অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী:

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী কি-

 

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী ভাৰত চৰকাৰৰ এক কেন্দ্ৰীয় আঁচনি। এই আঁচনিৰ জৰিয়তে বৃদ্ধ, বিধৱাসকল আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। এই আঁচনিখন ১৯৯৫ চনত গ্ৰহণ কৰা হৈছিল। বৰ্তমান এই ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী(এন এছ এ পি)ৰ অধীনত ৫ খন আঁচনি আছে। সেইকেইখন হ’ল-

ক)ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি,

খ)ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি,

গ)ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিক বাধাগ্ৰস্ত পেঞ্চন আঁচনি,

ঘ)ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি,

ঙ)অন্নপূৰ্ণা আঁচনি।

-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ আঁচনিৰ অধীনত পেঞ্চন লাভ কৰিবলৈ হ’লে হিতাধিকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হ’ব লাগিব। ৬০ আৰু ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে এই আঁচনিৰ অধীনত পেঞ্চন লাভ কৰিব। এই মাহিলি বৃদ্ধ পেঞ্চন ৬০ৰ পৰা ৭৯ বছৰলৈকে ২৫০ টকাকৈ লাভ কৰাৰ বিপৰীতে ৮০ বছৰ ঊৰ্ধ্বৰ লোকসকলে ৫৫০ টকাকৈ লাভ কৰিব।

-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন লাভৰ যোগ্যতাসমূহ হ’ল- হিতাধিকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ হোৱাৰ লগতে ৪০ বছৰ আৰু ৪০ বছৰৰ ঊৰ্ধ্বৰ মহিলা(বিধৱা)সকলেহে আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ৮০ বছৰৰ মহিলাসকলে ৩০০ টকা পেঞ্চন পোৱাৰ বিপৰীতে ৮০ ঊৰ্ধ্বৰ মহিলাসকলে ৫০০ টকাকৈ লাভ কৰিব।

-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিক বাধাগ্ৰস্ততা পেঞ্চন আঁচনিৰ অধীনত ১৮ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ ব্যক্তিসকলেহে এই পেঞ্চন লাভ কৰিব। শাৰীৰিক অক্ষমতাৰ হাৰ ৮০ শতাংশ বা তাৰ ওপৰৰ হ’ব লাগিব আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’ব লাগিব। এই পেঞ্চন আঁচনিত ১৮-৭৯ বয়সৰ লোকসকলে মাহিলি ৩০০ টকা লাভ কৰাৰ বিপৰীতে ৮০-৮০ ঊৰ্ধ্বৰ লোকসকলে ৫০০ টকাকৈ লাভ কৰিব।

ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ সুবিধা তলত দিয়া চৰ্তকেইটাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব-

 

১. পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী(পুৰুষ অথবা মহিলা)জনৰ মৃত্যু হ’লে এই আঁচনি প্ৰযোজ্য হয়।

২. মৃত্যু ঘটা উক্ত উপাৰ্জনকাৰী(পুৰুষ বা মহিলা) গৰাকী পৰিয়ালটোৰ অন্যতম সদস্য হোৱাৰ লগতে তেওঁৰ উপাৰ্জনে পৰিয়ালটোৰ উপাৰ্জনত বৰঙণি যোগাব লাগিব।

৩. পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’ব লাগিব।

৪. উক্ত আঁচনিখনৰ সুবিধা স্বাভাৱিক আৰু দুৰ্ঘটনাজনিত মৃত্যু উভয় ক্ষেত্ৰতে প্ৰযোজ্য।

৫. মৃত্যু হোৱা ব্যক্তিজনৰ বয়স ১৮-৬০ বছৰ বয়সৰ হ’ব লাগিব।

এই পেঞ্চন আঁচনিত হিতাধিকাৰীয়ে ২০,০০০ টকাৰ এককালীন সাহায্য লাভ কৰিব।

-অন্নপূৰ্ণা আঁচনিৰ প্ৰধান উদ্দেশ্য হ’ল- এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে ১০ কি:গ্ৰা:কৈ চাউল বিনামূলীয়াকৈ লাভ কৰিব।

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ হ’লে হিতাধিকাৰীসকলে গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰক। হিতাধিকাৰীসকলক ২০০১ চনৰ লোকপিয়লৰ তালিকাৰ ওপৰত ভিত্তি কৰি অপেক্ষাকৃত তালিকাৰ পৰা নিৰ্বাচিত কৰা হয়। এই কাৰ্যসূচীৰ অন্তৰ্গত আঁচনিৰ পেঞ্চনসমূহ ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে বেংক আৰু ডাকঘৰৰ জৰিয়তে লাভ কৰিব। বেংক আৰু ডাকঘৰৰ সুবিধা নাথাকিলে মনি অৰ্ডাৰ গাওঁসভাৰ জৰিয়তে প্ৰদান কৰা হয়। হিতাধিকাৰীসকলৰ সম্পূৰ্ণ চিনাক্তকৰণ আৰু পেঞ্চনৰ মঞ্জুৰি প্ৰক্ৰিয়াটো ধাৰাবাহিক। ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ বৰ্তমান মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ৯,৪৭,০৩৫ গৰাকী। ইয়াৰে বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত ৭,৮৫,৮৩৬ গৰাকী, বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১,১১,৪৭৭ গৰাকী, শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে থকা পেঞ্চন আঁচনিৰ অধীনত ৪২,২৬৪ আৰু ৰাষ্ট্ৰীয় পৰিয়াল সাহায্য আঁচনিৰ অধীনত ৭,৪৫৮ গৰাকী। এই হিতাধিকাৰীসকলৰ তথ্য ডিজিটাইজ কৰা হৈছে আৰু সকলোৰে বাবে উপলব্ধ কৰা হৈছে। আগতে এই পেঞ্চনৰ ধন পেঞ্চনৰ ধন জিলাসমূহলৈ মোকলাই দিয়া হৈছিল আৰু জিলাসমূহে হিতাধিকাৰীৰ একাউন্টলৈ প্ৰেৰণ কৰাৰ ফলত পেঞ্চন লাভ কৰোতে পলম হৈছিল। বৰ্তমান এই আঁচনিৰ অধীনত পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউন্টলৈ ধন স্থানান্তৰকৰণ ব্যৱস্থা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। হিতাধিকাৰীসকলক পেঞ্চনৰ ধন তেওঁলোকৰ একাউন্টত জমা কৰাৰ বিষয়ে ম’বাইলত মেছেজ দি জনোৱা হ’ব। উল্লেখ্য যে প্ৰত্যেক মাহৰ ১ তাৰিখে এই আঁচনিৰ পেঞ্চন হিতাধিকাৰীৰ একাউন্টলৈ পঠিওৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

উৎস-ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate