আন সকলো লোকৰ দৰে বাধাগ্ৰস্ত লোকসকলৰো স্বাস্থ্যৰ অধিকাৰ আছে। সমপৰিমাণ, গুণ, মানদণ্ড আদি বজাই ৰাখি বাধাগ্ৰস্ত নোহোৱা ব্যক্তি এজনক যিধৰণে স্বাস্থ্যৰ যত্ন লোৱা হয়, ঠিক তেনেদৰে বাধাগ্ৰস্ত ব্যক্তি এজনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব লাগে। বাধাগ্ৰস্ততাৰ কাৰণে বিশেষভাৱে আগতীয়া চিনাক্তকৰণ, হস্তক্ষেপৰ ব্যৱস্থা কৰিব লাগে।
সুবিধাসমূহ ওচৰতে আৰু পৰ্যাপ্ত পৰিমাণৰ হ’ব লাগে নিজৰ ঘৰত, গাঁৱত, চুবুৰিত।
বাধাগ্ৰস্ত ব্যক্তিসকলৰো তথ্য জনাৰ অধিকাৰ আছে। তেওঁলোকে নিজে সিদ্ধান্ত লব পাৰে, যে তেওঁলোকক কেনেকুৱা ধৰণৰ সুবিধা লাগে। এইটো আগতীয়াকৈ ভাবি ল’ব নালাগে যে মানসিক বাধাগ্ৰস্ত লোকসকলে কোনো কথা বুজি নাপায় আৰু কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱাৰে।
বাধাগ্ৰস্ততা আছে বুলি কোনো ব্যক্তিক স্বাস্থ্য সম্বন্ধীয় সেৱাসমূহ খোৱা-বোৱা আদিত অৱহেলা কৰিব নালাগে, তেনে কৰিলে তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিম্নগামী হ’ব।
বাধাগ্ৰস্ততা আছে বুলিয়ে কোনো ব্যক্তিক স্বাস্থ্য বীমাৰ পৰা বঞ্চিত কৰিব নোৱাৰে।
বাধাগ্ৰস্ত ব্যক্তিসকলে স্বাধীনচেতীয় জীৱন যাপন আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুবিধাসমূহ পাব লাগে।
বাধাগ্ৰস্ত ব্যক্তিসকলে সহজতে পাব লগা সুবিধাসমূহ হ’ল-
সবাতোকৈ বেছি দেখিবলৈ পোৱা অসুবিধাসমূহ হৈছে ওখ ঘৰবোৰত, ৰাস্তাত, ধৰ্মীয় অনুষ্ঠানবোৰত, পুৰণি অট্টালিকা সমূহত, জিৰণী সময়ৰ ঠাই সমূহত, এঢলীয়া চিৰি, শব্দ-চিহ্ন আদিৰ নুন্যতম ব্যৱস্থাখিনি স্ংলগ্ন কৰিবলৈ অট্টালিকা নিৰ্মাণ কৰা ঠিকাদাৰ সমূহক জাননী দিয়া।
তথ্য আৰু যোগাযোগৰ প্ৰযুক্তিবিদ্যা সমূহত-
প্ৰযুক্তিবিদ্যাই বহুতো সম্ভাৱনাৰ পথ মুকলি কৰি দিয়ে-যিটো সকলোৰে বাবে সহজলভ্য হোৱা উচিত। প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি বাধাগ্ৰস্ত লোকসকলে তেওঁলোকৰ জীৱন সহজ সাধ্য কৰিব পাৰে। উদাহৰণস্বৰুপে-কম্পিউটাৰৰ জৰিয়তে বিকল্প ব্যৱস্থাৰে শিকোৱা, প্ৰাথমিক ভাৱে যিসকলে কথা ক’ব নোৱাৰে…….ছবি আদিৰে যোগাযোগ কৰা।
আমাৰ সকলোৰে বাবে কাম কৰাৰ ভাল আৰু উপযুক্ত পৰিৱেশ পোৱাৰ অধিকাৰ আছেঃ
কৰ্মক্ষেত্ৰত বাধাগ্ৰস্ত ব্যক্তিসকলৰ বাবে কৰ্মৰ সাল-সলনি হ’ব লাগে।
উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020