অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিহবানৰ বিষয়ে

বিহবানৰ বিষয়ে

পৰিৱর্তনৰ নতুন পথ

বিহবানৰ অর্থই হৈছে – এক “নতুন আৰম্ভণি”। সমাজৰ আর্ত, বঞ্চিতজনক ই দিয়ে নতুন পথৰ সম্ভেদ। বিহবান এক নতুন কর্মপদ্ধতি; দুর্বল কিশোৰী তথা মহিলাসকলক মানব-তস্কৰীৰ পৰা সুৰক্ষা দিওঁৱাৰ ই এক অভিনৱ প্রচেষ্টা। সিবিলাকক শিক্ষা, প্রেৰণা আৰু আত্মবিশ্বাস যোগাবলৈ বিহবানে আহৰণ কৰে নিত্য নতুন উপায়।

সমাজ পৰিৱর্তনত বিশ্বাসী বহুতো সংগঠনৰ ই এক বিৰাট সম্প্রদায়। নিথৰুৱা কমিউনিটিসমূহলৈ সহায়ৰ হাত আগবঢ়াবলৈ বিহবান সদায়েই প্রস্তুত। সহযোগিতাৰ হাৰ উন্নত কৰি ই বিভিন্ন সম্প্রদায় তথা অঞ্চল সামৰি তথ্য প্রবাহৰ ধাৰা সুনিশ্চিত কৰিব বিচাৰে। জীৱন পৰিৱর্তন সম্ভৱপৰ কৰি তোলাৰ বাবে ই ৰাইজৰ পদুলিলৈ লৈ যাব খোজে তথ্য, জ্ঞান আৰু সম্পদৰ সম্ভাৰ।

বিহবানৰ সপোন

বিহবানৰ সপোন হৈছে- মহিলা আৰু কন্যা তস্কৰী হ্রাসকৰণৰ দ্বাৰা জীৱন ৰূপান্তৰ সম্ভৱপৰ কৰি তোলা

এই ক্ষেত্রত আমি দুটা মূল প্রশ্ন চিহ্নিত কৰিছোঁ।

(১) দৰিদ্র সম্প্রদায়সমূহৰ নাৰী আৰু কন্যাসকলৰ মাজত তথ্য যোগান, মানব তস্কৰী সম্পর্কে সচেতনতা বৃদ্ধিকৰণ আৰু ভৱিষ্যত সম্পর্কে সুবিবেচিত সিদ্ধান্ত ল’ব পৰাকৈ সিবিলাকৰ সবলীকৰণ।

(২) তস্কৰী কার্যকলাপ সম্পর্কীয় খবৰ তথা গোপন তথ্য আহৰণ আৰু ইয়াৰ জৰিয়তে ভাৰত তথা বাংলাদেশত মানব তস্কৰীৰ বিৰুদ্ধে সক্রিয় বিভিন্ন মহল (যেনে চৰকাৰ, বেচৰকাৰী সংগঠন, নিষ্ঠাবান ব্যৱসায় তথা তস্কৰী আৰু বন্ধকী শ্রমৰ দ্বাৰা প্রভাবিত ব্যক্তি তথা সম্প্রদায়সমূহ)ৰ মাজত অধিক সমন্বয় স্থাপন।

বিহবানৰ সম্প্রদায়

বিস্তৃত সম্প্রদায়, বর্ধিত বিকল্প!!

বিহবান হৈছে সমাজ পৰিবর্তনত বিশ্বাসী কেতবোৰ সংগঠনৰ এক সম্প্রদায়। এই সংগঠনসমূহে অভাৱগ্রস্ত কমিউনিটিসমূহক সাহায্য প্রদান কৰে। মানব তস্কৰী আৰু গিৰমিতীয়া শ্রমৰ বিৰুদ্ধে সক্রিয় আমাৰ কেইটিমান সদস্য সংগঠনৰ কর্ম সূচী সম্পর্কে নিম্নস্থলত কেতবোৰ তথ্য দিয়া হৈছে। আপুনিও যদি এই ক্ষেত্রত কিবা কার্যসূচী ল’ব খুজিছে বিহবানৰ দূৱাৰ আপোনাৰ বাবে সদায়েই খোলা থাকিব।

বিহবান পার্টনাৰসকল

নিম্বাচ

নিমবাচে মবাইল আৰু ৱেবৰ জগতখনত হস্তক্ষেপৰ যোগেদি সামাজিক পৰিবর্তনলৈ অৰিহণা যোগায়। চৰকাৰ, এন জি অ, তথা অনেক সংস্থা নিম্বাচৰ সেৱাৰ দ্বাৰা উপকৃত হৈছে। ধৰক আফ্রিকাৰ ভিতৰুৱা অঞ্চলসমূহলৈ স্বাস্থ্যসেৱাৰ সুবিধা সমুহ সম্প্রসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এইক্ষেত্রত ভলন্টিয়াৰ, স্বাস্থ্য কেন্দ্র আৰু প্রগ্রাম মেনেজাৰৰ মাজত অহৰহ সংযোগ স্থাপন সম্ভৱপৰ কৰি তুলিবলৈ নিম্বাচে কেতবোৰ বিশেষ মবাইল এপ্লিকেছনৰ যোগান ধৰিছে। ঠিক তেনেদৰে, দক্ষিণ আফ্রিকাত নিম্বাচে এক মবাইল কাউঞ্চেলিং সেৱা স্থাপন কৰিছে যাতে ধর্ষণৰ বলি ব্যক্তি অথবা ড্রাগছতা আসক্ত লোকসকলক প্রয়োজনীয় তথা আছুতীয়া সাহায্য প্রদান কৰিব পৰা যায়। একেদৰেই এছিয়াত মানব তস্কৰী বিৰোধী সংগ্রামখনতো নিম্বাচে কেতবোৰ বিশেষ ফলপ্রসূ সেৱা আগবঢ়াইছে।

ষ্টপ দা ট্রেফিক (গ্রেট বৃটেইন) ভাৰতত অ’এছিছৰ সৈতে

ষ্টপ দা ট্রেফিক হৈছে এক গোলকীয় আন্দোলন যি মানব তস্কৰীৰ বিৰোধিতা কৰে, ভূক্তভোগীসকলক সাহায্য প্রদান কৰে আৰু দোষীসকলক শাস্তি দিওৱাৰ পথ প্রশস্ত কৰে। ভাৰতত ই অন্যান্য বহুতো দাতব্য সংগঠন যেনে – চেভ দা চিলড্রেন ইণ্ডিয়া, অ’এছিছ ইণ্ডিয়া, ইন্টাৰনেছনেল জাষ্টিছ মিছন ইত্যাদিৰ লগত একেলগে মিলি মানব তস্কৰীৰ বিৰুদ্ধে কাম কৰে। বাংলাদেশত ই মানব তস্কৰী বিৰোধী অন্যান্য সংগঠন যেনে অ’এছিছ বাংলাদেশ, চেলভেছন আর্মি, অন্যান্য ধর্মীয় গোট ইত্যাদি লগত সমন্বয় গঢ়ি তুলিছে। প্রত্যেক সংগঠনৰে নিজস্ব সাহায্য সেৱাৰ নেটৱর্ক- যেনে ভূক্তভোগীৰ বাবে সুৰক্ষিত ঘৰ, কমিউনিটি সংগঠন ইত্যাদি আছে। সিবিলাকৰ দ্বাৰাই তথ্য, বিভিন্ন অভিযান, কার্যসূচী ইত্যাদি সংগ্রহ তথা সম্পাদন কৰা হয়।

চেলভেছন আর্মি

চেলভেছন আর্মি ইন্টাৰনেছনেল বর্তমান উত্তৰ পূব ভাৰতৰ ৫০টি সম্প্রদায়ৰ মাজত কর্মৰত। ই এই অঞ্চল সমূহত গাওঁ ভিত্তিক সতর্ক বাহিনী গঢ়ি তুলিছে। এনে সৰহ সংখ্যক অঞ্চলেই আন্তঃৰাষ্ট্রীয় সীমাৰ কাষতে অৱস্থিত আৰু সীমান্তৰ ইপাৰে সিপাৰে প্রায়েই উগ্রপন্থী, অস্ত্র-শস্ত্র, ড্রাগছ তথা মানব তস্কৰীৰ ৰমৰমীয়া ব্যৱসায়ে খোপনি পোতা দেখা যায়। চেলভেছন আর্মিয়ে এই বিষয়সমূহ সম্পর্কে জনগণৰ মাজত সচেতনতা অভিযান চলোৱাৰ যোগেৰে ধনাত্মক পৰিবর্তন আনিবলৈ প্রয়াস কৰি আহিছে।বাংলাদেশত চেলভেছন আর্মিয়ে গ্রাম্যাঞ্চল আৰু চহৰাঞ্চল – দুয়ো ঠাইতে কাম কৰে। মানব তস্কৰী সম্পর্কে সচেতনতা অভিযান আয়োজন, আক্রান্ত কমিউনিটিসমূহৰ মাজত কর্মশালা আয়োজন, প্রাচীৰপত্র অভিযান আয়োজন, তস্কৰী সম্পর্কীয় তথ্য পাতি বিতৰণ তথা অন্যান্য বহুতো কামত চেলভেছন আর্মি সক্রিয় হৈ আহিছে। স্কুলীয়া ছাত্র- ছাত্রী, যুবক যুবতী, মহিলা তথা ব্যৱসায়িক যৌনকর্মীসকলৰ মাজতো চেলভেছন আর্মিয়ে বিভিন্ন বিষয় সম্পর্কে কর্মশালাৰ আয়োজন কৰি আহিছে।

ইন্টাৰনেছনেল জাষ্টিছ মিচন (আই জে এম) ইণ্ডিয়াঃ

আই জে এম এক মানব অধিকাৰ এজেঞ্চি। ই বন্ধকী শ্রম, যৌন শোষণ তথা অন্যান্য হিংস্র নির্যাতনৰ ভূক্তভোগীসকলক ৰক্ষা কৰাত আগভাগ লয়। পুলিচ প্রশিক্ষণ সম্পর্কে আই জে এমে কেতবোৰ উদ্ভাৱনীমূলক পদ্ধতি বিকশিত কৰিছে। এই পদ্ধতিসমূহৰ ফলস্বৰূপেই যোৱা এটা দশকত আইন প্রয়োগৰ বিশেষ অগ্রগতি হৈছে আৰু ই অপৰাধ ৰোধ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে।

দলিত ফ্রীদম নেটৱর্ক(দি এফ এম)

মানব তস্কৰী আৰু শোষণৰ বিৰুদ্ধে দি এফ এমে দীর্ঘদিন ধৰি যুঁজ কৰি আহিছে। ছল্লিশ বছৰতকৈও দীর্ঘ সময় ধৰি সংগ্রামৰ অভিজ্ঞতা থকা দি এফ এমে সহযোগী অপাৰেশন মার্চিৰ সৈতে মিলি দলিত আৰু ট্রাইবেল মহিলা তথা ছোৱালীৰ মাজত কাম কৰি আহিছে। তস্কৰীৰ বলি মহিলাসকলৰ চিনাক্তকৰণ আৰু তেওঁলোকক সাহায্য তথা শিক্ষা ইত্যাদি প্রদান কৰাৰ ক্ষেত্রত দি এফ এমে বিশেষ ভূমিকা পালন কৰে। এই ক্ষেত্রত কমিউনিটি স্বাস্থ্যসেৱক সকলৰো সহায় লোৱা হয়। ভূক্তভোগী মহিলা সকলে যাতে আত্মসহায়ক গোট, বিদ্যালয়, প্রশিক্ষণ কেন্দ্র, ক্লিনিক ইত্যাদিৰ সুবিধা ল’ব পাৰে, সেই সম্পর্কেও দি এফ এম বিশেষভাৱে সতর্কবান।

দৃষ্টি

দৃষ্টি এক সামাজিক উদ্যোগ। ই গ্রাম্যাঞ্চলৰ সম্প্রদায়সমূহৰ সবলীকৰণত সহায় কৰে। মহিলাসকৰ সবলীকৰণৰ প্রতি দৃষ্টি বিশেষভাৱে যত্নবান। ই বর্তমান অসম, উত্তৰপ্রদেশ আৰু বিহাৰত সক্রিয়। দৃষ্টিয়ে সম্ভাব্য উদ্যোগীসকলৰ চিনাক্তকৰণ কৰি তেওঁলোকক প্রশিক্ষণ দিয়ে  তথা সৰু সুৰা উদ্যোগ খোলাৰ ক্ষেত্রত সহায় কৰে। বিগত বছৰসমূহত দৃষ্টিয়ে ১৪,০০০ কৈও অধিক গ্রাম্য উদ্যোগ স্থাপনত সহায় কৰিছে। এই ক্ষেত্রত একুমেন ফাণ্ড, মাইক্র’চফট্, ষ্টেট বেংক অৱ ইণ্ডিয়া, অশোকা, ক্লিণ্টন গ্লবেল ইনিচিয়েটিভ, বিশ্ব বেংক, গ্রাম্য বিকাশ মন্ত্রালয়, বিহাৰ চৰকাৰ, পঞ্চায়তীৰাজ মন্ত্রালয় আদি অন্যান্য সংস্থা তথা অনুষ্ঠানৰ সহযোগ লোৱা হৈছে।

আমাৰ কামকাজ

তথ্য প্রবাহৰ উন্নয়ন”

তথ্যৰ সুচল ব্যৱহাৰ হ’বলৈ হ’লে ই সহজলভ্য হ’ব লাগিব, ব্যৱহাৰক্ষম হ’বলৈ হ’লে ই বিশ্বস্ত হ’ব লাগিব আৰু জনসাধাৰণৰ সহায়ক হবলৈ হ’লে ইয়াৰ ব্যাপক প্রসাৰ থাকিব লাগিব।

ঠিক এইখিনিতেই বিহবানে হস্তক্ষেপ কৰে, বিভিন্ন সম্প্রদায় তথা অঞ্চল সামৰি ই তথ্য প্রবাহৰ গতিধাৰা সুনিশ্চিত কৰে আৰু জীৱন পৰিবর্তন সম্ভৱপৰ কৰি তোলে। এই ক্ষেত্রত বিহবানৰ অন্যতম সহযোগী হৈছেঃ

কমিউনিটি পার্টনাৰ সকলঃ বিশ্বস্ত তথ্য তথা নির্ভৰযোগ্য পৰামর্শ অবিহনে প্রায়েই সামাজিকভাৱে অসুৰক্ষিত লোকসকল মানব তস্কৰীৰ চিকাৰ হোৱা দেখা যায়। সেয়েহে এইক্ষেত্রত আমাৰ কমিউনিটি পার্টনাৰ সকলৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ। আমাৰ পার্টনাৰ সকলে মানব তস্কৰীৰ দ্বাৰা পোনতেই আক্রান্ত হব পৰা সম্প্রদায়সমুহক শিক্ষিত কৰা তথা মানব তস্কৰী সম্পর্কে সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্রত সহায় কৰে। এই সম্পর্কে বিভিন্ন আলাপ আলোচনাৰ আয়োজন, তথ্যৰ যোগান আদি মাধ্যমৰ যোগেৰে আমাৰ পার্টনাৰসকলে জনগণক এনে ব্যাধিসমূহৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্রত অভিভাৱকৰ ভূমিকা পালন কৰে। এই সম্পর্কে অধিক বিস্তৃতভাৱে জানিবলৈ “উপযোগী সামগ্রী” শিতানত ক্লিক কৰক। কিছুসংখ্যক কমিউনিটি পার্টনাৰে স্বাস্থ্যসেৱা প্রদানৰ লগতে সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিবলৈ ক্ষুদ্র ঋণ আহৰণ কৰাৰ ক্ষেত্রতো সাহায্য প্রদান কৰে।

প্রযুক্তিবিদ্যা

নব্য নতুন প্রযুক্তিৰ সৃষ্টিশীল প্রয়োগ বিহবানৰ কাম-কাজৰ ক্ষেত্রত খুবেই গুৰুত্বপূর্ণ। কমিউনিটিৰ প্রতিজন সদস্যৰ বাবে সুলভ যোগাযোগ সেৱা নিশ্চিতকৰণৰ বাবে প্রতিজন কমিউনিটি পার্টনাৰকে একোটাকৈ টেবলেট কম্পিউটাৰ দিয়া হয় যাতে ইন্টাৰনেটৰ নিয়মীয়া প্রয়োগৰ দ্বাৰা বিশ্বস্ত তথ্য তথা পৰামর্শ প্রদান কৰিব পৰা যায়।

ৱেবচাইট

বিহবানৰ ৱেবচাইটৰ দ্বাৰা বিভিন্ন প্রকাৰৰ সেৱা যেনে মানব তস্কৰী সম্বন্ধীয় তথ্য, নীতিবান নিয়োগকর্তা সম্পর্কে পৰামর্শ, চাকৰিসূত্রে অন্য ঠাইলৈ প্রব্রজন কৰিব খোজাজনৰ বাবে নিৰাপদ বাসস্থানৰ খবৰ ইত্যাদি প্রদান কৰা হয়। এই প্রক্রিয়াৰ দ্বাৰা কমিউনিটি পার্টনাৰসকলেও তেওঁলোকে প্রদান কৰা তথ্য আৰু পৰামর্শ সম্পর্কে সুনিশ্চিত হৈ লব পাৰে। এই সম্পর্কে অধিক তথ্যৰ বাবে সোঁফালে দিয়া লিংকসমূহ চাওঁক।

ভইছ হেল্পলাইন

তথ্যৰ প্রবাহ জনগণৰ বাবে সুলভ নহ’লে এনে তথ্যৰ কোনো মূল্য নাথাকে। অর্ধশিক্ষিত অথবা কম্পিউটাৰৰ জ্ঞান নথকা মহিলাসকলে মবাইল ফোনৰ দ্বাৰাও হেল্পলাইনৰ যোগেৰে তথ্য আহৰণ কৰিব পাৰে।

আমাৰ ভইছ হেল্পলাইন নম্বরঃ ০৯২০ ৪৭৯৩০৭৩

একেলগে কাম কৰো আহক!

আপুনিও যদি কোনো কমিউনিটি ভিত্তিক সংগঠনৰ পৰিচালনাৰ সৈতে জড়িত অথবা যদি আপুনি কোনো আর্তজনক সাহায্য প্রদান কৰা বেচৰকাৰী সংগঠনৰ সৈতে কাম কৰে, তেনেহলে আজিয়েই আমালৈ লিখক। আমি আপোনাৰ অভিজ্ঞতা সম্পর্কে জানিবলৈ অতিশয় আগ্রহী। বিহবানে কেনেকৈ আপোনাৰ কার্যত অৰিহণা যোগাব পাৰে সেই সম্পর্কেও আমালৈ লিখক।

Email Address : – info@vivhaan.com

বিহবান এক নন প্রফিট সংগঠন। বর্তমানে আমি বৃটিছ চৰকাৰৰ দ্বাৰা কেতবোৰ বিত্তীয় সাহায্য লাভ কৰিছোঁ। অনাগত দিনবোৰত আৰু অধিক অঞ্চল আৰু সম্প্রদায়ৰ মাজত কামকাজ সম্প্রসাৰণ কৰাৰ প্রতি আমি খুবেই আগ্রহী। এই ক্ষেত্রত আপুনিও আমাক বিত্তীয়ভাৱে সহায় কৰিব পাৰে।

PayPal  অথবা Just Givingৰ দ্বাৰা আপুনি অনলাইন দান বৰঙনি পঠাব পাৰে।

উৎস: বিহবান।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate