অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসহায় গোটৰ সদস্য নিৰ্বাচন আৰু গঠন

আত্মসহায় গোটৰ সদস্য নিৰ্বাচন আৰু গঠন

সজাগতা সভাৰ শেষত প্ৰত্যেকজন ব্যক্তিৰ বক্তব্য শুনাৰ পিছত সভাত উপস্থিত থকা মহিলাসকলৰ নিজৰ পছন্দ অনুযায়ী ১০ গৰাকীৰ পৰা ২০ গৰাকীকৈ সদস্য সংগ্ৰহ কৰিবৰ বাবে নিৰ্দেশ দি গোট গঠনৰ দায়িত্বত থকা ব্যক্তিজনে এখন কাগজ লৈ প্ৰয়োজন হোৱা সদস্যৰে একোখন তালিকা প্ৰস্তুত কৰি উলিয়াব লাগে।

গোটৰ নামকৰণ আৰু সভানেত্ৰী/সম্পাদিকা নিৰ্বাচন:

গোটৰ প্ৰয়োজনীয় সদস্য সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকক গোটৰ নামকৰণৰ বাবে আহ্বান জনাব লাগে। এই ক্ষেত্ৰত ব্যক্তিজনে কিছু সহায় কৰিব লাগে। সকলো সদস্যাৰ সন্মতি ক্ৰমে গোটৰ নামকৰণ সম্পূৰ্ণ হোৱাৰ পিছত এগৰাকী সভানেত্ৰী আৰু এগৰাকী সম্পাদিকা নিৰ্বাচনৰ বাবে সদস্যাসকলক আহ্বান জনাব লাগে। সভানেত্ৰী/সম্পাদিকাগৰাকী কেনে হোৱা উচিত এই বিষয়ে কিছু আভাস দিয়া প্ৰয়োজন। তেওঁলোক পঢ়িব লিখিব আৰু স্বাক্ষৰ কৰিব পৰা হোৱা উচিত। পুৰুষ প্ৰধান বা কেৱল পুৰুষৰ গোট গঠন কৰিলেও সভাপতি/সম্পাদক নিৰ্বাচন পদ্ধতি একেই হ’ব।

গোটৰ কাৰ্য্যবিৱৰণী সভা অনুষ্ঠিত হোৱা সপ্তাহৰ ভিতৰতেই তেওঁলোকৰ সন্মতি ক্ৰমে পুনৰ নামঘৰ বা বিদ্যালয়ত গোটসমূহৰ সভ্য-সভ্যাসকল একেলগ হ’ব লাগে। এই সভাতেই কাৰ্য্যবিৱৰণী কেনেকৈ লিখিব লাগে এই বিষয়ে সম্পাদক/সম্পাদিকাক আভাস দি প্ৰথম কাৰ্য্যবিৱৰণীখন ব্যক্তিজনে নিজে লিখি সম্পূৰ্ণ কৰি দিব লাগে।

বেংকত হিচাপ খুলিবলৈ প্ৰয়োজন হোৱা নথি পত্ৰ: প্ৰত্যেক সদস্য/সদস্যাই প্ৰতিমাহে কিমান টকা সঞ্চয় কৰিব এই বিষয়ে সিদ্ধান্ত লৈ চিল মোহৰ আৰু প্ৰয়োজনীয় হিচাপৰ বহীসমূহ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পুঁজি অতিৰিক্তভাৱে প্ৰথম পৰ্য্যায়ত সংগ্ৰহ কৰিব লাগে। প্ৰয়োজনীয় চিল মোহৰ তৈয়াৰ কৰাত ব্যক্তিজনে সহায় কৰিলে ভাল।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate