অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষষ্ঠ অনুসূচী, স্বায়ত্তশাসন ব্যৱস্থা আৰুজিলা পৰিষদৰ ৰূপকাৰ নিকল্‌ছ ৰয়

ষষ্ঠ অনুসূচী, স্বায়ত্তশাসন ব্যৱস্থা আৰুজিলা পৰিষদৰ ৰূপকাৰ নিকল্‌ছ ৰয়

জনজাতীয় মানস-পটৰ চিৰনমস্য ব্যক্তি এগৰাকীৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ৷ ‘স্বায়ত্তশাসিত পৰিষদৰ পিতৃ’ সন্মানেৰে বিভূষিত এইগৰাকী সফল জননেতাক ‘জিলা পৰিষদৰ জনক’ বুলি কোৱা হয়৷ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলৰ আশা-আকাংক্ষা পূৰণৰ কাৰণে থকা দেশৰ সাংবিধানিক যন্ত্ৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ মূল খনিকৰ হৈছে এই অভিজ্ঞ ৰাজনীতিজ্ঞজনেই৷ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ ‘সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষ’ হিচাপে সুপৰিচিত৷ হৰিজনসকলৰ অধিকাৰৰ বাবে নিৰলসভাৱে যুঁজ দি আম্বেদকাৰ হৈ উঠিছিল উক্ত সমাজৰ এজন বিশ্বাসী নেতা৷ আৰু পিছলৈ ভাৰতীয় সংবিধান প্ৰস্তুতকাৰী তন্ত্ৰটোত মুখ্য ভূমিকা লৈছিল৷ তদনুৰূপ, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাৰ জনজাতিসমূহৰ উপকাৰৰ হকে কাম কৰা এগৰাকী নায়কৰ সংগ্ৰামৰ পৰিণতিত সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বীকৃতি দিলে স্বায়ত্তশাসিত পৰিষদক৷ এইটো সত্য যে জনজাতিৰ কল্যাণাৰ্থে কায়-মনো-বাক্যে, ক্লান্তিহীনভাৱে আত্মনিয়োগ কৰা এই জননেতাগৰাকীৰ তুলনাত অদ্যাপি অন্যৰ উদাহৰণ বিৰল৷ যথাৰ্থতেই, দেশৰ সংবিধান ৰচনাৰ ইতিহাসত এইগৰাকী মহানায়ক হৈ ৰ’ল ‘স্বায়ত্তশাসিত জিলা পৰিষদৰ স্থপতি’ অভিধাৰে সালংকৃত হৈ৷ উত্তৰ-পূবৰ পাৰ্বত্য অঞ্চলৰ এই সুযোগ্য প্ৰতিনিধিজনে জনজাতীয় লোক-কৃষ্টিৰ ৰক্ষণাবেক্ষণ আৰু সিবিলাকৰ বিকাশৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি গৈছে৷ সমগ্ৰ উত্তৰ-পূব অঞ্চলটোলৈ সুদূৰপ্ৰসাৰী ৰাজনৈতিক পৰিৱৰ্তন কঢ়িয়াই অনা পৰ্বত-নিবাসী এই মহান নেতাগৰাকীৰ নাম ৰেভাৰেণ্ড জেমছ জয় মোহন নিকল্‌ছ ৰয়, সংক্ষেপে নিকল্‌ছ ৰয়৷

এক দুৰ্লভ ব্যক্তিত্বৰ অধিকাৰী, আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ এজন, নিকল্‌ছ ৰয় আছিল বুদ্ধি আৰু হৃদয়ৰ ফালৰ পৰা অতি উচ্চতৰ গুণসম্পন্ন এগৰাকী বিশিষ্ট নেতা৷ ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তকৰণৰ কল্পনা, পৰিকল্পনা আৰু সফলতাত তেখেতৰ অৱদানেই সৰ্বোচ্চ৷ জনজাতীয় মানসত স্বায়ত্তশাসনৰ অৱধাৰণাৰ প্ৰচলক আৰু প্ৰতিষ্ঠাতা আছিল খাচিয়া জনজাতীয় দেশপ্ৰেমিক তথা হাড়ে-হিমজুৱে ভাৰতীয় জাতীয়তাবাদী এই প্ৰকৃত ৰাষ্ট্ৰনেতাগৰাকী৷ উল্লেখযোগ্য যে সংবিধান সভাই ১৯৪৯চনৰ ২৬নবেম্বৰত গ্ৰহণ কৰা সংবিধানৰ ষষ্ঠ অনুসূচীৰ খচৰা প্ৰস্তুত কৰোঁতাজন আছিল নিকল্‌ছ ৰয়৷ সিয়েই পিছত প্ৰণেতাসকলৰ দ্বাৰা সম্পাদিত আৰু পৰিমাৰ্জিত হৈ মূল সংবিধানত অন্তৰ্ভুক্তি লভিছিল৷ আনহাতে এয়া সৰ্বজনজ্ঞাত যে ষষ্ঠ অনুসূচীয়ে অসমৰ পাৰ্বত্য জনসাধাৰণক দিয়া অধিকাৰৰ ভিত্তিতে স্বায়ত্তশাসিত জিলা পৰিষদ গঢ়ি তোলা হৈছিল৷ ষষ্ঠ অনুসূচীৰ অন্তৱৰ্তী সাংবিধানিক ব্যৱস্থা হিচাপেই জিলা পৰিষদে এক বিশেষ ধৰণৰ শাসন-ধাৰা পৰিচালনা কৰাৰ অৰ্থে পৰ্যাপ্ত পৰিমাণৰ ৰাজনৈতিক ক্ষমতা আৰু কৰ্তৃত্বৰে শক্তিমন্ত হৈ লক্ষ্যপথত অগ্ৰসৰ হৈছে৷

ভাৰতীয় সংবিধান গঢ়ি তোলাৰ প্ৰক্রিয়াত এইগৰাকী সংগঠকৰ ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ৷ ১৯৪৬চনৰ সংবিধান সভাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা ১০জনীয়া সভ্যৰ মাজত নিকল্‌ছ ৰয়ো এজন আছিল৷ নিজৰ বক্তব্যত তেখেতে অসমৰ পাৰ্বত্য অঞ্চলৰ বাবে এক উচ্চমানসম্পন্ন স্বায়ত্ত শাসন প্ৰৱৰ্তনৰ হকে আত্মনিয়োগ কৰাৰ সংকল্প সদৰি কৰিছিল৷ সেয়াই আছিল কৰ্মযজ্ঞৰ আৰম্ভণি৷ ১৯৪৯চনৰ ৬ছেপ্তেম্বৰত দিল্লীত তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৌৰোহিত্যত বহা সংবিধান সভাৰ বৈঠকত ‘ভাৰতীয় খচৰা সংবিধানৰ ষষ্ঠ অনুসূচী’শীৰ্ষক আলোচনাত বিশ্বজনীন ভাতৃত্ববোধৰ ভাবনাৰে উদ্বুদ্ধ হৈ খাচিয়া সমাজৰ পৰা অহা, পৰ্বতৰ অধিবাসী আৰু অসম তথা পৰ্বতীয়া ৰাইজৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিনিধিজনে সজোৰে চিঞৰিছিল : মই বিচাৰোঁ সাৰ্বজনীন ভাতৃত্ববোধ৷ মই ইয়াক সমগ্ৰ ভাৰততে বিচাৰোঁ আৰু জনজাতি সমাজৰ লোকসকলৰ মাজতো বিচাৰোঁ৷ ... সকলো মানুহক সমান স্তৰলৈ দাঙি ধৰাৰ উচ্চ আদৰ্শৰ কথা মনত ৰাখিয়েই মই এই কথা কৈছোঁ৷ ... ভাৰতেই আমাৰ দেশ৷ সুস্পষ্ট বাগ্মিতা, বুদ্ধি, বহল দৃষ্টিভংগী, দায়বদ্ধতাৰ ভাব নিসৃত বক্তৃতাৰ সুবাদতে নিকল্‌ছ ৰয় হৈ পৰিল ষষ্ঠ অনুসূচীৰ পৰিকল্পনাৰ প্ৰধান কাৰিকৰ৷ তেখেতৰ জাতীয়তাবাদী প্ৰকৃতি, অসাধাৰণ দূৰদৃষ্টি, অৱস্থাৰ বাস্তৱ পৰিস্থিতি সম্বন্ধে থকা সম্যক জ্ঞানৰ জৰিয়তে সেই সময়ত উদ্ভৱ হোৱা কেতবোৰ অনাকাংক্ষিত আৰু মূলতঃ বিভাজনকামী ষড়যন্ত্ৰ সমুলঞ্চে ব্যৰ্থ কৰি পেলোৱা হৈছিল৷ ফলত ভাৰতৰ অখণ্ডতা অটুট থাকিল, পাৰ্বত্য অঞ্চল ভাৰতৰ অংগ হৈয়ে ৰ’ল৷ অন্যথা ভাৰতবৰ্ষৰ মানচিত্ৰই ৰূপ সলালেহেঁতেন৷
পাৰ্বত্য জনজাতীয় সমাজৰ অনুভৱী জ্ঞান আৰু মনস্তাত্ত্বিক অনুভূতিৰে পুষ্ট হৈও দেশপ্ৰেম সম্বন্ধে নিকল্‌ছ ৰয়ৰ ধাৰণা জনজাতীয় সমাজ-জীৱনৰ নিৰ্দিষ্ট গণ্ডীৰ বাহিৰত আছিল৷ তেখেত আছিল বিশ্বজনীনতা আৰু মানৱ ভাতৃত্বৰ মাধ্যমেৰে সকলো মানুহক একে সমান স্তৰলৈ তুলি অনাৰ উচ্চ আদৰ্শৰ ঘোৰ সমৰ্থক৷ পাৰ্বত্য অঞ্চলৰ অধিবাসী হোৱাৰ সূত্ৰে ইয়াৰ ৰাজনৈতিক বাস্তৱতাৰ প্ৰতি সজাগ এই নেতাজনে নিজা পন্থা অনুসাৰে নিজৰ উন্নতি সাধনৰ মত পোষণ কৰিছিল৷ ৰাষ্ট্ৰীয় স্তৰত স্বায়ত্তশাসিত জিলাৰ হকে কৰা ওকালতিৰ অন্তৰালত দৰাচলতে সমগ্ৰ দেশৰ সম-হিত সাধন কৰাই তেখেতৰ অন্তৰৰ উদ্দেশ্য আছিল৷

স্বায়ত্তশাসনৰ সমৰ্থক গোপীনাথ বৰদলৈ, অনুসূচিত জাতি-জনজাতিৰ স্বাৰ্থৰ হকে কাম কৰা নেতা ডক্টৰ বি. আৰ. আম্বেদকাৰ, সংবিধানৰ অন্যতম প্ৰণেতা জয়পাল সিঙৰ সৈতে নিকল্‌চ ৰয়ৰ যোগসূত্ৰ আছিল অতি শক্তিশালী৷ জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, লৰ্ড মাউণ্টবেটেন আদিৰ সৈতেও তেখেতে আলোচনাত মিলিত হৈছিল৷ নৃগোষ্ঠীয় তথা ৰাষ্ট্ৰীয় সচেতনতাৰে জনগণৰ সেৱাত তেখেতে নিজকে উচৰ্গা কৰিছিল এক সন্তুলিত মনোভাবেৰে৷

এগৰাকী তীক্ষ্ণধী আৰু দক্ষ সাংসদ হিচাপে প্ৰাদেশিক বিধান সভাৰ উপৰি সংবিধান সভাৰ কাৰ্যক্রমণিকাত নিকল্‌ছ ৰয়ে ঐতিহাসিক অৱদান যোগাই গৈছে৷ সংবিধান সভাত জিলা পৰিষদৰ ক্ষমতা আৰু কৰ্তৃত্বৰ সম্বন্ধে স্পষ্ট আৰু প্ৰাঞ্জল ভাষাৰে তেখেতে অতিশয় পতিয়নযোগ্য কথা কৈছিল৷ বুদ্ধিজীৱী, চিন্তাবিদ, লেখক; সৰ্বোপৰি, অধ্যয়নশীল হোৱাৰ বলতে  প্ৰত্যয়জনক ব্যাখ্যা দাঙি ধৰি জনগণৰ স্বাৰ্থৰ হকে পক্ষপাতিত্বহীনতাৰে নিৰ্ভয়ে মাত মাতি যাব পাৰিছিল৷ বিধান সভাতো তেখেতে ভালেকেইখন বিধেয়ক প্ৰস্তুত কৰি গৈছে৷

নিকল্‌ছ ৰয় আছিল মূল্যবোধ আৰু নৈতিকতাত অচল-অটল, সুৰাপানবিৰোধী, সততাসম্পন্ন এজন সুদক্ষ ৰাজনীতিক আৰু তেজস্বী বক্তা৷ ইয়াৰোপৰি যুৱচামৰ চৰিত্ৰ সম্পৰ্কে অহৰহ চিন্তিত এজন প্ৰচণ্ড শক্তিমান পুৰুষ; সমস্যাৰ প্ৰতি গভীৰ মনঃসংযোগসম্পন্ন, পৰিশ্ৰমৰ প্ৰতি নিষ্ঠাৱান, ব্যক্তিগত জীৱনত কঠোৰভাৱে শৃংখলিত লোক৷ অন্যায় প্ৰচেষ্টাৰ বিৰুদ্ধাচৰণকাৰী, গান্ধীবাদী অহিংস পন্থাৰ সমৰ্থক, নৈতিকতাভিত্তিক ৰাজনীতিৰ সমৰ্থনকাৰী নিকল্‌ছ ৰয়ৰ নাম এসময়ত আনকি ৰাজ্যৰ মুৰব্বী পদৰ কাৰণেও আলোচিত হৈছিল৷

পাৰ্বত্য জনজাতিৰ সাংস্কৃতিক আৰু ৰাজনৈতিক আকাংক্ষাক নিকল্‌ছ ৰয়ে বিচক্ষণতা আৰু সহানুভূতিৰে চম্ভালিব পাৰিছিল৷ গভীৰ উৎসৰ্গাৰ মনোভাবেৰে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া এলেকা আৰু অসম উপত্যকাৰ ভৈয়ামৰ মানুহখিনিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে একতা স্থাপনৰ অৰ্থে তেখেতে কথাই-কামে সমানে লাগিছিল৷ অঞ্চলটোৰ ভূমিপুত্ৰসকলৰ স্বকীয় বিশেষত্বৰ সংৰক্ষণক লৈ মূৰ ঘমোৱা, স্থানীয় লোকসকলৰ কাৰণে কাম কৰি যোৱা তেখেত এজন অক্লান্ত কৰ্মী৷ আন কথাত, পৰ্বতীয়া লোকসকলৰ প্ৰধান যোদ্ধা; যাৰ ওপৰত পাৰ্বত্য অঞ্চলৰ মানুহে গভীৰ আস্থা ৰাখিছিল৷ নিকল্‌ছ ৰয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে পাহাৰ-ভৈয়ামৰ জনজাতি-অজনজাতি, সকলো থলুৱা লোকৰ উন্নতিৰ লগত এই অঞ্চলৰ ভৌগোলিক পৰিৱেশ, উমৈহতীয়া অভিজ্ঞতা আৰু বুৰঞ্জীৰ অংগাংগী সম্পৰ্ক আছে৷ গতিকে এক উন্নত কৃষ্টি আৰু এক ওখ খাপৰ চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত একাত্মকৰণৰ প্ৰচেষ্টাৰ দ্বাৰাহে অঞ্চলটোৰ সামূহিক প্ৰগতি সম্ভৱ৷ মন কৰিব লগীয়া যে নিকল্‌ছ ৰয়ৰ বাবেই পৰ্বতীয়া অধিবাসীসকলে কাৰো লগ নহৈ ভাৰতৰ লগতে থাকি নিজৰ ভাগ্য নিজে নিৰ্ধাৰণ কৰিবলৈ ঠিক কৰিলে৷ এইজন ৰাষ্ট্ৰনায়কৰ অবিৰত প্ৰচেষ্টাতেই ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীয়ে স্থান পালে, স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ল, ‘জিলা পৰিষদে’ জন্ম লভিলে৷

আব্দুছ চাজিদ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate