অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানঃ (নেচনেল স্কীল্‌ ডেপেল্‌পমেণ্ট মিচন)

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানঃ (নেচনেল স্কীল্‌ ডেপেল্‌পমেণ্ট মিচন)

দক্ষতা আৰু জ্ঞানেই হ’ল দেশ এখনৰ অৰ্থনৈতিক প্ৰগতি আৰু সামাজিক উন্নয়নৰ মূল চালিকা শক্তি| উন্নত দেশবোৰত দক্ষতা সম্পন্ন কৰ্মবাহিনীৰ হাৰ মুঠ কৰ্মবাহিনীৰ ৬০% ৰ পৰা ৯০% ৰ ভিতৰত| ইয়াৰ বিপৰীতে ভাৰতত আনুষ্ঠানিক ভাৱে কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মবাহিনী (২০-২৪ বছৰ বয়সৰ) আছে মাত্ৰ ৫%|

বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আমাৰ দেশৰ ২০টাতকৈ অধিক মন্ত্ৰণালয়ে/ বিভাগে ৭০ টাতকৈ অধিক আঁচনি ৰুপায়ণ কৰি আছে| National Skill Development Mission বা ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান শুভাৰম্ভ কৰা হৈছিল ২০১৫ চনৰ ১৫ জুলাইত| এই অভিযানৰ মূল লক্ষ্য হ’ল বিভিন্ন ক্ষেত্ৰত আৰু ৰাজ্যসমূহত দক্ষতাৰ প্ৰশিক্ষণৰ বাবে সমন্বয়ৰ সৃষ্টি কৰা| দক্ষতাৰ চেষ্টা সমূহৰ মাজত সমন্বয় স্থাপন কৰা আৰু গোটবান্ধোন কৰাৰ উপৰি এই আঁচনিৰ লক্ষ্য হ’ল বিভিন্ন ক্ষেত্ৰ সমূহৰ মাজত সিদ্ধান্ত গ্ৰহণৰ তিব্ৰতা বৃদ্ধি কৰা যাতে উচিত পৰিমাণ, মাত্ৰা আৰু মানদণ্ডৰ দক্ষতা আহৰণ কৰিব পৰা যায়|

অভিযান বিবৃত্তিঃ

এণ্ড টু এণ্ড, পৰিণাম কেন্দ্ৰিক নক্সা প্ৰস্তুতৰ জৰিয়তে ভাৰতত দক্ষতা বিকাশৰ প্ৰচেষ্টা সমূহৰ দ্ৰুতভাৱে উন্নতি ঘটোৱা যাতে প্ৰশিক্ষিত দক্ষতা সম্পন্ন কৰ্ম-বাহিনীৰ ক্ষেত্ৰত থকা নিয়োগকৰ্তা সকলৰ চাহিদা আৰু ভাৰতীয় নাগৰিকৰ স্থায়ী জীৱিকা লাভৰ মনোবাঞ্ছাৰ মাজত এক ভাৰসাম্যতা ৰাখিব পাৰি|

অভিযানৰ উদ্দেশ্যঃ

এই অভিযানে বিচাৰে:-

১) দক্ষতা বিকাশৰ বাবে এটা স্বয়ং সম্প্পুৰ্ণ ৰুপায়ণ নক্সা প্ৰস্তুত কৰিবলৈ যিয়ে জীৱনযোৰা শিকাৰ সুযোগ প্ৰদান কৰে| এই অভিযানে সামৰি লয়: বিদ্যালয়ৰ পাঠ্যক্ৰমত দক্ষতাৰ প্ৰশিক্ষণ যাৰ জৰিয়তে উন্নত মানৰ দীৰ্ঘ্য আৰু হ্ৰস্বকালীন দক্ষতাৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হয়| ইয়াৰ দ্বাৰা নিয়োগৰ পথ প্ৰশস্থ কৰি প্ৰশিক্ষাৰ্থী সকলক তেওঁলোকৰ মনে বিচৰা সংস্থাপন লাভৰ নিশ্চয়ৰ প্ৰদান|

২) নিয়োগকৰ্তা/ উদ্যোগৰ চাহিদা আৰু প্ৰশিক্ষাৰ্থী সকলৰ মনে বিচৰা স্থায়ী জীৱিকাৰ সৈতে কৰ্মবাহিনীৰ উৎপাদন ক্ষমতাৰ মাজত এক ভাৰসাম্যতা ৰক্ষা কৰা|

৩) আমাৰ দেশত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয়ভাৱে গ্ৰহণযোগ্য মানদণ্ডৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আৰু ভিন্‌ ভিন্‌ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰি এক উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ নক্সা প্ৰস্তুত কৰা যাতে সকলো সকলো মন্ত্ৰালয়, ৰাজ্য আৰু ব্যক্তিগত প্ৰশিক্ষণ যোগাওতা সংস্থা সমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি|

৪) জটিল অ-সংগঠিত ক্ষেত্ৰত (যেনে-নিৰ্মাণ ক্ষেত্ৰ, য’ত দক্ষতা প্ৰশিক্ষণৰ কিছু সুযোগ আছে) দক্ষতা বিকাশৰ সামৰ্থ বৰ্দ্ধন কৰা আৰু এনে ক্ষেত্ৰ সমূহত কৰ্মী সকলৰ পুনৰ প্ৰশিক্ষণ আৰু উচ্চ প্ৰশিক্ষণৰ পথ-প্ৰশস্ত কৰা যাৰ জৰিয়তে তেওঁলোকে আনুষ্ঠানিক ক্ষেত্ৰত নিয়োগ লাভৰ বাবে প্ৰৱেশৰ সুবিধা লাভ কৰিব|

৫) পৰ্য্যাপ্ত আৰু উচ্চ পৰ্য্যায়ৰ দীৰ্ঘকালীন দক্ষতাৰ প্ৰশিক্ষণ সুনিশ্চিত কৰা, আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত গ্ৰহণযোগ্য, যোগ্যতাৰ মানদণ্ড বজাই ৰখা যিয়ে অৱশেষত গৈ উচ্চ দক্ষতা সম্পন্ন কৰ্মবাহিনী সৃষ্টিত অৰিহণা যোগাব|

৬) দক্ষতা বিকাশ পৰিস্থিতিতন্ত্ৰত উচ্চ গুণাগুণ সম্পন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰি গুণগত কাৰিকৰী প্ৰশিক্ষকৰ/নিৰ্দেশকৰ এক নেটৱৰ্ক গঠন কৰা|

৭) ইতিমধ্যে উপলব্ধ ৰাজহুৱা আন্ত:গাঁঠনি আৰু ঔদ্যোগিক সুবিধা সমূহ ব্যৱহাৰ কৰি দক্ষতাৰ প্ৰশিক্ষণ আৰু সামৰ্থ বৃদ্ধিৰ প্ৰচেষ্টাক আগবঢ়াই নিয়া|

৮) বিশ্বজনীন কৰ্ম প্ৰয়োজনীয়তাৰ লগত সামঞ্জস্য ৰাখি আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বজাই ৰাখি বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী প্ৰস্তুতৰ জৰিয়তে বিদেশত সংস্থাপনৰ সুবিধা প্ৰদান কৰে|

৯) “ক্ৰেডিট ট্ৰাঞ্চফাৰ্‌ চিষ্টেম” অৰ্থাৎ ‘বাকীত বদলিৰ ব্যৱস্থা’ৰ জৰিয়তে ‘কাৰিকৰী প্ৰশিক্ষণ’ আৰু ‘আনুষ্ঠানিক প্ৰশিক্ষণ’ৰ মাজত সালসলনি ঘটাব পৰাৰ পথ প্ৰশস্ত কৰা হৈছে|

১০) দক্ষতা বিকাশৰ ক্ষেত্ৰত সকলো কেন্দ্ৰীয় মন্ত্ৰণালয়/বিভাগ/ৰাজ্য/ৰুপায়ণ সংস্থাক একত্ৰিত কৰা আৰু সমন্বয় স্থাপন কৰা|

১১) দুৰণিবতীয়া স্থানত থকা সমাজৰ দূৰ্বল আৰু অৱহেলিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নিৰ্দ্দিষ্ট কাৰ্য্যসূচীৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যৰ দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰা|

১২) দক্ষতাৰ প্ৰশিক্ষণৰ মূল্য সম্পৰ্কে সামাজিক সচেতনতা বৃদ্ধিৰ জৰিয়তে যুৱক-যুৱতী সকলৰ মাজত দক্ষ হোৱাৰ সুফলতাকলৈ উচ্চাকাংখ্যা বৃদ্ধি কৰা|

১৩) লেবাৰ মাৰকেট্‌ ইন্‌ফ’ৰমেচন্‌ চিষ্টেম্‌ (এল এম আই এছ )নামৰ ৰাষ্ট্ৰীয় ডেটাবেচ্‌ প্ৰস্তুত কৰা যিয়ে আমাৰ দেশত দক্ষ কৰ্মবাহিনীৰ চাহিদা আৰু যোগানৰ ক্ষেত্ৰত এক যোগসূত্ৰ বজাই ৰাখিব| এই এল এম আই এছ এ এহাতে যেনেদৰে আমাৰ দেশৰ দক্ষতা বিকাশৰ কাৰ্য্য সমূহ সম্পৰ্কে নাগৰিক সকলক মূল্যৱান তথ্য যোগান ধৰিব আনহাতে তেনেদৰে ই ভাৰতৰ বিভিন্ন ৰাজ্যত চলি থকা দক্ষতা বিকাশ কাৰ্য্যসূচী সমূহৰ পৰ্যবেক্ষণৰ এক ক্ষেত্ৰ হিচাবে সহায় আগবঢ়াব|

অভিযান কৌশলঃ-

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানে আৰম্ভণীতে ৭টা উপ-অভিযান ইয়াৰ গণ্ডিৰ মাজত সামৰি ল’ব| এই অভিযানৰ সামগ্ৰিক উদ্দেশ্য সমূহ পূৰণ কৰাত প্ৰতিটো উপ-অভিযানে এক গঠনমূলক ভূমিকা পালন কৰিব| উপ-অভিযান সমূহৰ মূল লক্ষ্যবস্তুঃ-

# বৰ্তমান চলি থকা প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহৰ গঠনৰ নবীকৰণ আৰু নতুন প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে দীৰ্ঘ্ম্যাদি আৰু হ্ৰস্ব-ম্যাদী দক্ষতা প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰা|

# ক্ষেত্ৰভিত্তিক নিৰ্দ্দিষ্ট দক্ষতা-প্ৰশিক্ষণ কাৰ্য্য ব্যৱস্থা হাতত লোৱা|

# বৰ্তমানে উপলব্ধ দক্ষতা বিকাশ কাৰ্য্যসূচী সমূহৰ মাজত সমন্বয় স্থাপন নিশ্চিত কৰা|

# দক্ষতা আহৰণৰ বাবে বৰ্তমানে উপলব্ধ ৰাজহুৱা আন্তঃগাঁঠনিৰ সদ্‌ব্যৱহাৰ কৰা|

# প্ৰশিক্ষকৰ প্ৰশিক্ষণত গুৰুত্ব দিয়া|

# বিদেশত সংস্থাপনৰ সুবিধা প্ৰদান কৰা, আৰু

# স্থায়ী জীৱিকা লাভত উদ্‌গনি দিয়া|

উপ-অভিযানঃ-

দক্ষতা উপ-অভিযান: প্ৰতিষ্ঠানগত প্ৰশিক্ষণ

উদ্দেশ্য:-

# প্ৰশিক্ষণৰ ভিন্নতা পাবলৈ আৰু সফলতাৰ বাবে ইয়াৰ সংখ্যা বৃদ্ধি আৰু গুণাগুণ উন্নত কৰা|

# আনুষ্ঠানিক শিক্ষাগত অৰ্হতা আৰু চাকৰিৰ বজাৰৰ মাজত সংযোগ স্থাপনকাৰী পথৰ সূচনা কৰা|

# উচ্চ হাৰত সংস্থাপন লাভ কৰিবলৈ চাহিদাপূৰ্ণ আৰু সফলকামী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা|

# DDG (Training)ৰ অধীনৰ ITI, ATI আদিৰ মানদণ্ড উন্নত কৰিবলৈ সকলো উপলব্ধ প্ৰশিক্ষণ প্ৰতিষ্ঠান আধুনিকীকৰণ কৰা যাতে ইয়াৰ দ্বাৰা উদ্যোগ সমূহৰ চাহিদাৰ প্ৰতি অধিক সঁহাৰি জনাব পাৰি|

# এনে প্ৰচলিত প্ৰতিষ্ঠান সমূহৰ ক্ষেত্ৰত নিৰ্দ্দিষ্টভাৱে লক্ষ্য স্থিৰ কৰা ৫ টা বিষয়ত পূনৰ গঠনৰ ব্যৱস্থা:

. পাঠ্যক্ৰমৰ শিথিলতা|

. প্ৰশিক্ষণৰ সা-সঁজুলি আৰু কৰ্মশালা|

. শিক্ষণ পদ্ধতি|

. উদ্যোগ জড়িতকৰণ আৰু

. বিত্তীয় আৰ্হি|

দক্ষতা উপ-অভিযানঃ আন্তঃগাঁঠনি

উদ্দেশ্য:

# কৰ্মথলীত প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলৰ সামৰ্থ্য বৰ্দ্ধন কৰা, আৰু নিৰ্মাণ ক্ষেত্ৰ সমূহত আন্তঃগাঁঠনিৰ উন্নয়নৰ জৰিয়তে উচ্চ মানৰ দক্ষতা বিকাশ সুনিশ্চিত কৰা, কৰ্মী সকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা|

# আগন্তুক পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ ক্ষেত্ৰ সমূহত সৃষ্টি হ’বলগীয়া অতিৰিক্ত ৩০ নিযুত কৰ্মীৰ চাহিদা পুৰাবলৈ সাজু হোৱা|

# RPL আৰু Up.Skilling বা দক্ষতা বৃদ্ধিৰ জৰিয়তে নিৰ্মাণ ক্ষেত্ৰত ইতিমধ্যে কৰ্মৰত কৰ্মী সকলৰ জীৱিকাৰ বাবে দীৰ্ঘদিনীয়া কৰ্মকাল সুনিশ্চিত কৰা|

দক্ষতা উপ-অভিযানঃ কন্‌ভাৰজেন্‌চ

উদ্দেশ্য:-

দেশৰ দক্ষতা বিকাশৰ নক্সাত অন্তৰ্ভুক্ত বহুপক্ষীয় অংশগ্ৰহণকাৰী যেনে-কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰণালয়/বিভাগ, ব্যক্তিগত প্ৰশিক্ষণ যোগাওতা, নীতি-নিৰ্দ্ধাৰণ সংস্থা, উদ্যোগ গোট আৰু কৰ্মীৰ মাজত উদ্দেশ্যৰ মিলন ঘটোৱা আৰু সমন্বয় নিশ্চিতকৰণ কৰা|

দক্ষতা উপ-অভিযান: প্ৰশিক্ষণ

উদ্দেশ্য:-

# সমগ্ৰ দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহৰ শিক্ষাৰ সামগ্ৰীক মানদণ্ড উন্নত কৰা|

# ভাৰতৰ সকলো ভৌগলিক অঞ্চলতে আৰু সকলো প্ৰশিক্ষণতে প্ৰয়োজন হোৱা TOT অৰ্থাৎ প্ৰশিক্ষকৰ প্ৰশিক্ষণ আয়োজন কৰা|

# দক্ষতাৰ স্থানত পৰ্য্যাপ্ত প্ৰশিক্ষকৰ উপস্থিতি নিশ্চিত কৰা|

# কৰ্মক্ষেত্ৰত দীৰ্ঘদিনীয়া অভিজ্ঞতা পুষ্ট প্ৰশিক্ষক যোগান ধৰা|

দক্ষতা উপ-অভিযানঃ বিদেশত সংস্থাপন

উদ্দেশ্য:-

# ভাৰতৰ যুৱক-যুৱতী সকলক উচ্চ বিশ্বজনীন মানদণ্ডেৰে প্ৰশিক্ষিত কৰা যাতে তেওঁলোকে বিদেশত কৰ্ম সংস্থাপনৰ সুবিধা ল’বৰ বাবে উপযুক্ত হৈ উঠে|

# বিদেশত সংস্থাপনৰ সুযোগ সম্পৰ্কে তথ্য যোগান ধৰা আৰু আগ্ৰহী যুৱক-যুৱতীক সেয়া লাভ কৰাত সহায় কৰা|

# ভাৰতীয় দক্ষ কৰ্মীসকলৰ বিদেশগমন সুনিশ্চিত কৰা|

দক্ষতা উপ-অভিযান: স্থায়ী জীৱিকা

উদ্দেশ্য:-

দীৰ্ঘ্যদিনীয়া স্থায়িত্ব থকা জীৱিকাৰ পথ সুনিশ্চিত কৰিবৰ বাবে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ সম্ভাৱনীয়তা বৃদ্ধিত সহায় কৰি প্ৰশিক্ষাৰ্থী সকলক অধিক সবল কৰি তোলা|

দক্ষতা উপ-অভিযানঃ ৰাজহুৱা আন্তঃগাঁঠনিৰ ব্যৱহাৰ

উদ্দেশ্য:-

# ভাৰতত দক্ষতা বিকাশৰ প্ৰচেষ্টাক তীব্ৰতৰ কৰি তুলিবলৈ ৰাজহুৱা খণ্ডত উপলব্ধ আন্ত:গাঁঠনিৰ সদ্‌-ব্যৱহাৰ কৰি ইয়াৰ লাভ আদায় কৰা|

ধন আবণ্টনঃ

বিভিন্ন আঁচনিৰ নিৰ্দ্দিষ্ট শিতানত থকা ধনৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি এই অভিযানৰ জৰিয়তে দক্ষতা বিকাশৰ কাম-কাজ সমূহ ৰুপায়নৰ ব্যৱস্থা কৰা|

Ministry of Skill Develpoment and Entrepreneurship ৰ বাজেটৰ পৰাই এই অভিযানৰ সকলো প্ৰশাসনিক ব্যয় বহন কৰা হ’ব|

অধিক জানিবৰ বাবে ক্লিক কৰক

উৎস:- Ministry of Skill Develpoment and Entrepreneurship



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate