অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সবলা আঁচনি :

সবলা আঁচনি :

 

কিশোৰীসকল হৈছে দেশৰ ধৰণীস্বৰূপ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিশোৰীসকলৰ কল্যাণৰ উদ্দেশ্য আগত ৰাখি কেইবাখনো কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে আৰম্ভণিৰ পৰাই মহিলা সবলীকৰণত গুৰুত্ব প্ৰদান কৰি আহিছে।

কিশোৰীসকলৰ কল্যাণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এক আঁচনি হৈছে সবলা- ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা উক্ত সবলা আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে।

উক্ত আঁচনিৰ অধীনত ১১-১৮ বছৰৰ বয়সৰ কিশোৰীসকলক সাঙুৰি লোৱা হৈছে। ১১ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰীসকলক পুষ্টি, স্বাস্থ্যৰ যতন আৰু দক্ষতা প্ৰদানৰ জৰিয়তে সবলীকৰণ কৰাই ‘সবলা’ আঁচনিখনৰ মুখ্য উদ্দেশ্য।

এই আঁচনিৰ অধীনত কিশোৰীসকলক প্ৰতি বছৰত ৩০০ দিনৰ বাবে ৬০০ কেলৰিযুক্ত অতিৰিক্ত পুষ্টি, ১৮-২০ গ্ৰাম প্ৰ’টিনযুক্ত আহাৰ যোগান ধৰা হয়।

ইয়াৰ উপৰি কিশোৰীসকলক স্বাস্থ্য পৰীক্ষা, ৰেফাৰেল সেৱা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, পৰিয়াল কল্যাণ পৰামৰ্শদান, দক্ষতা বিকাশ শিক্ষা, ৰাজহুৱা সেৱা লাভৰ শিক্ষা আৰু বৃত্তিগত প্ৰশিক্ষণ আদিৰ সুবিধসমূহ প্ৰদান কৰা হয়।

আমাৰ ৰাজ্যখনত অংগনবাড়ী কেন্দ্ৰসমূহত ‘সবলা’ আঁচনি ৰূপায়িত হয়। বৰ্তমান ১৯,২৯৮ টা অংগনবাড়ী কেন্দ্ৰত আঁচনিখন ৰূপায়ণ কৰি থকাৰ উপৰি ৭৮ টা প্ৰকল্পত আঁচনিখন কাৰ্যক্ষম হৈ আছে।

আমাৰ ৰাজ্যত কামৰূপ, কোকৰাঝাৰ, কাৰ্বি আংলং, ধুবুৰী, দৰং, হাইলাকান্দি, ডিব্ৰুগড় আৰু যোৰহাট জিলাক ‘সবলা’ আঁচনিখনৰ অধীনত সাঙুৰি লোৱা হৈছে।

আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰাৰ লগতে socialwelfare.assam.gov.in ল’গ অন কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate