অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য মংগল

আমাৰ স্বাস্থ্য, কুশল-মংগল অথবা জীৱন ধাৰণৰ মান এক অতিশয় গুৰুত্বপূর্ণ বিষয়। জীৱনৰ সুখ- দুখ, স্বাস্থ্য, অগ্রগতি আদি বিভিন্ন দিশত ই প্রত্যক্ষভাৱে প্রভাৱ পেলায়। এই অংশত কেনেদৰে আমাৰ কমিউনিটি সহযোগী সকলে স্বাস্থ্য-সেৱা, ক্ষুদ্র ঋণ, শিক্ষা আদিৰ ক্ষেত্রত পৰামর্শ আৰু সাহার্য্য প্রদান কৰি  ব্যক্তি তথা কমিউনিটি সমূহক উপকৃত কৰিব পাৰে, সেই সম্পর্কে বিশেষ সামগ্রী যুগুতোৱা হৈছে।

কমিউনিটি সেৱা

–মহাত্মা গান্ধী

আপোনাৰ মনে বিচৰা জীৱন গঢ়াৰ ক্ষেত্রত আমাৰ সহযোগী সংগঠনসমূহে বিশেষ সহায় সহযোগিতা আগবঢ়াব পাৰে। আপোনাৰ চুবুৰীটোৰ ভিতৰতে কেনেকৈ সৰু-সুৰা ব্যৱসায় আৰম্ভ কৰিব পৰা যায়- এই সম্পর্কে পৰামর্শ অথবা নতুন কলা কৌশল শিকা আদিৰ ক্ষেত্রত আপুনি এই সংগঠনসমূহৰ সেৱা উপভোগ কৰিব পাৰে। সুধিবলৈ সংকোচ নকৰিব। আপোনাৰ অঞ্চলত সহজলভ্য সেৱাসমূহৰ বিষয়ে জানিবলৈ আপুনি মানচিত্রৰ প্রয়োগো কৰিব পাৰে।

স্বাস্থ্য-সেৱা

সুস্থ সমাজেই হৈছে সুখী সমাজ

আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাটো অতিশয় প্রয়োজনীয়। অৱশ্যে এইক্ষেত্রত আপুনি নিজকে অকলশৰীয়া বুলি নাভাবিব। আমাৰ সহযোগী সংগঠন- দৃষ্টি আৰু চেলভেছন আর্মিয়ে স্বাস্থ্য-সেৱা, শিক্ষা আৰু আপোনাৰ প্রয়োজনীয় সাহায্য প্রদান কৰে।

গর্ভধাৰণ, এইচ. আই. ভি/এইডছ, টি. বি.,  আৱশ্যকীয় পুষ্টি, ডায়েবেটিছ আদি বিভিন্ন প্রকাৰৰ বিষয় সম্পর্কে সজাগতা আৰু সাহায্য আহৰণ কৰাৰ ক্ষেত্রত এই সংগঠন সমূহে আপোনাক সহায় কৰিব যাতে আপুনি এক সুস্থ-সবল জীৱন উপভোগ কৰিব পাৰে। হৃদ-ৰোগ আৰু মানসিক ৰোগৰ ক্ষেত্রতো এই সংগঠনসমূহে আপোনাক সহায় সহযোগিতা আৰু পৰামর্শ আগবঢ়াব পাৰে।

কেৱল তেওঁলোকক ফোন কৰিলেই হ’ল!

দৃষ্টি-০৩৬১২২২৪৯৫৫, ০৩৬১২২২৪৯৫৫

চেলভেছন আর্মিঃ

ভাৰতীয় শাখা- ৯১(০)৩৩২২২৭৫৭৮০,

বাংলাদেশ শাখা- (৮৮০)(২)৮৪১১৭৫৫/৬

দৃষ্টি ক্ষুদ্র উদ্যোগ ঋণ

উদ্দেশ্যঃ এই ঋণ কেৱল স্ব-নিয়োজিত ব্যক্তিৰ বাবেহে। এই ঋণৰ ব্যৱহাৰ সংশ্লিষ্ট ব্যক্তিৰ ব্যৱসায় চলাবৰ বাবেহে কৰা হ’ব।

সাহায্য লাভ কৰিব পৰা কেতবোৰ প্রধান ব্যৱসায়ঃ

সাধাৰণ আৰু বিশেষ বেচা-কিনাঃ

এই ধৰণৰ ব্যৱসায় সমূহত পণ্যৰ সাধাৰণ ক্রয় আৰু বিক্রয় কৰা হয়। ব্যৱসায়ীয়ে পকা মাল ক্রয় কৰে আৰু সিবিলাকৰ পুনঃ বিক্রয় কৰে। এই যাতীয় ব্যৱসায়ৰ উদাহৰণ হৈছে যেনে-শাক পাছলি, মাছ-মাংস, ফল-মূল, ৰেডিমেড কাপোৰ, কছমেটিক, সস্তীয়া মালা-গহণা, ঘড়ী, গেলামাল ইত্যাদিৰ দোকান।

সেৱা প্রদান কৰা ব্যৱসায়ঃ

এই যাতীয় ব্যৱসায় সমূহত এক নির্দিষ্ট পৰিমাণৰ মাছুলৰ বিনিময়ত সেৱা আগবঢ়োৱা হয়; যেনে-বিউটী পার্লাৰ, নাপিতৰ কাম, গাড়ী মেৰামতি, মেকানিক, কম্পিউটাৰ তথা বৈদ্যুতিক সামগ্রীৰ মেৰামতি, সৰু-সুৰা প্রশিক্ষণ কেন্দ্র ইত্যাদি।

ক্ষুদ্র যাতায়াত সেৱাঃ

এই ব্যৱসায়ৰ অন্তর্গত মানুহ অথবা সা-সামগ্রী এঠাইৰ পৰা আন ঠাইলৈ নিয়া ইত্যাদি কামসমূহ ধৰা হয়। উদাহৰণ-ৰিক্সা, ঠেলা, টেম্পু, অট’ৰিক্সা সেৱা ইত্যাদি।

সৰু-সুৰা সামগ্রীৰ নির্মাণ, চিলাই ইত্যাদিঃ

কাপোৰ চিলোৱা, বেগ চিলোৱা, চামৰাৰ কাম, হস্ত-শিল্প, আঁচ-বাব, চকী-মেজ নির্মাণ কৰা কাম, কাঁহী-বাতি তৈয়াৰ কৰা ইত্যাদি কামসমূহ এই ব্যৱসায়ৰ অন্তর্গত ধৰা হয়।

সৰু-সুৰা খাদ্য প্রস্তুতকৰণঃ

এই ধৰণৰ কামসমূহ সাধাৰণতে কমিউনিটি অথবা গৃহ ভিত্তিক হোৱা দেখা যায়। এই যাতীয় ব্যৱসায়ৰ উদাহৰণ হৈছে- সৰু-সুৰা ৰেষ্ট’রাঁ, ধাবা, আচাঁৰ, পাপৰ, জাম, মিঠাই, ফলৰ ৰস, বটলত সংৰক্ষিত ফল-যাতীয় সামগ্রী, মছলা চাটনি ইত্যাদি প্রস্তুত কৰা অথবা পৰিবেশন কৰা দোকান, বেকাৰী ইত্যাদি।

হাঁহ-কুকুৰা ইত্যাদিৰ পোহ-পালন তথা অন্যান্য কৃষি সম্পর্কীয় ব্যৱসায়ঃ

এই যাতীয় কামসমূহো কমিউনিটি অথবা গৃহ ভিত্তিক হোৱা দেখা যায়। এনে ব্যৱসায়সমূহৰ উদাহৰণ হৈছে-হাঁহ-কুকুৰা পালন, কণী, মাংস ইত্যাদিৰ উৎপাদন, গৰু-ম’হ-ছাগলী ইত্যাদি পশু পালন, ধান বটা মিল, বীট, কাঠআলু প্রস্তুতকৰণ ইত্যাদি।

ঋণৰ বাবে যোগ্যতাৰ মানদণ্ডঃ

কমেও তিনি বছৰ ধৰি স্ব-নিয়োজিত হৈ থকা যিকোনো ব্যক্তি।

ঋণ পৰিশোধৰ সময়ত ৬০ বছৰতকৈ কম তথা ২১ বছৰতকৈ অধিক বয়সৰ ব্যক্তি।

সংশ্লিষ্ট ব্যক্তিজন অঞ্চলটোৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

ব্যক্তিজনৰ বিৰূদ্ধে কোনো পুলিচ অভিযোগ, অপৰাধ বা প্রতাৰণাৰ ৰেকর্ড থাকিব নালাগিব।

বাসস্থানঃ

ব্যক্তিজন একে ঠাইতে কমেও ৫ বছৰ ধৰি থকা হ’ব লাগিব। বাসস্থানৰ ঠিকনা কে.অ’ তথা এম.এফ.আইৰ দ্বাৰা পৰীক্ষা কৰোৱাই প্রমাণিত কৰি ল’ব লাগিব। ঠিকনাৰ প্রমাণ বাসস্থানৰ ঠিকনাৰ সৈতে অনুৰূপ হ’ব লাগিব।

যদিহে ব্যক্তিজনে একে ঠাইতে ৫ বছৰতকৈ কম সময় ধৰি বাস কৰিছে, তেনেহলে সেই বাসস্থান ব্যক্তিজনৰ মাতৃ-পিতৃ অথবা তেওঁৰ নিজা সম্পত্তি হ’ব লাগিব। কে.অ’ তথা এম.এফ.আইৰ দ্বাৰা এয়া প্রমাণিত কৰি ল’ব লাগিব।

ফোন মানদণ্ডঃ

ঋণ লোৱা ব্যক্তিজনৰ ঘৰত তথা কার্যস্থলীত লেণ্ডলাইন অথবা মবাইল ফোন থাকিব লাগিব। লেণ্ডলাইন ফোনৰ ক্ষেত্রত যদিহে বাসস্থান আৰু কার্যস্থলীৰ ফোন নম্বৰ একে হয়, তেনেহলে সেয়া কেৱল বাসস্থানৰ নম্বৰ বুলি ধৰা হ’ব। লেণ্ডলাইন ফোনৰ শেহতীয়া বিল প্রমাণ হিচাপে জমা কৰিব লাগিব। ব্যক্তিজনে জমা কৰা সকলো ফোন নম্বৰত ফোন কৰি সেয়া যে প্রকৃততে তেওঁৰেই ফোন নম্বৰ, সেয়া পৰীক্ষা কৰি লোৱা হ’ব।

এলেকা নির্বাচন

কিঅ’স্ক(kiosk) অধিকাৰী সকলে তেওঁলোকৰ কিঅ’স্কৰ ৫ কি.মি. ব্যাসার্ধৰ ভিতৰতহে ঋণ দিব পাৰিব। এয়া অতিশয় জৰুৰী কিয়নো এনে ক্ষেত্রত ঋণ লোৱা ব্যক্তিজনে সহজতে ঋণ পৰিশোধ কৰিবলৈ অথবা অন্যান্য প্রয়োজনত সহজতেই কিঅ’স্ক আহি উপস্থিত হ’ব পাৰিব । এনে পৰিস্থিতিত কিঅ’স্ক অধিকাৰী জনেও সহজতে ঋণ লোৱা ব্যক্তিসকলৰ লগত নিয়মীয়াকৈ যোগাযোগ ৰাখিব পাৰিব। ৫ কি.মি ৰ ভিতৰত বহুতো অঞ্চল অন্তর্ভূক্ত হৈ পৰে। সেয়েহে কিঅ’স্ক অধিকাৰীজনে তেওঁৰ অগ্রাধিকাৰ ঠিক কৰি লোৱা উচিত যাতে এবাৰত একোখনকৈ গাওঁ অন্তর্ভূক্ত কৰিব পৰা যায়। প্রথমতে তেওঁৰ চিনাকী গাওঁখনৰ পৰাই আৰম্ভ কৰা উচিত। সাধাৰণতে এইখনেই তেওঁৰ জন্মস্থান হোৱাও দেখা যায় যত তেওঁ শৈশৱৰ পৰা ডাঙৰ-দীঘল হৈছিল। এই গাওঁখনত ঋণৰ চাহিদা শেষ হোৱাৰ সময়তহে আন গাঁৱলৈ যোৱা উচিত। ঋনলোৱা ব্যক্তিসকলৰ মাজত অনানুষ্ঠানিকভাৱে গাওঁ ভিত্তিক নেটৱর্ক গঢ়ি লোৱাৰ যোগেদি সতীর্থ প্রেছাৰৰ কেতবোৰ নীতিৰ প্রয়োগো কৰিব পৰা যায়। অন্যান্য এম এফ আইৰ সফলতাৰ আরঁত থকা সতীর্থ প্রেছাৰৰ কেতবোৰ বিশেষ নীতি এইক্ষেত্রত দৃষ্টান্তমূলক হ’ব পাৰে। ঋণদানৰ ভৌগলিক আঁচনি গঠনৰ দ্বাৰা অহা যোৱা করোঁতে খৰছ হোৱা বহুমূল্য সময়ো ৰাহি কৰিব পৰা যায় আৰু ঋণলোৱা ব্যক্তিসকলৰ সৈতেও বঢ়িয়াকৈ যোগাযোগ ৰাখিব পৰা যায়।

উৎস: বিহবান।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate