অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্ম সহায় গোটৰ বহী আৰু নথি-পত্ৰ

গোটৰ কাম-কাজ সুকলমে পৰিচালনা কৰিবলৈ আৰু গোটটোৰ ভাল কাম-কাজ বিলাকৰ এটা লেখ ৰাখিবলৈ প্ৰতিটো আত্মসহায় গোটে কিছুমান বহী আৰু নথি-পত্ৰ সংৰক্ষণ কৰিব লাগিব। যথোচিত ধৰণে আৰু সঠিকভাবে নথি-পত্ৰ সংৰক্ষণ কৰাটো গোটটোৱে কৰা প্ৰগতিৰ এক সূচক বুলি গন্য কৰা হয়। ঋণ গ্ৰহনৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন অথবা আন কোনো সুবিধা প্ৰদান কৰাৰ বাবে গোটৰ দক্ষতা নিৰূপণ তথা ইয়াৰ শ্ৰেনীকৰণ কৰাৰ সময়তো ই আতাইতকৈ দৰকাৰি কথা ৰূপে বিবেচিত হ’ব। নথি-পত্ৰৰ যথোচিত সংৰক্ষণে গোটৰ স্বচ্ছতা আৰো দায়বদ্ধতা নিশ্চিত কৰে।

এটা আত্মসহায় গোটে তলত উল্লেখ কৰা বহী আৰু নথি-পত্ৰসমূহ সংৰক্ষণ কৰিব লাগিব।

১। উপস্থিতি ও কৰ্য্যবিৱণী বহী।

২। সঞ্চয় বা ব্যক্তিগত খতিয়ান বহী।

৩। ঋণ খতিয়ান বহী।

৪। ৰোক বহী বা নগদ বহী।

৫। ব্যক্তিগত পাছবুক।

৬। সাধাৰণ খতিয়ান বহী।

উপস্থিতি ও কৰ্য্যবিৱৰণী বহী:

গোটে কাৰ্য্যবিৱৰণী বহীখনত সভাৰ তাৰিখ, স্থান আৰু সদস্য তথা সদস্যাসকলৰ উপষ্ঠিতি আৰু সভাৰ কাৰ্যসূচী ইত্যাদিৰ কথা স্পষ্টভাৱে উল্লেখ কৰি কাৰ্যবিৱৰণী তথা সভাত গ্ৰহণ কৰা প্ৰস্তাৱনাসমূহ ভালদৰে লিখিব লাগিব। এনেদৰে কাৰ্যবিৱৰণী লিপিবধ্ব কৰাৰ পাছত প্ৰতিখন সভাৰ ক্ষেত্ৰতেই সভাত উপস্থিত থকা সদস্য তথ সদস্যসকলে কাৰ্যবিৱৰণী বহীখনত চহী কৰিব লাগিব। কাৰ্যবিৱৰণী বহীখনত সঞ্চয় আৰু ঋণকে ধৰি লাগতিয়াল সকলো প্ৰকাৰৰ বিত্তীয় লেনদেনৰ কথাও লিপিবদদ্ধ কৰিব লাগিব।

সঞ্চয় বা ব্যক্তিগত খতিয়ান বহী:

আত্মসহায় গোটে এটা জমাধনৰ খতিয়ান বহী ৰাখিব লাগিব। এই বহীটোত প্ৰতিগৰাকী সদস্য বা সদস্যাই কৰা সঞ্চায়ৰ হিচাপ নিয়াৰিকৈ ৰাখিব লাগিব। তলত জমা ধনৰ খতিয়ান বহী এটাৰ আৰ্হি প্ৰস্তত কৰি দেখুওৱা হ’ল।

খতিয়ান বহীৰ পৃস্থা নম্বৰ : ১১

জমা কৰ্ত্তা সদস্য বা সদস্যাৰ নাম : শ্ৰী ৰীতা বৰুৱা।

জমা কৰা তাৰিখ

প্ৰাপ্তি ৰছিদ নং

জমা ধনৰ পৰিমান

জমা ধনৰ প্ৰগতি

দলনেতাৰ চহী

২।১।৯৯

৯।১।৯৯

১৬।১।৯৯

২৩।১।৯৯

৩০।১।৯৯

২০.০০ টকা

২০.০০ টকা

২০.০০ টকা

২০.০০ টকা

২০.০০ টকা

২০.০০ টকা

৪০.০০ টকা

৬০.০০ টকা

৮০.০০ টকা

১০০.০০ টকা

XYZ

XYZ

XYZ

XYZ

XYZ

ঋণ খতিয়ান বহী:

আত্মসহায়ক গোটে ঋণৰ খতিয়ান বহী এটা সংৰক্ষণ কৰিব লাগিব। গোটে সদস্য বা স দস্যাসকলক ঋণপৰিশোধৰ সময়সূচী ইত্যাদি ঋণ বিষয়ক সকলো তথ্য খতিতান বহীত লিপিবদ্ধ কৰিব লাগিব। তলত ঋণৰ খতিয়ানবহী এতাৰ আৰ্হি প্ৰস্ত্তত দেখুওৱা হ’ল।

খতিয়ান বহী পৃষ্ঠা নম্বৰ : ৬

ঋণ খতিয়ানৰ নমুনা

১। সদস্যৰ নাম : শ্ৰী মালা দেৱী

২। সুদৰ হাৰ : ৩% প্ৰতি মাহে

৩। ঋণৰ কিস্তি : ৫ টা

তাৰিখ

ঋণৰ উদ্দেশ্য

ঋণৰ পৰিমান

আদায় দিয়া ঋণৰ কিস্তি

সুদৰ পৰিমান

সুদ মুল মুঠ

ঋণৰ বাকি

সম্পাদিকাৰ চহী

১০।৫।০৩

 

১০।৬।০৩

১০।৭।০৩

১০।৮।০৩

১০।৯।০৩

১০।১০।০৩

 

ছাগলী পালনৰ বাবে

………….

………….

………….

………….

………….

১০০০.০০

…………

 

২০০০০

২০০০০

২০০০০

২০০০০

২০০০০

১০০০০০

 

 

৩০.০০

২৪.০০

১৮.০০

১২.০০

৬.০০

১০০০.০০

………..

 

২৩০.০০

২২৪.০০

২১৮.০০

২১২.০০

২০৬.০০

৯০.০০

১০০০.০০

 

৮০০.০০

৬০০.০০

৪০০.০০

২০০.০০

 

১০৯০.০০

XYZ

 

XYZ

XYZ

XYZ

XYZ

XYZ

৫।১১।০৩

 

৫।১১।০৩

 

কেম্বল হাঁহ পালন

 

৫০০.

 

১০০.

 

 

১৫.০০

 

 

১১৫.০০

৫০০.০০

 

৪০০.০০

XYZ

 

XYZ

ৰোৰৰ বহীৰ আৰ্হি:

ৰোকৰ বহী সাধাৰণতে ৪ প্ৰকাৰৰ আছে যদিও আত্ম সহায়ক গোট সমূহক অতি সহজ সৰল বিবেসনা কৰা এক স্তম্ভৰোকৰ বহীৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। এই ৰোকৰ বহীতে হাতে জমা আৰুখৰছ্ৰ বা বেংকত জমা দিয়াৰ বিৱৰণ দাঙি ধৰে। বেংকত মুঠ জমাৰ পৰিমাণ বেংকে প্ৰদান কৰা পাছ বহীয়েহে আমাক ক্ব পাৰে।

ৰোকৰ বহী বা নগদ বহীৰ নমুনা :

(জমা মাৰ্চ মাহৰ হিচাপ ২০০৩ চন (খৰচ)

তাৰিখ

বিৱৰণ (জমা)

প্ৰাপ্তি নং

 

তাৰিখ

বিৱৰণ

 

 

২।৩।০৩

 

 

 

 

 

 

 

 

২।৩।০৩

সদস্যৰ মাহেকীয়া সঞ্চয় পোৱা হ’ল (১০ গৰাকী সদাস্যাৰ পৰা ২০ টকাকৈ পোৱা হ’ল)

 

 

 

খৰছৰ বাবদ সদস্যাৰ পৰা পোৱা হ’ল

 

 

 

(১০ গৰাকী সদস্যাৰ পৰা ১০ টকালৈ পোৱা হ’ল)

১-১০ লৈ

২০০.০০

 

 

 

 

 

 

 

 

১০০.০০

৪।৩।০৩

 

 

 

 

 

 

 

৫।৩।০৩

 

 

৫।৩।০৩

 

 

৩১।৩।০৩

 

 

সামগ্ৰী ক্ৰয় কৰা হ’ল

(ক)ৰাবাৰষ্টাম্প-৩০০০

(খ)নগদ বহী ১খন ৩০০০

(গ)বহী ১খন ১০০০

(ঘ)পেন ১টা ১০০০

 

বেংকত জমা দিয়া হ’ল

 

বেংকলৈ যোৱাৰ বাবদ ৰিক্সা ভাড়া

 

 

হাতে জমা

 

 

 

 

 

 

 

 

 

 

৮০.০০

 

 

 

 

 

 

 

২০০.০০

 

 

১০.০০

 

 

 

১০.০০

 

মুঠ

 

৩০০.০০

 

মুঠ

 

৩০০.০০

ৰোকৰ বহীখনক দুটা ভাগত ভগোৱা হৈছে। বাওঁফালে সম্পাদকে পোৱা ধন আদিৰ হিচাপ লিখা হয় আৰু সোঁফালে সম্পাদকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰা, বেংকত জমা থোৱা ধনৰ পৰিমাণ লিখ হয়। ৰোক্ৰ বহী বা নগদ বহী মাহৰ শেষৰ দিনা প্ৰথমতে বাওঁফালৰ স্ংখ্যাবোৰ যোগ কৰিব লাগে। যোগ কৰি পোৱা মুঠ ধনৰ সমপৰিমাণ সোঁফালে লিপিবদ্ধ কৰি সোঁফালৰ সংখ্যাবোৰ যোগ কৰি মুঠ সংখ্যাৰ পাৰ্থক্য উলিয়াব লাগে। সেই পাৰ্থক্যটোৱেই হ’ব হাতে জমা। এই জমা খৰছৰ কোনো নাথাকিলে আমি জানিম যে হাতল্পৈ অহা টকা আৰু হাতৰ পৰা ওলাই যোৱা টকাৰ পৰিমাণ সমান। ইয়াৰ পৰাই জানিব পৰা যাব যে জমা আৰু খৰছৰ হিচাবটো শুদ্ধ।

উদাহৰণ

তাৰিখ

বিৱৰণ (জমা)

প্ৰাপ্তি

টকাৰ পৰিমান

তাৰিখ

বিৱৰণ (খৰছ)

ভাওচাৰ নং

টকাৰ পৰিমান

 

সঞ্চয়

 

অন্যান্য

 

৩০০.০০

 

১০০.০০

 

বেংকত জমা

অন্যান্য খৰছ

 

২৯০.০০

 

১১০.০০

 

 

 

৪০০.০০

 

 

 

৪০০.০০

 

বাওঁফালৰ :

তাৰিখ : তাৰিখৰ ঘৰত সদস্যা সকলে সঞ্চয়ৰ ধন ও বিভিন্ন সম্পাদিকাৰ হাতত জমা দিয়া দিৰ তাৰিখ।

বিৱৰণ : কেইগৰাকী সদস্যই কিমান টকাকৈ জমা বা খৰছৰ বাবে সম্পাদিকাৰ হাতত দিলে তাৰ বিৱৰণ যেনে ১০গৰাকী সদস্যাই ২০টকাকৈ দিলে।

প্ৰাপ্তি নং : সদস্যাৰ পৰা সম্পাদিকাই সঞ্চয়ৰ ধন আৰু বিভিন্ন প্ৰাপ্তি পোৱাৰ লগে লগেই সদস্যা গৰাকীক এখনপ্প্ৰাৰ্তি স্বীকাৰ ৰছিদ প্ৰদান কৰিব লাগে। এই ৰছিদখনৰ ধাৰাবাহিক নম্বৰটো প্ৰপ্তি পো ৱাৰ লগে লগেই সদস্যা গৰাকীক এখন প্ৰাপ্তিৱবীকাৰ ৰছিদ প্ৰদান কৰিব লাগে। এই ৰছিদখনৰ ধাৰাবাহিক নম্বৰটো প্ৰাপ্তি ঘৰত লিপিবদ্ধ হ’ব লাগে। যেনে:১২৩৪ ইত্যাদি।

সোঁফালৰ:

তাৰিখ: বেংকৰ টকা জমা দিয়া আৰু খৰছৰ তাৰিখটো লিপিবদ্ধ কৰিব লাগে। নগদ বহীত জমা দিয়া তাৰিখটো লগত বেংকৰ পাছ বহীখনৰ তাৰিখৰ লগত মিল থাকিব লাগিব।

বিৱৰণ: খৰছৰ ঘৰত কিকি সামগ্ৰী ক্ৰয় প্ৰত্যেক সামগ্ৰীৰ বিপৰীতে নিৰ্দিষ্ট মূল্যৰ বিৱৰণ থাকিব লাগিব।

ভাওচাৰ নং: সামগ্ৰী ক্ৰয় কৰাৰ সময়ত বিক্ৰেতাই সামগ্ৰীৰ পৰিমাণ মূল্য আদি লিখি দোকানখনৰ নামত ছপা কৰান এখিলা কাগজ ক্ৰেতাক দিয়ে। এই কাগজখনক ভাওচাৰ বোলাহয়। বিভিন্ন সময়ত ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে পোৱা ৰছিদ সমূহৰ তাৰিখ অনুযায়ী নম্বৰ দি ৰোকৰ বহীৰ উক্ত ঘৰত লিপিবদ্ধ কৰিব লাগে।

গোটৰ আভ্যন্তৰীণ ঋণ আৰম্ভ হ’লে ৰোকৰ বহী লিখাৰ নিয়ম:

তাৰিখ

বিৱৰণ (জমা)

খতিয়ান পৃষ্ঠা নং

প্ৰাপ্তি নং

টকাৰ পৰিমান

তাৰিখ

বিৱৰণ (খৰছ)

খতিয়ান পৃষ্ঠা নং

ভাওচাৰ নং

টকাৰ পৰিমান

১।৫।০৩

 

 

২।৫।০৩

 

 

 

 

 

 

১০।৫।০৩

হাতে জমা

 

সদস্যাৰ মাহেকীয়া সঞ্চয় পোৱা হ’ল (-)

বেংকৰ পৰা তোলা হ’ল

১-১০লৈ

১০.০০

 

 

২০০.০০

 

 

 

 

 

 

৩০০.০০

৫।৩।০৩

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

১০।৫।০৩

বেংক্ত জমা দিয়া হ’ল

সদস্যক ঋণ দিয়া হ’ল

 

 

(ক)বহাগী বৰা ১০০

(খ) কেতেকী বৰা ১০০

(গ) আঘোনী বৰা ১০০

 

বেংকলৈ যোৱাৰ বাবদ খৰছ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

২০০.০০

 

৩০০.০০

 

 

 

 

 

 

 

 

 

 

 

 

 

১০.০০

 

মুঠ

 

 

৫১০.০০

 

 

 

 

৫১০.০০

 

ব্যক্তিগত পাছ বুক:

আত্মসহায় গোটে প্ৰতিগত সদস্য বা সদস্যাকে একোটাকৈ ব্যক্তিগত জমা বহী দিব লাগিব। ইয়াত সংশ্লিষ্ট সদস্যা বা সদস্যগৰাকীৰ ধন, প্ৰেৰণ, মুঠ সঞ্চয় আৰু উদ্বৃত্ত ধনৰ পৰিমাণ স্পষ্টভাবে উল্লেখ কৰা থাকিব। তদুপৰি সদস্য বা সদস্যগৰাকীয়ে গোটৰ পৰা ঋণ গ্ৰহণ কৰিলে তেওঁৰ ঋণৰ পৰিমাণ, পৰিশোধিত মূলধন আৰো সুদূৰ পৰিমাণ তথা উদ্বৃত্ত ঋণৰ পৰিমাণ আদিৰ বিৱৰণো ইয়াত সন্নিবিষ্ট কৰা হ’ব। দুটা খণ্ডত ব্যক্তিগত জমা বহী সংৰক্ষণ কৰিব পৰাকৈ তলত ইয়াৰ আৰ্হি এটা প্ৰস্তুত কৰি দেখুওৱা হ’ল। সম্পাদকৰ অনুপস্থিতত গোটে নিৰ্দ্দিষ্ট কৰি দিয়া যিকোনো সদস্যই ব্যক্তিগত পাছ বুকত স্বাক্ষৰ কৰিব পাৰিব।

তাৰিখ

বিৱৰণ

জমা

উঠোৱা

হিচাবৰ বাকী

সংগ্ৰাহকৰ চহী

 

 

টকা পঃ

টকা পঃ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

সধাৰণ খতিয়ান বহী:

আত্মসহায় গোটবিলাকে একোটা খতিয়ান বহী ৰাখিব লাগে। গোট্ৰ আয় আৰু ব্যয় দুয়োটাৰে বিভিন্ন শিতানৰ বাবে এই বহীটোৰ পৃষ্ঠবিলাক ভাগ কৰা থাকিব আৰু প্ৰতিটো শিতানত হোৱা লেনদেনৰ সামগ্ৰীক হিচাপ সুকীয়াকৈ ইয়াত লিপিবদ্ধ কৰা হ’ব। খতিয়ান বহীবিলাকৰ বিভিন্ন শিতানৰ তহবিল নিৰ্ণয় কৰি উলিওৱাত সাধাৰণ খতিয়ান বহী উপযোগী। তদুপৰি এই বহীটোৰ জৰিয়তে সঞ্চয়, আত্মসহায় গোটৰ ঋণদান, জৰিমনাৰ ধন, চাঁদা-বৰঙণি, সংগৃহীত সুদ আৰু শিতানৰ একত্ৰিত তহবিলৰ অৱস্থা থাকোতে জানিব পৰা যায়।

১। অৰ্থনৈতিক আঁচনি লোৱাৰ পিচত গোটৰ আন্তঃগাঠনি বুনিয়াদৰ বাবে হোৱা খৰছৰ হিচাপ প্ৰস্তুত কৰি সুকীয়া-সুকীয়াকৈ হিচাপ লিপিবদ্ধ কৰিব।

২। কেঁচা সামগ্ৰী সংগ্ৰহ আৰু বজাৰৰ চাহিদা বৃদ্ধি ইত্যাদিৰ কাৰণে হোৱা খৰছ লিপিবদ্ধ কৰিব।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate