অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৱান ষ্ট’প চেষ্টাৰ :

ৱান ষ্ট’প চেষ্টাৰ :

One Stop Center মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰৰ এক বিশেষ আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে নিপীড়িত শিশু আৰু দুৰ্দশাগ্ৰস্ত মহিলাসকলক সুৰক্ষা প্ৰদান কৰা।

বিশেষকৈ ধৰ্ষণ, যৌতুক, এচিড আক্ৰমণ, অবাঞ্ছিত গৰ্ভপাত তথা যৌন আতিশয্যৰ পৰা মহিলাসকলক ৰক্ষা কৰাই ইয়াৰ মূল মিছন। সমাজত শোষিত নিপীড়িত মহিলাসকলক আইনী সাহায্য, মনোবৈজ্ঞানিক পৰামৰ্শ, চিকিৎসা সেৱা, অস্থায়ী আশ্ৰয়সেৱা, পৰামৰ্শ প্ৰদান কৰে এই One Stop Center এ।

কিয়নো ভাৰতবৰ্ষত লিংগভিত্তিক বৈষম্য সততে পৰিলক্ষিত হয়। মহিলাসকলক লিংগভিত্তিক বৈষম্যৰ বলি হোৱাৰ পৰা ৰক্ষা কৰাই One Stop Center ৰ মূল উদ্দেশ্য। এই One Stop Center ৰ উপ-আঁচনি হৈছে, ‘Umbrella Scheme for National mission for Empowerment of Woman and including Indira Gandhi Matritta Sahayog Yojna’ আৰু ইয়াকে সখী আঁচনি নামেৰে জনা যায়। এই আঁচনিখন এক এপ্ৰিল ২০১৫ চনতে গঠন কৰা হৈছিল।

এই আঁচনিৰো মূল উদ্দেশ্য ক্ষিপ্ৰতাৰে চিকিৎসা সেৱা আৰু আৰক্ষীৰ সহায়, আইনী সাহায্য ইত্যাদি নিপীড়িত মহিলা আৰু শিশুক আগবঢ়োৱা। হিংসাত আক্ৰান্ত মহিলালৈ সহায়ৰ হাত আগবঢ়াবলৈ দেশজুৰি স্থাপিত মহিলা সাহায্য কেন্দ্ৰ এই ৰ অধীনস্থ।

“ওমেন হেল্প লাইন -১৮১” নম্বৰৰ যোগেদি “ওৱান ষ্টপ চেণ্টাৰ”ৰ লগত যোগাযোগ কৰিব পৰা যায়। বৰ্তমান অসমত ৩৩খন জিলা সদৰতে থকা ওৱান ষ্টপ চেণ্টাৰৰ যোগেদি সেৱা আগবঢ়াই থকা হৈছে।

এই আঁচনিয়ে মহিলাসকললৈ আগবঢ়োৱা সেৱাসমূহ বিষদভাৱে এনেধৰণৰ।

১)ক্ষিপ্ৰতাৰে আৰক্ষী সহায় তথা উদ্ধাৰীকৰণ:

যিসকল মহিলা অত্যাচাৰৰ বলি বিশেষকৈ মাৰপিট বা যৌন আতিশয্যত পীড়িত তেনেসকলক যিমান পাৰি সিমান ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰি সততে পোৱা চিকিৎসা সেৱা আগবঢ়োৱা তথা দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থাৰ লগতে অস্থায়ী আশ্ৰয় প্ৰদান কৰা।

২)চিকিৎসাসেৱা প্ৰদান:

পীড়িত আৰু শাৰীৰিক অত্যাচাৰৰ বলি মহিলাক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে স্বাস্থ্য আৰু সমাজ কল্যাণ মন্ত্ৰালয়ৰ অধীনত প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰাই সেৱা আগবঢ়োৱা, প্ৰয়োজনীয় কাৰণত FIR/NCR/DIR ৰ বাবে সাজু কৰি তোলাও ইয়াৰ অন্যতম কাম।

৩)মনোবৈজ্ঞানিকপৰামৰ্শ আৰু কাউন্সেলিং:

অভিজ্ঞ মনোবৈজ্ঞানিকৰ দ্বাৰা মনোবৈজ্ঞানিক পৰামৰ্শ আগবঢ়োৱাও One stop Center ৰ এক কাম। প্ৰয়োজনীয়ভাৱে টেলোফোনিক পৰামৰ্শ তথা কাউন্সেলিং আগবঢ়োৱা হয়।

এই পৰামৰ্শৰে পীড়িত মহিলাগৰাকীক আত্মনিৰ্ভৰশীল তথা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবৰ বাবে উপযোগী কৰি তোলা হয়।  এই কাউন্সেলিং তথা পৰামৰ্শ সম্পূৰ্ণ ডাক্টৰী নিয়মেৰে অভিজ্ঞ পৰামৰ্শদাতাৰ দ্বাৰা প্ৰদান কৰা হয়।

৪)লিগেল এইড কাউন্সেলিং:

লিগেল এইড আৰু কাউন্সেলিঙৰ কামো হৈছে হিংসাত আক্লান্ত মহিলাসকলক সহায় আগবঢ়োৱা। এই কাউন্সেলিং তথা পৰামৰ্শ One stop Center ৰ জৰিয়তে অভিজ্ঞ উকীল ৰাষ্ট্ৰীয়, ৰাজ্যিক তথা জিলাভিত্তিক লিগেল ছাৰ্ভিচ অথৰিটীৰ দ্বাৰা আগবঢ়োৱা হয়।

এই মহিলাসকলক ন্যায় প্ৰাপ্তি কৰোৱাটো এই উকীলসকলে দায়িত্ব। ধৰ্ষণৰ দৰে অপৰাধৰ বাবে ধাৰা-৩৭৬-৩৭৬ এ-ডি-আই পি চিৰ অধীনত কেচ ৰুজু কৰা হয়। উকীলসকলে সঠিক খোজ খবৰ তথা উচিত নীতিৰে কেচ ৰুজু হোৱাৰ পৰা প্ৰায় দুমাহৰ ভিতৰত যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰাটো One stop Center ৰ মতে বাধ্যতামূলক।

৫)আশ্ৰয়:

One Stop Center ৰে অস্থায়ী আশ্ৰয় সেৱাও আগবঢ়ায় আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত NGO ৰ অধীনস্থ আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা কৰি দিয়ে। অত্যাচাৰৰ বলি মহিলা শিশুসহ এই আশ্ৰয় শিবিৰত থাকিব পাৰে।

ছোৱালীৰ ক্ষেত্ৰত এই শিবিৰত থকাৰ কোনো নিৰ্ধাৰিত বয়সৰ সীমা নাই কিন্তু ল’ৰাৰ ক্ষেত্ৰত আঠ বছৰলৈকে এই বয়স সীমিত কিয়নো এই আশ্ৰয়স্থল একমাত্ৰ নিপীড়িত মহিলাৰ বাবেহে।

৬)ভিডিঅ’ কনফাৰেঞ্চিঙৰ সুবিধা:

ক্ষিপ্ৰ আৰু খৰকতীয়া তথা আৰক্ষী আৰু আইনৰ কষ্টকৰ নিয়ম-নীতিৰ পৰা মুক্তি দিবলৈ One Stop Center এ Skype, Google Conferencing ৰ ব্যৱস্থা কৰিছে। এই সুবিধাৰ জৰিয়তে হিংসাত আক্ৰান্ত মহিলগৰাকীয়ে নিজৰ উক্তি বাণীবদ্ধ কৰাৰো সুব্যৱস্থা আছে। ইলেক্ট্ৰনিক মিডিয়া ভিডিঅ’ জৰিয়তে ধাৰা ১৬১(৩), ১৬৪(১), আৰু ২৭৫(১) ক’ড অৱ ক্ৰিমিনেল ধাৰা ২৩১(১)ৰ অৰ্ডাৰ মতে XVIII ৰুল ৪ৰ অৰ্ডাৰ অৱ দা ক’ড অৱ চিভিল প্ৰচিডিয়ৰ অনুযায়ী দোষীক শাস্তি বিহাৰ নিয়ম আছে।

আৰক্ষী অধীক্ষক জিলা আৰু ছেছন ন্যায়াধীশে এই উক্তি গ্ৰহণ কৰে তথা পৰামৰ্শ আগবঢ়ায়। শোষিত-নিষ্পেষিত হিংসা জৰ্জৰিত মহিলাৰ বাবে DPO/PO/CDPO/SHO/DM/SP/DYSP/CMO/PO of District ক জনোৱাটো বাঞ্ছনীয়। নিপীড়িত মহিলাগৰাকীৰ হৈ অন্য লোকেও এই অত্যাচাৰৰ মেচেজ One Stop Center ক অৱগত কৰাব পাৰে। এই কেচৰ বিপৰীতে One Stop Center এ এক সাংকেতিক চিনাক্তকৰণ নম্বৰ ৰুজু কৰে আৰু এই নম্বৰ অনুযায়ী নিপীড়িতক সেৱা আগবঢ়োৱা হয়। মুঠৰ ওপৰত One Stop Center হিংসাত জৰ্জৰিত মহিলালৈ চৰকাৰে আগবঢ়োৱা আপাতকালীন ক্ষিপ্ৰতাৰ এক সুন্দৰ পদক্ষেপ।

উৎস: ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate