অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সহায়িকা শিশু নিৰ্দেশন কেন্দ্ৰ

সহায়িকা শিশু নিৰ্দেশন কেন্দ্ৰ

শাৰিৰীক আৰু মানসীক বাধ্যগ্ৰস্ত্ৰ হৈ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহন কৰা এটি শিশু।নাম চন্দন ৰাজবংশী।দেউতাকে চাহ বিক্ৰি কৰে।পৰিয়ালৰ আৰ্থিক দীনতা তথা নিজৰ বাধাগ্ৰস্ততাক জয় কৰি চন্দনে কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সন্মান।২০১২ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত “ৱৰ্লড স্পেচিয়েল অলিম্পিকত ভাৰতৰপৰা প্ৰ্তিনিধিত্ব কৰা চন্দনে বচি নামৰ বিশেষ খেলত দুটা ৰুপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।এই চন্দনৰ সক্ষমতাৰ আৰতঁ আছে এখন বিদ্যালয়।বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰিৰ চেষ্ঠা আৰু অনুপ্ৰেৰনাৰ ফলতে চন্দনে এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।শেহতীয়াভাবে চন্দন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত “ফ্লৰ বল” নামৰ খেলবিধৰ অংশগ্ৰহন কৰাৰ বাবে ৰাজস্থানত কচিং কৰাৰ বাবে নিৰ্বাচিত হৈছে।মানসিক বাধাগ্ৰস্ততাক নেওচি সফল জীৱন-যাপন কৰি থকা এনে অলেখ ছাত্ৰৰ কাহিনীৰে ভৰি আছে এই বিদ্যালয়খন।বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা ৰতন নাথ বৰ্তমান এজন কাঠমিস্ত্ৰি।সেইদৰে বিদ্যালয়খনৰ এসময়ৰ ছাত্ৰ হিমান বৰুৱা,হিতেশ ডেকা আৰু জেছ্মিন বেগম শিল্পি হিচাপে পৰিচিত লাভ কৰিছে।আকৌ ছানী আলীয়ে দৰ্জী ইন্দেশ্বৰ বড়োবে মেকআপ আৰ্টিষ্ট,প্ৰভা চৌহানে দৰ্জী হিচাপে প্ৰ্তিষ্ঠা লাভ কৰিছে।

শাৰীৰিক আৰু মানসীকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ বিকাশ আৰু উৎকৰ্ষ সাধনৰ বাবে কাম কৰি থকা গুৱাহাটীৰ বামুনীমৈদামত থকা বিদ্যালয়খনৰ নাম সহায়িকা শিশু নিৰ্দেশন কেন্দ্ৰ।গুৱাহাটীৰ মনোৰোগ বিশেষজ্ঞ কল্পনা বেজবৰুৱাৰ চেষ্ঠাত ১৯৮৬ চনৰ ২ চেপ্তম্বৰত এই কেন্দ্ৰটো গঢ় লৈ উঠিছিল।প্ৰথমতে কেন্দ্ৰটোৰ কাম-কাজ হেদায়েৎপুৰত থকা অসম প্ৰাদেশীক মহিলা সমিতীৰ কাৰ্য্যলয়ৰপৰা চলোৱা হৈছিল।পিছত ১৯৯১ চনত বামুনীমৈদামত থকা চৰকাৰী ছপাশালৰ সমীপত থকা এটা ঘৰ ভাৰালৈ লৈ কেন্দ্ৰৰ কাম-কাজ চলাই নিয়াৰ ব্যৱস্থা কৰা হয়।প্ৰথমে এজন ছাত্ৰৰে আৰম্ভ কৰা বিদ্যলয়খনত পিছলৈ ৪০-৫০ জন ছাত্ৰ হয়।পিছলৈ ৰাজ্য চৰকাৰে বিদ্যালয়খনত পুনৰ স্ংস্থাপন কেন্দ্ৰ স্থাপন কৰাৰ বাবে লংকেশ্বৰ ৩৭ ন্ং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটুকুৰা মাটি দিয়ে।তদানীন্তন উচ্চায়ুক্ত কুলদীপ নায়াৰ,ইন্দ্ৰমনি বৰা আৰু একাংশ সাংসদে আগবঢ়োবাৰ ধনেৰে কেন্দ্ৰটো নিৰ্মান কৰা হয়।আৰম্ভনিতে লংকেশ্বৰ থকা কেন্দ্ৰটোৰ জৰিয়তে কাপোৰ বোৱা,কাপোৰ চিলাই কৰা,স্ক্ৰীন পেইটিং ছবি অকাঁ,সংগীত শিকা যোগ কৰা আদি কামবোৰ কৰা হৈছিল।কিন্ত ২০০৭ চানত বিদ্যালয়খনৰ অধ্যাক্ষা কল্পনা বেজবৰুৱা অসুস্থ হৈ পৰাৰ পিছত বিদ্যালয়খন গুৰিয়ালহীন হৈ পৰে।অধ্যাক্ষা বেজবৰুৱা বিদ্যালয়ৰ্খনৰ লগত ওতপ্ৰোতভাৱে জড়িত হোৱাৰপৰা আতঁৰি থাকিবলগীয়া হোৱাত বিদ্যালয়খনত খাম-খেমালি আৰম্ভ হয়।তাৰ লগে লগে লংকেশ্বৰত থকা পুনৰ স্ংস্থাপন কেন্দ্ৰটোৰ সকলো সামগ্ৰী এদিন চুৰি হয়।বেজবৰুৱা অৱৰ্তমানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকল মিলি কেইবছৰমান বিদ্যালয়খন চলায় যদিও ধনৰ অভাৱত বিদ্যালয়খন বন্ধ হোৱাৰ উপক্ৰ্ম হয়।ছাত্ৰ ছাত্ৰীৰ স্ংখ্যাও কমি আহে।পিছত গুৱাহাটীৰ স্থানীয় বাসিন্দা সুবোধ শৰ্মাই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব লয়।আকৌ ইস্পিতা শৰ্মাই বিদ্যালয়খনৰ অধ্যাক্ষাই দায়িত্ব লয়।তাৰপিছৰে পৰা বিদ্যালয়খনৰ অৱস্থা কিছু ভালকৈ আহে।এই সন্দৰ্ভত অধ্যক্ষা শৰ্মাই কয় যে বিদ্যালয়খনৰ আৰ্থিক অৱস্থাৰ জোৰ-টোপালি মাৰিবলৈ বিদ্যালয়খনৰ ছাত্ৰ আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে হাতেৰে বনোৱা বিভিন্ন সামগ্ৰী বিক্ৰি কৰাৰ ব্যৱস্থা কৰা হয়।লগতে কিছুমান ব্যক্তিৰপৰা আৰ্থিক সহায়ো লোৱা হয়।পিছত চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰা হয়।এই সকলোখিনি বিদ্যালয়খনৰ পুনুৰুজ্জীবিত কৰা হয় বুলিও অধ্যাক্ষা শৰ্মাই প্ৰকাশ কৰে।তেওঁ জনায় যে লংকেশ্বৰত থকা কেন্দ্ৰটোলৈ অহা-যোৱা কৰা পথটোৰ দুৰৱস্থা আৰু খোৱাপানীৰ অভাৱৰ বাবে কেন্দ্ৰটো পুনৰ আৰম্ভ কৰিব পৰা নাই।ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ সময়ত কেদ্ৰ্টোৰ প্ৰৱেশ পথটো নষ্ট হৈ গৈছিল।এই পথটো সুচল কৰি নিৰ্মান কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক সহায়িকাৰ তৰফৰপৰা আবেদন কৰা হৈছে বুলিও শৰ্মাই জনায়।বৰ্তমান বিদ্যালয়খনৰ মানসিকভাবে বাধাগ্ৰস্ত্ৰ কানেৰে কম শুনা আৰু অটিষ্টিক স্পেকট্ৰাম ডিছ অৰ্দাৰ ভোগ্য ৩৫ গৰাকী ছাত্ৰ আৰু ১৭ গৰাকী প্ৰ্শিক্ষনপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী আছে।তেওঁ প্ৰকাশ কৰে যে বিদ্যালয়খনত দুখীয়া পৰিয়ালৰ ছাত্ৰই অধ্যয়ন কৰে।সেয়ে ছাত্ৰৰপৰা মাচুল যথেষ্ঠ কম লোৱা হয়।ইয়াৰ বাবেই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল ভালকৈ দৰমহা দিব পৰা হোৱা নাই।সেয়েহে চৰকাৰৰপৰা সহায় বিচাৰি সহায়িকাই সমাজ কল্যান বিভাগক আবেদন জনাইছে।কিন্ত এই ক্ষেত্ৰত বিভাগৰপৰা কোনো সঁহাৰি পোৱা নাই।এনেদৰেই আৰ্থিক দীনতাৰ মজেৰেই এই বিদ্যালয়খনে সমাজৰ মানসিক আৰু শাৰীৰিক বাধাগ্ৰস্ত শিশুসকলৰ বাবে কাম কৰি আছে।

ভৱেশ মেধি।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate