অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুকন্যা সমৃদ্ধি যোজনা

সুকন্যা সমৃদ্ধি যোজনা

দেশৰ কন্যা শিশুসকলৰ সামগ্ৰিক কল্যাণ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে।আৰ্থ-সামাজিক বৈষম্যৰ পৰা মুক্ত কৰি কন্যা শিশুসকলক সকলো ফালৰ পৰাই শক্তিশালী স্থিতিত উপনীত কৰোৱাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসুচী  ৰুপায়ণ কৰিছে চৰকাৰে।‘বেটি বচাও,বেটি পঢ়াও’শীৰ্ষক তেনে এক কাৰ্যসুচীৰ অধীনত ৰুপায়িত এক আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা।এয়া হৈছে কন্যা শিশুৰ বাবে এক সঞ্চয় আঁচনি।এই সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত পৰিয়ালৰ প্ৰতিগৰাকী কন্যা শিশুৰ নামত নিৰ্বাচিত বাণিজ্যিক বেংক অথবা ডাকঘৰত একোটা ছেভিংচ একাউণ্ট খুলিব পাৰে।অৱশ্যে কন্যা শিশুটিৰ বয়স দহ বছৰ হোৱাৰ আগতেই এনে একাউণ্ট খুলিব লাগে।এনে এটা একাউণ্টত এবছৰত নুন্যতম ২৫০ টকা আৰু সৰ্বাধিক ১,৫০,০০০ টকা জমা কৰিব পাৰিব। এই জমা আঁচনিৰ কেইবাটাও লাভজনক দিশ আছে।সেই দিশবোৰ হৈছে-

*সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত জমা হোৱা ধনৰ বিপৰীতে অন্যান্য ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ তুলনাত উচ্চ হাৰত সুদ প্ৰদান কৰা হয়।কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে এই একাউণ্টৰ সুদৰ হাৰ পুনৰীক্ষণ কৰে।

*এই একাউণ্টত জমা কৰা ধনৰ ক্ষেত্ৰত আয়কৰ আইনৰ ৮০ চি ন্ং ধাৰাৰ অধীনত আয়কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে।

*এই একাউণ্টৰ ‘মেচিউৰিটী’অৰ্থাৎ ম্যাদ সম্পুৰ্ণ হোৱাৰ সময় হৈছে ২১ বছৰ।অৰ্থাৎ একাউণ্ট খোলাৰ দিনটোৰ পৰা ৩১ বছৰ সম্পুৰ্ণ হ’লে একাউণ্টটো মেচিউৰিটী হোৱা বুলি বিবেচিত হ’ব আৰু তেতিয়া সেই একাউণ্টৰ ধন উলিয়াব পৰা যাব।আনহাতে যিগৰাকী কন্যা শিশুৰ নামত একাউণ্টটো খোলা হৈছে,তেওঁৰ বিয়াৰ সময়তো সেই একাউণ্টটো মেচিউৰিটী হোৱা বুলি বিবেচিত হয়।অৱশ্যে বিয়াৰ সময়ত ছোৱালীগৰাকীৰ নুন্যতম বয়স ১৮ বছৰ হ’ব লাগিব।একাউণ্টধাৰী কন্যাই বিয়াৰ পাছত সেই একাউণ্টটো চলাই ৰাখিব নোৱাৰে।

*বিয়াৰ বাহিৰে কন্যা শিশুৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ধনৰ জোৰা মৰাৰ বাবে একাউণ্টটো ‘মেচিউৰ’হোৱাৰ আগতে জমা ধন সৰ্বাধিক ৫০ শতাংশহে উলিয়াব পাৰি।এই ক্ষেত্ৰতো উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা কন্যা শিশুটিৰ বয়স ১৮ বছৰৰ পাছতহে ‘প্ৰি-মেচিউৰ’একাউণ্টৰ পৰা ধন উলিয়াব পৰা যায়।

*কোনো অভিভাৱকে নিজৰ কন্যা শিশুৰ নামত খোলা এনে একাউণ্টত (একাউণ্ট খোলাৰ পৰা)১৪ বছৰ পৰ্যন্ত ধন জমা কৰিব পাৰে।কিন্তু খোলাৰ ২১ বছৰ পাছতহে একাউণ্টটো মেচিউৰ হোৱা বুলি গণ্য হ’ব।

*একাউণ্টটোৰ ম্যাদ সম্পুৰ্ণ হোৱাৰ পাছত অৰ্থাৎ মেচিউৰ হোৱাৰ পাছত সুদে-মুলে জমা হোৱা ধনৰাশি একাউণ্টধাৰী কন্যাক প্ৰদান কৰা হ’ব।

*২১ বছৰ সম্পুৰ্ণ হোৱা অৰ্থাৎ মেচিউৰ হোৱা একাউণ্ট আনুষ্ঠানিকভাৱে বন্ধ নকৰা পৰ্যন্ত জমা ধনৰ ওপৰত সুদ প্ৰদান কৰি থকা হ’ব।

উৎস: ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate