অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

ভাৰতবৰ্ষ এখন বিশাল দেশ। এই দেশখনক সৱল, স্বচ্ছ হিচাপে গঢ়ি তুলিব লাগিব আমি ভাৰতবাসীয়ে। স্বচ্ছই মানুহৰ মানসিক বিকাশত সহায় কৰে।

পোন প্ৰথমতে আমি মানুহ খিনিয়ে পৰিৱেশ নিকা কৰিব লাগিব। আজি আমাৰ ভাৰতবৰ্ষত বহু ধৰণেৰে পৰিৱেশ বিনষ্ট অৰ্থাৎ প্ৰদূষণ ঘটিবলৈ ধৰিছে। ইয়াৰ মূলতে এই প্ৰদূষণ মানুহখিনিয়ে ধ্বংস কৰিব পাৰে। যদিহে প্ৰত্যেক ঘৰৰ মানুহে নিজৰ নিজৰ ঘৰৰ আৱৰ্জনাবোৰ ৰাস্তাই ঘাটে নেপেলাই ঘৰৰ গোটৰ ওচৰত ডাষ্টবিন ব্যৱহাৰ কৰি ডাষ্টবিনত অলাগতিয়াল আৱৰ্জনাবোৰ পেলাই আৰু সেইবোৰ জিএমচি ক নিবলৈ অনুমতি দিয়ে। লগতে আজিকালি প্ৰায়ভাগ চৰকাৰী বিদ্যালয়বোৰৰ চৌহদ লেতেৰা হৈ থকা দেখা যায়। যদি আমি ছাত্ৰ-ছাত্ৰীবিলাকে নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খনো পৰিষ্কাৰ পৰিচন্নতা কৰি ৰাখিব পাৰো। আমি যদি বিদ্যালয়ৰ চৌহদত পেকেট আৰু বিভিন্ন ধৰণৰ আৱৰ্জনাবোৰ ডাষ্টবিন ব্যৱহাৰ কৰি তাত পেলোৱাৰ ব্যৱস্থা কৰো তেতিয়া হয়তো প্ৰায়বিলাক বিদ্যালয় এখন ধুনীয়া স্বচ্ছ হিচাপে পৰিচিত হ’ব। ল’ৰা-ছোৱালীৰ মানসিক বিকাশ বৃদ্ধি হ’ব। বেমাৰ-আজাৰৰ পৰা হাত সাৰিব।

আজিকালিৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে পুখুৰী, নদী বা নলা আদিত আৱৰ্জনাবোৰ পেলোৱা দেখা যায়। যাৰ ফলত নলা-নৰ্দমাবোৰ বন্ধ হয় আৰু পানী প্ৰদূষণ হয়। নলা-নদৰ্মবোৰ বন্ধ হৈ যোৱাৰ ফলত বাৰিষা কালত আমাৰ দেশখনত বানপানী হোৱা দেখা যায়। এই বানপানীৰ ফলত হাজাৰ- হাজাৰ গছ-গছনি, ঘৰ-দুৱাৰৰ লগতে মানুহ, জীৱ-জন্তুৰো বিশেষ ক্ষতি সাধন হয়। গতিকে এই বানপানী ৰোধ কৰিবলৈ নলা-নদৰ্মা, নদী আদি স্বচ্ছ হোৱা উচিত। সকলো নিজৰ নিজৰ ঘৰবোৰ সাঁজোতে নলা-নদৰ্মাৰ ব্যৱস্থা কৰাটো অতিকৈ প্ৰয়োজন। আমাৰ এই নগৰবোৰৰ ৰাস্তাত দেখা যায় যে বিশাল আৱৰ্জনাবোৰৰ দ’ম হৈ থাকে যাৰ ফলত বায়ু প্ৰদূষণ হয় আৰু ৰাস্তাৰে যোৱা মানুহবোৰ অহা-যোৱা কৰিব নোৱাৰা হয় আৰু হয়তো বহুতে বেমাৰৰ সন্মুখীন হয়। গতিকে আমি আৱৰ্জনাবোৰ ৰাস্তাত পেলোৱা একেবাৰেই উচিত নহয়। গতিকে আমি আমাৰ দেশক স্বচ্ছ কৰিব লাগিব তেতিয়া উন্নত দেশে আমাক মূৰ তুলি চাব।

আজিকালি খেতিয়ক সকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰে আৰু এই শস্যবোৰত বা শাক-পাচলিবোৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। এইবোৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰববোৰ নদী বা পুখুৰীত পৰে আৰু জল-প্ৰদূষণ হয় নদী-পুখুৰীৰ পানী খোৱা সকলে সন্মুখীন হয়। গতিকে আমি মানুহখিনিয়ে নদী-পুখুৰীত আৱৰ্জনা পেলোৱা বন্ধ কৰিব লাগিব তেতিয়াহে আমাৰ দেশ ভাৰত বৰ্ষখন স্বচ্ছ দেশ হিচাপে পৰিচিত হ’ব।

বহুতে হয়তো পলিথিন, পেকেটবোৰ জ্বলাই দিয়ে এইবোৰ জ্বলোৱাও উচিত নহয় কাৰণ এইবোৰৰ পৰা ওলোৱা কলা ধোঁৱাইও বিশেষ ধৰণে আমাৰ ক্ষতি সাধন কৰে।

পোন প্ৰথমতে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাৰ এই দেশখনক স্বচ্ছ কৰাৰ কথা ভাবিছিল কিন্তু তেওঁৰ এই সপোন সফল নহ’ল। এতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ দামোদৰ দাস মোডীয়ে আমাৰ দেশখনক স্বচ্ছ কৰাৰ সপোন গঢ়িছে আৰু সেইমতে তেওঁ এই কাম চলাইছে। সৰু সৰু অঞ্চলৰ লগতে ডাঙৰ ডাঙৰ অঞ্চলবোৰত চাফা কৰাৰ নিৰ্দেশ নিছে। আৰু আমি যদি তেওঁৰ কথা মানি সঁচাকৈয়ে এইবোৰৰ ওপৰত গুৰুত্ব দিও তেতিয়া হয়তো আমাৰ দেশখন স্বচ্ছ ভাৰত হিচাপে পৰিচিত হ’ব।

গতিকে আমি ভাৰতবাসীয়ে দেশখনক স্বচ্ছ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। দেশখনক এই পৃথিৱীৰ ভিতৰত জাকত-জিলিকা কৰিব লাগিব।

তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত: শ্ৰীলিজা বড়ো।

বিদ্যালয়ৰ নাম: দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

শ্ৰেণী: নৱম মান।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate