অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আদৰ্শ আত্মসহায় গোটৰ বৈশিষ্ট্যসমূহ

আদৰ্শ আত্মসহায় গোটৰ বৈশিষ্ট্যসমূহ

আদৰ্শ আত্মসহায় গোটৰ বৈশিষ্ট্যসমূহ হ'ল

  • গোটৰ সদস্যৰ সংখ্যা ১৫ ৰ পৰা ২০ জনৰ ভিতৰত হ’ব লাগে।
  • গোটৰ সদসমূহ অতি দুখীয়া শ্ৰেণী পৰিয়ালৰ হ’ব লাগে।
  • গোটৰ সভা এমাহত কমেও চাৰিখন হ’ব লাগে।
  • গোটৰ সভা আবেলি ৩ বজাৰ পিছত অথবা ৰাতি হ’ব লাগে।
  • গোটৰ সদস্যসকলৰ সভাত উপস্থিত কমেও শতকৰা ৯০ ভাগতকৈ বেছি হ’ব লাগে।
  • গোটৰ সদস্যসকলৰ অংশ গ্ৰহণ সক্ৰিয় আৰু উচ্চমান বিশিষ্ট হ’ব লাগে।
  • গোটৰ সদস্যসকলৰ পৰা সঞ্চয়ৰ বাবে বৰঙণি কমেও মাহেকত চাৰিবাৰকৈ সংগ্ৰহ কৰিব লাগে।
  • গোটৰ সঞ্চয়ৰ টকা বেংকত নিৰ্দ্ধাৰিত পুঁজি হিচাপে ৰাখিব লাগে।
  • গোটৰ ভিতৰত ঋণৰ লেন-দেনসমূহ বিষয়ভিত্তিক হ’ব লাগে।
  • গোটে জমআ ৰখা সঞ্চয়ৰ পুঁজি সম্পূৰ্ণৰূপে সদস্যসকলৰ মাজত ঋণ দিয়া কামত ব্যৱহাৰ কৰিব লাগে।
  • গোটে সদস্যসকলৰ মাজত বিতৰণ কৰা ঋণসমূহ কমেও শতকৰা ৯০ ভাগতকৈও আদায় হ’ব লাগিব।
  • গোটৰ হিচাব-নিকাচৰ নথি-পত্ৰসমূহ নিয়মীয়াকৈ আৰু সম্পূৰ্ণকৈ লিখি যাব লাগিব।
  • গোটৰ সঞ্চয় দুই হাজাৰ টকাৰ পৰা পাঁচ হাজাৰ টকাতকৈ অধিক হ’ব লাগিব।
  • গোটৰ নীতি-নিয়ম তথা অন্যান্য বিষয় সম্পৰ্কে সকলো সদস্যৰে জ্ঞান থাকিব লাগিব।
  • গোটৰ তিনিৰ পৰা পাঁচজনতকৈ অধিক সদস্যই লিখিব আৰু পঢ়িব জানিব লাগিব।
  • গোটৰ সকলোবোৰ সদস্যই চৰকাৰী আঁচনি বিলাকৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগিব।
  • গোটৰ প্ৰত্যেকজন সদস্যৰ লগত পাছবুক বহী থাকিব লাগিব আৰু নিয়মীয়াকৈ লিপিবদ্ধ কৰিব লাগিব।
  • গোটৰ প্ৰত্যেকখন সভাত সম্পাদক/সম্পাদিকাই হিচাপ পত্ৰৰ বহীসমূহৰ লগতে বিভিন্ন খতিয়ান সদস্যসকলৰ আগত দেখুৱাই পাঠ কৰিব লাগিব।
  • গোটৰ সদস্যসকলে সঞ্চয় আৰু ঋণৰ ওপৰত মনোনিৱেশ কৰিব লাগিব। লগতে গোটে বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰিব লাগিব।

 

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate