অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডালিমী ৰাভা সোঁতৰ বিপৰীতে এগৰাকী স্বাৱলম্বী মহিলা

ডালিমী ৰাভা সোঁতৰ বিপৰীতে এগৰাকী স্বাৱলম্বী মহিলা

ভাৰতৰ সমাজ বুৱস্থাই মহিলাৰ ক্ষেত্ৰত লিংগ বৈষম্যক আজিৰ প্ৰ্গতিশীল ক্ষিপ্ৰতম সময়তো এৰাই চলিব পৰা নাই। এতিয়াও অসম মুলকত মহিলাই ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱাটো হেয় দৃষ্টিৰে চোৱাৰ মানসিকতা আছে। তাতে আকৌ তেনে কিছুমান অনগ্ৰসৰ স্থানৰ পৰা মহিলাই ব্যৱসায় কৰিবলৈ ওলাই অহাটো নিশ্চিতভাবে তদান্তহীন সমাজ ৱ্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰেই কথা।তেনে এক প্ৰ্ত্যাহ্বানৰ বুকুত বান্ধি চকুত অযুত সপোন লৈ দৰিদ্ৰতা সমাজ ৱ্যৱস্থাৰ সোতঁৰ বিপৰীতে এক স্ংগ্ৰামৰ মুখামুখি হোবাৰ লক্ষ্য স্থিৰ কৰিছিল এগৰাকী নাৰীয়ে।নাম তেওঁৰ ডালিমী ৰাভা।এতিয়া ৩৫ বছৰীয়া এইগৰাকী ডালিমী আজিৰ তাৰিখত যুৱ উদ্যোগশীলতাৰ ক্ষেত্ৰত এগৰাকী “আইবন”। বকোৰ এইগৰাকী মহিলাই ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ নাৰী শক্তিৰ ক্ষেত্ৰতো এগৰাকী আদৰ্শ নাৰী হিচাপে প্ৰ্তিষ্ঠিত হৈছে।দৰিদ্ৰতাৰ পৰা মুক্তিকামী সমাজত প্ৰ্তিষ্ঠা লাভেৰে স্বতন্ত্ৰ হবলৈ বিচৰা সফলতা বিচৰা প্ৰ্তিগৰাকী নাৰীৰ বাবেই ডালিমী ৰাভা আজি হৈ পৰিছে আদৰ্শ।জীৱিকাৰ বাবে দুবেলা দুমুঠিৰ বাবে কঠোৰ পৰিশ্ৰম আৰু স্ংগ্ৰামৰ মাজেৰে পাৰ হোবা দাৰদ্ৰ্যপিষ্ট শৈশৱ,কৈশোৰৰ অভিজ্ঞতাই ডালিমীক দিছিল এক স্থিতপ্ৰজ্ঞ মানসিকতা। চাৰিগৰাকী ভাই-ভনীৰ মাজত ডাঙৰ হোৱাৰ সূত্ৰেই তেওঁৰ ওপৰত আহি পৰিছিল পৰিয়ালৰ দায়িত্বৰ চাপ।এই চাপ আৰু তেওঁৰ মুক্তমনা স্বভাবৰ বৈপৰীত্যি তেওঁক জীৱনত কিবা এটা কৰাৰ দিশ প্ৰ্দান কৰিলে।নিজকে এগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলাৰ সাহস দিলে। মন্যতম হাতৰ বিদ্যাক সাৰথি কৰি প্ৰাৰম্ভিক অৱস্থাতে তেওঁ “বাবা শিৱ-শ্ংকৰ চিলাই স্কুল” নামেৰে এটি সৰু পজাঁত আৰম্ভ কৰিলে তেওঁৰ উচ্চ পৰিকল্পনাক বাস্তব ৰুপ দিয়াৰ আখৰা।আৰম্ভ হল আন এক স্ংগ্ৰাম।এনে সময়তে ডালিমী আহে ভাৰতীয় যুৱ শক্তি ট্ৰাষ্ট চমুকৈ বি ৱাই এছ টিৰ সান্নিধ্যলৈ। ব্যৱসায়িক ধাৰনাৰ সম্ভাৱনীয়তাৰ প্ৰ্তি লক্ষ্য ৰাখি বি ৱাই এছ টিয়ে তেওঁৰ বিদ্যালয়খনলৈ সামগ্ৰীক সহায় আগবঢ়ায়।এই সহায় আৰু প্ৰচুৰ ইচ্ছাশক্তিৰ সৈতে সৃষ্টিশীল প্ৰ্তিভাৰ ডালিমীৰ মানস সন্তান বাবা শিৱ শ্ংকৰ চিলাই স্কুলখনে আজি লাভ কৰিছে পূৰ্ন পৰ্যায়ৰ প্ৰ্শিক্ষন প্ৰ্তিষ্ঠানৰ ৰুপ।উল্লেখ্য যে কোনো আগধন অবিহনেই একমাত্ৰ ব্যবসায়ৰ সম্ভাৱনীয়তা আৰু নিয়োগ সৃষ্টিৰ ক্ষমতাৰ প্ৰ্তি লক্ষ্য ৰাখিয়েই ব্যৱসায় স্থাপন তথা উন্নয়নৰ বাবে ঋন হিচাপে প্ৰাৰম্ভিক মূলধন তথা আনুষাংগিক সকলোধৰনৰ সুবিধা প্ৰদান কৰা ৱি ৱাই এছ টিয়ে তেওঁলোকৰ তত্বাৱধানতে ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে সহায় কৰি আহিছে।ডালিমী ৰাভাৰ বাবা শিৱ শ্ংকৰ চিলাই স্কুলখনে এটা সামান্য পজাঁৰ পৰা আজি এক পূৰ্নাংগ পৰ্যায়ৰ “মেনুফেকচাৰিং” আৰু ৰিটেইলিং প্ৰ্শিক্ষন প্ৰ্তিষ্ঠানত পৰিনত হল।বহু যুবক –যুৱতীয়ে ইয়াৰ পৰা প্ৰ্শিক্ষন লাভ কৰি বিচাৰি পাইছে জীবিকাৰ পথ,স্ংস্থাপনৰ ভেঁটি। উল্লেখ্য যে এই বিদ্যালয়খনৰ উত্তৰনৰ পথত বি ৱাই এছ টিয়ে ডালিমীক ব্যৱসায় উন্নয়ন ব্যৱস্থা,গ্ৰাহক বা ক্লায়েণ্টৰ সৈতে সম্পৰ্ক স্থাপন একাউন্টছ তথা বেংকৰ সৈতে সম্পৰ্ক স্থাপন আদিৰ ক্ষেত্ৰতো বিশেষভাবে তদাৰক আৰু তত্বাৱধান কৰিছিল।বকোৰ দৰে তুলনামূলকভাবে অনগ্ৰসৰ ঠাই এটুকুৰাত ডালিমীৰ দৰে এগৰাকী সাধাৰন মহিলাই এটা সাধাৰন ধাৰনাৰ জনপ্ৰিয় কৰি তুলিছে। নিজৰ লগতে দহকো প্ৰ্দান কৰিবলৈ সক্ষম হৈছে জীবিকাৰ পথ।উল্লেখ্য যে প্ৰাৰম্ভিক এক লাখ টকা মূলধনৰে পূৰ্নতা প্ৰদান কৰা এই প্ৰ্তিষ্ঠানখনে বছৰেকত প্ৰায় ৬ লাখকৈ টকা লাভ প্ৰদান কৰিছে ডালিমীক। আজি ডালিমী কেবল এগৰাকী সফল আদৰ্শ উদ্যোগী মহিলাই নহয় তেওঁৰ নিজৰ আৰ্থ-সামাজিক অৱস্থাকে তেওঁ আজি উন্নতি প্ৰদান কৰা নাই,বৰঞ্চ নিজৰ লগতে অইন ১৪ গৰাকীকৈ মহিলাকো প্ৰদান কৰিছে নিয়োগ,সুবিধা,তেওঁলোকৰ বাবে হৈছে অনুপ্ৰেৰনাৰ উৎস।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate