিছত আদালতে অনুসন্ধান চলায় অথবা অধ:স্থ ন্যায়াধীশক চলাবলৈ নিৰ্দেশ দিয়ে।

শিশু (শ্ৰম পণ) আইন, ১৯৩৩

শিশুৰ শ্ৰম পণ নিবাৰণৰ বাবে আইন।

  • আইন উলংঘা কৰি কৰা চুক্তি খাৰিজ: শিশু শ্ৰম পণৰ ক্ষেত্ৰত কৰা চুক্তি খাৰিজ হ’ব।
  • শিশু শ্ৰম পণ চুক্তি কৰা অভিভাৱকৰ জৰিমনা: কোনো শিশুৰ শ্ৰম পণ চুক্তি কৰা অভিভাৱকে জৰিমনা ৫০ টকা পৰ্য্যন্ত ভৰিব লাগিব।
  • অভিভাৱকৰ শ্ৰম পণ চুক্তি কৰিবলৈ বাধ্য কৰোৱাৰ জৰিমনা: কোনো শিশুৰ ক্ষেত্ৰত শ্ৰম পণ চুক্তি সম্পাদন কৰিবলৈ বাধ্য কৰিলে, বাধ্য কৰাওতাজনে শাস্তিৰ সন্মুখীন হ’ব লাগিব। ২০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব।
  • শ্ৰম পণৰ জৰিয়তে শিশুক নিয়োগ কৰাৰ জৰিমনা: জ্ঞাতভাৱে অথবা শ্ৰম পণৰ জৰিয়তে কোনো শিশুক মকৰল কৰোৱাটো বিশ্বাস কৰাৰ থল থাকিলে, তেনে শিশুক মকৰল কৰিলে নিয়োগকৰ্তাই ২০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব।

হিন্দু তোলনীয়া আৰু ৰক্ষণাবেক্ষণ আইন, ১৯৫৬

হিন্দুৰ মাজত শিশুক তোলনীয়া আৰু ৰক্ষণাবেক্ষণ সম্বন্ধীয় আইন সংশোধন আৰু সংহিতাবদ্ধ কৰাৰ বাবে আইন।

এই আইন প্ৰযোজ্য

ক) যিসকল যিকোনো প্ৰকাৰে হিন্দু ধৰ্মত বিশ্বাসী, য’ত সামৰি লোৱা হয় বৈষ্ণৱ, লিংগায়ত বা ব্ৰাক্ষ্ম, প্ৰাৰ্থনা আৰু আৰ্য সমাজকো।

খ) যিকোনো ব্যক্তি, যি বৌদ্ধ, জৈন অথবা শিখ ধৰ্মাৱলম্বী।

গ) যিকোনো ব্যক্তি, যি ইছলাম, খ্ৰীষ্টান, পাৰ্চি বা ইহুদী ধৰ্মাৱলম্বী নহয়।

তুলি ল’বলৈ হিন্দু মহিলাৰ যোগ্যতা:

যিকোনো হিন্দু মহিলা-

ক) যি মানসিকভাৱে সুস্থ।

খ) যি এগৰাকী নাবালিকা নহয়।

গ) যি বিবাহিত নহয়, অথবা হয়, যাৰ বিয়া ভাঙি গৈছে অথবা স্বামীৰ মৃত্যু হৈছে অথবা সম্পূৰ্ণ আৰু যি এগৰাকী হিন্দু অথবা আদালতে ঘোষণা কৰিছে, তেওঁ পুত্ৰ অথবা আদালতে ঘোষণা কৰিছে, তেওঁ পুত্ৰ অথবা কন্যা সন্তান হিচাপে তুলি ল’ব পাৰে।

তুলি ল’বলৈ সন্তান কোনে দিব পাৰে:

ক) পিতৃ-মাতৃ অথবা অভিভাৱকেহে সন্তানক তুলি ল’বলৈ দিব পাৰে।

খ) পিতৃৰ মৃত্যু হ’লে।

গ) পিতৃ-মাতৃ উভয়ৰে মৃত্যু ঘটিলে অভিভাৱকে তুলি ল’বলৈ দিব পাৰে।

হিন্দু সংখ্যালঘু অৰু অভিভাৱকত্ব আইন, ১৯৫৬

হিন্দুৰ মাজত সংখ্যালঘু আৰু অভিভাৱকত্ব সম্বন্ধীয় আইন সংশোধন আৰু সংহিতাবদ্ধ কৰাৰ বাবে আইন।

এই আইন প্ৰযোজ্য:

ক) যিসকল যিকোনো প্ৰকাৰে হিন্দু ধৰ্মত বিশ্বাসী, য’ত সামৰি লোৱা হয় বৈষ্ণৱ, লিংগায়ত বা ব্ৰাক্ষ্ম, প্ৰাৰ্থনা আৰু আৰ্য সমাজকো।

খ) যিকোনো ব্যক্তি, যি বৌদ্ধ, জৈন অথবা শিখ ধৰ্মাৱলম্বী।

গ) যিকোনো ব্যক্তি, যি ইছলাম, খ্ৰীষ্টান, পাৰ্চি বা ইহুদী ধৰ্মাৱলম্বী নহয়।

মহিলা আৰু শিশুৰ অনুষ্ঠান (অনুজ্ঞা প্ৰদান)আইন, ১৯৫৬

মহিলা আৰু শিশুৰ অনুষ্ঠানৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে আইন।

যুৱ প্ৰজন্ম (ক্ষতিকাৰক প্ৰকাশন) আইন, ১৯৫৬

যুৱ প্ৰজন্মৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত প্ৰকাশন নিবাৰণ কৰাৰ বাবে এখন আইন।

সূত্ৰ: ক্ষতিকাৰক প্ৰকাশন হৈছে তেনে কিতাপ, আলোচনী, বাতৰি কাকত অথবা অন্যান্য প্ৰকাশন যিবোৰত কথা অথবা ছবি অথবা উভয়েই থাকে, যিয়ে বৰ্ণনা কৰে-

ক) অপৰাধৰ বাবে উদ্‌গনিও যোগায়, বা

খ) উত্তেজনা আৰু নৃশংসতাৰ বৰ্ণনা কৰে, বা

গ) উদ্ভত প্ৰকৃতিৰ ঘটনা বৰ্ণনা কৰে।

ক্ষতিকাৰক প্ৰকাশন বিক্ৰী আদিৰ বাবে জৰিমনা

ক) বিক্ৰী কৰা, ভাড়ালৈ দিয়া, প্ৰকাশন প্ৰদৰ্শনী আয়োজন কৰা অথবা যিদৰে ক্ষতিকাৰক প্ৰকাশনৰ প্ৰচাৰ বৃদ্ধি হয়।

খ) বিজ্ঞাপন প্ৰকাশ কৰা। ইয়াৰ বাবে ছমাহ পৰ্য্যন্ত কাৰাদণ্ড অথবা জৰিমনা অথবা দুয়োটাই প্ৰযোজ্য হ’ব পাৰে।

আশ্ৰয়গৃহ আৰু অন্যান্য দাতব্য গৃহ (তত্বাৱধান আৰু নিয়ন্ত্ৰণ) আইন, ১৯৬০

আশ্ৰয়গৃহ, লাঞ্ছিত মহিলা আৰু শিশু গৃহ আৰু অনুৰূপ অন্যান্য প্ৰতিষ্ঠানৰ তত্বাৱধান আৰু নিয়ন্ত্ৰণৰ বাবে আইন।

শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু ব্যৱস্থাপনা) আইন, ১৯৮৬

১৪ বছৰৰ তলৰ শিশুক কামত নিয়োগ নিবাৰণ নিশ্চিত কৰাৰ বাবে কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে যদিও কোনো আইনত কাৰ্যবিধি উল্লেখ কৰা হোৱা নাই যে শিশুৰ কোনবোৰ নিয়োজন, পেছা আৰু নিয়োজন প্ৰক্ৰিয়া নিষিদ্ধ হ’ব লাগে। এই বিষয়ত এখন আইন বলবৎ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু ব্যৱস্থাপনা) বিধেয়ক সদনত উত্থাপন কৰা হয়। ১৯৮৬ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুয়োখন সদনে এই বিধেয়ক গৃহীত কৰে।

শিশুৰ নিৰ্দিষ্ট কিছুমান নিয়োজন নিবাৰণ আৰু আন কেতবোৰ নিয়োজনত শিশুৰ কামৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এইখন আইন।

সূত্ৰ: এই আইনত ‘শিশু’ ৰ অৰ্থ হৈছে ১৪ বছৰ বয়সৰ তলৰ ব্যক্তি। ১৪ বছৰৰ তলৰ শিশু শ্ৰমৰ পৰা আঁতৰি থাকিব লাগিব।

সামৰি লোৱা ‘প্ৰতিষ্ঠান’ সমূহ হৈছে- দোকান, বাণিজ্যিক প্ৰতিষ্ঠান, ৱৰ্কশ্বপ, ফাৰ্ম, আবাসিক হোটেল, ৰেস্তোঁৰা, থিয়েটাৰ অথবা অন্যান্য বিনোদনৰ থলী। ঘৰুৱা চাকৰ বা কাম কৰা ল’ৰা-ছোৱালী হিচাবত শিশুক ৰাখিব নোৱাৰিব। কোনো শিশুক ধাবা, ৰাস্তাৰ দাঁতিত খাদ্য বনোৱা দোকান, চাহ দোকান, হোটেল, মোটেলত কাম কৰাত বাধা আছে।

কোনো প্ৰতিষ্ঠান অথবা ৱৰ্কশ্বপৰ ‘অধিকাৰী’ হৈছে সেইজন ব্যক্তি, যিজন ব্যক্তিৰ নিয়ন্ত্ৰণত নিৰ্দিষ্ট ৱৰ্কশ্বপ বা প্ৰতিষ্ঠানখন থাকে।

‘ৱৰ্কশ্বপ’ৰ অৰ্থ হৈছে যিকোনো স্থান য’ত যিকোনো উদ্যোগিক প্ৰক্ৰিয়া সম্পন্ন হয়, কিন্তু ফেক্টৰী আইন, ১৯৪৮ ৰ ৬৭ নং ধাৰা অনুসৰি স্থাপন হোৱা স্থান এক সময়সীমালৈ ইয়াৰ আওতাত নপৰে।

কামৰ সময়:

ক) প্ৰতিদিনে কৰিবলগীয়া কামৰ সময় নিৰ্ধাৰণ কৰিব লাগে যাতে কোনো সময়সীমাই তিনি ঘন্টাতকৈ বেছি সময় অতিক্ৰম নকৰে আৰু জিৰণিৰ বাবে কমেও এঘন্টা বিৰতি লোৱাৰ পূৰ্বে কোনো শিশুৱে তিনি ঘন্টাতকৈ বেছি সময় কাম কৰিব নালাগে।

খ) সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত কোনো শিশুকে কামৰ বাবে নিয়োজন কৰিব নালাগে।

গ) শিশুৰ দ্বাৰা অতিৰিক্ত সময় কাম কৰোৱাব নালাগে।

ঘ) কোনো শিশুকে এনে এটা দিনত কামত নিয়োজিত কৰিব নালাগে, যিটো দিনত তেওঁ ইতিমধ্যে অন্য প্ৰতিষ্ঠানত কাম কৰি আহিছে।

সাপ্তাহিক বন্ধৰ দিন:

কোনো প্ৰতিষ্ঠানত নিয়োজিত হোৱা যিকোনো শিশুক সপ্তাহত এটাকৈ বন্ধৰ দিন দিব লাগে।

শিশু শ্ৰমিক (নিবাৰণ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮৮

শিশু শ্ৰমিক (নিবাৰণ আৰু নিয়ন্ত্ৰণ)আইন ১৯৬৮ ৰ ১৮ নং দফাৰ প্ৰথম খণ্ডই দিয়া ক্ষমতাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ বিধি প্ৰস্তুত কৰে।

সূত্ৰ:

ক) ‘আইন’ মানে শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু ব্যৱস্থাপনা) আইন, ১৯৬৮

খ) ‘কমিটি’ মানে শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি, যি আইনৰ ৫ম দফাৰ প্ৰথম খণ্ড অনুসৰি গঠন হয়।

গ) ‘অধ্যক্ষ’ মানে আইনৰ ৫ ম দফাৰ দ্বিতীয় খণ্ড অনুসৰি নিয়োজিত অধ্যক্ষ।

শিশু ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০০০

আইনৰ সৈতে সংঘাত আৰু যিসকল কিশোৰক যত্ন, সুৰক্ষা আৰু শুশ্ৰুষাৰ প্ৰয়োজন আছে তেওঁলোকৰ উন্নতিৰ বাবে, আৰু এক শিশু অনুকূল পৰিৱেশ গ্ৰহণ কৰাৰ বাবে শিশুসকলৰ হকে আৰু শিশুসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত শিশু সম্বন্ধীয় আইনৰ বিচাৰ আৰু সংশোধনৰ এখন আইন।

বাল্য বিবাহ নিবাৰণ আইন, ২০০৬

বাল্য বিবাহ নিবাৰণ আৰু এই সম্পৰ্কীয় বিষয়ৰ বাবে আইন।

বাল্য বিবাহৰ শিশুক ৰক্ষণাবেক্ষণ আৰু জিম্মা:

ক) বাল্য বিবাহৰ বলি হোৱা শিশুৰ ক্ষেত্ৰত জিলা ন্যায়ালয়ে উপযুক্ত ৰক্ষণাবেক্ষণৰ বাবে জিম্মাত দিবলৈ ৰায়দান কৰে।

উৎস: অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate