অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি :

ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি :

 

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখন শাসনলৈ অহাৰ পৰাই দুখীয়া শ্ৰেণীৰ লোকৰ কল্যাণৰ উদ্দেশ্যে, নিৱনুৱা সমস্যা সমাধানৰ বাবে কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে। মহিলাসকলৰ সামগ্ৰিক কল্যাণৰ বাবেও চৰকাৰখনে বিশেষ পদক্ষেপ হাতত লৈছে। বিশেষকৈ আত্মসহায়ক গোট আৰু নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মমুখী হোৱাকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে। উক্ত প্ৰশিক্ষণসমূহৰ যোগেদি বুজন সংখ্যক লোক কৰ্মমুখী হ’ব পাৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ফলমূল আৰু শাক-পাচলি সংৰক্ষণ আৰু প্ৰশিক্ষণ প্ৰদানৰ এক আঁচনি ৰূপায়ণ কৰিছে। উক্ত আঁচনিৰ অধীনত ফলমূল আৰু শাক-পাচলি সংৰক্ষণ বিষয়ত প্ৰশিক্ষণ প্ৰ্দান কৰা হয়। উক্ত প্ৰশিক্ষণ এদিনীয়া, তিনিদিনীয়া আৰু ছয়দিনীয়া হয়। বিভিন্ন ফলৰ চৰবত, জাম, জেলি, আচাৰ, চ’চ, চাটনি, টেমাত সংৰক্ষণ ইত্যাদি বিষয়ত এই আঁচনিৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ পত্ৰ দিয়া হয়। প্ৰশিক্ষণৰ সমাপ্তিৰ পিছত প্ৰশিক্ষাৰ্থীসকলে উক্ত বিষয়ত জ্ঞান লাভ কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি উলিয়াব পাৰে। উক্ত প্ৰশিক্ষণ বিশেষকৈ আত্মসহয়ক গোট আৰু আগ্ৰহী নিবনুৱা যুৱক-যুৱতীসকলৰ লগতে শিক্ষিত কৃষকসকলে পাব পাৰে। আমাৰ ৰাজ্যখনত মুঠ ১৯ খন জিলাক সামৰি ২১ টা ফলমূল আৰু শাক-পাচলি সংৰক্ষণ কেন্দ্ৰ আছে। উক্ত প্ৰশিক্ষণ সম্পৰ্কে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে।

কৃষি উপ-সঞ্চালক কাৰ্যালয়

উলুবাৰী, গুৱাহাটী- ৭৮১০০৭

চঞ্চল কুমাৰ দাস

মহকুমা কৃষি বিষয়া

সমূহীয়া ফলমূল ও প্ৰশিক্ষণ কেন্দ্ৰ

উলুবাৰী, গুৱাহাটী- ৭৮১০০৭

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 10/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate