অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বনিয়োজনৰ ক্ষেত্ৰত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ভূমিকাঃ

 

গ্ৰাম্যাঞ্চলত আমি নিৱনুৱা নিম্নোলিখিত শ্ৰেণীৰ মানুহৰ মাজত দেখা পোৱা যায়-

 

- যিসকলৰ কোনো সম্পদ নাই বা তাকৰীয়া সম্পদৰ অধিকাৰী।

-  যিসকলৰ কোনো এটা ব্যৱসায় চলাবলৈ প্ৰয়োজনীয় কৌশলগত বা পৰিচালনা জ্ঞানৰ অভাৱ।

এই দুয়োটা শ্ৰেণীৰ লোকৰ মাজত শিক্ষিত আৰু অশিক্ষিত দুয়োবিধ লোকেই থাকিব পাৰে। এই দুয়োটা শ্ৰেণীৰ লোকক কৰ্মচেতনাৰ প্ৰতি আকাংক্ষিত কৰি তুলিবলৈ আৰু পথ দেখুৱাৰ উপৰি কৌশলগত আৰু কাৰিকৰী দিশত প্ৰশিক্ষণ দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে। যাতে তেওঁলোকে স্থানীয় সম্পদৰ ওপৰত ভিত্তি কৰি সচ্ছল জীৱন ধাৰণৰ বাবে এটা সুবিধা কৰি লব পাৰে। চৰকাৰৰ উপৰি কোনো স্বেচ্ছামূলক বা বেচৰকাৰী অনুষ্ঠান আৰু অভিজ্ঞ ব্যক্তিয়ে আগভাগ লৈ যুৱকসকলক স্বনিয়োজনৰ বাবে লব পৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা আৰু পথ দেখুওৱা বাঞ্ছনীয়। তদুপৰি প্ৰশাসন আৰু ৰাইজৰ মাজৰ দূৰত্ব আঁতৰোৱাটোও প্ৰয়োজন যাতে চৰকাৰে ৰাইজৰ বাবে লোৱা আঁচনিসমূহ সহজেই জানিব পাৰে আৰু সহযোগ কৰিব পাৰে।

এনে এটা উদ্দেশ্য লৈয়েই ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসমৰ স্থাপন কৰা হৈছিল। গ্ৰামোন্নয়নৰ স্বতন্তৰীয়া এই অনুষ্ঠানটোৱে নিয়মীয়াকৈ গ্ৰাম্য লোকৰ মাজত তেওঁলোকৰ সামৰ্থ্যৰ আকাংক্ষা জগাই তোলাৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণৰো আয়োজন কৰে যাতে তেওঁলোকে নিজেই পিছলৈ স্বনিয়োজনৰ ব্যৱস্থা কৰি লব পাৰে। প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ সকলো খৰচৰ ভাৰ অনুষ্ঠানটোৱে গ্ৰহণ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ সময়ে সময়ে সলনি হোৱা আৰু নতুনকৈ হাতত লোৱা বিভিন্ন গ্ৰাম্য উন্নয়নৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰাবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিষয়াসকল আৰু ৰাইজৰ বাবে বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰে, যাতে নতুন আঁচনিবোৰ তেওঁলোকে কাৰ্যত পৰিণত কৰিব পাৰে।

১৯৯৮ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসমে বিষয়া আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ হিতাধিকাৰীসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। প্ৰতিষ্ঠানে গ্ৰামোন্নয়ন আঁচনিৰ বিভিন্ন দিশৰ সুপৰিকল্পনা, প্ৰয়োগ, পৰামৰ্শদান, মূল্যায়ন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানে স্বনিয়োজনৰ বাবে গ্ৰহণ কৰা বিভিন্ন বিষয়সমূহঃ

 

-  খেতিৰ যন্ত্ৰপাতি মেৰামতি আৰু পৰীক্ষা।

-  বৈজ্ঞানিক ভিত্তিত কাঠফুলা উৎপাদন।

-  বৈজ্ঞানিক ভিত্তিত পশুপালন।

- ফুলৰ লগত মৌ-পালন।

-  উদ্যান শস্য।

-  ফল-মূল সংৰক্ষণ।

-  বৈজ্ঞানিক ভিত্তিত মীনপালন।

-  ৰেচম শিল্প।

- সংহত কৃষি পাম আঁচনি।

- হেণ্ডলুম ডিজাইনিং।

-  এলেকাভিত্তিক কৃষিকাৰ্য।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ ম্যাদ বিষয় অনুযায়ী বেলেগ বেলেগ হয়। ইচ্ছুক গ্ৰামীণ নিবনুৱা যুৱক-যুৱতী, পুৰুষ-মহিলাই প্ৰশিক্ষণৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে।

ঠিকনাঃ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate