দুখীয়া আৰু দৰিদ্ৰতাৰ প্ৰমাণ পত্ৰ থকা যুৱক-যুৱতীৰ বাবে এটা সুবৰ্ণ সুযোগ
পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰত সংস্থাপনৰ সৃষ্টিৰ লক্ষ্যৰে, গ্ৰামীণ বিকাশ মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ গ্ৰামীণ বিকাশ যোজনাৰ অধীনত জাগ্ৰুতি সংস্থানৰ দ্বাৰা কৰ্মমুখী, বৃত্তি মূলকশিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে।
জাগ্ৰুতি সংস্থানৰ দ্বাৰা বিগত বহুত বছৰৰ পৰা স্বাধীন ৰুপত অন্ধ্ৰ প্ৰদেশ, উড়িষা, বিহাৰ, পশ্চিম বংগ আদি ৰাজ্যত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলক সহায় আগবঢ়ায় থকা হৈছে।
এই সংস্থাই যোৱা বিগত ২০০৯ বৰ্ষৰ পৰা পৰ্য্যটন আৰু হোটেল খণ্ডত কৰ্ম সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে চেষ্টা কৰি আহিছে। এই সংস্থাই বিনামূলীয়াকৈ শিক্ষা আৰু নিয়োগৰ উপায় কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে।
বেল বয়
হোটেল প্ৰৱেশ দ্বাৰত ৰৈ থাকি অতিথি সকলক স্বাগতম জনোৱাতো আৰু তেওঁলোকৰ বয়-বস্তু কঢ়িয়াই ৰুমলৈ লৈ যোৱাটো তেওঁলোকৰ কাম।
চাৰ্ভিচ বয়
ভোজন কক্ষত অতিথি সকলক আল-পৈচান ধৰাটো তেওঁলোকৰ কাম।
হাওচ কিপিং বয়
হোটেলৰ ভিতৰত সৰ্বজনীন স্থান যেনে- ফুলনি, ভোজন কক্ষ, জিম, চুইমিং পুল আদি চাফ-চিকুণ ৰখাতো।
ৰান্ধনি শালৰ সহায়ক
ৰান্ধনি ঘৰ আৰু তাৰ আশে পাশে থকা চাফ-চিকুন আৰু ব্যৱস্থাপূৰ্ণ কৰি ৰখাতো।
হোটেল চিকিউৰিটি
হোটেলত থকা বা অহা অতিথি সকলক সুৰক্ষা প্ৰদান কৰাতো।
কৰ্ম সংস্থাপন ক’ত ক’ত পাব
এই আচঁনিৰ অধীনত প্ৰশিক্ষাৰ্থীক কোনো ধৰণৰ চৰকাৰী চাকৰি পোৱাৰ নিশ্চয়তা প্ৰদান কৰা নহয়। নিয়োগ, নিয়োগৰ স্থান, দৰমহা নিৰ্ধাৰণ সম্পূৰ্ণ ৰুপে প্ৰশিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰতিভা আৰু নিয়োগ পোৱা প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিব।
উৎস: জাগ্ৰুতি গ্ৰামীণ বিকাশ সংস্থা, গুৱাহাটী
শেহতীয়া উন্নীতকৰণ: : 6/5/2020
মানুহৰ বিকাশৰ স্তৰ
প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ
অসমীয়া সাহিত্যৰ বুৰঞ্জী
ওজাপালি