অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়ন আঁচনি

সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়ন আঁচনি

সংখ্যালঘু মহিলাৰ বাবে নেতৃত্ব উন্নয়ন আঁচনি

পটভূমি

১) দেশত মহিলাৰ স্থিতি, বিশেষকৈ যিসকল মহিলা অনাগ্ৰসী শ্ৰেণীত পৰে তেওঁলোকৰ অৱস্থা বৰ সন্তোষজনক নহয়। এটি কন্যা সন্তানে জন্মৰ আগতে আৰু পিছতো ঘৰুৱা সমল যেনে, খাদ্য, শিক্ষা, স্বাস্থ্যৰ যত্ন, কম বয়সত বিবাহ আদিৰ ক্ষেত্ৰত বৈষম্যতাৰ বলি হয়। আনহাতে গ্ৰামাঞ্চলৰ মহিলাসকলে কমকৈ চকুত পৰা ধৰণৰ কাম-কাজ যেনে, ৰন্ধা-বঢ়া কৰা, পানী সংগ্ৰহ, সন্তানক বিদ্যালয়লৈ পঠিওঁৱা, খেতি পথাৰৰ কাম, ঘৰচীয়া জীৱ-জন্তুৰ প্ৰতিপালন কৰা, গাখীৰ খীৰোৱা আদি ধৰণৰ অত্যাধিক কামৰ বোজা গ্ৰহণ কৰিব লগা হয়। ইয়াৰ বিপৰীতে পুৰুষসকলে চকুত পৰা ধৰণৰ কাম-কাজ যেনে, গাখীৰ বিক্ৰী কৰা বা ঘৰৰ উৎপাদিত শস্য বিক্ৰী কৰা ধৰণৰ কামহে কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ অৱস্থা ইয়াতকৈও বেয়া। এওঁলোক কেৱল সংখ্যালঘুয়ে নহয় এওঁলোক আৰ্থিকভাৱেও দূৰ্বল আৰু এওঁলোকক পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আতঁৰাই ৰখাৰ উপৰিও সমাজৰ কাম-কাজৰ পৰা আতঁৰাই ৰখা হয় আৰু সামাজিকভাৱে সম স্বীকৃতি প্ৰদান কৰা নহয়।

২) মহিলাসকলক সৱলীকৰণ কৰাতো কেৱল সম অধিকাৰৰ বাবেই অত্যাৱশ্যকীয় নহয়, ই দাৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত, অৰ্থনৈতিক বিকাশ আৰু এখন শক্তিশালী সভ্য সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। দাৰিদ্ৰ পৰিয়ালসমূহত মহিলা আৰু শিশুসকলেই সদায় বেয়াকৈ ভোগে আৰু এওঁলোকক সহায়, মহিলা সৱলীকৰণ, বিশেষকৈ মাতৃসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ঘৰুৱা স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁৱেই সকলো ধৰণৰ পৰিপুষ্টিৰ যোগান ধৰাৰ লগতে তেওঁৰ দ্বাৰাহে ঘৰখন পৰিচালিত হয়।

৩) ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ এক উচ্চ স্তৰীয় সমিতিৰ সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাগত স্থিতিৰ প্ৰতিবেদনত এই বৃহৎ সংখ্যালঘু দলটোত সংখ্যাৰ পৰিমাণ প্ৰায় ১৩.৮৩ কোটি আৰু এওঁলোক উন্নয়নৰ পৰা আতঁৰি থকাৰ লগতে নিজৰ দলৰ ভিতৰতে মহিলাসকল অতিৰিক্তভাৱে অনাগ্ৰসী। এই কথা আগত ৰাখি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে এখন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। সংখ্যালঘু সম্প্ৰদায়ৰ বঞ্চিত মহিলাসকলৰ বিকাশ নিশ্চিত কৰিবলৈ ২০০৭-০৮ চনত আৰম্ভ কৰা এই আঁচনিখনৰ নাম হ’ল “লীডাৰশ্বীপ ডেভেলপমেণ্ট ফৰ লাইফ, লাইভলিহুদ এণ্ড চিভিক এমপাৱাৰমেন্ট অফ মাইন’ৰিটী অমেন”। ২০০৯-১০ বৰ্ষত এই আঁচনিখন সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়লৈ বদলি কৰা হয়। সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়ে এই আঁচনিখন খাপ খোৱাকৈ পুনঃগঠন কৰি লয় আৰু নতুন নাম দিয়ে “স্কীম ফৰ লীডাৰশ্বীপ ডেভেলপমেন্ট অফ মাইন’ৰিটী অমেন”।

লক্ষ্যকৃত গোট আৰু লক্ষ্যসমূহৰ বিতৰণ

 

৪) সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়ে সামৰি লোৱা সংখ্যালঘু সম্প্ৰদায়সমূহ হ’ল মুছলমান, শিখ, খ্ৰীষ্টান, বুদ্ধধৰ্মী আৰু পাৰ্চী। এইসকলক নেচনেল কমিচন ফৰ মাইন’ৰিটিজ এক্ট, ১৯৯২ ৰ ধাৰা ২ (চি)ৰ অধীনত সংখ্যালঘু বুলি ঘোষিত কৰা হৈছে। এই সংখ্যালঘু সম্প্ৰদায়ৰ যোগ্য মহিলাসকলেই এই আঁচনিৰ লক্ষ্যকৃত গোট। অৱশ্যে পৰৱৰ্তী পৰ্য্যায়ত এই মহিলাসকলে যাতে সমাজত উপযুক্ত স্থান পায় আৰু স্বাধীনতা আৰু ঐক্যবদ্ধতাৰ বাবে নিজৰ চেষ্টাসমূহ উন্নত কৰিব পাৰে। সেইবাবেই এই আঁচনিত অ-সংখ্যালঘু সম্প্ৰদায় আৰু সৰ্বোচ্চ ২৫ শতাংশক জৰিত কৰাৰ সুবিধা আছে। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ যিকোনো সম্প্ৰদায়ৰ নিৰ্বাচিত মহিলা প্ৰতিনিধিক প্ৰশিক্ষাৰ্থী হিচাপে সন্নিৱিষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিব লাগে।

উদ্দেশ্য

৫) এই আঁচনিৰ উদ্দেশ্য হ’ল সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ লগতে উক্ত অঞ্চলত বাস কৰা অন্যান্য সম্প্ৰদায়ৰ মহিলা সকলকো চৰকাৰী প্ৰক্ৰিয়া, বেংকসমূহ আৰু প্ৰতিটো পৰ্য্যায়তে প্ৰাথমিক ব্যৱস্থাসমূহৰ লগত যোগাযোগৰ বাবে দৃঢ়তা জগাই তুলিব পৰাকৈ জ্ঞান, সামগ্ৰী আৰু কৌশল প্ৰদান কৰি তেওঁলোকক সৱল কৰি তোলা। পৰম্পৰাগত ব্যৱস্থাটোত বেছিভাগ মহিলাৰে জীৱন আন্তঃগাঁঠনি আৰু প্ৰয়োজনীয় সম্পৰ্কীত সামাজিক/প্ৰাথমিক ব্যৱস্থা নথকাৰ বাবেই কঠিন হৈ পৰে। যেতিয়ালৈকে মহিলাসকলে একেলগে আগবাঢ়ি তেওঁলোকৰ অধিকাৰৰ বাবে যুদ্ধ নকৰে, তেন্তে এই কঠিনতা আতঁৰ হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব। এই আচনিখনৰ বেচৰকাৰী সংগঠন/বিভিন্ন সংস্থা/প্ৰতিষ্ঠানক অৰ্থ সাহাৰ্য্য আগবঢ়ায় এনে মহিলাসকলক নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ প্ৰদান কৰি সৱলীকৰণ কৰাৰ লগতে ঘৰ আৰু সমাজত নিজৰ অধিকাৰৰ বাবে, অকলে বা দলবদ্ধভাৱে বিভিন্ন সেৱাসমূহ সুবিধাসমূহ আৰু দক্ষতা বৃদ্ধিৰ সুযোগসমূহ লাভৰ বাবে মাত মাতিব পাৰে।

এনে উন্নয়নমূলক লাভালাভসমূহ দাবী কৰাৰ ফলত তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ’ব।

নেতৃত্ব

৬) এই আঁচনিৰ ক্ষেত্ৰত নেতৃত্বৰ অৰ্থ হ’ল সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰি সৱলীকৰণ কৰাৰ লগতে ঘৰ আৰু সমাজত নিজৰ অধিকাৰৰ বাবে, অকলে বা দলবদ্ধভাৱে বিভিন্ন সেৱাসমূহ, সুবিধাসমূহ আৰু দক্ষতা বৃদ্ধিৰ সুযোগসমূহ লাভৰ বাবে মাত মাতিব পৰাৰ লগতে চৰকাৰৰ এনে উন্নয়নমূলক লাভালাভসমূহ দাবী কৰাৰ যোগেৰে তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নতি সাধন কৰা।

সম্প্ৰদায়ভিত্তিক সংগঠন/বেচৰকাৰী সংগঠন, বিভিন্ন সংস্থা/প্ৰতিষ্ঠানসমূহ

৭) সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ এই আঁচনিত ইয়াৰ সপক্ষে অহৰ্নিষে মাত মতাটো এটা গুৰুত্বপূৰ্ণ কাম। লক্ষিত গোটসমূহৰ পদূলি মুখতে অবিৰতভাৱে আৰু সকলো সময়তে উপলব্ধ হোৱাকৈ সহায়কাৰীৰ প্ৰয়োজন হ’ব। এই আঁচনি কাৰ্য্যকৰী কৰা সংগঠনৰ লোকসকলে এটা নিৰ্দিষ্ট সময়ৰ বিৰতিৰ আঁচনি ৰূপায়ন হোৱা গাওঁ বা অঞ্চলসমূহলৈ গৈ মহিলাৰ গোটসমূহক নেতৃত্বৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব যাতে তেওঁলোকৰ লাভৰ বাবে প্ৰয়োজনীয় আহিলা আৰু কৌশলসমূহ ভালদৰে বুজি পোৱাৰ লগতে সেইবোৰ ব্যৱহাৰৰ দিকদৰ্শন কৰা হয়। এনে ক্ষেত্ৰত অতি উদ্বুদ্ধ আৰু নিস্তাৱান সম্প্ৰদায়ভিত্তিক সংগঠনে বেছি ভালদৰে কাম কৰি যাব পাৰিব। যিহেতু মহিলাসকলে বেছিভাগ কামেই ঘৰত বা ঘৰৰ ওচৰে-পাজৰে কৰে গতিকে এই আঁচনি ৰূপায়ন কৰা সংগঠনসমূহ যথেষ্ট অভিজ্ঞ আৰু ব্যক্তিগতভাৱে যথেষ্ট সমল থাকিব লাগিব যাতে মহিলাসকলৰ ঘৰৰ ওচৰে-পাজৰেই প্ৰশিক্ষণ কাৰ্য্যসূচী প্ৰদান কৰিব পাৰে। এনে সংগঠনসমূহৰ পূৰ্বতে মহিলাৰ বাবে আৱাসিক প্ৰশিক্ষণ কাৰ্য্যসূচী পৰিচালনা কৰাৰ অভিজ্ঞতা আৰু সমল থাকিব লাগিব। এই সংগঠনসমূহে মহিলাৰ বাবে চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানে বিচৰাৰ দৰে শিক্ষাগত অৰ্হতা আৰু অনুমোদিত হ’ব লাগিব। সেয়েহে এনে সংগঠনসমূহ আৱশ্যকীয়ভাৱে উদ্বুদ্ধ, নিষ্ঠাৱান হোৱাৰ লগতে জনশক্তি আৰু সমল পূৰ্ণ হ’ব লাগিব যাতে তেওঁলোকে চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানে অনুমোদন কৰা আৱাসিক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে গাওঁ বা তেনে অঞ্চলত গৈ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে।

যিবোৰ বেচৰকাৰী সংগঠনে এই আঁচনিৰ অধীনত অৰ্থ সাহাৰ্য্যৰ বাবে আৱেদন প্ৰপত্ৰ জনাব বিচাৰে। তেওঁলোকৰ তলত দিয়া যোগ্যতা থাকিব লাগিব।

১) সমিতিসমূহৰ পঞ্জীয়ণ আইন ১৮৬০ ৰ অধীনত পঞ্জীভূত সমিতি।

২) আইনৰ অধীনত পঞ্জীভূত ৰাজহুৱা ন্যাস।

৩) কোম্পানীসমূহৰ আইন ১৯৫৬ ৰ ধাৰা ২৫ ৰ অধীনত অনুজ্ঞাপ্ৰাপ্ত দাতব্য প্ৰতিষ্ঠান।

৪) বিশ্ববিদ্যালয়/উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ

৫) পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ

কাৰ্য্যকৰীকৰণ

৮) এই নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ আঁচনিখন বিভিন্ন সংগঠনৰ জৰিয়তে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কাৰ্য্যকৰী কৰিব। নিৰ্বাচিত সংগঠনসমূহে এই প্ৰকল্পটো প্ৰত্যক্ষভাৱে তেওঁলোকৰ সাংগঠনিক ব্যৱস্থাৰ জৰিয়তেও কৰিব পাৰে বা উক্ত অঞ্চল/গাওঁ/স্থানীয় সৰু সংগঠনৰ যোগেৰেও ৰূপায়িত কৰিব পাৰে। যদিহে নিৰ্বাচিত সংগঠনটোৱে গাওঁ বা স্থানীয় কোনো সৰু সংগঠনৰ যোগেৰে এই প্ৰকল্প ৰূপায়ন কৰিবলৈ বিচাৰে তেন্তে সৰু সংগঠনটোৱে আঁচনিখনৰ দফা ১৭ আৰু ১৮ ত উল্লেখ থকা চৰ্তসমূহ আৰু সংশ্লিষ্ট পূৰ্ব প্ৰয়োজনীয় অৰ্হতাসমূহ যাতে পূৰণ কৰিব পাৰে সেইটো নিশ্চিত কৰাত সম্পূৰ্ণভাৱে দায়বদ্ধ থাকিব লাগিব। যদি কোনো সংগঠনে এই প্ৰকল্পটো যথাযথ আৰু সফলভাৱে এবাৰ কাৰ্য্যকৰী কৰিব পাৰে তেন্তে মন্ত্ৰালয়ে সংগঠনটোক স্থায়ীভাৱে এই প্ৰকল্প প্ৰদান কৰিব।

নেতৃত্ব উন্নয়ন প্ৰশিক্ষণৰ উপাদানসমূহ

৯) নেতৃত্ব উন্নয়ন প্ৰশিক্ষণৰ উপাদানসমূহত অত্যাৱশ্যকীয়ভাৱে মহিলা, শিক্ষা, নিয়োগ, জীৱিকা আদি বিষয় আৰু অধিকাৰসমূহ সন্নিৱিষ্ট হ’ব লাগিব। এই বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সংবিধান আৰু বিভিন্ন আইনৰ অধীনত আগবঢ়োৱা সুযোগ, সুবিধা আৰু উপলব্ধ সেৱাসমূহৰ কথা সন্নিৱিষ্ট হ’ব লাগিব। শিক্ষা, স্বাস্থ্য, পৰিষ্কাৰ-পৰিচন্নতা, পৰিপুষ্টি, ৰোগ প্ৰতিৰোধৰ টিকাকৰণ, পৰিয়াল পৰিকল্পনা, ৰোগ নিয়ন্ত্ৰণ, সুলভ মূল্যৰ দোকান, খোৱা পানীৰ যোগান, বিদ্যুৎ যোগান, অনাময়, আৱাস গৃহ, স্ব-নিয়োজন, হাজিৰা ভিত্তিক নিয়োগ, দক্ষতা প্ৰশিক্ষণৰ সুবিধাসমূহ, মহিলাৰ বিৰুদ্ধে অপৰাধ ইত্যাদি ক্ষেত্ৰসমূহ ইয়াত সন্নিৱিষ্ট হ’ব লাগিব। পঞ্চায়তী ৰাজ আৰু নগৰ পালিকা, মহিলাৰ আইনসংগত অধিকাৰসমূহ, তথ্য অধিকাৰ আইন, ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ কাৰ্য্যসূচী, ঘৰে কৰা জৰীপ আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলৰ তালিকা, কাৰ্য্যালয়ৰ সজ্জা আৰু কাম-কাজ, ওজৰ নিষ্পত্তি মঞ্চ আৰু ইয়াৰ কাৰ্য্যকৰণৰ ধৰণ ইত্যাদিসমূহত মহিলাৰ ভূমিকাও প্ৰশিক্ষণ উপাদানৰ অন্তৰ্ভূক্ত হ’ব লাগে। এই প্ৰশিক্ষণ উপাদানসমূহ এনেদৰে সজ্জিত কৰিব লাগে যাতে কম সময়ত প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায়।

৯.২) প্ৰশিক্ষণৰ শিক্ষণ সূচীত দৃশ্য শ্ৰব্য আহিলা আৰু বিশেষ ঘটনাৰ অধ্যয়ন সন্নিৱিষ্ট কৰিব লাগে যাতে প্ৰশিক্ষণ কাৰ্য্যসূচী অধিক শক্তিশালী আৰু মনোগ্ৰাহী হয়। নেতৃত্বৰ মানদণ্ড যেনে সাংগঠনিক অৰ্হতা, যোগাযোগৰ দক্ষতা, স্ব-উন্নয়ন আৰু স্পষ্ট উচ্চাৰণ, যোগাযোগ ব্যৱস্থা আৰু ৰাজহুৱাভাৱে বক্তব্য ৰখা, সংগঠিত কৰাৰ অৰ্হতা, বুজাবুজি আৰু সমস্যাৰ সমাধান আদিবোৰ প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ অংশ হ’ব লাগিব। সক্ৰিয় অংশগ্ৰহণত উৎসাহিত কৰিবলৈ প্ৰশিক্ষণ সূচীত দলগত আলোচনাসমূহ সন্নিৱিষ্ট হ’ব লাগিব। যদি সম্ভৱ হয় তেন্তে চৰকাৰী বিষয়া, বেংক বিষয়া আদিক আমন্ত্ৰণ জনাই তেওঁলোকৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচী সম্পৰ্কে বক্তব্য আগবঢ়াবলৈ দিব লাগে আৰু সেইসকলৰ লগত আলোচনাৰ ব্যৱস্থা কৰিব লাগে।

৯.৩) প্ৰয়োজনৰ ক্ষেত্ৰত উপযুক্ত মন্ত্ৰালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ নেতৃত্ব উন্নয়নৰ সহায়ক হোৱাকৈ প্ৰশিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিবলৈ বাহিৰৰ বিশেষজ্ঞ/পৰামৰ্শদাতা/অভিকৰণত জড়িত কৰিব পাৰে।

৯.৪) মঞ্জুৰী সমিতি (দফা ২২ ত বৰ্ণিত)য়ে বাহিৰৰ বিশেষজ্ঞ/পৰামৰ্শদাতা/অভিকৰণে প্ৰস্তুত কৰা প্ৰশিক্ষণ সূচী অনুমোদন জনোৱা সমিতি হিচাপেও কাম কৰিব। এই সমিতিয়ে সংগঠনসমূহো নিৰ্বাচন কৰিব। গৃহ পৰিক্ৰমাৰ মন্ত্ৰালয়, মহিলা আৰু শিশু উন্নয়ন, গ্ৰাম্য উন্নয়ন, শ্ৰম আৰু নিয়োগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, খাদ্য আৰু ৰাজহুৱা বিতৰণ, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু এই আঁচনি/কাৰ্য্যসূচীসমূহৰ আওঁতাত পৰা মন্ত্ৰালয়ৰ যুটীয়া সচিব এই সমিতিৰ সদস্য হিচাপে থাকিব।

প্ৰশিক্ষণৰ বাবে মহিলা চিনাক্তকৰণ আৰু নিৰ্বাচনৰ পদ্ধতি

১০) আঁচনিত উল্লেখ থকা ধৰণে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ কাৰ্য্যসূচী চলাই নিয়াৰ বাবে নিৰ্বাচিত সংগঠনসমূহে মহিলাসকলক উদ্বোধ কৰা, চিনাক্ত কৰা আৰু নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব। যদিও বাৰ্ষিক আয়ৰ কোনো সীমা নাই তথাপিও মহিলা গৰাকী/পিতৃ-মাতৃ বা অভিভাৱকৰ সকলো উৎসৰ পৰা হোৱা বাৰ্ষিক আয় ২.৫০ টকাৰ অধিক নোহোৱাসকলক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। এইসকলৰ বয়স ১৮-৬৫ বছৰৰ ভিতৰত হ’ব লাগিব।

১০.২) নেতৃত্বৰ প্ৰশিক্ষণ দুই ধৰণৰ আৰু প্ৰতিটোৰ নিৰ্ণায়ক তলত দিয়া হ’ল-

() গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত নেতৃত্বৰ প্ৰশিক্ষণ: একোখন গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত ৫০ গৰাকী মহিলাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এওঁলোক সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ লগতে সমাজৰ আন মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ নিষ্ঠাৱান, উদ্বোধ, উৎসৰ্গিত হ’ব লাগিব। ৪০ জনীয়া এটা মহিলা গোটৰ ভিতৰত কমেও ১০ শতাংশ মহিলা দশম শ্ৰেণী পৰ্য্যন্ত পঢ়া হ’ব লাগিব। যদিহে দশম শ্ৰেণীলৈকে পঢ়া মহিলা সহজে উপলব্ধ নহয় তেন্তে পঞ্চম শ্ৰেণীলৈ পঢ়া হ’লেও হ’ব।

() আৱাসিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত নেতৃত্বৰ প্ৰশিক্ষণ: আৱাসিক প্ৰশিক্ষণত ভাগ লোৱা ৫০ গৰাকী মহিলাৰ এটা গোটত একেখন গাওঁ/অঞ্চলৰ পৰা ৫ গৰাকীতকৈ অধিক মহিলা থাকিব নোৱাৰিব। এওঁলোকে কমেও স্নাতক পৰ্য্যায়লৈকে পঢ়া হ’ব লাগিব। যদিহে স্নাতক পৰ্য্যায়ৰ মহিলা সহজে উপলব্ধ নহয় তেন্তে দশম শ্ৰেণীৰ প্ৰমাণপত্ৰ থকা পৰ্য্যায়ো গ্ৰহণযোগ্য হ’ব পাৰে। এওঁলোক সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ লগতে সমাজৰ সাধাৰণ শ্ৰেণীৰ মহিলাৰ উন্নতিৰ বাবে কাম কৰিবলৈ নিষ্ঠাৱান, উদ্বোধ, উৎসৰ্গিত হোৱাৰ উপৰিও শাৰিৰীকভাৱে উপযুক্ত আৰু স্বাস্থ্যৱতী হ’ব লাগিব।

প্ৰশিক্ষণ আৰু কৰ্মশালাৰ ধৰণসমূহ:

 

১১)বিশেষকৈ কিছুমান গ্ৰামাঞ্চলৰ মহিলাই ঘৰৰ ওচৰতে থকাটো প্ৰয়োজনীয় হৈ পৰে আৰু তেওঁলোকে ঘৰ এৰি আতঁৰ ঠাইলৈ যাব নিবিচাৰে। আনহাতে কিছুমান শিক্ষিত আৰু কম বয়সীয়া মহিলা আছে যিসকলে নিষ্ঠাৰে মহিলা আৰু বিশেষকৈ সম্প্ৰদায়ৰ ভালৰ বাবে কাম কৰিবলৈ আগ্ৰহী। এই দুয়ো ধৰণৰ মহিলাৰ কথা আগত ৰাখি দুই ধৰণৰ প্ৰশিক্ষণৰ প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল।

() গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ: এই প্ৰশিক্ষণ গাওঁ/স্থানীয় অঞ্চলত ইতিমধ্যে থকা সুবিধাসমূহ আৰু সভাগৃহ আদি ভাৰা কৰি বা অস্থায়ী তম্বু টানি অনুষ্ঠিত কৰিব লাগে। এই প্ৰশিক্ষণ সূচী ৩ মাহ সময়কালৰ ভিতৰত নিম্নতম ৩ বাৰত ৬ দিনত সম্পূৰ্ণ হ’ব লাগে। প্ৰশিক্ষণৰ দিন নিৰ্ধাৰণ কৰোতে এই নিশ্চিত কৰিব লাগে যে এই দিনবোৰত যাতে কোনো ধৰ্মীয়/উৎসৱ অনুষ্ঠান নপৰে। সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ নেতৃত্ব উন্নয়নৰ বাবে আঁচনি খন অনুসৰি মহিলা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সংগঠনটো দায়বদ্ধ থাকিব। প্ৰশিক্ষণ অনুষ্ঠিত হোৱা স্থানীয় ভাষাত সংগঠনটোৱে ছপা কৰা প্ৰশিক্ষণ আহিলা যোগান ধৰিব লাগিব। প্ৰশিক্ষণ চলি থকা সময়ছোৱাত আহাৰ আৰু প্ৰশিক্ষাৰ্থীসকলৰ শিশুৰ বাবে ওমলা গৃহৰ ব্যৱস্থা কৰাৰ উপৰিও নিৰ্বাচিত মহিলাসকলক সেই দিনকেইটাৰ উপাৰ্জন ক্ষতি হোৱাৰ বাবে সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। বেচৰকাৰী সংগঠনটোৱে জড়িত কৰা প্ৰশিক্ষকসকলৰ কমেও ৩ ভাগৰ ২ অংশ মহিলা হ’ব লাগিব আৰু তেওঁলোকে এই আঁচনিৰ দফা ২০.৩ উল্লেখিত বিষয়সমূহ সলসলীয়াকৈ স্থানীয় ভাষাত প্ৰদান কৰিব পাৰিব লাগিব।

() নেতৃত্ব উন্নয়নৰ আৱাসিক প্ৰশিক্ষণ: কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানত নিৰ্বাচিত মহিলাসকলক প্ৰদান কৰা হয়। প্ৰশিক্ষণ পাঠ্যক্ৰম মন্ত্ৰালয়ৰ সমিতিয়ে অনুমোদন কৰি দিয়া মতে দুটা ভাগত প্ৰদান কৰা হ’ব। প্ৰতিটো ভাগত ৩ দিনীয়াকৈ ৩ মাহৰ ভিতৰত এই প্ৰশিক্ষণ সমাপ্ত কৰিব লাগিব। প্ৰশিক্ষণৰ দিনকেইটা নিৰ্ধাৰণ কৰোতে ধাৰ্মিক/উৎসৱৰ অনুষ্ঠানৰ দিনৰ পৰা বিৰত থাকিব লাগে। সম্পূৰ্ণ প্ৰশিক্ষণৰ মাচুল, প্ৰশিক্ষণ সামগ্ৰী, থকাৰ ব্যৱস্থা, খাদ্য, জলপান আৰু যাতায়তী খৰছ আঁচনিৰ পৰা প্ৰদান কৰা হ’ব। প্ৰশিক্ষণৰ দিনকেইটাৰ বাবে প্ৰশিক্ষাৰ্থীক ভাট্টা প্ৰদান কৰা হ’ব। আঁচনিৰ মতে সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়ন প্ৰশিক্ষণৰ বাবে মহিলা নিৰ্বাচনত সংগঠনটো দায়বদ্ধ থাকিব। যদি বিচাৰে তেন্তে সংগঠনটোৱে মহিলা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লগত আলোচনা কৰিব পাৰে। এই আঁচনিৰ দফা ৯ আৰু দফা ২০.৩ ত সমিতিয়ে অনুমোদন জনোৱা ক্ষেত্ৰসমূহ এই নেতৃত্ব উন্নয়ন প্ৰশিক্ষণত সামৰি ল’ব লাগিব।

১১.১) আশা কৰা যায় যে নেতৄত্ব উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে মহিলাসকলে আঁচনিখনৰ ৫ নং দফাত উল্লেখ কৰা উদ্দেশ্যসমূহত উপনীত হ’ব পাৰিব। সংগঠনসমূহে কমেও এবছৰলৈকে এইসকল মহিলাই যে প্ৰকৃততে নিজৰ ওজৰ/সমস্যা আদিসমূহ গাওঁ/উন্নয়ন খণ্ড/জিলা/ৰাজ্যিক কৰ্তৃত্বৰ ওচৰত সফলভাৱে দাঙি ধৰাৰ লগতে এই সমস্যাবোৰ নিৰাময়ৰ বাবে আৰু বৰ্তমান অৱস্থাৰ উন্নয়নৰ বাবে কেনেধৰণৰ সেৱা বা আন্তঃগাঁঠনিৰ প্ৰয়োজন হ’ব সেই সম্পৰ্কে অবগত কৰোৱাত যাতে সফল হয় তাৰ বাবে নিশ্চিত হ’ব লাগিব। গাওঁ অঞ্চলৰ বাবে প্ৰকল্প প্ৰস্তুত কৰোতে উক্ত মহিলাসকলক জড়িত কৰাৰ লগতে এই কাৰ্য্যৰ লগত জড়িত থকাসকলে যাতে সঘনাই উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু প্ৰয়োজন সাপেক্ষে কাম-কাজৰ প্ৰতিবেদনৰ প্ৰদানৰ ব্যৱস্থা ৰখাটো সংগঠনটোৱে নিশ্চিত কৰিব লাগে।

কৰ্মশালা

 

১১.২) সংগঠনটোৱে জিলা উপায়ুক্ত/মহকুমাধিপতি/খণ্ড উন্নয়ন বিষয়া আদিৰ সহযোগত চৰকাৰী বিষয়া, বেংকসমূহ, পঞ্চায়তী ৰাজৰ কাৰ্য্যকৰ্তা আদিক সচেতন কৰি তুলিবলৈ জিলা, মহকুমা/উন্নয়ন খণ্ড আদিত কমেও এবেলাৰ এটা কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব। এই কৰ্মশালাত মহিলা সৱলীকৰণৰ কাৰ্য্যসূচী যে এই আঁচনিৰ অধীনত চলাই যোৱা হ’ব সেই সম্পৰ্কে আলোচনা কৰিব লাগিব। এই অংশগ্ৰহণকাৰীসকলে মহিলা গোটসকলে দাঙি ধৰা সমস্যা আৰু ওজৰসমূহৰ উত্তৰ প্ৰদানৰ লগতে নিৰাময়ৰ উপায়সমূহ জনাব লাগিব। এই প্ৰশিক্ষণ কাৰ্য্যসূচী চলোৱা গ্ৰামাঞ্চলৰ লগত জড়িত জিলা/মহকুমা/উন্নয়ন খণ্ড আদিত একোখনকৈ কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব। এই কৰ্মশালাত সংগঠনটোৱে অনুষ্ঠিত কৰা প্ৰশিক্ষণসমূহৰ দৃশ্য শ্ৰাব্য মাধ্যম উপস্থাপন কৰিব লাগিব।

প্ৰশিক্ষণ পাঠ্যক্ৰমৰ কাম-কাজৰ বাবে খৰছ হোৱা আৰু অভিকৰণৰ মাচুল/বেচৰকাৰী সংগঠনৰ মাচুল

 

১২) তথ্য সংগ্ৰহ, উদ্বুধকৰণ, যোগ্যতাসম্পন্ন মহিলাক চিনাক্তকৰণ আৰু নিৰ্বাচন, প্ৰশিক্ষণ পাঠ্যক্ৰম, যাতায়তী, সহায়কাৰীৰ মাননী, প্ৰশিক্ষনোত্তৰ ব্যৱস্থাসমূহ, পৰ্য্যবেক্ষণ আৰু প্ৰতিবেদন আদিৰ খৰছৰ বাবদ সংগঠনটোক অৰ্থ প্ৰদান কৰা হ’ব।

(ক) প্ৰতিপালন: ইয়াৰ অধীনত প্ৰশিক্ষনোত্তৰ সেৱাসমূহ সংগঠনটোৱে আগবঢ়াই নিব লাগিব যাতে মহিলাগৰাকী প্ৰকৃতভাৱে নেতৃত্ব উন্নয়নৰ দিশলৈ আগবাঢ়ি যায় আৰু ইয়াৰ সময়কাল প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হোৱাৰ পৰা এবছৰতকৈ অধিক হ’ব নালাগিব। সংগঠনৰ প্ৰশিক্ষকসকলে মাহত কমেও এবাৰ গ্ৰামাঞ্চললৈ গৈ সৱলীকৃত মহিলাসকলক সহায় সহযোগ আগবঢ়াব লাগিব। আঁচনিৰ ৫,৯ আৰু ২০.৩ দফাত উল্লেখিত মতে মহিলাসকলৰ সমস্যা আৰু ওজৰসমূহ যাতে সফলভাৱে সংশ্লিষ্ট কৰ্তৃত্বৰ ওচৰত জনাব পাৰে তাৰ বাবে দিক দৰ্শন আৰু সহায় নিশ্চিত কৰিব লাগে।

(খ) পৰ্য্যবেক্ষণ আৰু প্ৰতিবেদন: প্ৰশিক্ষনোত্তৰ কালছোৱাত সংগঠনটোৱে সৱলীকৃত মহিলাসকলে আগবঢ়োৱা বাস্তৱিক সেৱাসমূহ সঠিকভাৱে পৰিচালিত হৈছে তাৰ বাবে অহৰ্নিষে পৰ্য্যাবেক্ষণ কৰিব লাগে। সংগঠনটোৱে মাহেকীয়া/তিনিমহীয়া উন্নয়নৰ প্ৰতিবেদন আৰু প্ৰকল্প সমাপ্তিৰ প্ৰতিবেদন নিৰ্দিষ্ট প্ৰ-পত্ৰত মন্ত্ৰালয়ক দাখিল কৰিব লাগিব।

অভিকৰণৰ মাচুলসমূহ:

 

প্ৰকল্পটো যথোপযুক্তভাৱে, সময়মতে আৰু সফলভাৱে কাৰ্য্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত পেশাগত সেৱা আগবঢ়োৱাৰ বাবে সংগঠনটোক আঁচনিৰ ১৪ নং দফাত উল্লেখ কৰা হাৰত অভিকৰণৰ মাচুল প্ৰদান কৰা হ’ব।

মন্ত্ৰালয়ৰ বাবে প্ৰশাসনিক ব্যয়

১৩) কম্পিউটাৰ আৰু ইয়াৰ আহিলা কিনা, ডিজিটেল কেমেৰা, আচবাব, কাৰ্য্যালয়ৰ আহিলা আৰু ছফটওৱেৰ প্ৰস্তুতি, তথ্য সুমুওঁৱা আৰু তথ্য বিশ্লেষণ কৰাৰ বাবে শিক্ষিত ব্যক্তিৰ নিয়োগ প্ৰস্তাৱ প্ৰস্তুতকৰণ, প্ৰতিবেদনৰ পৰ্য্যবেক্ষণ আৰু মূল্যায়ন, টোকা প্ৰস্তুতকৰণ, পাৱাৰ পইন্ট উপস্থাপন আৰু প্ৰতিবেদন, মন্ত্ৰালয়ৰ ৱেবচাইটত উপস্থাপন কৰিবলৈ সামগ্ৰী আৰু তথ্য প্ৰস্তুতি, কাৰ্য্যালয়ৰ দিনবোৰত এনেধৰণৰ কাম-কাজৰ বাবে ফোনযোগে প্ৰশ্ন আৰু উত্তৰ প্ৰদান কৰা, বিজ্ঞাপন, প্ৰশিক্ষণ সামগ্ৰী আৰু শিক্ষা বিজ্ঞান প্ৰস্তুতিকৰণৰ বাবে প্ৰদান কৰা পৰামৰ্শদাতাৰ মাচুল আদি ধৰণৰ খৰছবোৰৰ বাবে মন্ত্ৰালয়ে এই আঁচনিৰ অধীনত বাৰ্ষিক নিৰ্ধাৰিত মুঠ ধনৰ পৰা ১.৫ শতাংশ ধন পৃথককৈ ৰাখিব পাৰিব।

হাৰ

১৪) এই আঁচনি কাৰ্য্যকৰীকৰণৰ বাবে সংগঠনটোলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াব। সামগ্ৰী অনুসৰি প্ৰদান কৰিব লগা বিত্তীয় সাহাৰ্য্যৰ হাৰ তলৰ তালিকাত দিয়া হ’ল। এই হাৰ আঁচনি কাৰ্য্যকৰীকৰণৰ স্থান, প্ৰশিক্ষণ প্ৰতিষ্ঠানত দিব লগা মাচুল, থকাৰ খৰছ আদিৰ ভিত্তিত সাল-সলনি হব পাৰে। ৫০ গৰাকী মহিলাৰ এটা গোটৰ বাবে প্ৰতিটো ধৰণৰ প্ৰশিক্ষণৰ মুঠ সৰ্বোচ্চ খৰছ উল্লেখ কৰা হৈছে। দৈনিক ভাট্টাৰ বাহিৰে আন সামগ্ৰীৰ খৰছ সাল-সলনি কৰিলেও মুঠ খৰছতকৈ বৃদ্ধি পাব নালাগিব। প্ৰকল্প প্ৰস্তাৱৰ লগতে সাম্ভাব্য প্ৰশিক্ষণ, যাতায়তী আদিৰ মুঠ খৰছ সংগঠনটোৱে দাখিল কৰিব লাগিব। খৰছৰ হাৰ তলৰ তালিকাত প্ৰদান কৰা হ’ল।

সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ বাবে নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণত খৰছৰ হাৰৰ বিৱৰণ

ক্ৰমিক নং

নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামগ্ৰীৰ ব্যয়

ব্যক্তিসমূহৰ নম্বৰ

প্ৰতিদিনৰ থুলমূল খৰছৰ হাৰ

সময়কাল

(দিন/সময়)

মুঠ মূল্য (টকা)

১)গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ

 

 

(ক) প্ৰশিক্ষক/পাৰদৰ্শী ব্যক্তিৰ বাবে মাননী/মাচুল

৫০০

৬০০

 

 

(খ) প্ৰশিক্ষক আৰু পাৰদৰ্শী ব্যক্তিৰ যাতায়তী খৰছ

২৫০০

১৫০০০

 

(গ) প্ৰশিক্ষকৰ থকাৰ খৰছ

২৫০

৩০০০

 

(ঘ) সভাগৃহ, আচবাব আৰু শিশু ৰখা গৃহৰ ভাড়া

৫০

৭৫০

৪৫০০

 

(ঙ) প্ৰশিক্ষাৰ্থী মহিলাৰ বাবে এসাঁজৰ খৰছ

৫০

৫০

১৫০০০

 

(চ) দৃশ্যশ্ৰাব্য আহিলা, অংশগ্ৰহণমূলক প্ৰশিক্ষণ আহিলা আৰু বিভিন্ন কাম-কাজৰ প্ৰতিবেদনৰ বাবে দৃশ্যশ্ৰাব্য মাধ্যম গ্ৰহণ কৰাৰ ভাড়াৰ খৰছ।

৫০

২০০০

১২০০০

 

(ছ) প্ৰশিক্ষাৰ্থীক দিব লগা প্ৰশিক্ষণ সামগ্ৰী, স্থানীয় ভাষাৰ প্ৰশিক্ষণ পুথি আৰু কাগজ কলমৰ খৰছ

৫০

২০০

১০০০০০

 

(জ) প্ৰশিক্ষাৰ্থী মহিলাৰ ভাট্টা

 

৫০

৫০

১৫০০০

 

উপ-মুঠ

(২) সংগঠনক দিব লগা কাৰ্য্যকৰীকৰণৰ অনুমোদিত খৰছ

 

 

 

৮০৫০০

 

(ক) যোগ্য মহিলাক উদ্বুধ, চিনাক্তকৰণ আৰু নিৰ্বাচনৰ  খৰছ

৫০

৫০

২৫০০

 

(খ) প্ৰকল্পৰ সময়ছোৱাত এককালীন পৰ্য্যবেক্ষণ আৰু প্ৰতিবেদনৰ লগতে প্ৰতিপালনৰ বাবে সহায়কাৰীৰ খৰছ

 

৫০

৪০০

১২

৪৮০০

 

উপ-মুঠ

 

 

 

২৫০০০

 

৭৩০০

 

 

(৩) অভিকৰণৰ মাচুল

 

 

 

২৫০০০

 

 

উপ-মুঠ

 

 

 

 

২৫০০০

 

 

মুঠ

 

 

 

 

১১২৮০০

(১) প্ৰতিষ্ঠানসমূহত আৱাসিক নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ

 

 

 

 

 

(ক)মাচুল, থকা, আহাৰ আদি খৰছসহ (প্ৰকৃত পৰিমাণ ঘূৰাই দিয়া হ’ব)

 

৫০

১০০০

৩০০০০০

 

(খ) প্ৰশিক্ষণ পুথি, প্ৰশিক্ষণ সামগ্ৰী, তথ্য পুথি, চৰকাৰী আঁচনি আৰু কাৰ্য্যসূচীসমূহৰ প্ৰতিলিপি, প্ৰাসঙ্গিক আইন আৰু বিধি, কাগজ কলম

৫০

৬০০

৩০০০

 

(গ) আনুমানিক যাতায়তী খৰছ

৫০

২৫০০

২৫০০০০

 

(ঘ) মহিলাৰ বাবে ভাট্টা

৫০

১০০

৩০০০০

 

উপ-মুঠ

 

 

 

 

৬১০০০০

 

 

 

(২) সংগঠনক দিব লগা কাৰ্য্যকৰীকৰণৰ অনুমোদিত খৰছ

 

 

 

 

 

(ক) যোগ্য মহিলাক উদ্বুধ, চিনাক্তকৰণ আৰু নিৰ্বাচনৰ  খৰছ

৫০

৫০

২৫০০

 

(খ) প্ৰকল্পৰ সময়ছোৱাত এককালীন পৰ্য্যবেক্ষণ আৰু প্ৰতিবেদনৰ লগতে প্ৰতিপালনৰ বাবে সহায়কাৰীৰ খৰছ

 

৫০

৪০০

১২

৪৮০০

 

উপ-মুঠ

 

 

 

২৫০০০

৭৩০০

 

 

(৩)অভিকৰণৰ মাচুল

 

 

 

২৫০০০

 

উপ-মুঠ

 

 

 

 

২৫০০০

 

মুঠ

 

 

 

 

৬৪২৩০০


 

 

কৰ্মশালাৰ নম্বৰ

প্ৰতিটো কৰ্মশালাৰ

পৰিমাণ

(টকাত)

মহিলাৰ নম্বৰ

মুঠ খৰছ (টকা)

জিলা উপায়ুক্ত/মহকুমাধিপতি/খণ্ড উন্নয়ন বিষয়া আদিৰ সহযোগত বেচৰকাৰী সংগঠনে এবেলাৰ কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত চৰকাৰী বিষয়া, বেংকসমূহ, পঞ্চায়তী ৰাজৰ কাৰ্য্যকৰী বিষয়া আদিক জিলা/মহকুমা/খণ্ড পৰ্য্যায়ত প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন কাম-কাজসমূহ উপস্থাপন কৰি সচেতনতা বৃদ্ধি কৰিব।

এখন জিলাৰ বাবে এটাকৈ

 

১৫০০০

 

১৫০০০

বছৰ

প্ৰশিক্ষণ/সামগ্ৰীসমূহৰ ধৰণ

প্ৰশিক্ষণ/কৰ্মশালাৰ খৰছ

 

প্ৰশিক্ষণ প্ৰদান কৰিব লগা গোটৰ সংখ্যা

 

প্ৰশিক্ষণ প্ৰদান কৰিব লগা মহিলাৰ সংখ্যা

 

প্ৰয়োজন হোৱা ধন (টকা)

 

২০০৯-১০

 

গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত প্ৰশিক্ষণ

১১২৮০০

৬৫০

৩২৫০০

৭৩৩২০০০০

 

প্ৰতিষ্ঠানসমূহত আৱাসিক প্ৰশিক্ষণ

৬৪২৩০০

৪৫০

৫৭৮০৭০০

 

উপ-মুঠ

 

 

 

৭৯১০০৭০০

 

বিষয়াসকলৰ বাবে কৰ্মশালা

১৫০০০

 

১২০০০০

 

মুঠ

 

 

 

 

৭৯২২০৭০০

 

মন্ত্ৰালয়ৰ বাবে প্ৰশাসনিক খৰছ শতকৰা ১.৫ শতাংশকৈ

 

 

 

 

১১৮৮৩১১

 

২০০৯-১০ বৰ্ষৰ বাবে মুঠ

 

 

৬৫৯

৩২৯৫০

৮০৪০৯০১১

২০১০-১১

 

 

 

 

 

 

গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত প্ৰশিক্ষণ

১১২৮০০

১১০০

৫৫০০০

১২৪০৮০০০০

 

প্ৰতিষ্ঠানসমূহত আৱাসিক প্ৰশিক্ষণ

৬৪২৩০০

৩৭

১৮৫০

২৩৭৬৫১০০

 

উপ-মুঠ

 

 

 

 

১৪৭৮৪৫১০০

 

কৰ্মচাৰীৰ বাবে কৰ্মশালা

১৫০০০

১০

 

১৫০০০০

 

মুঠ

 

 

 

 

১৪৭৯৯৫১০০

 

মন্ত্ৰালয়ৰ বাবে প্ৰশাসনিক খৰছ শতকৰা ১.৫ শতাংশকৈ

 

 

 

 

২২১৯৯২৭

 

২০১০-১১ বৰ্ষৰ বাবে মুঠ

 

 

১২৪৫

৫৬৮৫০

১৫০২১৫০২৭

২০১১-১২

 

 

 

 

 

 

গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত প্ৰশিক্ষণ

১১২৮০০

১৮০০

৯০০০০

২০৩০৪০০০০

 

প্ৰতিষ্ঠানসমূহত আৱাসিক প্ৰশিক্ষণ

৬৪২৩০০

৬০

৩০০০

৩৮৫৩৮০০০

 

উপ-মুঠ

 

 

 

২৪১৫৭৮০০০

 

কৰ্মচাৰীৰ বাবে কৰ্মশালা

১৫০০০

৮০

 

৪৮৩১৫৬০

 

মুঠ

 

 

 

 

২৪৬৪০৯৫৬০

 

মন্ত্ৰালয়ৰ বাবে প্ৰশাসনিক খৰছ শতকৰা ১.৫ শতাংশকৈ

 

 

 

 

৩৬৯৬১৪৩

 

২০১০-১১ বৰ্ষৰ বাবে মুঠ

 

১৮৬০

৯৩০০০

২৫০১০৫৭০৩

একাদশ পৰিকল্পনা

 

 

 

 

 

 

গ্ৰামাঞ্চল/স্থানীয় অঞ্চলত প্ৰশিক্ষণ

 

৩৫৫০

১৭৭৫০০

৪০০৪৪০০০০

 

প্ৰতিষ্ঠানসমূহত আৱাসিক প্ৰশিক্ষণ

 

১০৬

৫৩০০

৬৮০৮৩৮০০

 

বিষয়াসকলৰ বাবে কৰ্মশালা

 

৯৮

 

৫১০১৫৬০

 

মন্ত্ৰালয়ৰ বাবে প্ৰশাসনিক খৰছ শতকৰা ১.৫ শতাংশকৈ

 

 

 

 

৭১০৪৩৮০

 

একাদশ পৰিকল্পনাৰ সময়ছোৱাৰ বাবে মুঠ

 

 

৩৬৫৬

১৮২৮০০

৪৮০৭২৯৭৪০

বিত্তীয় আৰু বাস্তৱিক লক্ষ্যসমূহ

 

১৫)সমগ্ৰ দেশৰে বুজন পৰিমাণৰ সংখ্যালঘু জনসংখ্যা থকা জিলা, উন্নয়ন খণ্ড, চহৰ/মহানগৰসমূহত এই আঁচনি বিশেষভাৱে কাৰ্য্যকৰী কৰা হ’ব। ২০০৯-১০ ৰ পৰা ২০১১-১২ বৰ্ষৰ ভিতৰত মুঠ ১,৮২,৮০০ গৰাকী মহিলাক এই আঁচনিৰ ভিতৰত সাঁমৰি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ২০০৯-১০ বৰ্ষত ৩২,৯৫০ গৰাকী মহিলাৰ বাবে ৮.০০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই আঁচনিৰ বাবে একাদশ পৰিকল্পনাৰ পৰা বছৰৰ বাবে ৪৮.০০ কোটি

টকা বিচৰা হৈছে আৰু প্ৰতিবছৰৰ বিত্তীয় আৰু বাস্তৱিক লক্ষ্যসমূহ তলত উল্লেখ কৰা হ’ল-

 

প্ৰশিক্ষণ প্ৰদান কৰিব লগা গোটৰ সংখ্যা

প্ৰশিক্ষণ প্ৰদান কৰিব লগা মহিলাৰ সংখ্যা

প্ৰয়োজন হোৱা ধন (টকা)

২০০৯-১০ বৰ্ষৰ বাবে মুঠ

৬৫৯

৩২৯৫০

৮০৪০৯০১১

২০১০-১১ বৰ্ষৰ বাবে মুঠ

১২৪৫

৬৫৮৫০

১৫০২১৫০২৭

২০১১-১২ বৰ্ষৰ বাবে মুঠ

১৮৬০

৯৩০০০

২৫০১০৫৭০৩

একাদশ পৰিকল্পনাৰ সময়ছোৱাৰ বাবে মুঠ

 

৩৭৬৪

১৮২৮০০

৪৮০৭২৯৭৪০

বিজ্ঞাপন

 

১৬) সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই আঁচনি কাৰ্য্যকৰী কৰিবলৈ আগ্ৰহী সংগঠনসমূহৰ পৰা পূৰ্ব অৰ্হতাৰ নিৰ্ণায়কসমূহসহ আবেদন বিচাৰি ৰাষ্ট্ৰীয় বাতৰি-কাকতসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰিব।

বেচৰকাৰী সংগঠন/সংগঠনসমূহ/প্ৰতিষ্ঠানসমূহৰ পূৰ্ব অৰ্হতাৰ নিৰ্ণায়কসমূহ

 

১৭) ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্য্যায়ৰ কেৱল মহিলাৰ কল্যাণ আৰু বিশেষকৈ সংখ্যালঘু মহিলাৰ বাবে কাম কৰাত অতি উদ্বুধ, নিষ্ঠাৱান আৰু দৃঢ় প্ৰত্যয় থকা বেচৰকাৰী সংগঠন/সংগঠনসমূহ/প্ৰতিষ্ঠানসমূহে এই প্ৰকল্পৰ বাবে পূৰ্ব অৰ্হতা লাভ কৰিব। এইসমূহৰ প্ৰকল্প কাৰ্য্যকৰীকৰণৰ বাবে পিছলৈ তৃণমূল পৰ্য্যায়ৰ সংগঠনক জড়িত কৰিব পৰাকৈ আৰ্থিক সাংগঠনিক আৰু আন্তঃগাঁঠনিৰ ব্যৱস্থা থাকিব লাগিব। তলত এনে সংগঠনৰ পূৰ্ব অৰ্হতাৰ নিৰ্ণায়কসমূহ দিয়া হ’ল- এইসমূহ চৰকাৰৰ নিৰ্দেশ অনুসৰি পৰিৱৰ্তন হ’ব পাৰে। আগ্ৰহী সংগঠনসমূহে আৱেদন প্ৰ-পত্ৰৰ লগত প্ৰয়োজনীয় নথিসমূহ দাখিল কৰিব লাগিব।

ক) সংগঠনটো যথাযথভাৱে পঞ্জীয়ণভুক্ত হ’ব লাগিব আৰু কমেও ৫ বছৰ সক্ৰিয়ভাৱে কাম-কাজ কৰি থকা হ’ব লাগিব।

খ) সংগঠনটোৱে বৰ্তমানেও প্ৰকল্পৰ অঞ্চল, স্থানীয় অঞ্চলত কাম কৰি থকাৰ লগতে এনে ধৰণৰ প্ৰকল্প কাৰ্য্যকৰীকৰণৰ অভিজ্ঞতা থকা হ’ব লাগিব।

গ) সংগঠনটোৱে কমেও এটা মহিলাৰ প্ৰশিক্ষণৰ প্ৰকল্প হাতত লোৱা হ’ব লাগিব। মহিলা সম্পৰ্কীয় বিষয়ত বিশেষকৈ সংখ্যালঘু মহিলাৰ বিষয়ত কাম কৰাৰ অভিজ্ঞতা থকা সংগঠনক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।

ঘ) চৰকাৰ, দ্বৈতভাৱে, একাধিক বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা অভিকৰণ/প্ৰতিষ্ঠান বা ৰাষ্ট্ৰসংঘই অৰ্থসাহাৰ্য্য প্ৰদান কৰা প্ৰকল্পত কাম কৰাৰ অভিজ্ঞতা থকা সংগঠনক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।

ঙ) সংগঠনটোৱে বিগত ৩টা বছৰত বাৰ্ষিক কমেও ১ কোটি টকাৰ বাজেটৰ প্ৰকল্প কৰিব লাগিব আৰু কোনো লোকচান নোহোৱা হ’ব লাগিব।

চ) সংগঠনটোৰ বিগত ৩ টা বৰ্ষৰ বাৰ্ষিক লেনদেনৰ হিচাপ আৰু বাৰ্ষিক প্ৰতিবেদন থাকিব লাগিব। হিচাপ নিকাচসমূহ যথাযথভাৱে পৰীক্ষিত হ’ব লাগিব।

ছ) সংগঠনটোৰ সকলোবোৰ সভা অনুষ্ঠিত হ’ব লাগিব।

জ) সংগঠনটোৰ ৰাজ্যিক আৰু উপ-ৰাজ্যিক পৰ্য্যায়ত থকা সাংগঠনিক ব্যৱস্থা সম্পূৰ্ণ বৰ্ণনা প্ৰদান কৰিব লাগিব।

ঝ)চৰকাৰীভাৱে পৰিচালিত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লগত যুটীয়াভাৱে কাম কৰাৰ ইতিহাস জনাব লাগিব।

ঞ) সংগঠনটোৱে উক্ত অঞ্চলত পূৰ্বে প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰা পৰিচালনা হ’ব লাগিব।

ট) সংগঠনটোৰ মহিলাৰ নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ, মহিলা সম্পৰ্কীয় বিষয়সমূহ আদি সম্পৰ্কে অভিজ্ঞ আৰু পাৰদৰ্শী ব্যক্তি থাকিব লাগিব।

ঠ) এই প্ৰকল্পত ক্ষেত্ৰত কাম কৰা কৰ্মী/সহায়কাৰীসকলৰ কমেও ৩ ভাগৰ ২ অংশ এনে আঁচনি সম্পৰ্কত অভিজ্ঞতা থকা মহিলা হ’ব লাগিব।

দ) এই ধৰণৰ প্ৰকল্প চলাই নিয়াৰ যোগ্যতাৰ প্ৰমাণপত্ৰ সংগঠনটোৱে দাখিল কৰিব লাগিব।

ধ) সংগঠনটো কোনো ধৰ্মীয় বা ৰাজনৈতিক সংগঠন হ’ব নালাগিব বা

এনে সংগঠনৰ অধিভুক্ত হ’ব নালাগিব।

ন) কোনো চৰকাৰী বিভাগ/অভিকৰণে সংগঠনটোক ব্লেকলিষ্ট কৰা হ’ব নালাগিব। সংগঠনটো বা সংগঠনৰ যিকোনো ব্যক্তি কোনো ধৰণৰ অপৰাধ বা সামাজিক অপকৰ্মত লিপ্ত হ’ব নালাগিব।

চৰ্ত আৰু নিয়মাৱলী

১৮) তলত অৰ্থ-সাহাৰ্য্য প্ৰদান কৰাৰ চৰ্ত আৰু নিয়মাৱলী প্ৰদান কৰা হয়। পৰিস্থিতি সাপেক্ষে মন্ত্ৰালয়ে এইবোৰ পৰিৱৰ্তন কৰিবও পাৰে।

ক)সংগঠনটোৰ এটা ৱেবচাইট থাকিব লাগিব আৰু ইয়াত সাংগঠনিক ব্যৱস্থা, মূখ্য কাৰ্য্যালয়, ক্ষেত্ৰীয় কাৰ্য্যালয়, স্থায়ী টেলিফোনৰ নম্বৰ, সদস্যসমূহ, পূৰ্বৰ কাম-কাজৰ বিৱৰণ আৰু এই আঁচনিৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা মহিলাৰ নাম ঠিকনা ফোন নম্বৰ আদিৰ সম্পূৰ্ণ ৱিৱৰণৰ লগতে তেওঁলোকে লাভ কৰা নেতৃত্বৰ পৰ্য্যায়, জীৱন-যাত্ৰাৰ অৱস্থা আদিৰ উন্নয়ন আৰু মন্ত্ৰালয়ক প্ৰদান কৰা তথ্যসমূহ প্ৰদৰ্শিত কৰিব লাগিব।

খ)সংগঠনটোৱে সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়ে বণ্ডত উল্লেখ কৰা চৰ্ত আৰু নিয়মাৱলীসমূহ মানি চলিব বুলি কৰ্তৃত্বৰ হাতত অধিকৃত পত্ৰ প্ৰদান কৰিব লাগিব আৰু প্ৰদান কৰা বিত্তৰ হিচাপ দাখিল কৰাত দায়বদ্ধ হৈ থাকিব। যদিহে বিত্ত প্ৰদান কৰা সংগঠনটো চৰকাৰৰ প্ৰতিষ্ঠানটো/বিশ্ববিদ্যালয়, সমিতিসমূহৰ পঞ্জীয়ণ আইন, ১৮৬০ ৰ অধীনত পঞ্জীভূত সমিতি বা সমবায় সমিতি আদিৰ ক্ষেত্ৰত জামিন পত্ৰৰ প্ৰয়োজন নহয়।

গ)সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়ে আগবঢ়োৱা আৰ্থিক সাহাৰ্য্যৰ বাবে সংগঠনটোৱে পৃথককৈ হিচাপ ৰাখিব লাগিব আৰু মন্ত্ৰালয়ে যেতিয়াই বিচাৰে তেতিয়াই প্ৰদৰ্শন কৰিব লাগিব।

ঘ)যি বিশেষ কামৰ বাবে অৰ্থ-সাহাৰ্য্য প্ৰদান কৰা হৈছে সংগঠনটোৱে সেই কামৰ বাবেহে ধন ব্যৱহাৰ কৰিব পাৰিব।

ঙ)যদিহে সংগঠনটোৱে এই ধন আন কামত খৰছ কৰে তেন্তে চৰকাৰক উক্ত ধন ঘূৰাই দিয়াৰ লগতে বাৰ্ষিক শতকৰা ১৮ শতাংশ সুত প্ৰদান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব।

চ)প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় যোগ্যতা থকা মহিলাকহে যাতে নিৰ্বাচন কৰা হয় সেই কথা নিশ্চিত কৰাত প্ৰতিষ্ঠানটো সম্পূৰ্ণভাৱে দায়বদ্ধ থাকিব।

ছ)এই প্ৰকল্পৰ সকলো হিচাপ পত্ৰ কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য চৰকাৰৰ বিষয়াই পৰিদৰ্শন কৰাৰ সময়ত প্ৰদৰ্শন কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব।

জ)প্ৰকল্প সমাপ্ত হোৱাৰ পিছত সংগঠনটোৱে চাৰ্টাৰ্দ একাউন্টেটে প্ৰমাণিকৃত কৰা পৰিক্ষিত হিচাপ আৰু ব্যৱহাৰৰ প্ৰমাণপত্ৰৰ লগতে তলত উল্লেখ কৰা নথিসমূহ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ত দাখিল কৰিব লাগিব।

১) যথাযথভাৱে পৰীক্ষিত আয় আৰু ব্যয়ৰ হিচাপ/বেলেঞ্চ চিট, প্ৰতিষ্ঠানটোৰ সেই বৰ্ষত গ্ৰহণ আৰু প্ৰদান কৰা হিচাপ।

২) উক্ত প্ৰতিষ্ঠানটোৱে উক্ত প্ৰকল্পৰ বাবে আন কোনো কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়/বিভাগ, চৰকাৰী বা বেচৰকাৰী বা আন কোনো বিত্তীয় প্ৰতিষ্ঠান বা ৰাষ্ট্ৰসংঘৰ পৰা যে বিত্তীয় সাহাৰ্য্য গ্ৰহণ কৰা নাই তাৰ এখন প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।

ঝ) কাৰ্য্যসূচী অনুষ্ঠিত কৰা স্থানত লগোৱা বেনাৰ আদিত উক্ত প্ৰশিক্ষণ/কৰ্মশালা ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমাৰ মন্ত্ৰালয়ৰ হৈ আয়োজন কৰা হৈছে বুলি উল্লেখ থাকিব লাগিব।

১) মন্ত্ৰালয়/ৰাজ্য চৰকাৰক এনে কাৰ্য্যসূচীৰ বিষয়ে যথেষ্ট দিনৰ আগতে জনাব লাগিব যাতে উক্ত কাৰ্য্যসূচী পৰ্য্যবেক্ষণ কৰিবলৈ বিষয়া নিযুক্ত কৰিব পৰা যায়।

ঞ) কাৰ্য্যসূচীৰ প্ৰমাণ হিচাপে আলোকচিত্ৰ, চলচিত্ৰ আদি মন্ত্ৰালয়ক দাখিল কৰিব লাগিব। এই সম্পৰ্কীয় প্ৰচাৰ পত্ৰ আদিসমূহো মন্ত্ৰালয়ক দাখিল কৰিব লাগিব।

ট) কাৰ্য্যসূচী সলনি কৰা বা খৰছ ধাৰ্য্য কৰাৰ ক্ষেত্ৰত সংগঠনটোক ভাৰত চৰকাৰে নিৰ্দেশ প্ৰদান কৰাৰ অধিকাৰ থাকিব।

ঠ) সাহাৰ্য্য অনুদান প্ৰদান কৰাৰ পূৰ্বে ভাৰত চৰকাৰে আন যিকোনো চৰ্ত আৰোপ কৰিব পাৰিব।

বেচৰকাৰী সংগঠন/সংগঠনসমূহ/প্ৰতিষ্ঠানসমূহৰ তালিকা প্ৰস্তুতি

 

১৯) চৰকাৰৰ এই সম্পৰ্কীয় সাধাৰণ বিত্তীয় নীতি/সম্পৰ্কীয় নিৰ্দেশাৱলী অনুসৰি এখন সমিতিয়ে পূৰ্ব অৰ্হতা নিৰ্ণায়কসমূহ পূৰণ কৰিব পৰা সংগঠনসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব।

প্ৰকল্প প্ৰস্তাৱৰ প্ৰস্তুতি

 

২০.১) সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়ন আঁচনি ৰূপায়নৰ বাবে সংগঠনসমূহক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হ’ব। নিৰ্বাচিত সংগঠনসমূহক এই বিষয়ক প্ৰকল্পৰ প্ৰস্তাৱ প্ৰস্তুত কৰি মন্ত্ৰালয়ৰ অনুমোদন সমিতিৰ আগত দাখিল কৰিবলৈ কোৱা হ’ব। সমগ্ৰ প্ৰকল্পৰ সময় সৰ্বোচ্চ এবছৰৰ ভিতৰত সীমিত থাকিব।

২০.২) সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰকল্পৰ প্ৰস্তাৱ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ক দাখিল কৰিব লাগিব আৰু এইটো কোনো এটা অঞ্চলৰ/গাওঁ ভিত্তিক প্ৰস্তাৱ হ’ব লাগিব য’ত মহিলাসকলক সৱলীকৰণ কৰাৰ লগতে এই প্ৰকল্পৰ পিছত হোৱা পৰিৱৰ্তনসমূহ পৰ্য্যবেক্ষণ কৰা হ’ব। গাওঁ বা স্থানীয় অঞ্চলত বিভিন্ন আন্তঃগাঁঠনি আৰু সামাজিক মৌলিক সেৱাসমূহৰ লগতে আৰ্থ-সামাজিক দিশসমূহো ইয়াত সামৰি ল’ব লাগিব যাতে এইসমূহৰ বাবে সৱলীকৃত মহিলাসকলে গাওঁ, উন্নয়ন খণ্ড, জিলা বা ৰাজ্যিক পৰ্য্যায়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ওজৰ দাখিল কৰিব পাৰে আৰু ইয়াৰ পৰিত্ৰাণ বিচাৰিব পাৰে। এই পৰিকল্পনাত উক্ত অঞ্চলৰ মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে আৰু প্ৰশিক্ষণৰ পিছত সেইসমূহক লক্ষ্য কৰি আগবাঢ়ি যাব পাৰে।

২০.৩) প্ৰকল্পৰ বাবে নিৰ্বাচিত গাওঁ/অঞ্চলৰ প্ৰাথমিক সা-সুবিধা সেৱাসমূহৰ আভাষ প্ৰকল্পৰ সৈতে গাঁঠি দিব লাগিব। এই সমূহত চৰকাৰী বিষয়া, ইতিমধ্যে থকা আন্তঃগাঁঠনি/সেৱাসমূহৰ স্থিতি আৰু উপলব্ধতা, সেৱা প্ৰদানৰ গুণগত আৰু মানদণ্ড, সন্মুখীন হোৱা সমস্যাসমূহ, আৰু ক) শিক্ষা, মধ্যাহ্ন ভোজন, খ) অঙ্গনৱাড়ী কেন্দ্ৰসমূহত পুষ্টিগত ব্যৱস্থাসমূহ, গ) স্বাস্থ্য যত্ন, চিকিৎসালয়ত প্ৰসৱ, স্বাস্থ্যকেন্দ্ৰ/উপকেন্দ্ৰ/চিকিৎসালয়ত পৰিয়াল পৰিকল্পনাৰ সেৱাসমূহ ঘ) ৰেচন বা সুলভ মূল্যৰ দোকানত অত্যাৱশ্যকীয় সামগ্ৰী ঙ) খোৱা পানীৰ যোগান চ) শৌচাগাৰ/অনাময় সুবিধাসমূহ, ছ) বিদ্যুতৰ যোগান জ) নিয়োগৰ সুযোগ ঝ) দক্ষতা উন্নয়ন/প্ৰশিক্ষণ ঞ) মহিলাৰ ওপৰত অপৰাধ ট) বেংকৰ সেৱাসমূহ আদি আঁচনি/কাৰ্য্যসূচীসমূহ ৰূপায়ন কৰাত সৃষ্টি হোৱা সমস্যাসমূহো ইয়াত সন্নিৱিষ্ট থাকিব লাগিব। এইটো আশা কৰা হৈছে যে মহিলাসকল সৱলীকৃত হোৱাৰ পিছত তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ওজৰ দাখিল কৰিব পাৰিব আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

২০.৪) গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত প্ৰশিক্ষণসূচীৰ প্ৰস্তাৱ লোৱাত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। কিয়নো এই সময়ছোৱাত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে প্ৰশিক্ষণৰ বাবে বিদ্যালয় গৃহ ব্যৱহাৰ কৰা যায় ফলত খৰছো কম হয়।

২০.৫) সংগঠনটোৱে প্ৰশিক্ষণ কাৰ্য্যসূচীত চৰকাৰী বিষয়াক জড়িত কৰা বিষয়টো অগ্ৰাধিকাৰ প্ৰদান কৰাতো নিশ্চিত কৰিব লাগিব।

২০.৬) যদিহে সমাপ্ত কৰাৰ পিছত মহিলাৰ কোনো এটা গোটে অৰ্থনৈতিক কাম-কাজৰ আঁচনিসমূহ গ্ৰহণ কৰিব বিচাৰে তেন্তে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমে এনে আঁচনিৰ নিৰ্দেশাৱলী অনুসৰি অনুমোদন কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিব।

ফলাফলৰ মাপাংক

 

২১) গ্ৰামাঞ্চলৰ বা স্থানীয় মহিলাৰ নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যসূচী ৰূপায়নৰ পিছত ইয়াৰ ফলাফলৰ মাপাংক হ’ব মহিলাসকলে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নেতৃত্বৰ ভূমিকা লোৱাৰ যোগ্যতা অৰ্জন কৰিব, এক গোট হৈ বা ব্যক্তিগতভাৱে বিভিন্ন সেৱাসমূহ, সুবিধাসমূহ, দক্ষতা আৰু সুযোগসমূহ ব্যৱহাৰ কৰি নিজৰ উন্নয়নৰ লগতে জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। বিভিন্ন ধৰণৰ আন্তঃগাঁঠনি, সা-সুবিধা আৰু সেৱাসমূহ, আৰ্থ-সামাজিক অৱস্থা আদিৰ ক্ষেত্ৰত বঞ্চিত হোৱাৰ পৰা নিজকে আতঁৰাই ৰখা, সংগঠনে প্ৰকল্পৰ লগত দাখিল কৰা স্থানীয় সমস্যাসমূহ নিৰাময়ৰ ক্ষেত্ৰত সফল কাম হোৱা।

অনুমোদন সমিতি

 

২২) এই আঁচনি কাৰ্য্যকৰীকৰণ কৰিবলৈ সংগঠনসমূহে আগবঢ়োৱা প্ৰকল্পসমূহ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে তলত দিয়াসকলক লৈ গঠন কৰা এখন অনুমোদন সমিতিয়ে অনুমোদন কৰিব।

(ক) সচিব, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়- অধ্যক্ষ।

(খ) বিত্তীয় উপদেষ্টা, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়।

 

(গ) যুটীয়া সচিব, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়-সদস্য।

(ঘ) যুটীয়া সচিব, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ-সদস্য।

(ঙ) যুটীয়া সচিব, গ্ৰাম উন্নয়ন মন্ত্ৰালয়-সদস্য।

(চ)  উপ সঞ্চালক প্ৰধান, কাউন্সিল ফৰ এদভান্সমেন্ট অফ পিপল’ছ একছন এণ্ড ৰুৰেল টেকন’লজি (কাপাৰ্ট) – সদস্য।

(ছ) কাৰ্য্যনিৰ্বাহী সঞ্চালক, ৰাষ্ট্ৰীয় মহিলা কোচ (আৰএমকে)-সদস্য

(জ) উপদেষ্টা, সংখ্যালঘু কল্যান খণ্ড, পৰিকল্পনা আয়োগ-সদস্য

(ঝ) পৰিচালন সঞ্চালক, ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগম এনএমডিএফচি)-সদস্য।

(ঞ) যুটীয়া সচিব, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয় (আঁচনিৰ লগত জড়িত)-আহবায়ক আৰু সদস্য।

পুঁজি মোকলাই দিয়া

 

২৩) যদিহে সংগঠনটোৱে সম পৰিমাণৰ ধন আৱৰ্তত পৰাকৈ দুখন জামিনদাৰী বণ্ড প্ৰদান কৰে তেন্তে সংগঠনটোলৈ পুঁজি প্ৰত্যক্ষভাৱে মোকলাই দিয়া হয়। তলত দিয়া প্ৰকল্প প্ৰস্তাৱৰ অনুমোদনৰ ভিত্তিত সংশ্লিষ্ট মন্ত্ৰালয়ে সংগঠনটোলৈ পুঁজি মোকলাই দিয়ে।

() গ্ৰাম্য/স্থানীয় অঞ্চলত নেতৃত্ব উন্নয়ন প্ৰশিক্ষণ:

প্ৰথম কিস্তি: প্ৰকল্পৰ অনুমোদিত খৰছৰ ৫০ শতাংশ প্ৰশিক্ষণ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰদান কৰা হ’ব। এই ধনেৰে প্ৰশিক্ষণকাৰ্য্যসূচী আৰু ভাট্টা আদিসমূহ প্ৰদান কৰাত খৰছ হ’ব বুলি সংগঠনটোৱে নিশ্চয়তা প্ৰদান কৰিব লাগিব।

দ্বিতীয় কিস্তি: সফল আৰু সন্তোষজনকভাৱে প্ৰশিক্ষণ কাৰ্য্যসূচী সমাপ্ত হোৱাৰ প্ৰমাণপত্ৰ দাখিলৰ পিছত মুঠ অনুমোদিত প্ৰকল্পৰ খৰছৰ ২৫ শতাংশ ধন প্ৰদান কৰা হ’ব। ইয়াৰ লগত প্ৰশিক্ষণপ্ৰাপ্ত কমেও ৭৫ শতাংশ মহিলাৰ স্বাক্ষৰিত আৰু গাওঁবুঢ়া বা খণ্ড উন্নয়ন বিষয়া/মহকুমাধিপতি আদিৰ স্বাক্ষৰিত ধন ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

তৃতীয় কিস্তি: সফল আৰু সন্তোষজনকভাৱে প্ৰকল্প সমাপ্ত হোৱাৰ প্ৰমাণপত্ৰ দাখিলৰ পিছত মুঠ অনুমোদিত প্ৰকল্পৰ খৰছৰ ২৫ শতাংশ ধন প্ৰদান কৰা হ’ব। ইয়াৰ লগত প্ৰশিক্ষণপ্ৰাপ্ত কমেও ৭৫ শতাংশ মহিলাৰ স্বাক্ষৰিত আৰু গাওঁবুঢ়া বা খণ্ড উন্নয়ন বিষয়া/মহকুমাধিপতি আদিৰ স্বাক্ষৰ থাকিব লাগিব। ইয়াৰ লগতে কৰ্মশালাত হোৱা খৰছৰ হিচাপ দাখিল কৰিব লাগিব।

(খ) নেতৃত্ব উন্নয়নৰ আৱাসিক প্ৰশিক্ষণ:

এবাৰতে এটা পৰিমাণৰ ধন প্ৰদান: যিবোৰ ঠাইত সুবিধা আছে সেইবোৰ ঠাইত আৱাসিক প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ ধন (দফা ১৪ ৰ ২ (ক), (খ) আৰু (ঘ)তালিকা অনুসৰি) মন্ত্ৰালয়ৰ পৰা প্ৰত্যক্ষভাৱে সংশ্লিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠানটোলৈ এবাৰতে এটা পৰিমাণৰ ধন বৈদ্যুতিন বেংক ব্যৱস্থাৰ যোগেৰে প্ৰদান কৰা হ’ব। দফা ২৩ (ক) উল্লেখিত ধৰণে বাকীখিনি ধন সংশ্লিষ্ট সংগঠনটোলৈ মোকলাই দিয়া হ’ব।

বৈদ্যুতিন পুঁজি স্থানান্তৰ

 

২৪) যিবোৰ ঠাইত এনে সুবিধা আছে সেইসমূহ ঠাইত বেংকৰ বৈদ্যুতিন স্থানান্তৰৰ যোগেৰে ধন প্ৰদান কৰা হ’ব। সংগঠন/প্ৰতিষ্ঠানক লৈ প্ৰত্যক্ষকৈ বৈদ্যুতিনভাৱে ইচিএছ, আৰটিজিএছ, এনআইএফটি, টিটি পদ্ধতিৰে ধন প্ৰদান কৰিব পাৰি। বেচৰকাৰী সংগঠনটোৱে ধন প্ৰদান কৰা প্ৰতিষ্ঠানৰ পৰা এখন কৰ্তৃত্বৰ পত্ৰও দেখুৱাব লাগিব য’ত বৈদ্যুতিন ধন প্ৰদানৰ বিৱৰণ থাকিব যেনে, ধন প্ৰদানকাৰীৰ নাম, বেংকৰ আইএফচি কোড নম্বৰ, বেংকৰ শাখাৰ নম্বৰ, বেংকৰ শাখাৰ নাম, বেংকৰ শাখাৰ ঠিকনা ইত্যাদি। একাউন্ট নম্বৰটো যাতে ভুল নহয় এই কৰ্তৄত্ব পত্ৰখনত বেংকৰ শাখাৰ পৰিচালকৰ স্বাক্ষৰ থাকিব লাগিব। সম্পূৰ্ণ বিত্তীয় বৰ্ষটোৰ বাবে বা একাউন্ট নম্বৰ সলনি নকৰালৈকে এখন কৰ্তৃত্ব পত্ৰৰ প্ৰয়োজন হয়। কৰ্তৃত্ব পত্ৰৰ ধৰণ ইয়াৰ লগত দিয়া হয়।

স্বচ্ছতা

 

২৫) সংগঠনটোৰ এটা ৱেবচাইট থাকিব লাগে আৰু তাত সংগঠনটোৰ মূখ্য কাৰ্য্যালয়, ক্ষেত্ৰীয় কাৰ্য্যালয়সমূহ, স্থায়ী ফোন নম্বৰ, জড়িত ব্যক্তিসমূহ, অতীতত কৰা কাম-কাজসমূহ, আঁচনিৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা মহিলাসকলৰ নাম, ঠিকনা আৰু ফোন নম্বৰ আদিসহ সম্পূৰ্ণ বিৱৰণ, প্ৰশিক্ষণৰ পিছত তেওঁলোকে নিজৰ জীৱন আৰু জীৱনৰ স্থিতি উন্নত কৰিবৰ বাবে কি কি কাম হাতত লৈছে আদি তথ্যসমূহ প্ৰদৰ্শন কৰিব লাগে। এই তথ্যসমূহ মন্ত্ৰালয়ক প্ৰদান কৰাতো অতি গুৰুত্বপূৰ্ণ কথা। প্ৰশিক্ষণৰ সময়ত তোলা আলোকচিত্ৰসমূহৰ লগতে উত্থাপিত হোৱা প্ৰশ্নোত্তৰসমূহ ৱেবচাইটত উপলব্ধ কৰাৰ লগতে মন্ত্ৰালয়কো জনাব লাগে।

মূল্যায়ন

 

২৬) চৰকাৰে নিয়োগ কৰা বাহিৰা পেশাদাৰী অভিকৰণৰ দ্বাৰা এই প্ৰকল্পৰ প্ৰভাৱৰ সূচাংক আৰু মূল্যায়ন নিৰ্দিষ্ট সময়ৰ বিৰতিত বা যেতিয়া প্ৰয়োজন হয় তেতিয়া কৰোৱা হ’ব। মন্ত্ৰালয়ৰ গৱেষণা/অধ্যয়নৰ আঁচনিৰ পৰা ইয়াৰ বাবে ধনৰ যোগান ধৰা হ’ব। এই আঁচনি কাৰ্য্যকৰী হোৱাৰ এবছৰৰ পিছত পৰ্য্যালোচনা কৰা হ’ব।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate