অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসহায় গোট

আত্মসহায় গোট কি?

এই গোট গাঁৱৰ (দাৰিদ্ৰৰ সীমাৰেখাৰ তলত বাস কৰা) ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। গোটৰ সদস্যবৃন্দ একে ধৰণৰ আৰ্থিক অৱস্থা সম্পন্ন সমাজৰ অপেক্ষাকৃত দুখীয়া শ্ৰেণীৰ মানুহ, যিয়ে প্ৰথাগত বেংকি ব্যৱস্থাৰ গণ্ডীলৈ নানা কাৰণত আহিব পৰা নাই। সদস্যসকলে সাধাৰণতে স্বগোষ্ঠীৰ আৰু পৰস্পৰৰ মাজৰ সদ্ভাৱ-সম্প্ৰীতি থকা হ’ব লাগে। প্ৰত্যেক সদস্যই তেওঁলোকৰ উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটি সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন সাপেক্ষে অভাৱী সদস্যলৈ সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন সাপেক্ষে অভাৱী সদস্যলৈ সমূহীয়া পুঁজিৰ পৰা গোটে নিৰ্দিষ্ট কৰা সুতৰ হাৰত ধন ঋণ হিচাপে আগবঢ়ায়। মুঠৰ ওপৰত নিয়মীয়া সঞ্চয় আৰু সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়াই হ’ল এই গোটৰ প্ৰাথমিক উদ্দেশ্য। গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰিব।

আত্ম সহায় গোট কিয়?

১) বেংকিং প্ৰণালীয়ে ঢুকি নোপোৱাসকলৰ বেঙ্কিং ব্যৱস্থাৰ কাষ চপাই অনা।

২) আনুষ্ঠানিকভাৱে ঋণ লৈ অধিক হাৰত সুত দিয়াৰ পৰা নিচলা ৰাইজক ৰক্ষা কৰা।

৩) দুখীয়া ৰাইজৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ লগতে ঋণৰ সুব্যৱহাৰ, সময়মতে ঋণ আদায়ৰ অভ্যাস গঢ়ি তোলা।

৪) ৰাইজৰ আৱশ্যকতা অনুযায়ী কম পৰিমাণৰ ঋণ সঘনাই আৰু সহজে পোৱাৰ ব্যৱস্থা কৰা।

৫) উৎপাদনমূলক ঋণৰ উপৰিও ব্যৱহাৰিক কাম-কাজৰ বাবে ঋণ পোৱাৰ সুবিধা কৰা।

৬) ঋণৰ সদ ব্যৱহাৰ আৰু এক গোট হৈ মিলিজুলি কাম কৰি আত্ম নিৰ্ভৰশীল হোৱাত ৰাইজক পূৰ্ণ ৰূপত সহায় কৰা।

আত্মসহায়ক গোটৰ উদ্দেশ্যসমূহ কি কি?

  • গাঁৱৰ দুখীয়া ৰাইজৰ বাবে বিকল্প ঋণ আঁচনিৰ কৌশল উদ্ভাৱন।
  • বেংক আৰু গাঁৱৰ ৰাইজৰ মাজত পাৰস্পৰিক আস্থা আৰু বিশ্বাস গঢ়ি তোলা।
  • দুখীয়া জনসাধাৰণক সঞ্চয় আৰু ঋণ সংক্ৰান্ত বেঙ্কিং ক্ৰিয়া-কলাপৰ লগত পৰিচয় আৰু আস্থা প্ৰদান কৰা।
  • বেংকৰ লেন-দেনৰ খৰছ কম কৰা আৰু গোটৰ সদস্যৰ মাধ্যমত চাপ সৃষ্টি কৰি ঋণ পৰিশোধৰ উত্তম ব্যৱস্থা কৰা।

আত্মসহায়ক গোটৰ বৈশিষ্ট্যসমূহ:

  • গোটটোৰ সদস্যৰ সংখ্যা নূন্যতম ১০ আৰু অধিকতম ২০ হোৱা বাঞ্চনীয়।
  • গোটটো পঞ্জীভূক্ত হ’লেও হ’ব পাৰে, নহ’লেও ক্ষতি নাই, কিন্তু গোটটোৰ নামাকৰণ হ’ব লাগে।
  • গোটটোৰ মুখীয়াল বা নেতাজন গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত হ’ব লাগিব আৰু সদস্যসকলে তেওঁক দলনেতা হিচাপে অকৃত্ৰিমভাৱে স্বীকাৰ কৰিব লাগিব।
  • এক নিয়মিত বিৰতিত যেনে, পষেকীয়া বা মাহেকত এদিন গোটটো নিৰ্ধাৰিত সময়ত মিলিত হ’ব লাগিব আৰু গঠনমূলক কাম-কাজৰ বিষয়ে মত বিনিময় কৰিব।
  • যিমানেই ক্ষুদ্ৰ নহওঁক কিয় নিয়মিত আৰু নিৰ্দিষ্ট পৰিমাণৰ ধন সকলোৱে সমভাৱে সঞ্চয় কৰিব আৰু উক্ত সভাত দলৰ নেতাৰ হাতত জমা দিব।
  • এই সঞ্চিত অৰ্থ পুঁজিৰ পৰা প্ৰয়োজন বিশেষে যিকোনো সদস্যই যিকোনো কাৰণত ঋণ ল’ব পাৰিব।কিন্তু সেই ঋণ গোটটোৱে সৰ্ব সন্মতিক্ৰমে নিৰ্ধাৰিত কৰি দিয়া সময়মতে সুদসহ ওভটাই দিব লাগিব।
  • সঞ্চিত পুঁজিৰ পৰিমাণ যেতিয়া অলপ বাঢ়িব তেতিয়া ওচৰৰ কোনো বেংকৰ শাখাত টকাখিনি চেভিংচ বেংক একাউন্ট (সঞ্চয় হিচাপে)খুলি জমা থব আৰু প্ৰয়োজনসাপেক্ষে উলিয়াব। অৱশ্যে গোট গঠন হোৱাৰ লগে লগে বেংকত চেভিং একাউন্ট (গোটৰ নামত)খোলাটো বাঞ্চনীয়।
  • উক্ত সকলো নিয়ম সাঙুৰিব পৰাকৈ এখন সহজ সৰল নিয়মাৱলী গোটটোৱে গোটৰ সভাত প্ৰস্তাৱ লৈ প্ৰস্তুত কৰিব আৰু এই নিয়ম গোটৰ পৰিচালনাত প্ৰযোজ্য হ’ব।
  • গোটৰ হিচাপ-নিকাচ আদি তথ্য ৰাখিবৰ কাৰণে কিছুমান বহী ৰাখিব লাগিব, যেনে-সভাৰ কাৰ্য্যাৱলীৰ বহী, সভ্য ভৰ্ত্তী বহী, সঞ্চয় পুঁজি খটিয়ান বহী, ঋণৰ তথ্য ৰখা বহী আদি।

আত্মসহায়ক গোট কোনে গঠন কৰিব পাৰে?

প্ৰতিষ্ঠিত ভাল স্বেচ্ছাসেৱী সন্থা, অনা চৰকাৰী অনুষ্ঠান আদি অথবা বাণিজ্যিক সমবায় বা আঞ্চলিক গাঁৱলীয়া বেংকসমূহৰ শাখা পৰিচালকৰ উদ্যোগত নিজৰ নিজৰ এলেকাত গোটবোৰ গঠন কৰিব পাৰে। চৰকাৰী বিভাগ যেনে: গ্ৰামোন্নয়ন, কৃষি, মীন, ৰেচম বিভাগ আদিও এই গোট গঠনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে।

আত্মসহায়ক গোট গঠনৰ বিভিন্ন দিশ

ক) আত্মসহায়ক গোট আমি কেনেকৈ আৰম্ভ কৰিব লাগে?

  • এহেজাৰ মাইলৰ যাত্ৰাও প্ৰথম পদক্ষেপেৰে আৰম্ভ হয়।
  • আত্মসহায়ক গোট গঠন কৰাৰ প্ৰথম পদক্ষেপটো বৰ সহজ সৰল।
  • আপোনাৰ গঁও অতি দুখীয়া পৰিয়ালৰ লোকসকলক প্ৰথমে লগ কৰক আৰু তেখেতসকলৰ লগত কথা পাতক।
  • যদি তেখেতসকলে আপোনাক নাজানে বা চিনি নাপায় তেনেহ’লে আপোনাৰ বিষয়ে তেখেতসকলক নিজৰ পৰিচয় দি কথা পাতক।

খ) জনসাধাৰণৰ বিশ্বাস তথা আস্থা জয় কৰিবলৈ আপোনাৰ ব্যক্তিগত পৰিচয় সকলোৱে জনাটো অতি প্ৰয়োজন বা দৰকাৰী।

  • গাঁৱৰ বয়সীয়াল লোকসকলৰ লগত কথা পাতক, নিজৰ পৰিকল্পনাৰ বিষয়ে বুজাই দিয়ক আৰু তেখেতসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে অনুৰোধ কৰক।
  • আপোনাৰ লগত এখন সৰু নোটবুক ৰখাটো অতি আৱশ্যক।
  • অনুগ্ৰহ কৰি আপুনি পৰিদৰ্শন কৰা পৰিয়ালসমূহৰ তথ্যসমূহ উক্ত নোটবুকত লিপিবদ্ধ কৰক। এই তথ্যসমূহ আপোনাৰ ভ্ৰমণৰ সময়ত প্ৰত্যেক ঘৰ পৰিয়ালৰ কাৰণে ব্যৱহাৰ কৰক।

গ) আত্মসহায়ক গোট গঠন কৰিবলৈ আপুনি কেনেধৰণৰ পৰিয়ালসমূহক লগ ধৰিব আৰু কোনটো পৰিয়ালক দুখীয়া বুলি গণ্য কৰিব।

  • প্ৰত্যেকটো পৰিয়ালক নিম্ন উল্লেখিত প্ৰশ্নসমূহ সোধক।

১) পৰিয়ালটোত উপাৰ্জনকাৰী সদস্য/সদস্যৰ সংখ্যা কেৱল মাত্ৰ এজনেই নেকি?

২) পৰিয়ালটোৰ কাৰণে লগা খোৱা পানী দূৰৈৰ পৰা আনিব লাগে নেকি?

৩) পায়াখানাৰ অভাৱৰ বাবে মহিলাসকলে দূৰৈৰ মুকলি পথাৰলৈ পায়খানাৰ কাৰণে যাব লাগে নেকি?

৪) পৰিয়ালত স্থায়ীভাৱে অসুস্থলোক আছে নেকি?

৫) পৰিয়ালত অশিক্ষিত বয়সস্থ লোক আছে নেকি?

৬) পৰিয়ালত বিদ্যালয়লৈ নোযোৱা অশিক্ষিত লোক আছে নেকি?

৭) পৰিয়ালত নিচাযুক্ত বা মদাহী লোক আছে নেকি?

৮) পৰিয়ালৰ ঘৰবোৰ কেঁচা নেকি?

৯) পৰিয়ালৰ লোকে নিয়মীয়াকৈ মহাজনৰ পৰা পইচা ধাৰে লয় নেকি?

১০) পৰিয়ালৰ লোকে এদিন দুসাজতকৈ কম খাবলৈ পায় নেকি?

১১) পৰিয়ালৰ লোকসকলৰ অনুসূচীত জাতি তথা অনুসূচিত জনজাতিৰ অন্তৰ্ভূক্ত নেকি?

ওপৰৰ এই এঘাৰটা প্ৰশ্নৰ উত্তৰ কমেও তিনিটা বা চাৰিটা “হয়”, তেতিয়া হ’লে আপুনি উক্ত পৰিয়ালটোক দুখীয়া বুলি গণ্য কৰিব পাৰে।

  • যেতিয়া আপুনি দুখীয়া পৰিয়ালৰ ঘৰ পৰিদৰ্শন কৰিব, তেতিয়া
  • মহিলাসকলৰ লগত কথা পাতিব।
  • পৰিয়ালৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় কি সোধক।
  • ওপৰত উল্লেখ কৰা সকলোবোৰ প্ৰশ্নৰ ওপৰত বহলভাৱে ব্যাখ্যা লিখক।
  • যেতিয়াই আপুনি এনেকুৱা পৰিয়ালৰ ঘৰ পৰিদৰ্শন কৰে তেতিয়া কোনো চৰকাৰী অনুদানৰ প্ৰতিশ্ৰুতি নিদিব যাতে ভৱিষ্যতে কোনো ভুল বুজাবুজি নহয়। পিছৰ পৰ্য্যায়ৰ বাবে এনে বুজাবুজি দূৰ কৰাটো অতি দৰকাৰী।
  • ইয়াকেই “প্ৰাৰম্ভিক জৰীপ” বুলি কোৱা হয়। এই জৰীপ কাৰ্য্যই আপোনাক প্ৰত্যেকটো পৰিয়ালৰ আৱশ্যকতাৰ বিষয়ে জনাত বা বুজাত সহায়ক হ’ব।
  • একেই পৰিয়ালক পুনৰবাৰ গৈ লগ কৰাটো আৱশ্যক। যেতিয়া আপুনি এই পৰিয়ালক দ্বিতীয়বাৰৰ বাবে লগ কৰিব তেতিয়া আপুনি বুজাই দিব যে প্ৰত্যেকটো পৰিয়ালে বাকী পৰিয়ালৰ সদস্যৰ অভিজ্ঞতা সম্পৰ্কে কব পৰা হ’ব আৰু অন্য পৰিয়ালৰ বিষয়েও কব পাৰিব।
  • পৰিয়ালৰ লোকসকলক লগ কৰাৰ পিছত আপুনি জানিব পাৰিব যে কোনো কোন পৰিয়ালৰ লোক আত্মসহায়ক গোট গঠনৰ বাবে ইচ্ছুক তথা একেলগে আগবাঢ়ি আহিব পাৰে। আপুনি পৰিয়ালৰ দৈনন্দিন জীৱনৰ সাধাৰণ প্ৰয়োজন আৰু সমস্যাৰ বিষয়ে জানিবলৈ সমৰ্থবান হ’ব।
  • দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ উপৰিও যদি কোনোবা দাৰিদ্ৰৰ সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ লোকে আত্মসহায় গোট গঠন কৰিব খোজে তেতিয়া হ’লে তেওঁলোকে গোট গঠন কৰিব পাৰে। স্বৰ্ণজয়ন্তী গ্ৰামৰোজগাৰ যোজনাৰ নিয়মাৱলী মতে কমেও পাঁচজন দৰিদ্ৰসীমাৰেখাৰ ওপৰৰ সদস্যই দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সদস্যৰ লগ হৈ আত্মসহায় গোট গঠন কৰিব্ পাৰে।
উন্নত জীৱিকাৰ বাবে আত্ম সহায়ক গোটলৈ অসম চৰকাৰৰ সহায়
উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate