অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাম-কাজ

কামৰ সন্ধানত অথবা নতুন কোনো চাকৰি সংক্রান্তত চিনাকি ঠাইখনৰ পৰা আঁতৰি যোৱাৰ সময়ত বহুতো বিচিত্র চিন্তা ভাৱনাই আপোনাৰ মনটো ভাৰাক্রান্ত কৰি তোলে। অচিনাকি যাত্রাৰ উত্তেজনা, বন্ধু-বান্ধৱ আত্মীয়-স্বজনক এৰি থৈ যোৱাৰ বেদনা, অনাগত চাকৰিয়াল জীৱন আৰু উপার্জনৰ নিশ্চয়তাৰ আনন্দ – এনে বহুতো স্ব-বিৰোধী অনুভৱে নিশ্চয় আপোনাক বিহবল কৰি তোলে।

এই ক্ষেত্রত আপোনাৰ বাবে সহায়ক হোৱাকৈ বহুতো তথ্য আমি আহৰণ কৰিছোঁ। চাকৰিৰ সন্ধান আৰু চাকৰি-গ্রহণ সম্পর্কীয় বহুতো নির্দেশাৱলী আৰু তথ্য আমাৰ ৱেবচাইটত পোৱা যাব। বিশ্বাসযোগ্য নিয়োগদাতাৰ তালিকা, চাকৰি সংক্রান্তত আন ঠাইলৈ যোৱাৰ আগতে ল’ব লগীয়া আৱশ্যকীয় সুৰক্ষা ব্যৱস্থাসমূহ – ইত্যাদি অসংখ্য তথ্যৰে পৰিপূর্ণ আমাৰ ৱেবচাইটটিয়ে আপোনাক সঠিক সিদ্ধান্ত ল’বলৈ সহায় কৰিব।

চাকৰি

বাংলাদেশমবাইল বা বৈদ্যুতিক নগদ হস্তান্তৰণ সেৱা

এম টি এচ কি?

এঠাইৰ পৰা আন এঠাইলৈ নগদ পঠোৱাৰ পৰম্পৰাগত মানি অর্ডাৰ পদ্ধতিসমূহ যথেষ্ঠ ব্যয়বহুল, সময় খৰচী তথা অকুশলী হোৱা দেখা যায়। অতি কম সময়ৰ ভিতৰতে নগদ হস্তান্তৰণ কৰাৰ সস্তীয়া পদ্ধতি এটিৰ প্রয়োজন বহুদিনৰ পৰাই অনুভৱ কৰা হৈ আহিছিল। এই উদ্দেশ্যেৰেই বাংলাদেশ ডাকে ইলেক্ট্রনিক মানি ট্রেন্সফাৰ চার্ভিচ (ই. এম. টি. এচ.) বা মবাইল মানি অর্ডাৰ চার্ভিচ নামেৰে এক নতুন মানি অর্ডাৰ সেৱাৰ প্রবর্তন কৰিছে। ইয়াৰ সহায়ত অতি সহজতে আপুনি আপোন জনলৈ ততালিকে নগদ প্রেৰণ কৰিব পাৰে যাতে প্রয়োজন হলেই তেওঁলোকে এই ধনৰ ব্যৱহাৰ কৰিব পাৰে। মবাইল তথা ৱেবচাইট দুয়ো মাধ্যমৰ যোগেৰে এই সেৱা বাংলাদেশৰ সকলো প্রধান ডাকঘৰতে লাভ করিব পৰা যায়। মূহুর্তৰ ভিতৰতেই প্রেৰক জনে নগদ প্রেৰণ কৰিব পাৰে আৰু পাওঁতাজনে লগে লগেই এই ধন আদায় কৰি লব পাৰে। প্রেৰক তথা পাওঁতা-দুয়োজনেই ধন হস্তান্তৰ হোৱাৰ খবৰ মবাইল যোগে লাভ কৰে।

সাঙুৰি লোৱা অঞ্চলঃ

এই সেৱা দেশৰ সকলো প্রধান ডাকঘৰতে লাভ কৰিব পাৰি। বর্তমানে ২০০০ ডাকঘৰে এই সেৱা প্রদান কৰি আছে আৰু সিবিলাকে সকলো গুৰুত্বপূর্ণ চহৰ, জিলা, থানা, মহকুমা, অঞ্চল ইত্যাদি সাঙুৰি লৈছে। প্রতি মাহেই ডাক কর্মচাৰীসকলক এই সম্পর্কে প্রশিক্ষণ দি থকা হৈছে আৰু লাহে লাহে সকলো অঞ্চললৈ এই সেৱাৰ সম্প্রসাৰণ আৰম্ভ হৈছে।

এম টি এচ সঁজুলিসমূহঃ

এই সেৱা সুকলমে প্রদান কৰিবলৈ বাংলাদেশ ডাকে এটা চার্ভাৰ তথা ক’ল চেণ্টাৰ মজুত ৰাখিছে। সকলো বৈদ্যুতিক নগদ হস্তান্তৰণ সেৱা স্থান (ডাকঘৰ সমূহ)কম্পিউটাৰ, মবাইল আৰু ইন্টাৰনেটৰ দ্বাৰা সংযোজিত কৰা হৈছে যাতে সিবিলাকৰ দ্বাৰা দেনা-পাওনাৰ সংকেত চার্ভাৰলৈ প্রেৰণ কৰিব পৰা যায়।

প্রক্রিয়াঃ

নগদ প্রেৰকজনে ডাকঘৰলৈ গৈ এখন ইছ্যু ফর্মত তেওঁৰ নাম, ঠিকনা, মবাইল নম্বৰ, পাওঁতাৰ নাম, ঠিকনা, মবাইল নম্বৰ, ধনৰ পৰিমাণ ইত্যাদি তথ্য পূৰণ কৰিব লাগে। তাৰপাছত ডাক কর্মচাৰীজনে এই তথ্যসমূহ কম্পিউটাৰ বা চৰকাৰী ই. এম.টি. এচ. মবাইল ফোনৰ দ্বাৰা মূল চার্ভাৰলৈ প্রেৰণ কৰে। ইয়াৰ পাছতে মূল চার্ভাৰে হস্তান্তৰণৰ প্রমান হিচাপে এটা  ১৬ সংখ্যাৰ এচ. এম. এচ. নগদ প্রেৰক জনলৈ প্রেৰণ কৰে আৰু একেসময়তে অন্য এক প্রমান বার্তা ইছ্যু কৰা ডাকঘৰলৈ প্রেৰণ কৰে। প্রেৰক জনে ইয়াৰ পাছত পাওঁতা জনলৈ এই ১৬ সংখ্যাৰ এচ. এম. এচ. প্রেৰণ কৰি হস্তান্তৰণৰ খবৰ দিয়ে। পাওঁতাই এই নম্বৰ ডাকঘৰত দর্শাব লাগে আৰু এখন পাওনা ফর্ম পূৰণ কৰিব লাগে। ডাক ঘৰৰ কাউণ্টাৰ অপাৰেটৰে এই নম্বৰ তথা অন্যান্য তথ্য চার্ভাৰৰ দ্বাৰা প্রাপ্ত তথ্যৰ সৈতে ৰিজাই চাই আৰু সকলো চাই-চিতি লোৱাৰ পাছত নগদ প্রদান কৰে। নগদ প্রদানৰ লগে লগেই পুনৰ অন্য এক এচ. এম. এচ. মূল প্রেৰক জনলৈ প্রেৰণ কৰা হয়।

বৈশিষ্টঃ

১) মুহুর্তৰ ভিতৰতে নগদ প্রেৰণ।

২) গ্রাহকে সহজতে ব্যৱহাৰ কৰিব পৰাকৈ মবাইল ফোন তথা অন্যান্য সঁজুলিৰ প্রয়োগ।

৩) সর্বাধিক অঞ্চল সাঙোৰা ব্যৱস্থাঃ দেশৰ বিভিন্ন ঠাইৰ প্রায় ২০০০ ডাক ঘৰলৈ সম্প্রসাৰিত ব্যৱস্থা। অন্যান্য স্থানলৈকো সম্প্রসাৰণৰ আঁচনি।

৪) ১৬ সংখ্যাৰ পিন প্রেৰণৰ যোগেৰে লেনদেনৰ নিৰাপত্তা প্রদান।

৫) মবাইল অপাৰেটৰৰ পৰা মুক্তিঃ মবাইল অপাৰেটৰৰ সাহায্য অবিহনেই এই সেৱা লাভ কৰিব পাৰি।

৬) ই. এম. টি. এচ. সঁজুলি সমূহ কোনো বিশেষ শক্তি যোগানৰ ওপৰত নির্ভৰশীল নহয়। বেটেৰী তথা সৌৰ-চার্জাৰৰ দ্বাৰাও সিবিলাকৰ ব্যৱহাৰ কৰিব পাৰি।

৭) গ্রাহকৰ পূর্ণ সন্তুষ্টিৰ বাবে দিনযোৰা সহায়ক-মেজৰ ব্যৱস্থা।

৮) ঐচ্ছিক কর্পৰেট সেৱাসমূহঃ

*এজনৰ পৰা বহুজনলৈ নগদ প্রেৰণ- বেতন বিতৰণৰ বাবে বিশেষভাৱে সহায়ক।

*বহুজনৰ পৰা এজনলৈ নগদ প্রেৰণ  টিউচন/নামভর্তিকৰণ ইত্যাদিৰ মাচুল দিবৰ বাবে বিশেষভাৱে সহায়ক।

৯) স্থান নির্বিশেষে নগদ বিতৰণ।

১০) বহুলভাৱে ব্যৱহৃত নেটৱর্ক সহযোগী- বংগলিংক মবাইল অপাৰেটৰ।

১১)ডাটাবেছ মেনেজমেণ্ট তথা চিকিউৰিটি ভি. পি. এন. কানেক্টিভিটি।

১২)ভৱিষ্যতে অধিক সম্প্রসাৰণ তথা নতুন মান-যোগ সেৱা প্রবর্তন কৰিব পৰাকৈ সুবিধা তথা সম্ভাৱনা।

ই. এম. টি. এচ. সেৱা প্রদান কৰা অফিচ সমূহৰ তালিকা

কেতবোৰ চমু তথ্যঃ আন্তর্জাতিক পর্যায়ৰ ভাৰতীয় নিয়োগ আইনঃ

) চাকৰি পোৱাৰ সময়ত মোৰ বাবে কর্মসংস্থাপন চুক্তিৰ প্রয়োজনীয়তা আছে নেকি?

সাধাৰণতে ভাৰতীয় শ্রম আইনসমূহৰ অনুসৰি নিয়োগকর্তাৰ দ্বাৰা কর্মসংস্থাপন চুক্তি জাৰী কৰা বাধ্যতামূলক নহয়। অৱশ্যে কেতবোৰ ৰাজ্যত নিয়োগকর্তাই নিযুক্তি নির্দেশ প্রদান কৰাটো প্রয়োজনীয়। এই নথিসমূহত নিয়োগকর্তাৰ নাম, ঠিকনা, ব্যৱসায় তথা কর্মচাৰীজনৰ নাম, ঠিকনা, জন্ম-তাৰিখ, চাকৰিত যোগদান কৰা তাৰিখ, দৰমহাৰ নিৰিখ ইত্যাদিৰ বিবৰণ দিয়া হয়।

আপোনাৰ ওচৰতে থকা চৰকাৰী নিয়োগ এজেঞ্চিয়ে এই ক্ষেত্রত আপোনাৰ নিয়োগ-চুক্তিখন পৰীক্ষা কৰোঁতে সহায় কৰিব পাৰে আৰু আপোনাৰ বাবে নিযুক্তি পত্র জাৰী কৰাৰ প্রয়োজনীয়তা সম্পর্কেও পৰামর্শ দিব পাৰে।

) মোৰ চুক্তিখনৰ ম্যাদ কিমান হোৱা উচিত?

নিয়োগ চুক্তিৰ ম্যাদ প্রকল্প-ভিত্তিক, নির্দিষ্ট অথবা অনির্দিষ্ট কালৰ হ’ব পাৰে। আপোনাৰ নিয়োগ চুক্তিখন সাৱধানে পঢ়ক আৰু যদিহে এই ক্ষেত্রত আপোনাৰ কোনো সন্দেহ আছে, পৰামর্শৰ বাবে ততালিকে ওচৰতে থকা চৰকাৰী নিয়োগ এজেঞ্চিৰ কাষ চাপক।

) নূন্যতম বেতনঃ

বিভিন্ন শ্রেণীৰ কর্মচাৰীৰ বাবে কাম বিশেষে নূন্যতম বেতন নির্ধাৰণ কৰা হয়। ভাৰতীয় শ্রম আৰু কর্মসংস্থাপন মন্ত্রালয়ৰ পৰা বিভিন্ন ৰাজ্যৰ নূন্যতম বেতনৰ হাৰ সম্পর্কে তথ্য লাভ কৰিব পৰা যায়।

) কামৰ সময় সম্পর্কীয় নীতি নিয়মঃ

শিশু শ্রমিকৰ ক্ষেত্রত কামৰ সর্বোচ্ছ সময়সীমা প্রতিদিনে ৪.৫ ঘণ্টাতকৈ বেছি হোৱা উচিত নহয়। প্রাপ্তবয়স্কসকলৰ ক্ষেত্রত এই সময়সীমা হৈছে দৈনিক ৯ ঘণ্টা আৰু সপ্তাহত ৪৮ ঘণ্টা। এই সময়সীমাৰ অতিৰিক্ত কাম কৰিলে ঘণ্টাই প্রতি দুগুণ হাৰত শ্রমিকক বেতন দিয়াটো নিয়ম। অৱশ্যে কোনো পধ্যেই সপ্তাহে ৬০ ঘণ্টাতকৈ বেছি সময় শ্রমিকক কামত খটুৱাব পৰা নাযাব। সর্বোচ্ছ অতিৰিক্ত কামৰ সীমা পষেকে প্রতি হৈছে ৫০ ঘণ্টা। সকলো শ্রমিকেই সপ্তাহত এটা দিন ছূটী পাব লাগিব।

) কর্মী হিচাপে মই কেনেধৰণৰ সা-সুবিধা আশা কৰিব পাৰোঁ?

আপুনি পাব পৰা সা-সুবিধা সম্পর্কীয় বহুতো বিধান ভাৰতীয় আইনত আছে। কেতবোৰ কোম্পানীয়ে তেওঁলোকৰ কর্মচাৰীসকলক কেতবোৰ অতিৰিক্ত সা-সুবিধা প্রদান কৰে। কর্মচাৰীক মেডিকেল ভাত্তা ইত্যাদি প্রদানৰ দ্বাৰা কোম্পানীয়ে কিছু কৰ ৰেহাই লাভ কৰে।

কর্মচাৰীৰ বীমা আইন ১৯৪৮ (ESIA):

এই আইনৰ অধীনত কর্মচাৰী আৰু তেওঁলোকৰ নিকট আত্মীয়সকলক ভাল মানৰ স্বাস্থ্য সেৱা প্রদান কৰা হয়। দহ জনতকৈ অধিক কর্মী থকা সকলো কর্মস্থলীৰ ক্ষেত্রতে এই আইন প্রযোজ্য হয়। নিয়োগকর্তা আৰু কর্মচাৰী- দুয়ো বেতনৰ কিছু নির্দিষ্ট অংশ ESIA ৰ বাবে প্রদান কৰে।

কর্মচাৰীৰ প্রভিডেন্ট ফাণ্ড আৰু অন্যান্য বিধান আইন ১৯৫২ (EPFA) :

কর্মচাৰীক সামাজিক নিৰাপত্তা প্রদান কৰা আইনসমূহৰ ভিতৰত এই আইন আটাইতকৈ গুৰূত্বপূর্ণ। এই আইনৰ অধীনত কর্মচাৰী বীমা, প্রভিডেন্ট ফাণ্ড আৰু পৰিয়াল পেঞ্চন প্রদান কৰা হয়। ২০ জনতকৈ অধিক কর্মী থকা সকলো অনুষ্ঠানৰ ক্ষেত্রতে এই আইন প্রযোজ্য হয়। ইয়াৰ বাবে নিয়োগকর্তা আৰু কর্মচাৰী- দুয়ো বেতনৰ কিছু নির্দিষ্ট অংশ জমা কৰে।

আনুতোষিক পৰিশোধ আইন ১৯৭২ (POGA):

কেতবোৰ বিশেষ অনুষ্ঠানৰ ক্ষেত্রতহে এই আইন প্রযোজ্য হয়। এই আইনৰ আধাৰত কর্মচাৰীৰ অৱসৰ, পদত্যাগ বা নিয়োগকর্তাৰ দ্বাৰা পদচ্যুত কৰাৰ সময়ত কিছু নগদ পৰিশোধ কৰা হয়।

বৈষম্য বিৰোধী আইন কানুনঃ

সমান পাৰিতোষিক আইন (১৯৭৬) অনুসৰি পুৰূষ মহিলা সকলোৱে সমান নিৰিখৰ বেতন পোৱাটো বাধ্যতামূলক। মহিলাৰ বাবে নিষিদ্ধ বা সীমাৱদ্ধ কেতবোৰ ক্ষেত্রৰ বাহিৰে আন কোনো ঠাইতে মহিলাৰ বিৰূদ্ধে বৈষম্যমূলক আচৰণ কৰা নহ’ব।

ভিছা আৰু কর্মসংস্থানঃ

আপুনি যদিহে ভাৰতীয় নহয়, তেনেহ’লে ভাৰতত কাম কৰিবৰ বাবে আপোনাৰ ওচৰত নিয়োগ ভিছা থকাটো আৱশ্যকীয়। অৱশ্যে আপোনাৰ ওচৰত ভাৰতীয় মূলৰ ব্যক্তি কার্ড () বা অ’ভাৰছিজ ভাৰতীয় নাগৰিক কার্ড থাকিলেও হ’ব।

অন্যান্য ব্যৱসায়সমূহ কেন্দ্রীয় চৰকাৰে সামৰি ল’ব পাৰে।

উপযোগী যোগাযোগ

আপোনাৰ যদি কোনো প্রশ্ন আছে, তলৰ সংগঠনসমূহলৈ লিখি পঠাওক। এই সংগঠন সমূহে চাকৰি সংক্রান্তীয় পৰামর্শ আৰু সাহায্য প্রদান কৰে।

ভাৰতত বাংলাদেশৰ দূতাবাসসমূহ

বাংলাদেশ হাই কমিছন

ই পি ৩৯, ড. ৰাধাকৃষ্ণ মার্গ

১১০০২৪

চানক্যপুৰী, নতুন দিল্লী

ভাৰত

ফোনঃ ৯১১ ১২৪১২১৩৮৯,

৯১১ ১১২৪১২১৩৯৪

ফেক্সঃ  ৯১১ ১২৬৮৭৪৯৫৩

ই মেইলঃbdhedelhi@gmail.com

ৱেব চাইটঃ www.bhcdelhi.org

*বাংলাদেশৰ প্রতিনিধি কার্যালয়, আগৰতলা

কর্নেল চমুহানি

৭৯৯০০১

আগৰতলা, পশ্চিম ত্রিপুৰা

ভাৰত

ফোনঃ ৯১৩ ৮১২২৪৮০৭,

৯১৩ ৮১২২৫২৬০

ফেক্সঃ ৯১৩ ৮১২২৪৮০৭

*বাংলাদেশ ডেপুটি হাই কমিছন, কলকাতা

৯, বংগবন্ধু শ্বেখ মুজিব সাৰনী

কলকাতা, পশ্চিমবংগ

৭০০০১৭

ভাৰত

ফোনঃ ০০৯১ ৩৩৪০১২৭৫০০

ফেক্সঃ ০০৯১ ৪০১২৭৫৫৫

ই মেইলঃ mission.kolkata@mofa.gov.bddhc.kolkata@mofa.gov.bd

ৱেব চাইটঃ www.bdhckolkata.org

বাংলাদেশত ভাৰতৰ দূতাবাসসমূহঃ

*ভাৰতীয় হাই কমিছন, বাংলাদেশ

৫৬৭/বি। গ্রেটাৰ ৰ’ড লক্ষ্মীপুৰ

ৰাজশাহী

ফোনঃ ৮৮০ ৭২১৭৭৪৮৪১

ফেক্সঃ ৮৮০ ৭২১৭৭২৭২৬

ই মেইলঃ ahiraj@libradb.net

*ভাৰতীয় হাই কমিছন, বাংলাদেশ

ঘৰ ন- ২, বি-২, ৰ’ড -১, কুলসী

চিলাগঙ

ফোনঃ ৮৮০ ৩১৬৫৪১৪৮

ফেক্সঃ ৮৮০ ৩১৬৫৪১৪৭

ই মেইলঃahcindia@spnetctg.com

ৱেব চাইটঃ www.ahcictg.org

*ভাৰতীয় হাই কমিছন, বাংলাদেশ

ঘৰ ন- ২, ৰ’ড -১৪২, গুলছন-১

ঢাকা

ফোনঃ ৮৮০ ২৯৮৮৮৭৮৯,

৮৮০ ২৯৮৮৮৭৯২

ফেক্সঃ  ৮৮০ ২৮৮১৭৪৮৭

ই মেইলঃhoc@hcidhaka.org

ৱেব চাইটঃ www.hcidhaka.org

 

ভাৰতীয় ৰাজ্যসমূহৰ নিয়োগ আৰু শ্রম আইনঃ

ভাৰতীয় নিয়োগ আৰু শ্রম আইন সম্পর্কে জানিবলৈ চাওঁক  http://labour.nic.in/ আপুনি বাস কৰা ৰাজ্যখনৰ আইনসমূহ সম্পর্কে জানিবলৈ চাওঁক-

অসম          http://assam.gov.in/

পাঞ্জাব  http://pblabour.gov.in/

দিল্লী http://www.delhi.gov.in/wps/wcm/connect/doit_labour/Labour/Home/

তামিলনাডু   http://www.tn.gov.in/

আন্দামান নিকোবৰ    http://labour.and.nic.in/

গুজৰাট     http://www.talimrojgar.org/default.asp

হিমাচল প্রদেশ   http://himachal.nic.in/

কর্নাটক  http://labour.kar.nic.in/

কেৰালা   http://labour.kerala.gov.in/

নাগালেণ্ড   http://labourngl.nic.in/

ৰাজস্থান http://rajlabour.nic.in/

লাক্ষাদ্বীপ   http://lakemployment.gov.in/

নিজোৰাম   http://mizoram.gov.in/

পশ্চিমবঙ্গ  http://www.banglarmukh.com/portal/banglarMukh/Government/Departments

পশ্চিমবঙ্গ        http://www.banglarmukh.com/portal/banglarMukh/Government/Departments

বাংলাদেশত আই টী ইউ চি (ইন্টাৰনেছনেল ট্রেড ইউনিয়ন কনফেডাৰেচন) অন্তর্ভূক্ত সংগঠনসমূহঃ

বাংলাদেশ ফ্রী ট্রেড ইউনিয়ন কংগ্রেছ

মহাসচিব

৬-এ ১/১৯ মীৰপুৰ

ঢাকা ১২১৬

বাংলাদেশ

ফোনঃ ৮৮০ ২৮০১৭০০১

ফেক্সঃ ৮৮০ ২৮০১৫৯১৯

মবাইলঃ ১৮ ২২৪০৮১

ই মেইলঃ bftuc@dhaka.agni.com

 

বাংলাদেশ জাতীয়তাবাদী শ্রমিক দল

মুখ্য সচিব

২৮/১ নয়া পল্টন চতুর্থ তলা

ভি আই পি ৰ’ড

ঢাকা -১০০০

ফোনঃ ৮৮০ ২৪১৮২১৪

ফেক্সঃ ৮৮০ ২৮৬৯৭২৩

ই মেইলঃ bils@agni.com

বাংলাদেশ লেবাৰ ফেডাৰেচন

মুখ্য সচিব

২৪-২৫ দিলকুশ বাণিজ্যক অঞ্চল

পঞ্চম তলা

সাধাৰণ বীমা সদন

জি পি অ বক্স- ২৫১৪

ঢাকা- ১০০০

ফোনঃ ৮৮০ ২৯৫৬০১০৪

ফেক্সঃ ৮৮০ ২৭১৭১৩৩৫

ই মেইলঃ mdhk_blf@yahoo.com

বাংলাদেশ মুক্ত শ্রমিক ফেডাৰেচন

মুখ্য সচিব

ঘৰ ন-৮৬ চতুর্থ তলা

ৰ’ড ন- ১১ এ

ধনমনধি আৰ / এ

ঢাকা- ১২০৯

ফোনঃ ৮৮০ ২৯১৩৬১৬০

ফেক্সঃ ৮৮০ ২৮১১১৬৫০

ই মেইলঃ mujiburbhuyan1950@gmail.com

বাংলাদেশ মুক্ত শ্রমিক ফেডাৰেচন

2/2 পুৰণা পল্টন, দ্বিতীয় তলা

ঢাকা ১০০০

বাংলাদেশ

ফোনঃ ৮৮০ ২৭১৭৪০৬৫

ফেক্সঃ ৮৮০ ২৯১২৫০৭৮

ই মেইলঃ bssfhq@intechworld.net

ৱেব চাইটঃ www.bssf.bd.org

জাতীয় শ্রমিক লীগ

সভাপতি

২৩ বংগবন্ধু এভিনিউ

ঢাকা ১০০০

ফোনঃ ৮৮০ ২৯৫৫৪৪৯৯

ফেক্সঃ ৮৮০ ২৮১২৩৮৬৮

ই মেইলঃ gsl@mail.aitlbd.net

নেচনেল গাৰমেন্ট ৱর্কাৰছ ফেডাৰেচন

মূখ্য কার্যালয়

২৭/১১/১ তোপখানা ৰোড

ঢাকা ১০০০

পত্র ঠিকনাঃ

জি পি অ বক্স ৮৬৪

ঢাকা

ফোনঃ ০১৯ ৩৪০২৬৮

ফেক্সঃ ৮৮০ ২৯৫৬২৫৬২

আই টী ইউ চি অন্তর্ভূক্ত ভাৰতীয় সংগঠন সমূহঃ

হিন্দ মজদুৰ সভা

মূখ্য সচিব

১২০ বাৰৰ ৰোড, নতুন দিল্লী

ভাৰত ১১০০০১

ফোনঃ ৯১১১ ২৩৪১৩৫১৯

ফেক্সঃ ৯১১১ ২৩৮১১০৩৭

ই মেইলঃ hms1gs@gmail.com

ৱেব চাইটঃ www.hmsindia.org

ইণ্ডিয়ান নেছনেল ট্রেড ইউনিয়ন কংগ্রেছ

সভাপতি

৪, ভাই বীৰ সিং মার্গ

গ’ল পষ্ট অফিচৰ সমীপত

নতুন দিল্লী – ১১০০০১

ফোনঃ ৯১১১ ২৩৭৪৯৯৬৭

ফেক্সঃ ৯১১১ ২৩৩৬৪২৪৪

ই মেইলঃ intuchq@del3.vsnl.net.in

ৱেব চাইটঃ www.intuc.net

চেলফ এমপ্লইড ৱুমেনছ এছচিয়েছন

সেৱা

সেৱা ৰিচেপচন চেন্টাৰ

ভিক্তৰিয়া গার্ডেনৰ বিপৰীতে

ভদ্রা

আহমেদাবাদ- ৩৮০ ০০১

ভাৰত

ফোনঃ ৯১ ৭৯২৫৫ ০৬৪৪১

ফেক্সঃ ৯১ ৭৯৫৫০ ৬৪৪৬

ই মেইলঃ mail@sewa.org

ৱেব চাইটঃ www.sewa.org

যাত্রাৰ বাবে কেতবোৰ কিটিপ

কোনো চাকৰিত যোগদান কৰাৰ আগেয়ে বা চাকৰিৰ বাবে অন্য স্থানলৈ প্রব্রজন কৰাৰ পূর্বে কেতবোৰ বিষয়ে জানি লোৱা ভাল। এনে সাৱধানতা অৱলম্বনৰ দ্বাৰা আপোনাৰ যাত্রা নিৰাপদ আৰু উপভোগ্য হৈ উঠিব।

আপোনাৰ নিয়োগকর্তাৰ বিষয়ে জানি লওঁক

চাকৰি গ্রহণ কৰাৰ আগেয়ে আপোনাৰ সম্ভাব্য নিয়োগকর্তাৰ নাম আৰু ঠিকনা জানি লওঁক। সম্ভৱ হলে ইন্টাৰনেটৰ দ্বাৰা নিয়োগকর্তা সম্পর্কে কিছু তথ্য আহৰণ কৰি লওঁক।

নিয়োগ পত্র আহৰণ কৰক

যাত্রা কৰাৰ পূর্বে সাৱধানে আপোনাৰ নিয়োগ পত্রখনি পঢ়ি লওঁক আৰু অন্ততঃ দুজন জনা-শুনা ব্যক্তিক আপোনাৰ নিয়োগ পত্র খনিৰ প্রতিলিপি দিয়ক। সম্ভৱপৰ হ’লে সমীপৰ চৰকাৰী নিয়োগ এজেঞ্চিৰ দ্বাৰা আপোনাৰ নিয়োগ পত্র খনি পৰীক্ষা কৰোৱাই লওঁক। তেওঁলোকৰ জৰুৰীকালীন ফোন নাম্বাৰ টুকি ৰাখক।

যাত্রা কৰাৰ পূর্বে বেঙ্ক একাউণ্ট খুলি লওঁক

আপুনি বেঙ্ক বা ডাকঘৰত একাউণ্ট খুলিব পাৰে। মবাইল ফোনত নগদ একাউণ্টৰ সুবিধা কৰি ল’বৰ বাবে আপোনাৰ মবাইল ফোন অপাৰেটৰৰ লগতো কথা পাতিব পাৰে। ৱেষ্টার্ণ ইউনিয়ন আদি ব্যয়বহুল মাধ্যমৰ বিপৰীতে কম খৰচতে মবাইল বেঙ্কিঙৰ দ্বাৰা নগদ হস্তান্তকৰণ কৰিব পৰা যায়।

দূতাবাসৰ লগত যোগাযোগ কৰক

আপুনি যাত্রা কৰিব বিচৰা দেশখনৰ দূতাবাসৰ লগত যোগাযোগ কৰক আৰু সেই দেশত কাম কাম কৰিবলৈ প্রয়োজনীয় নথি পত্র সম্পর্কে জানি লওঁক। এইক্ষেত্রত আপোনাৰ নিয়োগকর্তাই দিয়া তথ্যৰ সৈতে কিবা বিসাদৃশ্য আছে নেকি পৰীক্ষা কৰি লওঁক। বিসাদৃশ্য চকুত পৰিলে ততালিকে দূতাবাসত খবৰ দিয়ক।

আপোনাৰ গন্তব্যস্থান আৰু ঠিকনা সম্পর্কে কাৰোবাক জনাই থওঁক

যাত্রা কৰাৰ আগতে আপোনাৰ গন্তব্যস্থান সম্পর্কে কাৰোবাক জনাই থওঁক আৰু কেনেদৰে আপোনাৰ সৈতে যোগাযোগ কৰিব পৰা যাব, সেইসম্পর্কেও বিতং তথ্য দিয়ক। আপোনাৰ নিয়োগকর্তাৰ নাম আৰু ঠিকনাও দিয়ক। ঘৰ এৰাৰ এসপ্তাহৰ ভিতৰতে আপুনি ফোন কৰিব বুলি কওঁক আৰু অন্যথাই হেল্পলাইনৰ সৈতে যোগাযোগ কৰিবলৈ নির্দেশ দিয়ক।

হেল্পলাইন নাম্বাৰ লগত ৰাখক

হেল্পলাইন নম্বৰটো মনত ৰাখি লওঁক আৰু আনে দেখিব নোৱৰা ঠাইত টুকি ৰাখক। আপোনাৰ গন্তব্যস্থান দেশখনৰ সকলো জৰুৰীকালীন নম্বৰ সম্পর্কে নিশ্চিত হৈ লওঁক।

আপোনাৰ পাছপর্ট আৰু পৰিচয় পত্র কাৰো হাতত নিদিব

আপোনাৰ পাছপর্ট আৰু পৰিচয় পত্র আপোনাৰ সম্পূর্ণ নিজা বস্তু। আপোনাৰ নিয়োগকর্তা, আপোনাৰ ভ্রমণৰ আয়োজন করোঁতা বা আন কাকো এই নথি-পত্রসমূহ গতাই নিদিব। পাছপর্টৰ এটা ফটোকপি কৰি কৰবাত লুকুৱাই ৰাখক। ঘৰৰ কোনো বিশ্বাসী সদস্যৰ হাততো এটা কপি জমা কৰি আহিব।

কাম আৰম্ভ কৰাৰ পূর্বে

কাম আৰম্ভ কৰাৰ আগেয়ে ওচৰে-পাঁজৰে অলপ ফুৰাচকা কৰি অঞ্চলটো চিনি লওঁক। স্থানীয় চিহ্ন কিছুমান মনত ৰাখি লওঁক।

উৎস: বিহবান।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate