অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংহত মহিলা সৱলীকৰণ যোজনা

সংহত মহিলা সৱলীকৰণ যোজনা

কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদে ২০০৬-০৭ বৰ্ষৰ পৰা চিকিমকে ধৰি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য সমূহৰ বাবে এই আঁচনিখন প্ৰৱৰ্তন কৰি আহিছে।

এই আচঁনিখনৰ মূল উদ্দেশ্য হ’ল-সকলোকে একত্ৰিত কৰি সমন্বিত সেৱাৰ দ্বাৰা কৰ্মক্ষেত্ৰৰ উৎকৰ্ষ সাধন কৰা।

এই আচঁনিখন পৰিচালনাৰ বাবে ৰাজ্যিক পৰিষদৰ অধ্যক্ষা গৰাকীৰ অধ্যক্ষতাত, অন্য চৰকাৰী বিভাগৰ বিষয়া তথা স্থানীয় নেতা, বিশ্ববিদ্যালয় আৰু কোনো প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী স্ংগঠনৰ নেতাৰদ্বাৰা গঠিত হ’ব লাগিব। এই কমিটিখনৰ দ্বাৰা কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সন্তোষজষক মূল নিৰ্ণায়কবোৰ যেনে,-জনসংখ্যা, জনমূৰী আয়, শিক্ষিত হাৰ, স্বাস্থ্য আৰু অনাময়ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকল্পটো কাৰ্য্যকৰণৰ বাবে চিনাক্ত কৰি হাতত ল’ব লাগিব।

এই কমিটিখনৰ দ্বাৰা সেই অঞ্চলৰ পৰ্য্যাপ্ত পৰিমাণৰ অভিজ্ঞতা আৰু সুনাম থকা স্বেচ্ছাসেৱী অনুষ্ঠান সমূহ নিম্নলিখিত আঁচনিৰ বাবে বাচনি কৰি উলিয়াব লাগিব। তলত এনে আঁচনিৰ স্থাপনৰ বাবে দুটা দফাৰ উদাহৰণ দিয়া হ’ল।

প্ৰথম দফা:

১। জোখ-মাখ নিৰুপণ।

২। শিবিৰ পৰিচালনা

৩। স্থানীয় ৰাইজৰ আৱশ্যকতাৰ ওপৰত নিৰ্ভৰ কৰি সভা-সমিতি পৰিচালনা কৰা।

৪। উক্ত এলেকাধীন বিভাগীয় চৰকাৰী অনুষ্ঠানৰ সৈতে যোগাযোগ ৰক্ষা কৰা।

৫। উক্ত এলেকাৰ বিভিল্ল সম্প্ৰ্দায় আৰু স্থানীয় ব্যক্তিৰ অংশগ্ৰহণকাৰী নিশ্চিত কৰা।

দ্বিতীয় দফা: মহিলা আৰ্থসামাজিক উন্নয়নৰ হকে-

১। জাতি বা সাম্প্ৰদায়িক ভিত্তিত গোট গঠন কৰা।

২। মানুহৰ আৱশ্যকীয় কাৰ্য্য প্ৰণালীৰ ওপৰত সিদ্ধান্তকৰণ।

৩। প্ৰকল্প প্ৰস্তুতকৰণ।

৪। পৰম্পৰাগত দক্ষতাৰ ওপৰত প্ৰশিক্ষণ।

৫। বাণিজ্যিক কৰণৰ সম্বন্ধ।

২। মহিলাসকলৰ অঞ্চলভিত্তিক কাৰিকৰী আৰু পেচাদাৰী প্ৰশিক্ষণৰ ভিত্তিসমূহঃ

ক) অৰ্থ উপাৰ্জনৰ্ কাৰ্য্যপ্ৰণালী।

খ) খাদী আৰু গ্ৰামোদ্যোগৰ জৰিয়তে সামগ্ৰী সমূহ উৎপাদন কৰা।

গ) উৎপাদন গোট, স্বাৱলম্বী গোট, বিক্ৰেতা গোট স্থাপন।

ঘ) কাৰিকৰী পৰামৰ্শ স্থাপন।

এই আঁচনিৰ জৰিয়তে মহিলাসকলে যিকোনো সময়ত যিকোনো বিপদত ১০৯১ নম্বৰত ফোন কৰি সহায় লাভ কৰিব পাৰে। এই আঁচনিত ৩ গৰাকী counselor য়ে দিনৰ ২৪ ঘণ্টাই কৰ্মৰত অৱস্থাত থাকে।

এই আবেদনকাৰী অনুস্থান সমূহক কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ নিয়মানুযায়ী আবেদন গ্ৰহণ কৰি বিভিন্ন আঁচনিৰ জৰিয়তে শিশু আৰু মাতৃৰ কল্যাণৰ অৰ্থে অসম ৰাজ্যিক পৰিষদেও পাৰ্য্যমানে দেশৰ মহিলা সকলৰ বাবে সেৱা আগবঢ়াই আহিছে আৰু অদূৰ ভৱিষ্যতেও তেনে সেৱা আগবঢ়াই যাবলৈ স্ংকল্পৱদ্ধ, কিয়নো নাৰী মানেই হ’ল মাতৃ আৰু এগৰাকী মাতৃৰ সবল নেতৃত্বইহে এখন দেশত ঘূৰাই আনিব পাৰে এক আমূল পৰিৱৰ্তন।

সেয়েহে স্বেচ্ছাসেৱী আবেদনকাৰী অনুষ্ঠান সমূহক উক্ত পুথিত দিয়া ধৰণে ইংৰাজী ভাষাত দিয়া প্ৰ-পত্ৰৰ নমুনাত তথ্য-পাতি সহ পৰিষদৰ আঁচনিত নিয়মানুযায়ী আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

উৎসঃ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate